মই ইলাইৰাজাক শুধিলো, ‘‘ইয়াত সাপ ওলায় নেকি?’
সেইদিনা সন্ধিয়া পলম হৈছিল আৰু আমি তামিলনাডুৰ শিৱগংগা জিলাৰ মেলকাডু গাঁৱৰ এখন পথাৰত থিয় হৈ আছিলো। মই কুঁৱা খন্দা শ্ৰমিকসকলক লগ কৰিবলৈ তালৈ গৈছিলো। অঞ্চলটো আছিল শুষ্ক, ধুলিৰে ভৰা। খেতিৰ বাবে পানী বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। ইলাইৰাজা সেই অঞ্চলত বাসিন্দা আছিল। পূৰ্বে তেওঁ অংশকালীন হিচাপত এখন ব্যক্তিগত খেতিপথাৰত (ব্যক্তিগত খেতিপথাৰ, য'ত কোম্পানীয়ে বিনিয়োগ কৰে) কাম কৰিছিল আৰু বাকী সময়খিনি তেওঁৰ পিতৃ-মাতৃৰ খেতিপথাৰত কাম কৰিছিল। অৰ্থাৎ তেওঁ দিনে দুটা পৃথক চিফ্টত কাম কৰিছিল। আৰু তেওঁৰ বয়স এতিয়া মাত্ৰ ২৩ বছৰ।
মোৰ কণ্ঠত উদ্বেগৰ সুৰ অনুভৱ কৰি ইলাইৰাজাই হাঁহি হাঁহি মোক কৈছিল যে 'নাগৰাজ' (কোব্ৰা) কেইদিনমান পূৰ্বে এই অঞ্চললৈ আহিছিল। খোজ কঢ়াৰ চিন্তা ত্যাগ কৰাৰ কথা কোৱাৰ লগে লগে ইলাইৰাজাই লগে লগে টৰ্চলাইটটো উলিয়াই দিলে।
তেওঁ ক'লে, "মই আপোনাৰ সৈতে আহিম" আৰু তাৰ পিছত আমি একেলগে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আমাৰ ভৰি টৰ্চলাইটৰ পোহৰেৰে নিৰ্মিত বৃত্তত আগবাঢ়িছিল আৰু আমাৰ মুখত নিশাৰ শীতল বতাহে কোবাই গৈছিল।
বৰ্ষাসিক্ত মাটিৰ গোন্ধ বতাহত ভাঁহি আহিছিল। দিনৰ উত্তপ্ত ৰ'দৰ পিছত নিশালৈ ঠাণ্ডা পৰিছিল। ভেকুলীৰ শব্দৰ বাহিৰে মই কেৱল ইলাইৰাজাৰ উশাহৰ শব্দ শুনিবলৈ পাইছিলো। "মোৰ সদায় হাঁপানি আছিল," তেওঁ মোক হাঁহি হাঁহি কৈছিল। যেতিয়া তেওঁ খুব সৰু আছিল, তেতিয়া তেওঁৰ পৰিয়াল চালেমৰ পৰা ইয়ালৈ স্থানান্তৰিত হৈছিল। তেওঁ ৰাস্তাৰ প্ৰতিটো পাক, ৰাস্তাত চলাচল কৰা মটৰচাইকেল আৰু সেইবোৰ চলোৱা লোকসকলক ভালদৰে জানিছিল। "২৩ বছৰ আগতে ইয়াত থকা মাটিখিনিৰ দাম অতি সস্তা আছিল। মোৰ মা-দেউতাই চালেমত তেওঁলোকৰ সম্পত্তি বিক্ৰী কৰিছিল আৰু মোৰ দেউতা আৰু তেওঁৰ ভাতৃসকলে ইয়াত ৫০,০০০ টকাত দহ একৰ মাটি কিনিছিল। আপুনি জানে নে এতিয়া আমি প্ৰতি একৰত ৩ লাখৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰিব পাৰোঁ?" এইবুলি কৈ তেওঁ টৰ্চ ধৰি থকা হাতখনেৰে সোঁ আৰু বাওঁফালে ঘূৰাই পোহৰত জিলিকি উঠা মিঠা আলু আৰু কুঁহিয়াৰৰ পথাৰ দেখুৱাই ক'লে।
"আগতে ই গছ-বননিৰে ভৰা এক ঘন অৰণ্য আছিল। মোৰ পৰিয়ালৰ লোকে নিজৰ হাতেৰে এয়া পৰিষ্কাৰ কৰিছিল। আপুনি সেই টিউবলাইটৰ তলত সেই কুঁৱাটো দেখিছে নেকি? তেওঁ মোৰ চিতাপ্পাৰ (খুৰা)। আৰু তাৰ পিছৰ ঘৰটো দেখা পাইছে নে? সেই নাৰিকল গছবোৰৰ আঁৰত? সেইটো মোৰ ঘৰ!"
