কাৰখানাৰ ওপৰত কোনো নামফলক নাই। মহম্মদ আজীমে কয়, "য়ে ত’ এক গুমনাম দোকান হেয়, [ই কেৱল এখন বেনামী দোকান]।" কাৰখানাৰ ভিতৰত চাৰি বৰ্গফুটৰ চালিৰ এচবেষ্টছ বেৰবোৰ এলান্ধু আৰু মকৰা জালেৰে আবৃত। ভিতৰত চুক এটাত থিয় কৰাই থোৱা আছে এটা সৰু লো আৰু মাটিৰ অগ্নিশাল আৰু মাজত আছে নীলা তিৰ্পালেৰে আবৃত পোৰা ক'লা মাটিৰ এটা দ’ম।

প্ৰত্যেক ৰাতিপুৱা প্ৰায় ৭ বজাত আজীমে পশ্চিম হায়দৰাবাদৰ দুধ বাউলিৰ ঠেক পথটোৰ মাজে মাজে চাইকেল চলাই যায় আৰু কাৰখানাৰ ওচৰতে তেওঁৰ চাইকেলখন ৰখাই থয়, ইয়াৰ পিছফালৰ দেৱালখন হাকিম মীৰ ৱাজিৰ আলী কবৰস্থানৰ চৌহদৰ দেৱালত লগ লাগিছে।

ইয়াত ধূলিময় প্লাষ্টিকৰ পাত্ৰ, মামৰে ধৰা ধাতুৰ বাকচ, ভগা বাল্টি, আৰু মজিয়াত সিঁচৰতি হৈ থকা সঁজুলি আৰু বিন্ধনাবোৰৰ মাজত – য’ত কাম কৰিবলৈ প্রায় ঠাই নোহোৱাৰ দৰে, তাতে তেওঁ তেওঁৰ কৰ্মদিন আৰম্ভ কৰে, অতি কষ্ট স্বীকাৰ কৰি তেওঁ বালি-সাঁচত ধাতুৰ টোকেনবোৰ তৈয়াৰ কৰে।

হায়দৰাবাদৰ কেইখনমান পুৰণি চাহৰ দোকান আৰু ভোজনালয়ে এতিয়াও ২৮  বছৰীয়া আজীমে তৈয়াৰ কৰা এই টোকেন (বা মুদ্ৰা) ব্যৱহাৰ কৰে। অতীতত একে ধৰণৰ কেণ্টিন টোকেনসমূহ কলঘৰ, সামৰিক বিপনী, ৰেল, বেংক, ক্লাব, সমবায় আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে মানুহে প্লাষ্টিকৰ টোকেন বা কাগজৰ ৰচিদ ব্যৱহাৰ কৰিবলৈ লোৱাত ধাতুৰ টোকেনৰ চাহিদা যথেষ্ট হ্ৰাস পাবলৈ ধৰে। এতিয়াও ধাতুৰ টোকেনৰ ওপৰত নিৰ্ভৰ কৰা কেইখনমান হায়দৰাবাদ ৰেষ্টুৰেণ্টে দিনটোৰ উপাৰ্জন গণনা কৰিবলৈ সেইবোৰ ব্যৱহাৰ কৰেঃ এবাৰ গ্ৰাহকে খাদ্য সামগ্ৰী অৰ্ডাৰ কৰিলে, তেওঁলোকক সেই ব্যঞ্জনৰ সৈতে খাপ খোৱা টোকেন দিয়া হয়।

আজীমক পৰিয়ালৰ সদস্য আৰু অন্যান্য দোকানীয়ে অজ্জু বুলি কোৱাৰ দৰে, তেওঁ চহৰখনৰ অন্তিম শিল্পকাৰসকলৰ ভিতৰত এজন, যি এতিয়াও এই মুদ্ৰাবোৰ তৈয়াৰ কৰাত বিশেষজ্ঞ আৰু হায়দৰাবাদ চহৰত এতিয়া ১০ জনতকৈও কম এনে শিল্পকাৰ আছে।

