চাল, বেৰ আৰু মজিয়া সকলো বাঁহেৰে সজা পাকঘৰটোৰ মাজ মজিয়াত থকা ডাঠ মাটিৰ ভেঁটিটোলৈ আঙুলিয়াই মনজিৎ ৰিচঙে ক’লে, “আমাৰ পূৰ্বপূৰুষসকলৰ আত্মাই ইয়াতেই বাস কৰে।”

পাতল হালধীয়া বাদামী ৰঙৰ চাৰিকোণীয়া আকৃতিৰ এফুট ওখ ঢিপটোৰ ওপৰত খৰি জাপি থোৱা আছিল; ইয়াতেই আহাৰ ৰন্ধা হয়। “মাৰম বোলা এইটো হ’ল আমাৰ উপাসনা গৃহ।” তেওঁ লগতে ক’লে, “এইটোৱেই মিচিং সমাজৰ বাবে সকলো।”

মনজিৎ আৰু তেওঁৰ পৰিবাৰ নয়নমণিয়ে আজি নিশাৰ সাজ খুৱাব, য’ত থাকিব পৰম্পৰগত মিচিং আহাৰ। এই দম্পতিহাল হ’ল মিচিং সমাজৰ মানুহ (অসমৰ অনুসূচিত জনজাতি তালিকাৰ অন্তৰ্ভূক্ত) আৰু অসমৰ নদীদ্বীপ মাজুলীৰ চহৰ গড়মূৰত থকা তেওঁলোকৰ বাসগৃহতে একেলগে ‘ৰিচংছ কিটচেন’ চলায়।

মোটামুটি ৩৫২ বৰ্গ কিল’মিটাৰ সামৰি লোৱা ব্ৰহ্মপুত্ৰৰ মাজত থকা মাজুলী হ’ল ভাৰতৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। ইয়াৰ মাটিৰ উপৰিভাগৰ বৈশিষ্ট্য হ’ল সীমাহীন ভাৱে বিয়পি থকা উজ্জ্বল সেউজীয়া শস্যৰ পথাৰ, সৰু সৰু বিল, বনৰীয়া বাঁহ আৰু অসংখ্য জলাহত গজা ঘাঁহ-বন। প্ৰচণ্ড মৌচুমী আৰু তাৰ ফলত হোৱা বানৰ প্ৰভাৱ সহ্য কৰিব পৰাকৈ থকা ঘৰবোৰ সজা হয় চাঙৰ ওপৰত। বগলী, মাছৰোকা আৰু বেঙুনীয়া মূৰহেন চৰাইকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰব্ৰজনকাৰী চৰাই দেখিবলৈ পোৱাৰ বাবেও দ্বীপটো বিখ্যাৎ। আচৰিত হ’বলগীয়া নহয় যে এই বিতোপন জিলাখনে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বছৰি বুজন পৰিমাণৰ স্থিৰ সংখ্যক পৰ্য্যটক আকৰ্ষণ কৰি আহিছে।

Monjit and his wife, Nayanmoni Risong, sitting next to the marom . The parap is the scaffolding on top of the marom that is used to store wood and dried fish during the monsoons
PHOTO • Vishaka George

মাৰমৰ কাষত বহি থকা মনজিৎ আৰু তেওঁৰ পৰিবাৰ নয়নমণি ৰিচং। বাৰিষাৰ সময়ত মাছ আৰু খৰি শুকুৱাবলৈ পাৰাপ হ’ল মাৰমৰ ঠিক ওপৰত সজা এখন চাং

Majuli's paddy fields rely on the waters of the Brahmaputra
PHOTO • Vishaka George

মাজুলীৰ শস্যৰ পথাৰবোৰ ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত নিৰ্ভৰশীল

৪৩ বছৰ বয়সীয়া মনজিৎ আৰু ৩৫ বছৰীয়া নয়নমণিৰ জীৱিকা পৰ্য্যটনক কেন্দ্ৰ কৰিয়েই চলি আছে। তেওঁলোকে সেই এলেকাটোত থকা তিনিটা আলহী ৰখা ঘৰ (হ’ম ষ্টে’) - ৰাইজিং, লা মাইছন ডি আনন্দা আৰু এনচাণ্টেড মাজুলী চলোৱাত সহায় কৰে। ‘ৰিচংছ কিটচেন’ৰ বাঁহৰ বেৰ এখনত পৃথিৱীৰ বিভিন্ন ঠাইৰ মুদ্ৰা ওলোমাই সজাই থোৱা আছে।

