সিঁচৰতি হৈ থকা ৰঙীন চিলাবোৰৰ মাজত হৰ্মনদীপ সিং থিয় হৈ আছে। আগফালে পাঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত কৃষকক দিল্লীলৈ যাত্ৰা কৰাত বাধা দিয়াৰ বাবে আৰক্ষীয়ে বৃহৎ বেৰিকেড স্থাপন কৰিছে।
চিলাবোৰ কেৱল উৰিবলৈ নহয়। অমৃতসৰৰ ১৭ বৰ্ষীয় হৰ্মনদীপে সেই চিলাৰে বিশেষ এটা কাম কৰিছে। প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছৰ গোলা দলিওৱা ড্ৰ’নবোৰ ভূ-পতিত কৰাৰ বাবে তেওঁ চিলা উৰুৱাইছে। আৰক্ষীৰ আক্ৰমণ প্ৰতিহত কৰাৰ ই এক নতুন উপায়। “মই চকুৰ চাৰিওফালে টুথপেষ্ট লগাই লৈছো, কন্দুৱা গেছৰ প্ৰভাৱ ই কম কৰে। আমি আগুৱাই যাম আৰু এই যুঁজখন জিকিম,” তেওঁ কয়।
২০২৪ৰ ১৩ ফেব্ৰুৱাৰীত পাঞ্জাৱৰ পৰা দিল্লী অভিমুখে প্ৰতিবাদী মিচিল উলিওৱা হাজাৰ হাজাৰ কৃষক আৰু শ্ৰমিকৰ মাজৰ এজন এই হৰ্মনদীপ সিং। শম্ভু সীমান্তত এই কৃষকৰ মিচিল সন্মুখীন হ’ল অৰ্ধসামৰিক বাহিনী, ৰেপিড এক্সন ফ’ৰ্চ (আৰ.এ.এফ.) সেনা আৰু আৰক্ষীৰ। তেওঁলোকক বাধা দিবলৈ ৰাস্তাতে গজাল সিঁচি দিয়া হৈছিল, কংক্ৰীটৰ বেৰ স্থাপন কৰা হৈছিল, যাতে কোনো কাৰণত তেওঁলোকে দিল্লীৰ প্ৰতিবাদথলী নাপায়গৈ।
প্ৰথমটো বেৰিকেডত গুৰজন্দ সিং খালছাই কৃষকক সম্বোধন কৰি তেওঁলোকৰ মূল পাঁচটা দাবীৰ কথা দোহাৰিছে – স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুযায়ী ন্যূনতম সমৰ্থন মূল্য (এম.এছ.পি.)ৰ নিশ্চয়তা, কৃষক আৰু কৃষি শ্ৰমিকৰ ঋণ সম্পূৰ্ণৰূপে মাফ, লখিমপুৰ খেৰি গণহত্যাৰ ভুক্তভোগী পৰিয়ালৰ বাবে ন্যায় আৰু দোষীক কৰায়ত্ব, কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ এক আঁচনি আৰু ২০২০-২০২১ৰ প্ৰতিবাদত ছহিদ হোৱা পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়োৱা।
