Every morning, Azeem parks his bicycle near the shop and begins his workday, moulding tokens with inscriptions or shapes of the dishes sold in eateries
PHOTO • Sreelakshmi Prakash
Every morning, Azeem parks his bicycle near the shop and begins his workday, moulding tokens with inscriptions or shapes of the dishes sold in eateries
PHOTO • Sreelakshmi Prakash

প্ৰত্যেক ৰাতিপুৱা আজীমে তেওঁৰ দোকানৰ ওচৰত চাইকেলখন ৰখাই থয় আৰু তেওঁৰ কৰ্মদিন আৰম্ভ কৰে , ভোজনালয়ত বিক্ৰী হোৱা ব্যঞ্জনৰ খোদিত লিপি বা আকৃতিৰে টোকেনবোৰ সাঁচত ঢালে

বাকচৰ লানিৰ পৰা তেওঁ এমুঠি উলিয়াই মজিয়াত ৰাখে। সেইবোৰৰ ইংৰাজীত ধাতুৰ লিপি আছে – চাহ, চাউল, ইডলি, পায়া, মাছ, চিবিএছ (চিকেন বিৰিয়ানি ছিংগল), চিবিজে (চিকেন বিৰিয়ানি জাম্বো), এমবিএছ (মটন বিৰিয়ানি ছিংগল), এমবিজে (মটন বিৰিয়ানি জাম্বো) ইত্যাদি। বহুতো টোকেন নক্সা থকা  ব্যঞ্জনৰ আকাৰত আছে – চাহদানী, মাছ, মুৰ্গী, ছাগলী, দোচা আৰু অন্যান্য।

"আমি এই মুদ্ৰাবোৰ তৈয়াৰ কৰাত পাকৈত আৰু সমগ্ৰ হায়দৰাবাদৰ দোকানীসকলে সেইবোৰ ক্ৰয় কৰিবলৈ ইয়ালৈ আহিছিল। কিন্তু এতিয়া ব্যৱসায় প্রায় নাই বুলিয়েই ক’ব পাৰি।" আজীমৰ খুৰাক ৬০ বছৰ বয়সৰ মহম্মদ ৰহীমে কয়, তেওঁ নিজেও এজন পৰম্পৰাগত সাঁচৰ শিল্পকাৰ।

তেওঁ কয় যে আজীমৰ ককা-আইতাকেও ঢালাইৰ কাম কৰিছিল আৰু হায়দৰাবাদৰ অন্তিম নিজামৰ ৰাজত্বকালত (১৯৪৮ চনলৈকে) প্ৰাসাদৰ বাবে টোকেন আৰু আলংকাৰিক সামগ্ৰী তৈয়াৰ কৰিছিল। তেওঁলোকে ঘৰবোৰৰ বাবে ধাতুৰ আকৰ্ষণীয় সজাই থ’ব পৰা সামগ্রী তৈয়াৰ কৰিছিল। ৰহীমে কয় যে তেওঁ লগতে চাইকেলৰ মালিকসকলৰ নাম খোদিত কৰা সৰু প্লেট প্ৰস্তুত কৰিছিল, যিবোৰ তেওঁলোকে তেওঁলোকৰ চাইকেলত হাতুৰিৰে কোবাই লগাই লৈছিল। আজীমে আমাক চাইকেলৰ বাবে তৈয়াৰ কৰা তেনে এক ধাতুৰ প্লেট দেখুৱাইছিল যিটো তেওঁৰ দেউতাকে বহু বছৰ আগতে তৈয়াৰ কৰিছিল।

আজীমৰ দেউতাক মহম্মদ মুৰ্তুজা এজন নিপুণ মুদ্ৰাৰ কাৰিকৰ আছিল, তেওঁক স্থানীয় সকলো লোকে বিচাৰিছিল। কিন্তু কেইবা দশকৰ আগতে, আজ্জুৰ জন্মৰ আগতে মুৰ্তুজাই অগ্নিশালৰ বিস্ফোৰণত তেওঁৰ সোঁ বাহুত আঘাত পাইছিল আৰু বাহুটো কাটিব লগা হৈছিল।