ৰিচংছত আহাৰ গ্ৰ্হণ কৰাটো এক ধৰণৰ নিমজ্জিত হৈ যোৱাৰ দৰে অভিজ্ঞতা য’ত ৰান্ধনি শাল আৰু আহাৰ খোৱাৰ ঠাইৰ মাজৰ আৰ বেৰ আঁতৰাই পেলোৱা হয়। মাৰমৰ চাৰিওকাষে কথাৰ মহলা বহে, য’ত সৰহখিনি খাদ্য ৰন্ধা হয়। খৰিৰ পৰা ধোৱাঁ ওলাই থাকিলেও, ভালদৰে বতাহ চলাচল কৰিব পৰা পাকঘৰটোত কেতিয়াও ধোঁৱাই ছাটি নধৰে।

ৰাতিৰ সাজ ৰান্ধিবৰ বাবে ডাঙৰ ডাঙৰ মাছৰ কলঠি, কাটি লোৱা মুৰ্গী, সতেজ কুচিয়া, সেউজীয়া শাক, বেঙেনা, আলু আৰু চাউল গোটাই থকা নয়নমণিয়ে ক’লে, আমাৰ মিচিং মানুহে ৰান্ধিবৰ বাবে আদা, নহৰু আৰু পিয়াজৰ দৰে বহুতো কেঁচা উপকৰণহে ব্যৱহাৰ কৰোঁ। আমি আন মছলা বেছিকৈ নাখাওঁ। আমি আমাৰ খাদ্য প্ৰায় ভাপত দি আৰু সিজায়ো খাওঁ।

কেই মিনিটমানতে তাই কিছু উপকৰণ মিক্সিত পিচি ল’লে আৰু বাকীখিনি খৰিৰ জুইৰ ওপৰত থকা কেৰাহীত দি লৰাবলৈ ধৰিলে। লাহে লাহে ৰান্ধনিশালখন তাই সাৱধানতাৰে ব্যৱহাৰ কৰা ঘৰুৱা মছলা আৰু বন পাতবোৰৰ গোন্ধেৰে মলমলাবলৈ ধৰিলে।

আহাৰ সিজি থকাৰ সময়তে কাঁহৰ বাতিত আপং আহি পালেহি। আপং হ’ল অলপ মিঠা আৰু মিহি  চোক থকা উপকৰণৰ পৰম্পৰাগত মিচিং পানীয়। প্ৰতিটো মিচিং পৰিয়ালতে নিজৰ এনে পানীয় তৈয়াৰ থাকে। এইখিনি কাষতে থকা মনজিতৰ খুলশালী জোনালী ৰিচঙৰ ঘৰৰ পৰা আহিছে। এই পানীয়বিধ কেনেকৈ তৈয়াৰ কৰে আৰু তাৰ বৈশিষ্ট্য জানিবৰ বাবে আপুনি এই লিংকত গৈ পঢ়িব পাৰে: মাজুলীৰ মিচিং জনগোষ্ঠীৰ আপং

Left: Chopped eel that will be steamed.
PHOTO • Riya Behl
Fish cut and cleaned for a ghetiya curry
PHOTO • Vishaka George

বাওঁফালে: ভাপত দিবলৈ লোৱা কাটি থোৱা কুচিয়া। সোঁফালেঃ তৰকাৰী বনাবৰ বাবে কাটি চাফা কৰি থোৱা মাছ

Apong beer
PHOTO • Vishaka George
Nayanmoni cutting and cleaning
PHOTO • Vishaka George

বাওঁফালে: আপং পানীয়। সোঁফালে: কাটি-বাছি পৰিষ্কাৰ কৰি থকা নয়নমণি

বাকলি গুছোৱা, টুকুৰা কৰা আৰু লৰাই থকাৰ মাজত নয়নমণিয়ে জ্বলি থকা খৰি কেইডালো খুঁচৰি দিয়ে, আগবঢ়াই দিয়ে, যাতে তালিকাত থকা আনবিধ খাদ্য ৰান্ধিবৰ বাবে উপযুক্তভাৱে গৰম হৈ থাকে: সেকিবৰ বাবে সাজু কৰি শলাত ভৰাই থোৱা মুৰ্গী।

আমাৰ মনোযোগ নয়নমণিয়ে চাই থকা বস্তুটোৰ ফালে গ’ল – মাৰমৰ ওপৰত থকা পাৰাপ বোলা এখন চাং যিখন মাছ আৰু খৰি শুকুৱাই থ’বলৈ ব্যৱহাৰ কৰা হয়- বিশেষকৈ কণী পৰাৰ সময়ত।

