“মদৰ নিচাত ভোক কি আৰু বহুত কিবাকিবি পাহৰিবলৈ সহজ,” ঝাৰগ্ৰাম জিলাৰ চিংধুই গাঁৱৰ বাসিন্দা ৰবীন্দ্ৰ ভুঞাই কয়।

সবৰ আদিবাসী সম্প্ৰদায়ৰ (পশ্চিমবংগত সৱৰ হিচাপে তালিকাভূক্ত) ভুঞাই পঞ্চাশৰ দেওনা গৰকিছে। মুণ্ডা জনজাতীয় সম্প্ৰদায়ৰ সবৰসকলে ভাৰতৰ পূব ভাগত বাস কৰে, তেওঁলোকক সাওৰা, সোৰা, সবৰ আৰু সুৰি আদি নামেৰে জনা যায়। লোধা সবৰসকল ঘাইকৈ পশ্চিম মেদিনীপুৰ (অবিভক্ত), আৰু খাৰিয়া সবৰসকল পুৰুলিয়া, বাংকুৰা আৰু পশ্চিম মেদিনীপুৰ (অবিভক্ত)ত অধ্যূষিত।

মহশ্বেতা দেৱীৰ দা বুক অৱ দা হাণ্টাৰ (প্ৰথম বাংলা ভাষাত ১৯৯৪ত ব্যাধখণ্ড নামে প্ৰকাশিত)ত এই সম্প্ৰদায়টোৰ উপান্তকৰণ আৰু দাৰিদ্ৰ্যৰ কবলত পৰি হোৱা দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বিষয়ে কোৱা হৈছে। কেবাটাও দশক পাৰ হৈ গ’ল, কিন্তু বিশেষ একো পৰিৱৰ্তন দেখা নগ’ল। লিভিং ৱৰ্ল্ড অৱ দা আদিবাসিজ অৱ ৱেষ্ট বেংগল শীৰ্ষক ২০২০ৰ এক প্ৰতিবেদনত উল্লেখ যে “সমীক্ষাত সামৰি লোৱা গাওঁবোৰৰ ৬৭ শতাংশই বুভুক্ষ অৱস্থাত আছে।”

ওঠৰশ শতিকাৰ দ্বিতীয় ভাগত এই সম্প্ৰদায়টোক ব্ৰিটিছ প্ৰশাসনে ‘অপৰাধী জনজাতি’ বুলি তালিকাভূক্ত কৰিছিল, তেওঁলোকক ডিন’টিফাই কৰা হৈছিল ১৯৫২ত। পাৰম্পৰিকভাৱে চিকাৰী জনজাতি সবৰসকলে অৰণ্যত ফল-মূল, পাত আদি সংগ্ৰহ কৰাৰ লগতে পশু-পক্ষী চিকাৰ কৰাত পাকৈত আছিল। দেশ স্বাধীন হোৱাৰ পিছত একাংশক খেতি কৰিবলৈ মাটি দিয়া হ’ল ঠিকেই, কিন্তু তাৰে বেছিভাগেই আছিল শিলাময় অনুৰ্বৰ মাটি। সেয়ে তেওঁলোকে খেতি এৰি প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ল’লে। ডিন’টিফাই হোৱা স্বত্ত্বেও তেওঁলোকে এই সামাজিক কালিমাৰ প্ৰতিদিনে মুখামুখি হ’বলগীয়া হয়। স্থানীয় আৰক্ষী আৰু বন বিভাগৰ লোকে তেওঁলোকৰ গতিবিধি নিয়ন্ত্ৰণত ৰাখে, তেওঁলোকৰ অনুগ্ৰহত এই সম্প্ৰদায়ৰ লোকসকল চলিবলগীয়া হয়।