তথাপিও মুৰ্তুজা আৰু ৰহীমে তেওঁলোকৰ পিতৃ-মাতৃৰ বংশগত পৰম্পৰা আগবঢ়াই লৈ গৈছিল। প্ৰথমবাৰৰ বাবে কাষ্টিং আৰম্ভ কৰাৰ সময়ত নিজৰ বয়স কিমান আছিল আজীমৰ মনত নাই। তেওঁ চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল আৰু কৈছিল যে তেওঁৰ দেউতাকে এজন বন্ধুৰ সৈতে কাজিয়া কৰাৰ পিছত তেওঁক স্কুলৰ পৰা উলিয়াই আনিছিল। তেওঁ লগতে কয় যে মুদ্ৰা নিৰ্মাণ হৈছে তেওঁ জনা একমাত্ৰ কাম।

Moulding tokens is a family tradition: Azeem's wife Nazima (centre) would pitch in when they had a furnace at home. His father (right) was a master craftsman
PHOTO • Sreelakshmi Prakash
Moulding tokens is a family tradition: Azeem's wife Nazima (centre) would pitch in when they had a furnace at home. His father (right) was a master craftsman
PHOTO • Sreelakshmi Prakash
Moulding tokens is a family tradition: Azeem's wife Nazima (centre) would pitch in when they had a furnace at home. His father (right) was a master craftsman
PHOTO • Sreelakshmi Prakash

সাঁচত ঢলা টোকেন হৈছে এক পাৰিবাৰিক পৰম্পৰা: আজীমৰ পত্নী নাজিমা (মাজত) ঘৰত থাকিলে সেই কামত সহায় কৰি দিয়ে। তেওঁৰ দেউতাক (সোঁফালে) এজন নিপুণ কাৰিকৰ আছিল

যোৱা কেবাটাও দশকত কেতিয়াবা উচ্ছেদৰ কাৰণে, অগ্নিশালৰ পৰা ওলোৱা ধোঁৱাৰ অভিযোগৰ কাৰণে আৰু কেতিয়াবা ঠাইৰ অভাৱৰ কাৰণে পৰিয়ালটোৱে কেবাবাৰো দোকানখন ইঠাইৰ পৰা সিঠাইলৈ নিবলগীয়া হৈছিল। তেওঁলোকে চাৰমিনাৰৰ ওচৰৰ এখন সৰু চালিৰ পৰা, চাৰমিনাৰ অঞ্চলৰ এটা সৰু মছজিদৰ ওচৰৰ আন এখন দোকানৰ পৰা কাম কৰি আহিছে আৰু কেতিয়াবা তেওঁলোকৰ নিজা সৰু তিনি কোঠলীয়া ঘৰৰ এটা কোঠাত এটা অগ্নিশাল স্থাপন কৰিছে। ইয়াত আজীমৰ পত্নী নাজিমা বেগমে ওচৰৰ খেলপথাৰৰ পৰা মাটি সংগ্ৰহ কৰা, ইয়াক চালনীৰে চলা, ইয়াক সাঁচত ভৰাই দিয়াৰ কামবোৰ চম্ভালিছিল।

২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ সময়ত মুৰ্তুজাৰ মাহে ২০০০ টকাৰ বিকলাঙ্গতা পেঞ্চনৰ পৰা কৰা সঞ্চয়ে পৰিয়ালটোক চলি থকাত সহায় কৰিছিল। আজীমৰ তিনিগৰাকী ভগ্নী বিবাহিত আৰু ঘৰতে থকা গৃহিনী আৰু এজন সৰু ভায়েকে দুচকীয়া বাহনৰ শ্ব'ৰুমত ৱেল্ডিঙৰ কাম কৰে।