“এপ্ৰিল, মে’ আৰু জুনত মাছ ধৰা নিষেধ। তেতিয়া মাছে কণী পাৰে আৰু আমি মাছ শেষ কৰি পেলাব নিবিচাৰোঁ,” মনজিতে ক’লে।

আহাৰ খোৱা পাকঘৰ ’চাংঘৰ’ বুলি পৰিচিত পৰম্পৰাগত মিচিং বাসগৃহৰ এটা অংশ। ইয়াক মাটিৰ পৰা দুফুট ওপৰত পকা আৰু বাঁহৰ খুটাৰ ওপৰত সজা হয়। মজিয়াত ফুটা থাকে, বানৰ পানী আঁতৰত ৰাখিবৰ বাবে, যিটো মাজুলীৰ ঘৰবোৰত থকা এক সুচিন্তিত ব্যৱস্থা।

বানৰ সময়ত খাদ্য সলনি হয়, মনজিতে ক’লে, “বানৰ বাবে কেইবিধমানহে পাচলিৰ খেতি কৰা হয়। শীততহে বহুতো শাক-পাচলি পোৱা যায়। তেতিয়া আমি বহুত শাক-পাচলি খাওঁ।”

খৰিৰ জুইকুৰা কমি অহাত মনজিতে সহায় কৰি ক’লে, “মই মোৰ মূৰত পৰ্বত এখনৰ সমান বোজা কঢ়িয়াব পাৰোঁ, কিন্তু ৰান্ধিব যে নোৱাৰোঁ দেই।” কিয় বুলি সোধাত তেওঁ হাঁহি মাৰি ক’লে, “মোৰ ভাল নালাগে, মিচিং সমাজত শতকৰা ৯৯ ভাগ খাদ্য মাইকী মানুহে ৰান্ধে।”

ড. জৱাহৰ জ্যোতি কুলীয়ে তেওঁলোকৰ মুখে মুখে চলি অহা আৰু লিখিত ঐতিহ্যৰ সহায়ত সামাজিক অভ্যাস অধ্যয়ণৰ বিষয়ত লিখা ‘ফ’ক লিটাৰেচাৰ অফ দা মিচিং কমিউনিটি’ নামৰ গ্ৰন্থখনৰ মতে, ৰন্ধা-বঢ়াৰ দায়িত্ব সাধাৰণতে মাইকী মানুহেই লয়। আন কাৰ্য্যৰ উপৰি মিচিং মহিলাসকল ৰন্ধা-বঢ়া আৰু বোৱা-কটাত পাকৈত। পুৰুষ সমাজে স্বীকাৰ কৰে যে, পৰিৱেশে বাধ্য নকৰালৈকে তেওঁলোকে ৰান্ধিবলৈ পচন্দ নকৰে।

At Risong’s Kitchen, a frame on a bamboo wall holds currencies from across the world.
PHOTO • Vishaka George
I can carry a load on my head up a mountain, but I simply cannot cook!' says Monjit
PHOTO • Vishaka George

সোঁফালেঃ মনজিতে ক’লে, 'মই মোৰ মূৰত পৰ্বত এখনৰ সমান বোজা কঢ়িয়াব পাৰোঁ, কিন্তু ৰান্ধিব যে নোৱাৰোঁ দেই'

Smoked chicken skewers called kukura khorika
PHOTO • Vishaka George
Mising women like Nayanmoni are skilled in cooking and weaving
PHOTO • Vishaka George

বাওঁফালেঃ শলাত ভৰাই পোৰা কুকুৰা খৰিকা বোলা মুৰ্গীৰ মাংস। সোঁ ফালেঃ নয়নমনিৰ দৰে মিচিং মহিলা ৰন্ধা-বঢ়া আৰু বোৱা-কটাত পাকৈত

তথাপি মনজিৎ আৰু নয়নমণিয়ে তেওঁলোকৰ লগত খাপ খোৱা এটা কাম যোগাৰ কৰি ল’লে। মনজিতে ক’লে, ৰিচংছ কিটচেনৰ ‘গৰাকী’ নয়নমনি। হ’ম ষ্টে’ কেইটাত থকা অতিথিসকলৰ শুশ্ৰূষাৰ কামতে তেওঁ বেছিকৈ নিয়োজিত হৈ থাকে। সন্ধিয়া হৈ অহাৰ লগে লগে তেওঁলোকে চলোৱা হ’মষ্টে কেইটাত থকা অতিথিসকলৰ তত্বাৱধানৰ বাবে মনজিতে অহা-যোৱা কৰি থাকে।

