মমতা পাৰেড পাৰিত আমাৰ সহকৰ্মী আছিল। বিৰল প্ৰতিভাৰ আকৰ আৰু সাংবাদিকতাৰ প্ৰতি অংগীকাৰবদ্ধ নবীন সাংবাদিকগৰাকীৰ ২০২২ৰ ১১ ডিচেম্বৰত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটে।

তেওঁৰ প্ৰস্থানৰ প্ৰথম বাৰ্ষিকীত আমি এক বিশেষ পডকাষ্ট আপোনালোকলৈ আগবঢ়াইছো য’ত আপুনি মমতা পাৰেডে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাড়া তালুকৰ নিজ ৱাৰ্লি সম্প্ৰদায়ৰ বিষয়ে বৰ্ণনা কৰা শুনিবলৈ পাব। তেওঁ মৃত্যুৰ কেইমাহমান পূৰ্বে সেই ভিডিঅ’ ৰেকৰ্ড কৰিছিল।

মমতাই ৱাৰ্লি সম্প্ৰদায়ৰ মৌলিক অধিকাৰ আৰু সা-সুবিধাৰ সংগ্ৰামৰ বিষয়ে লিখিছিল। এগৰাকী নিৰ্ভীক সাংবাদিক মমতাই সৰু সৰু চুবুৰীৰ পৰা প্ৰতিবেদন যুগুতাইছিল, যিবোৰ মানচিত্ৰত আপুনি বিচাৰি নাপাব। ভোক, শিশু শ্ৰমিক, বন্ধুৱা শ্ৰমিক, স্কুলীয়া শিক্ষাৰ সুবিধা, ভূমিৰ অধিকাৰ, বিস্থাপিত লোক, জীৱিকা আৰু আন বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিবেদন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁ অতিকৈ আগ্ৰহী আছিল।


এইটো খণ্ডত মমতাই মহাৰাষ্ট্ৰৰ তেওঁৰ নিজ গাওঁ নিম্বাভালিত হোৱা অন্যায়ৰ কাহিনী বৰ্ণনা কৰিছে। কৈছে, কেনেদৰে মুম্বাই-বদোদৰা এক্সপ্ৰেছৱেৰ বাবে পানীৰ প্ৰকল্প এটাৰ গইনা লৈ চৰকাৰী বিষয়াই গাঁৱৰ মানুহৰ পৰা পৈত্ৰিক ভূমি চলনাৰে অধিগ্ৰহণ কৰিছে। প্ৰকল্পটোৱে গোটেই গাওঁখন দুভাগ কৰি পেলাইছে আৰু তাৰ বাবদ যি ক্ষতিপূৰণ আগবঢ়াইছে, সেয়া তেনেই অপৰ্য্যাপ্ত।

পাৰিত আমি মমতাক জানিবলৈ পাই আৰু তেওঁৰ সৈতে কাম কৰিবলৈ পাই বৰ উপকৃত হৈছো। তেওঁৰ যুগুতোৱা নটা ষ্ট’ৰিৰ আটাইকেইটা ইয়াত পাব।

নিজৰ লেখা আৰু ৱাৰ্লি সম্প্ৰদায়ৰ সৈতে কৰা কামৰ মাজেৰে মমতা জীয়াই আছে। তেওঁৰ অনুপস্থিতি আমি বাৰুকৈয়ে অনুভৱ কৰোঁ।

এই পডকাষ্টটো প্ৰস্তুত কৰি উলিওৱাৰ বাবে আমি হিমাংশু শইকীয়ালৈ ধন্যবাদ জনাইছো।

প্ৰচ্ছদত থকা মমতাৰ ফটো চিটিজেন ফৰ জাষ্টিচ এণ্ড পিচৰ ৱেবছাইটৰ পৰা লোৱা হৈছে, সংস্থাটোৰ তেওঁ এগৰাকী সদস্য আছিল। ফটোখন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো।

অনুবাদ: পংকজ দাস

Aakanksha

ଆକାଂକ୍ଷା (କେବଳ ନିଜର ପ୍ରଥମ ନାମ ବ୍ୟବହାର କରିବାକୁ ସେ ପସନ୍ଦ କରନ୍ତି) PARIର ଜଣେ ସମ୍ବାଦଦାତା ଏବଂ ବିଷୟବସ୍ତୁ ସଂପାଦକ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Aakanksha
Editors : Medha Kale

ମେଧା କାଲେ ପୁନେରେ ରହନ୍ତି ଏବଂ ମହିଳା ଓ ସ୍ଵାସ୍ଥ୍ୟ କ୍ଷେତ୍ରରେ କାମ କରିଛନ୍ତି । ସେ ମଧ୍ୟ PARIର ଜଣେ ଅନୁବାଦକ ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ମେଧା କାଲେ
Editors : Vishaka George

ବିଶାଖା ଜର୍ଜ ପରୀର ଜଣେ ବରିଷ୍ଠ ସମ୍ପାଦିକା। ସେ ଜୀବନଜୀବିକା ଓ ପରିବେଶ ପ୍ରସଙ୍ଗରେ ରିପୋର୍ଟ ଲେଖିଥାନ୍ତି। ବିଶାଖା ପରୀର ସାମାଜିକ ଗଣମାଧ୍ୟମ ପରିଚାଳନା ବିଭାଗ ମୁଖ୍ୟ ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି ଏବଂ ପରୀର କାହାଣୀଗୁଡ଼ିକୁ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସେ ପରୀ ଏଜୁକେସନ ଟିମ୍‌ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ଏବଂ ନିଜ ଆଖପାଖର ପ୍ରସଙ୍ଗ ବିଷୟରେ ଲେଖିବା ପାଇଁ ଛାତ୍ରଛାତ୍ରୀଙ୍କୁ ଉତ୍ସାହିତ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ବିଶାଖା ଜର୍ଜ
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das