২০২০ চনৰ এপ্ৰিল মাহত মুৰ্তুজাৰ মৃত্যু হয় আৰু তেওঁ লাভ কৰি থকা পেঞ্চন অহা বন্ধ হৈ যায় (আজীমৰ মাক খাজাৰ ২০০৭ চনত মৃত্যু হৈছিল)। সেয়েহে অধিক গ্ৰাহক আহৰণ কৰা আৰু উন্নত উপাৰ্জন অনাৰ আশাত ২০২০ চনৰ নৱেম্বৰ মাহত আজীমে কবৰস্থানৰ কাষৰ দোকানখন ভাড়ালৈ লৈছিল, যিখন দোকানত তেওঁ এতিয়া কাম কৰে। কিন্তু চালিখন এটা ফুটপাথত আছে আৰু যিকোনো সময়তে মহানগৰ কৰ্তৃপক্ষই ইয়াক বন্ধ কৰি দিব পাৰে, তেওঁ কয়।

এবাৰ মই ইয়ালৈ অহাৰ সময়ত তেওঁ আগদিনা বেগমপেটৰ এখন ভোজনালয়ৰ পৰা এটা অৰ্ডাৰ পাইছিল।

তেওঁ কয় যে প্ৰথম পদক্ষেপটো হ'ল ভোজনালয়ৰ নিৰ্দিষ্ট ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি এক উপযুক্ত আকৃতি বাছনি কৰা – ধৰক চাহ কাপ বা মাছ। অৱশ্যেই বগা ধাতুত বহু আগতে তৈয়াৰ কৰা এই আকৃতিবোৰৰ বাবে তেওঁৰ ওচৰত এক মাষ্টাৰ টোকেন আছে। তাৰ পিছত প্ৰতিকৃতি সৃষ্টি কৰাৰ এক নিখুঁত বহু-স্তৰীয় প্ৰক্ৰিয়া আৰম্ভ হয়।

Left: Placing master tokens inside the mould. Centre: Stepping on the peti to compress the soil. Right: Refining the impressions, making way for the molten liquid
PHOTO • Sreelakshmi Prakash
PHOTO • Sreelakshmi Prakash
PHOTO • Sreelakshmi Prakash

বাওঁফালে: সাঁচৰ ভিতৰত মাষ্টাৰ টোকেন ৰখা হৈছে। মাজতঃ মাটি সংকুচিত কৰিবলৈ পেটীত ভৰি দিয়া হৈছে। সোঁফালেঃ গলিত তৰলৰ বাবে ছাপবোৰ পৰিশোধন কৰা হৈছে

আজীমে কাঠৰ বোৰ্ড এখনত পেটি (ধাতুৰ ফ্ৰেম বা সাঁচ) ৰাখে আৰু ইয়াৰ ওপৰত কিছু পৰিমাণৰ সঞ্জীৰা নামৰ কাষ্টিং পাউডাৰ ছটিয়াই দিয়ে। তেওঁ কয়, "পাউডাৰে মুদ্ৰাবোৰত বালি [মাটি] লাগি ধৰাত বাধা দিব।" তাৰ পিছত তেওঁ প্রয়োজন হোৱা আকৃতিৰ টোকেনবোৰ এটা এটাকৈ বোৰ্ডত ৰাখে।

তেওঁ পুনৰ পেটিৰ এক-চতুৰ্থাংশ গুড়ৰ দ্বাৰা তৈয়াৰ কৰা মুগা তৰল বাইণ্ডিং এজেণ্ট মিহলি মিহি মাটিৰে ভৰ্তি কৰে। তেওঁ কয় যে যিকোনো মাটি বা বালি লৈ কামটো কৰিব পাৰি, যেতিয়ালৈকে ইয়াক ডাঙৰ কণা আঁতৰাবলৈ চালনীৰে চালা হয়। আঠাযুক্ত মিশ্ৰণটো “অষ্টৰ মিট্টীত(আধাৰ মাটিত) যোগ দিয়া হয়। ওপৰত তেওঁ আগৰ কাষ্টিং কামবোৰৰ ক'লা পোৰা মাটিৰ অৱশিষ্টখিনি যোগ কৰে যিবোৰ নীলা তিৰ্পালেৰে ঢাকি ৰখা হয়।