*****

বহু ব্যঞ্জনেৰে ভৰা এখন খোৱা কাঁহী সজোৱাটো এটা টান কাম। য়নমনিয়ে ষ্ট’ভ, জুইকুৰা আৰু ‘ছিংক’টোৰ মাজত অহা-যোৱা কৰি আঢ়ৈ ঘণ্টাতকৈ বেছি সময় লাগি আছে। মাৰমত ৰন্ধাটো এক লেহেমীয়া পদ্ধতি, কিন্তু ই এক চাবলগীয়া দৃশ্য, কাৰণ ভ্ৰমণকাৰীসকলে উমাল পোহৰত ওপৰলৈ উৰি যোৱা খৰিৰ জুইৰ ধোঁৱাৰ মাজত সিজি থকা খাদ্য দেখি থাকিবলৈ পায়।

কিমান সঘনাই তাই এই কাম কৰে? “কেতিয়াবা মাহত এদিন মই এই আহাৰ ৰান্ধোঁ, কেতিয়াবা সেইটোও নহয়।” তাই ক’লে যে, তথাপিও কভিডৰ আগতে তাই প্ৰায়েই ৰান্ধিছিল। ২০০৭চনত সিহঁত বিয়া হোৱাৰে পৰা যোৱা ১৫ বছৰে তাই এই কাম কৰি আহিছে।

খৰিৰ জুইকুৰালৈ একেথিৰে চাই চাই মনজিতে ক’লে, “সেয়া আছিল প্ৰথম দেখাতে প্ৰেম।”

সি খিকখিকাই হাঁহি আকৌ সজাই ক’লে, ‘‘নাই বাৰু, ৩০ মিনিটমান লাগিছিল ছাগৈ।”

তাৰ কাষতে বহি মাছ কাটি থকা নয়নমণিয়ে হাঁহি হাঁহি ধেমালিতে ঠেলামাৰি ক’লে, “৩০ মিনিট বোলে, শুনকচোন!”

“তাই ঠিকেই কৈছে,” এইবাৰ মনজিতে প্ৰত্যয়েৰে যোগ দিলে, “দুদিন লাগিল সকলো ঠিক হ’বলৈ। তাৰ পিচত আমি মনে মনে নদীৰ পাৰত লগ ধৰি একেলগে সময় কটাবলৈ ধৰিলোঁ। সেইবোৰ সোণালী সুদিন।” দম্পতিহালে ২০ বছৰ আগতে লগ পাইছিল। এতিয়া তেওঁলোকৰ এগৰাকী কিশোৰী জীয়াৰী বাবলী আৰু কণমানি জীয়াৰী বাৰ্বী আছে।

নয়নমণিয়ে ৰান্ধি থকা শেষৰ খাদ্যবিধ হ’ল কুচিয়া, দেশখনৰ এই অঞ্চলৰ এক সুস্বাদু খাদ্য। “আমি কুচিয়া সাধাৰণতে কেঁচা বাহঁত ৰান্ধোঁ, কাৰণ তেনেকৈ ৰান্ধিলে খুব সোৱাদ উঠে। আজি আমাৰ কেঁচা বাঁহ নাই, সেই কাৰণে এইখিনি কলপাতত ভাপত দিম।”

Nayamoni smoking the eel in a banana leaf
PHOTO • Riya Behl
Fish curry, or ghetiya
PHOTO • Vishaka George

বাওঁফালেঃ কলপাতত নয়নমনিয়ে কুচিয়া পুৰিছে। সোঁফালেঃ মাছৰ আঞ্জা বা তৰকাৰী

Left: Nayanmoni prepping the thali that's almost ready to be served
PHOTO • Vishaka George
Right: A Mising thali being prepared
PHOTO • Vishaka George

বাওঁফালেঃ আগবঢ়াই দিবৰ বাবে সাজু প্ৰায় নয়ণমনিয়ে তৈয়াৰ কৰা আহাৰৰ কাঁহী। সোঁফালেঃ কাঁহীত সাজু কৰি থোৱা মিচিং আহাৰ

তাই কেনেকৈ শিকিলে? “মনজিতৰ মাক দিপ্তীয়ে মোক শিকাইছিল,” তাই ক’লে। দিপ্তী ৰিচং আজি নাই, কাষৰীয়া গাৱঁত থকা তেওঁৰ জীয়েকৰ ঘৰলৈ গৈছে।

অৱশেষত অপেক্ষা কৰি থকা সেই মুহূৰ্তটো আহিল আৰু প্ৰত্যেকেই নিজৰ বাঁহৰ মূঢ়াটো দাঙি পাকঘৰটোৰ একোণত থকা বাঁহৰ আহাৰ খোৱা টেবুলখনৰ ওচৰলৈ গ’ল।