জীৱিকা উপাৰ্জনৰ নিচেই সীমিত সুবিধা থকা মেদিনীপুৰ আৰু ঝাৰগ্ৰাম জিলাত সবৰ সম্প্ৰদায়ৰ লোকসকলৰ মাজত অন্নৰ নাটনিৰ কথা বুজিব পাৰি। ভুঞাৰ দৰে বহুতেই তেওঁলোকৰ ভোক মদেৰে নিবাৰণ কৰে, নাইবা “দিনটোত তিনিবাৰ আমি পঁইতা ভাত খাও। তেনেকৈয়ে আমি জীয়াই থাকো,” বংকিম মালিকে কয়। তপোবন গাঁৱৰ ৫৫ বছৰ বয়সীয়া মালিকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতি মাহে গাইপতি পোৱা পাঁচ কিলোগ্ৰাম চাউলৰ কথা কৈছে। “নিমখ বা তেল তাৰ লগত থকাটো বিলাসিতাৰ কথা।” জৰাজীৰ্ণ নিজ ঘৰটোৰ আগত বহি তেওঁ পঁইতা ভাত খাইছে।

Rabindra Bhuiya (left) is a resident of Singdhui village, Jhargram district where many Sabar Adivasi families live
PHOTO • Ritayan Mukherjee
Rabindra Bhuiya (left) is a resident of Singdhui village, Jhargram district where many Sabar Adivasi families live
PHOTO • Ritayan Mukherjee

ঝাৰগ্ৰাম জিলাৰ সিংদুই গাঁৱৰ বাসিন্দা ৰবীন্দ্ৰ ভূঞা (সোঁফালে), বহু সবৰ পৰিয়াল এই গাঁৱত বাস কৰে

A resident of Tapoban village, Bankim Mallick (left) is eating panta bhaat (fermented rice), a staple for many families who cannot afford to buy food. The fear of wild animals has made them wary of finding food in the forest.
PHOTO • Ritayan Mukherjee
A child (right) exhibiting symptoms of malnutrition
PHOTO • Ritayan Mukherjee

তপোবন গাঁৱৰ বাসিন্দা বংকিম মল্লিকে (বাওঁফালে) পঁইতা ভাত খাইছে, পাচলি আদি কিনি খাব নোৱাৰা বহুতৰ বাবে এয়াই একমাত্ৰ খাদ্য। বন্য জীৱৰ ভয়ত অৰণ্যত খাদ্য বিচাৰি যোৱাৰ বাট তেওঁলোকৰ মৰিছে। অপুষ্টিত ভোগা এটি শিশু (সোঁফালে)

গোটেই বছৰটো সবৰসকলে অৰণ্যৰ ওপৰত ৰেচনৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয়। গ্ৰীষ্মৰ বহাগ, জেঠ আৰু তাৰপিছত বাৰিষাৰ আহাৰৰ মাহত সম্প্ৰদায়টোৰ লোকসকলে অৰণ্যৰ পৰা ফল-মূল, চৰাইৰ পোৱালী, সাপ, গোসাপ (বেংগল মনিটৰ লিজাৰ্ড), ভেকুলী আৰু শামুক আদি সংগ্ৰহ কৰে। তাৰ লগতে পথাৰৰ ভেকুলী, ডাঙৰ শামুক, সৰু মাছ-পুঠি আৰু কেঁকোৰাও তেওঁলোকে সংগ্ৰহ কৰে।

পিছলৈ শাওন, ভাদ আৰু আহিন মাহত নদীৰ মাছ তেওঁলোকে ধৰে। কাতি, আঘোণ আৰু পুহ মাহত সম্প্ৰদায়টোৰ লোকে পথাৰত প্ৰথমে এন্দুৰ ধৰে, তাৰপিছত এন্দুৰে গাঁতত জমা কৰা ধান সংগ্ৰহ কৰে। যেতিয়া মাঘ মাহত শীত পৰে আৰু ফাগুণ-চ’তত বসন্তৰ আগমন ঘটিবৰ হয়, তেতিয়া তেওঁলোকে সৰু-সুৰা জীৱ-জন্তু চিকাৰ কৰে আৰু হাবিৰ ফল আৰু মৌচাক বিচাৰি যায়।

কিন্তু আন আদিবাসী সম্প্ৰদায়ৰ দৰে তেওঁলোকে অৰণ্যত সোমাবলৈ ভয় কৰে, কিয়নো বনৰীয়া জীৱ-জন্তুবোৰ খাদ্যৰ বাবে বৰ আগ্ৰাসী আৰু তেওঁলোকে জীউটো হাতত লৈ হাবিত সোমায়।