গোটেই পেটিটো প্ৰায় ভৰ্তি হোৱাৰ পিছত আজীমে মাটি সংকুচিত কৰিবলৈ ইয়াত গচকে। তাৰ পিছত তেওঁ ফ্ৰেমটো ওলোটাই দিয়ে। মুদ্ৰাবোৰৰ আকৃতি এতিয়া মিশ্ৰণটোত সোমাই পৰে। সাঁচটো ঢাকনিৰে ঢাকি ৰাখে আৰু তেওঁ ইয়াত আৰু কিছু সঞ্জিৰা পাউডাৰ ছটিয়াই দিয়ে আৰু তাৰ পিছত অষ্টৰ মাটি আৰু পোৰা ক'লা মাটিৰ সৈতে অধিক তৰপ দিয়ে।

তাৰ পিছত অতিৰিক্ত মাটিখিনি মচি পেটীটো খোলা হয়। লাহেকৈ তেওঁ মূল  সাঁচবোৰ আঁতৰ কৰে। মিশ্ৰিত মাটিখিনিত মূল সাঁচবোৰৰ চিন বা নক্সা ফুটি উঠে।

গলিত এলুমিনিয়াম পাৰ হ'বলৈ আজীমে এডাল সৰু লাঠিৰে ছিদ্র তৈয়াৰ কৰে। লাঠিৰে তেওঁ আগৰ অৰ্ডাৰৰ খোদাই আঁতৰাবলৈ গহ্বৰৰ ভিতৰৰ মাটি সমান কৰে – উদাহৰণ স্বৰূপে, আগৰ অৰ্ডাৰ আছিল আন এটা ভোজনালয়ৰ নাম। তেওঁ পেটিটো বন্ধ কৰে আৰু ইয়াক টানকৈ শলখা মাৰে। ওপৰত কাঠৰ বোৰ্ড এখন ৰাখে আৰু তাৰ পিছতেই তাপেৰে ঢালাই দিয়াৰ সময় হয়।

Left: After he has put sanjeera powder over the cavities before pouring in the molten metal. Centre: Operating the hand blower. Right: The metal pieces kept inside the bhatti for melting
PHOTO • Sreelakshmi Prakash
PHOTO • Sreelakshmi Prakash
Left: After he has put sanjeera powder over the cavities before pouring in the molten metal. Centre: Operating the hand blower. Right: The metal pieces kept inside the bhatti for melting
PHOTO • Sreelakshmi Prakash

বাওঁফালে: গলিত ধাতুত ঢালি দিয়াৰ আগতে তেওঁ গহ্বৰৰ ওপৰত সাঞ্জিৰা পাউডাৰ লগোইছে। মাজত: হস্তচালিত ফু দিয়া সঁজুলিবিধ চলাইছে। সোঁফালে: গলিবলৈ ভাতীৰ ভিতৰত ৰখা ধাতুৰ টুকুৰাবোৰ

হস্তচালিত ফু দিয়া সঁজুলি ব্যৱহাৰ কৰি ভাতীত কয়লা ভৰাই দিয়া হয়। কয়লা গৰম হোৱাৰ পিছত আজীমে পুৰণি অব্যৱহৃত এলুমিনিয়াম মুদ্ৰা বা গোটা টুকুৰাৰ সৈতে এটা ধাতুৰ পাত্ৰ ভিতৰলৈ ৰাখে। যেতিয়া এইবোৰ গলে, ধাৰক এটা ব্যৱহাৰ কৰি তেওঁ গৰম তৰলটো পেটিত ঢালি দিয়ে। তেওঁ কোনো সুৰক্ষাদায়ক  হাতিয়াৰ-পাতি অবিহনেই এই সকলোবোৰ কৰে। তেওঁ কয়, "মই এনেদৰে কাম কৰিবলৈ অভ্যস্ত হৈ পৰিছো আৰু সেই সঁজুলিবোৰ ব্যয়বহুল।"