আহাৰৰ তালিকাত আছিল ঢেকীয়া, আলু দিয়া মিঠা আৰু টেঙা-মাছৰ আঞ্জা, কলপাতত ভাপত দিয়া কুচিয়া, সেউজীয়া শাকৰ শুকান ভাজি, কুকুৰা খৰিকা বোলা পোৰা কাঠিত দিয়া মুৰ্গীৰ মাংস, বেঙেনা ভজা আৰু পুৰাং আপিন বুলি কোৱা কলপাতেৰে মেৰিয়াই ভাপত সিজোৱা ভাত। টেঙা জোল, কোমলকৈ পোৰা মাংস, আৰু সুগন্ধি ভাতেৰে এই আহাৰ কৰি তোলে সুস্বাদু।

প্ৰতিখন কাঁহীৰ মূল্য পাঁচশ টকা।

ভাগৰি পৰা নয়নমণিয়ে স্বীকাৰ কৰি ক’লে, “এনেকুৱা থালি তৈয়াৰ কৰিবলৈ বৰ টান।’ তেওঁ পুনৰ ক’লে, “কেইদিনমানৰ পিচতে দুপৰী্যাৰ আহাৰ খাবলৈ অহা ৩৫ জন অতিথিৰ বাবে মই ৰান্ধিব লাগিব।”

এটা কঠিন দিনৰ শেষত দৈনিকভাৱে চলাচল কৰা ফেৰীৰে নদীখন পাৰহৈ পোৱা ডাঙৰ চহৰ যোৰহাটলৈ যোৱাৰ সপোন দেখে তাই। অতিমাৰীৰ বাবে যোৱা তিনি বছৰে তাই যোৰহাট যোৱা নাই। তাই হাঁহি মাৰি ক’লে, “যোৰহাটত মই ইটো-সিটো বজাৰ কৰি আৰু ৰেষ্টোৰাঁত খাই ভাল পাওঁ, য’ত মোৰ বাবে আন কোনোবাই ৰান্ধি দিয়ে।”

অনুবাদ: ৰুবী বৰুৱা দাস

Vishaka George

ବିଶାଖା ଜର୍ଜ ପରୀର ଜଣେ ବରିଷ୍ଠ ସମ୍ପାଦିକା। ସେ ଜୀବନଜୀବିକା ଓ ପରିବେଶ ପ୍ରସଙ୍ଗରେ ରିପୋର୍ଟ ଲେଖିଥାନ୍ତି। ବିଶାଖା ପରୀର ସାମାଜିକ ଗଣମାଧ୍ୟମ ପରିଚାଳନା ବିଭାଗ ମୁଖ୍ୟ ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି ଏବଂ ପରୀର କାହାଣୀଗୁଡ଼ିକୁ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସେ ପରୀ ଏଜୁକେସନ ଟିମ୍‌ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ଏବଂ ନିଜ ଆଖପାଖର ପ୍ରସଙ୍ଗ ବିଷୟରେ ଲେଖିବା ପାଇଁ ଛାତ୍ରଛାତ୍ରୀଙ୍କୁ ଉତ୍ସାହିତ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ବିଶାଖା ଜର୍ଜ
Editor : Priti David

ପ୍ରୀତି ଡେଭିଡ୍‌ ପରୀର କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା। ସେ ଜଣେ ସାମ୍ବାଦିକା ଓ ଶିକ୍ଷୟିତ୍ରୀ, ସେ ପରୀର ଶିକ୍ଷା ବିଭାଗର ମୁଖ୍ୟ ଅଛନ୍ତି ଏବଂ ଗ୍ରାମୀଣ ପ୍ରସଙ୍ଗଗୁଡ଼ିକୁ ପାଠ୍ୟକ୍ରମ ଓ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସ୍କୁଲ ଓ କଲେଜ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ତଥା ଆମ ସମୟର ପ୍ରସଙ୍ଗଗୁଡ଼ିକର ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିବା ଲାଗି ଯୁବପିଢ଼ିଙ୍କ ସହ ମିଶି କାମ କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priti David
Photo Editor : Binaifer Bharucha

ବିନଇଫର୍ ଭାରୁକା ମୁମ୍ବାଇ ଅଞ୍ଚଳର ଜଣେ ସ୍ୱାଧୀନ ଫଟୋଗ୍ରାଫର, ଏବଂ ପରୀର ଫଟୋ ଏଡିଟର୍

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ବିନାଇଫର୍ ଭାରୁଚ
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Rubee Barooah Das