“সাঁজ লগাৰ পিছত আমি গাওঁ এৰি নাযাও, লাগিলে কাৰোবাৰ অসুখেই হওঁক। হাতীৰ জাক কিছুমান ইয়াৰ পৰা লৰিবই নোখোজে। লগত সিহঁতৰ যেনিবা আধাৰ কাৰ্ডহে আছে (স্থানীয় বাসিন্দাৰ পৰিচয় দেখুৱাবলৈ),” কৌতুক কৰি ৫২ বছৰীয়া যোগা মল্লিকে কয়।

শুক্ৰা নায়েক তপোবন গাঁৱৰ এজন ষাঠি বছৰীয়া সবৰ সম্প্ৰদায়ৰ লোক। “ইয়াত বৰ ভয় লাগে। যিফালে যাও, সিফালেই হাতী। সিহঁত বহুত আগ্ৰাসী হৈ পৰিছে। সিহঁতে মানুহক আক্ৰমণ কৰাই নহয়, ধানখেতি, কলখেতি আৰু আমাৰ ঘৰবোৰো ভাঙি পেলায়।”

কিন্তু তেওঁৰ চুবুৰীয়া বেনাচুলি গাঁৱৰ যতীন ভোক্তাই কয়, “হাবিলৈ নগ’লে আমি কি খাই জীয়াই থাকিম? এনে বহুদিন গৈছে য’ত নেকি আমি কেৱল পঁইতা ভাত খাই চলি থাকো।”

Joga Mallick (left), a Sabar Adivasi from Tapoban village has many health-related issues including diabetes. ' If we do not go to the jungle, what are we going to eat? ' says Jatin Bhakta (right) from Benashuli
PHOTO • Ritayan Mukherjee
Joga Mallick (left), a Sabar Adivasi from Tapoban village has many health-related issues including diabetes. ' If we do not go to the jungle, what are we going to eat? ' says Jatin Bhakta (right) from Benashuli
PHOTO • Ritayan Mukherjee

তপোবন গাঁৱৰ সবৰ আদিবাসী সম্প্ৰদায়ৰ জগা মল্লিক (বাওঁফালে)ৰ মধুমেহকে ধৰি ভালেমান স্বাস্থ্যজনিত সমস্যা আছে। ‘হাবিলৈ নগ’লে আমি কি খাই জীয়াই থাকিম?’ বেনাচুলিৰ যতীন ভোক্তাই (সোঁফালে) প্ৰশ্ন কৰে

Sukra Nayak (left) from Benashuli says, 'I cannot sleep at night because elephants pass by. My house is at the end of the village. It's very risky.' The elephants often come to villages in search of food.
PHOTO • Ritayan Mukherjee
A banana garden (right) destroyed by elephants
PHOTO • Ritayan Mukherjee

বেনাচুলিৰ শুক্ৰ নায়েকে (বাওঁফালে) কয়, ‘ৰাতি শুব নোৱাৰো, হাতীবোৰ কাষেৰে গৈ থাকে। মোৰ ঘৰটো গাওঁখনৰ এটা মূৰে। বৰ বিপজ্জনক।’ হাতীৰ জাকবোৰ খাদ্যৰ সন্ধানত প্ৰায়ে গাঁৱলৈ আহে। হাতীয়ে নষ্ট কৰা কলৰ বাগান এখন (সোঁফালে)

উপযুক্ত খাদ্যৰ অভাৱত সবৰ আদিবাসী সম্প্ৰদায়ৰ লোকসকল প্ৰায়ে যক্ষ্মা আদি বিভিন্ন ধৰণৰ ৰোগৰ চিকাৰ হয়। মল্লিক এগৰাকী যক্ষ্মা ৰোগী, আগতে চিকিৎসা শিবিৰলৈ গৈছে যদিও এতিয়া আৰু যাব নোখোজে। ইয়াৰ কাৰণ বুজাই ৩০ বছৰীয়া বেনাচুলিৰ বাসিন্দাগৰাকীয়ে কয়, “মোৰ পৰিয়ালটোত ময়েই একমাত্ৰ মহিলা। ময়েই যদি হস্পিতালত পৰি থাকো, ঘৰখন কোনে চাব? হাবিত মোৰ স্বামীৰ সৈতে গছ-পাত সংগ্ৰহ কৰিবলৈ কোনে সংগ দিব?” তাতে আকৌ হস্পিতাললৈ বুলি যাবলৈ যাতায়তৰ খৰছ বহুত, “অহা-যোৱা মিলি ১০০ৰ পৰা ১৬০ টকা খৰছ হয়। সিমানখিনি পইচা দিয়াৰ সামৰ্থ্য আমাৰ নাই।”