তৰল ধাতু সোনকালেই গোট মাৰে আৰু কেইমিনিটমানৰ ভিতৰতে সাঁচটো খুলি ভিতৰত সৃষ্টি হোৱা নতুন টোকেনবোৰ উলিওৱা হয়। তেওঁ সেইবোৰ বাহিৰলৈ লৈ যায় আৰু ৰেতি এডালেৰে কাষবোৰ ধাৰ কৰে। তেওঁ সৰু ধাতুৰ বস্তুটো হাতৰ তলুৱাত ধৰি কয় "ইয়ে ৰহা হামাৰা মুদ্ৰা"।

পৰৱৰ্তী পদক্ষেপটো হ'ল ইংৰাজীত ব্যঞ্জন আৰু ভোজনালয়ৰ নামবোৰ টোকেনত খোদিত কৰা। ইয়াৰ বাবে বিন্ধা কৰা আখৰ আৰু নম্বৰবোৰ নতুন, চিকচিকীয়া হৈ উঠা এলুমিনিয়াম টোকেনত হাতুৰিৰে কোবাই বহুৱাব লাগিব। এটা বেটচ্ সাজু হোৱাৰ পিছত, তেওঁ কাষ্টিং প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিবলৈ উন্নীত কৰা খোদিত নক্সা থকা সেই নতুন টোকেনবোৰ ব্যৱহাৰ কৰে।

"মুদ্ৰাৰ সংখ্যা [এবাৰত] পেটিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ ফ্ৰেমৰ দ’ম এটালৈ আঙুলিয়াই কয়- মোৰ তাত ১২ টা বিভিন্ন আকাৰ আছে। এটা মজলীয়া আকাৰৰ ১৫x৯ ইঞ্চি পেটিত তেওঁ এবাৰতে প্ৰায় ৪০ টা টোকেন বনাব পাৰে। যদি বেছি অৰ্ডাৰ থাকে, দহ ঘণ্টা কাম কৰি তেওঁ দিনে ৬০০ টা লৈকে মুদ্ৰা বনাব পাৰে।

Left and centre: Taking out the newly minted tokens. Right: Separating and refining the tokens and shaping them using a file
PHOTO • Sreelakshmi Prakash
PHOTO • Sreelakshmi Prakash
PHOTO • Sreelakshmi Prakash

বাওঁফালে আৰু মাজত: নতুনকৈ প্ৰস্তুত কৰা টোকেনবোৰ উলিয়াই থকা হৈছে (বাওঁফালে  আৰু মাজত) ; এডাল ৰেতি ব্যৱহাৰ কৰি টোকেনবোৰ পৃথক আৰু পৰিশোধন কৰা আৰু সেইবোৰক আকাৰ দিয়া হৈছে (সোঁফালে)

যদিও অতি বিৰল, কেতিয়াবা এটা নতুন ডিজাইন তৈয়াৰ কৰিব লাগে যাৰ বাবে বগা ধাতুৰ কোনো মাষ্টাৰ মুদ্ৰা নাই, আজীমৰ গ্ৰাহকসকলক ত্ৰিমাত্ৰিক (3D) প্লাষ্টিকৰ প্ৰতিকৃতি এটা আনিবলৈ কোৱা হয়। কিন্তু এইবোৰ ব্যয়বহুল, সেয়েহে বেছিভাগ গ্ৰাহকে পুৰণি ডিজাইনবোৰে বাচি লয়। (যেতিয়া আজীমৰ দেউতাক মুৰ্তুজাই কাষ্টিঙৰ কাম কৰিছিল, তেতিয়া তেওঁ হাতেৰে নতুন আকৃতি আৰু ডিজাইন তৈয়াৰ কৰিছিল।)