সবৰ পৰিয়ালবোৰৰ উপাৰ্জনৰ ঘাই উপায় হৈছে শাল গছৰ পাতবোৰ গোটাই সেয়া বিক্ৰী কৰা। এয়া বৰ কষ্টকৰ কাম। শাল গছৰ কাঠ বৰ টান আৰু ভাৰতত এই কাঠৰ চাহিদা বহুত। শাল পাতৰ এগৰাকী ক্ৰেতা ওড়িশাৰ দিলীপ মহান্তি সদায় বজাৰলৈ আহে। তেওঁ কয়, “এইবছৰ শাল পাতৰ যোগান বহুত কমিছে। সবৰ সম্প্ৰদায়ৰ লোকসকলে হাতীৰ ভয়ত হাবিত সোমাবলৈ ভয় কৰা হৈছে।”

যতীনৰ ঘৰৰ কাষৰে কোন্দা ভোক্তাইও মানে যে এই কাম অতিকৈ বিপজ্জনক। “আমি সাধাৰণতে দল বান্ধি হাবিলৈ যাও। বৰ ৰিস্কি কাৰবাৰ। সাপ আছে, হাতী আছে। আমি পুৱা ৬ বজাতে ওলাও আৰু আবেলিলৈ উভতো।”

পাতবোৰ আনি প্ৰথমে শুকুৱাই লোৱা হয়। তাৰপিছত “সেয়া চাইকেলত বোজাই কৰি শনিবৰীয়া বজাৰত বিক্ৰী কৰিবলৈ লৈ যাও। ওড়িশাৰ পৰা ক্ৰেতা আহে। তেওঁলোকে প্ৰতি হাজাৰ পাতৰ এটা মুঠাত আমাক ৬০ টকা দিয়ে। এসপ্তাহত চাৰি মুঠা বিক্ৰী কৰিব পাৰিলে মই ২৪০ টকা পাওঁ,” যতীন ভোক্তাই কয়। “এয়াই প্ৰায়ভাগ পৰিয়ালৰ গঢ় উপাৰ্জন।”


Left: Sarathi Mallik of Benashuli was diagnosed with tuberculosis in November 2022. She is under medication and cannot work long hours.
PHOTO • Ritayan Mukherjee
Right: Sabar Mallick is a resident of Singdhui and in the advanced stages of leprosy. He says the state offered no treatment for it
PHOTO • Ritayan Mukherjee

বাওঁফালে: ২০২২ৰ নৱেম্বৰত বেনাচুলিৰ সাৰথি মল্লিকৰ গাত যক্ষ্মা ৰোগ ধৰা পৰে। তেওঁ দৰৱ খাই আছে আৰু বেছিদূৰ খোজ কাঢ়িব নোৱাৰে। সোঁফালে: সিংদুইৰ বাসিন্দা সবৰ মালিকৰ গাত কুষ্ঠৰোগ অতিবেছি বিয়পিছে। তেওঁ কয় যে চৰকাৰে তেওঁক একো সহায় কৰা নাই

Left:  Champa Mallick of Benashuli with the sal leaves she has collected at her home, for sale in the local weekly market.
PHOTO • Ritayan Mukherjee
Right: Suben Bhakta from the same village brings the sal leaves to the market
PHOTO • Ritayan Mukherjee

চম্পা মল্লিকৰ হাতত সেয়া স্থানীয় বজাৰত বিক্ৰীৰ বাবে সংগ্ৰহ কৰি অনা শাল গছৰ পাত। সোঁফালে: একেখন গাঁৱৰে সুবেন ভোক্তাই বজাৰলৈ শাল পাত বিক্ৰী কৰিবলৈ নিছে

ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্প্ৰদায়টোৰ বাবে আবাসগৃহ নিৰ্মাণৰ কাম কৰিছে। কিন্তু দুকুৰি বয়সৰ সাবিত্ৰী মল্লিকে কয়, “তাত থাকিব নোৱাৰি।” গৰমৰ দিনত উষ্ণতা ৪৩ ডিগ্ৰী হৈ পৰা সময়ত এছবেষ্টচৰ চালি দিয়া পকী ঘৰবোৰত থকা অসম্ভৱ হৈ পৰে। “মাৰ্চৰ পৰা জুনলৈ বহুত গৰম পৰে, কেনেকৈ তাত থাকিব পাৰিম?” সাবিত্ৰীয়ে সোধে।

কাজলা জলকল্যাণ সমিতি (কে.জে.এছ.) নামে বেচৰকাৰী সংগঠনটোৱে সম্প্ৰদায়টোৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ বেনাচুলি আৰু তপোবন আদি গাঁৱত কেইখনমান ব্যক্তিগত প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছে। সম্প্ৰদায়টোৰ সাক্ষৰতাৰ হাৰ ৪০ শতাংশ, সেয়া ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় হাৰতকৈ বহুত কম। এই অঞ্চলৰ এক তৃতীয়াংশ কম বয়সীয়া আদিবাসী ল’ৰা-ছোৱালীয়ে মজলীয়া আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা নাই বুলি ২০২০ৰ এই প্ৰতিবেদনত উল্লেখ। জাত-পাতক লৈ অত্যাচাৰ, ঘৰৰ পৰা স্কুলৰ অতিবেছি দূৰত্ব, পঢ়া-শুনাৰ খৰছ আৰু উপাৰ্জনৰ তাগিদাৰ ফলত ল’ৰা-ছোৱালীয়ে স্কুলীয়া শিক্ষা আধাতে এৰে।

“দুবেলা দুমুঠি খাবলৈ নোজোৰা মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালীক স্কুললৈ পঠিওৱাটো একপ্ৰকাৰ বিলাসীতা,” কে.জে.এছ.ৰ পৰিচালক স্বপন জানাই কয়।

কথাটো স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো খাটে, পল্লৱী সেনগুপ্তাই কয়। “আশে-পাশে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ শিবিৰ নথকা বাবে তেওঁলোকে এক্স-ৰে কৰাব নোৱাৰে। সেয়ে তেঁওলোকে বেজ আৰু জৰা-ফুকাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে,” অঞ্চলটোত আদিবাসীসকলক চিকিৎসা সেৱাৰে সহায় আগবঢ়াই অহা দাতব্য সংস্থা জাৰ্মান ডক্টৰ্চৰ সৈতে কাম কৰা সেনগুপ্তাই কয়। অঞ্চলটোত সাপে কামোৰাটোও নৈমিত্তিক ঘটনা, উপযুক্ত চিকিৎসা সেৱাৰ সুবিধা নথকাত বেজেই ডাক্তৰ হৈ পৰে।

A school in Tapoban village started by the Janakalyan Samiti for Sabar children.
PHOTO • Ritayan Mukherjee
Right: Behula Nayak is deficient in iodine and has developed goitre, a common occurance among Sabar women in Benashuli
PHOTO • Ritayan Mukherjee

জনকল্যাণ সমিতিয়ে সবৰ সম্প্ৰদায়ৰ শিশুৰ বাবে তপোবন গাঁৱত খোলা এখন স্কুল। সোঁফালে: বেহুলা নায়েকৰ দেহত আয়’ডিনৰ অভাৱ ঘটিছে আৰু গলগণ্ড ৰোগ হৈছে, যিটো বেনাচুলিৰ সবৰ সম্প্ৰদায়ৰ মহিলাৰ মাজত সচৰাচৰ পৰিলক্ষিত হয়