আজীমৰ কাম কৰা চালিখনৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত থকা বেগমপেটৰ এখন হোটেলত ৱেইটাৰ হিচাপে কাম কৰা মহম্মদ মোহিনে কয় যে ধাতুৰ মুদ্ৰা প্লাষ্টিকৰ মুদ্ৰাতকৈ দীঘলীয়া হয় আৰু কম ব্যয়বহুল হয়। তেওঁ এটা অৰ্ডাৰ দিবলৈ আহিছে। তেওঁ লগতে কয়, "এইটো হাতেৰে গণনা কৰা পদ্ধতি আৰু আমাৰ গ্ৰাহকসকলেও ইয়াক পছন্দ কৰে"। "আমি প্ৰতিটো ব্যঞ্জনৰ বাবে ১০০ টা মুদ্ৰা ৰাখো। এইদৰে আমি গম পাওঁ যে সেই ব্যঞ্জনবিধ ১০০ বাৰ পৰিৱেশন কৰা হৈছে। এনেদৰেই আমি দিনটোৰ উপাৰ্জন গণনা কৰো। আমি অশিক্ষিত লোক, সেয়েহে এই পৰম্পৰা আমি এৰা নাই।"

আজীমে এটা মুদ্ৰা তৈয়াৰ কৰিবলৈ ৩ টকা পাৰিশ্রমিক লয়, কিন্তু যদি সংখ্যা ১০০০ টাতকৈ কম হয়, তেন্তে তেওঁ ৪ টকা বিচাৰে। তেওঁ কয়, "মই প্ৰতিদিনে অৰ্ডাৰ নাপাওঁ, সপ্তাহত দুবাৰ বা তিনিবাৰকৈহে কেইজনমান গ্ৰাহক আহি ৰয়।" "তেওঁলোকে মোক আৰু মোৰ দোকানৰ অৱস্থান জানে। তেওঁলোকৰ ওচৰত মোৰ ম'বাইল নম্বৰ আছে, সেয়েহে তেওঁলোকে ফোন কৰে আৰু অৰ্ডাৰ দিয়ে। কাৰোবাক ৩০০ টা মুদ্ৰাৰ প্ৰয়োজন, কোনোবাই ১০০০ টা বিচাৰে। মোৰ নিৰ্ধাৰিত উপাৰ্জন নাই। এসপ্তাহত কেতিয়াবা মই মাত্ৰ ১০০০, কেতিয়াবা ২৫০০ টকা উপাৰ্জন কৰোঁ।"

আৰু কেতিয়াবা মানুহে অৰ্ডাৰ দিয়ে আৰু টোকেন সংগ্ৰহ কৰিবলৈ ঘূৰি নাহে। আজীমে আমাক এটা ওপৰৰ শ্বেল্ফত ৰখা এবাৰত সাজি উলিওৱা মুদ্ৰা দেখুৱাইছে। তেওঁ কয়, "মই এই ১,০০০ মুদ্ৰা তৈয়াৰ কৰিছিলো কিন্তু গ্ৰাহকজন কেতিয়াও ঘূৰি অহা নাছিল।" কিছুদিনৰ পিছত তেওঁ এই ৰৈ যোৱা টোকেনবোৰ গলাই আন মুদ্ৰা তৈয়াৰ কৰিবলৈ পুনৰ ব্যৱহাৰ কৰে।

Left: Punching the letters on the token. Centre: One set of an order of 1,000 tokens that was not picked by a customer. Right: Azeem shows us how a batch of the tokens will be arranged inside the peti
PHOTO • Sreelakshmi Prakash
Left: Punching the letters on the token. Centre: One set of an order of 1,000 tokens that was not picked by a customer. Right: Azeem shows us how a batch of the tokens will be arranged inside the peti
PHOTO • Sreelakshmi Prakash
Left: Punching the letters on the token. Centre: One set of an order of 1,000 tokens that was not picked by a customer. Right: Azeem shows us how a batch of the tokens will be arranged inside the peti
PHOTO • Sreelakshmi Prakash

বাওঁফালে: আখৰবোৰ টোকেনত খোদিত কৰা হৈছে। মাজত: গ্ৰাহকে লৈ নোযোৱা ১০০০ টোকেনৰ অৰ্ডাৰৰ এটা ছেট। সোঁফালে: আজীমে আমাক দেখুৱাইছে যে কেনেদৰে পেটিৰ ভিতৰত টোকেনৰ এটা বেটচ্ সজোৱা হ 'ব

আজীমে কয় যে তেওঁৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ দুয়োখন দোকানৰ ভাড়ালৈ যায় – মছজিদৰ ওচৰৰ পুৰণি দোকানখনৰ বাবে ৮০০ টকা (যিখন তেওঁ এতিয়াও ৰাখিছে কিয়নো ই গ্ৰাহক অনাৰ এটা উপায় আৰু এটা মুখ্য এলেকাত ভাড়া কম হোৱাৰ বাবে) আৰু কবৰস্থানৰ ওচৰত থকা এচবেষ্টছ চালিখনৰ বাবে ২০০০ টকা। তেওঁ কয়, "প্ৰতি মাহে মই বিদ্যালয়ৰ মাচুল, সামগ্ৰী আৰু ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে ৬,০০০-৭,০০০ টকা খৰচ কৰিব লাগে।" তেওঁৰ সৰু ভায়েকে পৰিয়ালৰ খৰচবোৰ ৰখাৰ বাবে প্ৰৱেশ কৰে।

আবেলিলৈ আজীমে সাধাৰণতে তেওঁৰ দোকানৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত থকা মইনপুৰাৰ ঘৰলৈ উভতি আহে। ঘৰটোত কোনো আচবাব নাই, চিমেণ্টৰ মজিয়াবোৰ প্লাষ্টিকৰ মেটেৰে আবৃত। তেওঁ কয়, "মই নিবিচাৰো যে মোৰ ল'ৰা-ছোৱালীয়ে এই কামত সোমাওক, ভাতী আৰু গৰম ধাতুৰ সৈতে এই কামটো অতি বিপদজনক।"

তেওঁলোকৰ তিনি বছৰীয়া কন্যা সমীৰাই মাকক আঁকোৱালি লৈ থাকোতে আৰু ছয় বছৰীয়া পুত্ৰ তাহিৰে এটা কোণত খেলি থাকোতে তেওঁৰ পত্নী নাজিমাই কয়, "মই মোৰ সন্তানৰ বাবে এক সুৰক্ষিত ভৱিষ্যত বিচাৰো, মই তেওঁলোকক যথাসম্ভৱ ভাল শিক্ষা দিব বিচাৰো"। পুত্ৰ তাহিৰৰ হাতত তেওঁৰ ককাদেউতাই তেওঁৰ বাবে তৈয়াৰ কৰা কেইবাটাও মুদ্ৰা আৰু এটা সৰু লোহাৰ হাতুৰী আছিল।

অনুবাদ: দেৱাংগ পল্লৱ শইকীয়া

Sreelakshmi Prakash

ଶ୍ରୀଲକ୍ଷ୍ମୀ ପ୍ରକାଶ ସଂଚାର ବିଦ୍ୟାରେ ସ୍ନାତକୋତ୍ତର ଉପାଧି ପାଇଁ ହାଇଦ୍ରାବାଦ ବିଶ୍ୱବିଦ୍ୟାଳୟରେ ଅଧ୍ୟୟନ କରନ୍ତି । ସହର ସାରା ବୁଲି ଲୋକଙ୍କ କଥା ଶୁଣିବାରେ ସେ ଆନନ୍ଦ ପାଆନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sreelakshmi Prakash
Translator : Devanga Pallav Saikia

Devanga Pallav Saikia is a post-graduate in English Literature. Having a deep interest in creative writing he writes short stories and essays in both Assamese and English. Till date he has published two books of short stories in Assamese.

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Devanga Pallav Saikia