Kanak Kotal's hand (left) has become permanently deformed as she could not get medical help when she broke it. Her village, Singdhui, has little access to doctors and healthcare. Also true of Benashuli, where Kuni Bhakta (right) broke her leg, and now she is not sure when she will be able to walk again. Her husband Suben Bhakta says, they spent Rs. 8,000 on her treatment
PHOTO • Ritayan Mukherjee
Kanak Kotal's hand (left) has become permanently deformed as she could not get medical help when she broke it. Her village, Singdhui, has little access to doctors and healthcare. Also true of Benashuli, where Kuni Bhakta (right) broke her leg, and now she is not sure when she will be able to walk again. Her husband Suben Bhakta says, they spent Rs. 8,000 on her treatment
PHOTO • Ritayan Mukherjee

হাড় ভগাৰ সময়ত উচিত চিকিৎসা নোপোৱাত কনক কোটালৰ বাওঁ হাতখন এতিয়া বিকৃত, চিৰকাল বিকলাংগ হৈ কটাবলগীয়া অৱস্থা। তেওঁৰ গাওঁ সিংদুইত ডাক্তৰ আছে নে স্বাস্থ্যসেৱা। বেনাচুলিতো একেই অৱস্থা। কুনি ভোক্তা (সোঁফালে)ৰ ভৰিখন ভাগিছে, এতিয়া পুনৰাই খোজ কাঢ়িব পাৰিবনে নাই, তেওঁ নাজানে। তেওঁৰ স্বামী সুবেন ভোক্তাই কয় যে কুনিৰ ভগা ভৰিখনৰ চিকিৎসাৰ নামত তেওঁৰ ৮,০০০ টকা খৰছ হৈছে

পশ্চিমবংগত সবৰ লোকৰ সংখ্যা মাত্ৰ ৪০ হাজাৰ হ’লেও ( ভাৰতৰ অনুসূচিত জনজাতিৰ পাৰিসাংখ্যিক লেখ, ২০১৩ ) সবৰসকলে পেটত গামোচা বান্ধি দিন কটাবলগীয়া হৈছে।

২০০৪ত, মেদিনীপুৰ জিলাৰ (এতিয়া ঝাৰগ্ৰাম জিলা) সবৰ সম্প্ৰদায়ৰ পাঁচজন লোক কেবামাহো অনাহাৰে থাকিবলগীয়া হোৱাত মৃত্যুমুখত পৰিছিল। এই ঘটনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। সেই ঘটনা ঘটাৰ আজি দুটা দশক পাৰ হৈ গ’ল, বিশেষ একো পৰিৱৰ্তন নাই। এতিয়াও তাত মানুহে ভোকৰ জ্বালা সহি আছে। শিক্ষা আৰু স্বাস্থ্যসেৱাৰ অভাৱৰ কথা যেনিবা থাকিলেই। ঘন অৰণ্যৰ মাজত থকা কাৰণে বন্যপ্ৰাণী আৰু মানুহ সংঘাত সঘনাই হয়। সিও এক সমস্যা।

এতিয়া তেওঁলোকৰ পুতৌলগা অৱস্থাত যদি কোনোবাই খাদ্যৰ সলনি মদ্যপান কৰাক লৈ ৰগৰ কৰে, সেয়া ধেমালীতে কোৱা কথা যেন নালাগে। এই প্ৰতিবেদকক ৰবীন্দ্ৰ ভূঞাই প্ৰশ্ন কৰে, “মই মুখ মেলিলেই যদি মদৰ গোন্ধ ওলায়, আপুনি নাক কোঁচাই দিব নেকি?”

Parameswar Besra and Maheswar Beshra from Singdhui are in wheelchairs. The brothers were born healthy but lost their ability to walk over time. They could not get the help they needed as healthcare facilities are far, and the family's precarious financial condition did not allow it
PHOTO • Ritayan Mukherjee

হুইলচেয়াৰত পৰমেশ্বৰ বেছৰা আৰু মহেশ্বৰ বেছৰা। জন্মতে স্বাস্থ্যৱান আছিল যদিও লাহে লাহে তেওঁলোকে খোজ কঢ়াৰ শক্তি হেৰুৱাই পেলায়। স্বাস্থ্যসেৱাৰ সুবিধা ওচৰতে নথকাত আৰু পৰিয়ালটোৰ চিকিৎসা কৰোৱাৰ সামৰ্থ্য নথকাৰ বাবে তেওঁলোকে উপযুক্ত চিকিৎসা নাপালে

Madan Bhakta of Tapoban village has a rare eye disease. A local unlicensed doctor treated him wrongly, and as a result Bhakta lost his vision
PHOTO • Ritayan Mukherjee

তপোবন গাঁৱৰ মদন ভোক্তাৰ চকুৰ বিৰল এক ৰোগ হৈছে, গাঁৱৰ ঝোলাচাপ ডাক্তৰে সেয়া চকুৰ কৰ্কটৰোগ (অকুলাৰ মেলান’মা) বুলি সন্দেহ কৰিছে। ভোক্তাই দৃষ্টিশক্তি হেৰুৱাইছে

Konda Bhakta from Tapoban shows his tumour. 'First it was a small tumour. I ignored it. Then it became big. I wanted to go to the hospital but could not as they are located very far in Jhargram town. I do not have that much money, so I never had a proper treatment'
PHOTO • Ritayan Mukherjee

তপোবনৰ কোন্দা ভক্তাই তেওঁৰ টিউমাৰ দেখুৱাইছে। ‘প্ৰথমে টিউমাৰটো সৰু আছিল। মই গুৰুত্ব নিদিলো। লাহে লাহে সি ডাঙৰ হৈ আহিল। ডাক্তৰৰ ওচৰলৈ যাব বিচাৰিছিলো যদিও সেয়া বহুদূৰত, ঝাৰগ্ৰাম গাঁৱত। সেয়ে যাব নোৱাৰিলে। পইচা নাছিল বাবে ভাল চিকিৎসাও কৰাব নোৱাৰিলো

Karmu Nayak of Benashuli says he doesn't have the physical strength to go to the forest to gather leaves to sell and buy food
PHOTO • Ritayan Mukherjee

বেনাচুলিৰ কৰমু নায়েকে কয় যে এতিয়া হাবিলৈ গৈ গছৰ পাত সংগ্ৰহ কৰি খাদ্য কিনি অনাৰ শক্তি তেওঁৰ গাত নাই

Most Sabar Adivasi villages are located deep inside forests of Jhargram, West Medinipur, Purulia and Bankura
PHOTO • Ritayan Mukherjee

প্ৰায়ভাগ সবৰ আদিবাসী গাওঁ ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ, পুৰুলিয়া আৰু বাংকুৰাৰ গভীৰ অৰণ্যত অৱস্থিত

অনুবাদ: পংকজ দাস

Ritayan Mukherjee

କୋଲକାତାରେ ରହୁଥିବା ରୀତାୟନ ମୁଖାର୍ଜୀଙ୍କର ଫଟୋଗ୍ରାଫି ପ୍ରତି ଆଗ୍ରହ ରହିଛି ଏବଂ ସେ ୨୦୧୬ର ପରୀ ବ୍ୟକ୍ତିତ୍ୱ । ସେ ତିବ୍ଦତୀୟ ମାଳଭୂମି ଅଞ୍ଚଳରେ ଯାଯାବର ପଶୁପାଳକ ସଂପ୍ରଦାୟର ଜୀବନ ଉପରେ ତଥ୍ୟ ସଂଗ୍ରହ କରୁଥିବା ଏକ ଦୀର୍ଘକାଳୀନ ପ୍ରକଳ୍ପରେ କାମ କରୁଛନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Ritayan Mukherjee
Editor : Priti David

ପ୍ରୀତି ଡେଭିଡ୍‌ ପରୀର କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା। ସେ ଜଣେ ସାମ୍ବାଦିକା ଓ ଶିକ୍ଷୟିତ୍ରୀ, ସେ ପରୀର ଶିକ୍ଷା ବିଭାଗର ମୁଖ୍ୟ ଅଛନ୍ତି ଏବଂ ଗ୍ରାମୀଣ ପ୍ରସଙ୍ଗଗୁଡ଼ିକୁ ପାଠ୍ୟକ୍ରମ ଓ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସ୍କୁଲ ଓ କଲେଜ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ତଥା ଆମ ସମୟର ପ୍ରସଙ୍ଗଗୁଡ଼ିକର ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିବା ଲାଗି ଯୁବପିଢ଼ିଙ୍କ ସହ ମିଶି କାମ କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priti David
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das