তেওঁ বৰ গৌৰৱেৰে সেইটো 'মোৰ ঘৰ' বুলি অভিহিত কৰিছিল। সেই পকী ঘৰটোত ন বছৰ পূৰ্বে বিদ্যুতৰ সংযোগ দিয়া হৈছিল। সময়ৰ লগে লগে দ্ৰুত গতিত আধুনিকতাই ইয়াত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছিল। মুখত হাঁহি এটা লৈ তেওঁ নিজৰ পকেটটো চাপৰি মাৰি ক'লে, "আপুনি ইয়াত কোনো ঠাইত বলধ আৰু নাঙল দেখা নাপাব! বা কোনো লেণ্ডলাইন টেলিফোন দেখা নাপাব; কেৱল মোবাইলহে দেখিব।"
এই সকলোবোৰ বস্তুৱে গ্ৰামীণ জীৱন সলনি কৰি দিব পাৰে – যাক চহৰীয়া লোকসকলে আকাংক্ষা কৰে – কিন্তু ইলাইৰাজা এই আধুনিকতাত সুখী হৈছিল। ই তেওঁৰ জীৱন সহজ কৰি তুলিছিল। "আগতে, আমি হাতেৰে কুঁহিয়াৰ কাটিছিলো। এতিয়া, এজনে এটা যন্ত্ৰৰে শস্য কাটে আৰু আনজনে ইয়াক সংগ্ৰহ কৰে। আৰু এই সকলোবোৰৰ বাবে বেছি সময় নালাগে!" কঠোৰ পৰিশ্ৰম আৰু সময় ৰাহি কৰা এই আধুনিক যন্ত্ৰবোৰক তেওঁ প্ৰশংসা কৰে। এই সকলোবোৰ সুবিধা উপলব্ধ হোৱাৰ পূৰ্বে, খুব কম বয়সতে, তেওঁ পথাৰত ঘাম আৰু সময় ব্যয় কৰিছিল।
অৱশ্যে, এনে নহয় যে এতিয়া তেওঁৰ ৰাতিপুৱা বাতৰি কাকত পঢ়ি আৰু আৰামদায়ক চকী এখনত বহি কফি খাই সময় কটাইছে। তেওঁ হাউলি বেঁকা গছবোৰ ভাঙি, কাটি আৰু পৰিষ্কাৰ কৰে। তেওঁৰ পৰিয়ালে ধান, পাচলি আৰু ফুলৰ খেতি কৰে। "ভেণ্ডি আৰু বেঙেনা দুয়োটা প্ৰতিদিনে ছিঙিব লাগে। বেঙেনা কমেও এদিন বা দুদিনৰ বাবে এৰি দিব পাৰি, কিন্তু ভেণ্ডি নোৱাৰি। ই অতি সোনকালে কঠিন হৈ পৰে," এইখিনি কৈ তেওঁ হাঁহে আৰু তেওঁৰ সৈতে মইও হাঁহো; মই ভেণ্ডি পৰীক্ষা কৰাৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰো, বিক্ৰেতাই এয়া ভাল নাপায় কিন্তু ক্ৰেতাই ভাল পায় (ভেণ্ডি ওপৰৰ পৰা ভাঙে; যদি ভালকৈ ভাঙি নাযায়, তেন্তে সেইটো বেয়া!)
ইয়াৰ পিছত উৎপাদিত সামগ্ৰী (প্ৰতিবিধ পাচলিৰ কিলো হিচাপত) বিক্ৰী কৰা হয়। "মোৰ দেউতাই মোৰ মাক তেওঁৰ দুচকীয়া বাহনত প্ৰতিদিনে বজাৰলৈ লৈ যায়। তেওঁ মাক তাত এৰি নিজে খেতি পথাৰলৈ গুচি যায়। সকলো বিক্ৰী হোৱাৰ পিছত মোৰ মা শ্বেয়াৰিং অটোত ঘৰলৈ উভতি আহে।" আৰু তেওঁৰ মাক ঘূৰি অহাৰ সময়ত, ইলাইৰাজাই দ্বিতীয় শ্বিফ্টত কাম কৰি দিনটোৰ আধা সময় অতিবাহিত কৰে। এই সময়ছোৱাত তেওঁ বিভিন্ন বাহিৰা কাম কৰে। তেওঁ ঘৰলৈ ঘূৰি অহাৰ সময়ত সন্ধিয়া ৬ বজালৈ, গৰুবোৰক ইতিমধ্যে খুৱাই দিয়া হয় আৰু গাখীৰ খিৰোৱা সম্পন্ন কৰা হয়।
ইয়াত থকা অধিকাংশ মানুহে গৰু, ছাগলী আৰু কুকুৰা পালন কৰে। এই অঞ্চলবোৰৰ গৰুবোৰৰ বেছিভাগেই জাৰ্চি/সংকৰ প্ৰজাতিৰ৷ যদি সিহঁতে সতেজ ঘাঁহ, তৈলবীজৰ দৰে ভাল খাদ্য খাবলৈ পায়, তেতিয়া অধিক গাখীৰ উৎপাদন কৰিব পাৰে। কিন্তু এয়া সদায় সম্ভৱ নহয়।
ইয়াত প্ৰায়েই বৰষুণ নহয়। ইলাইৰাজাই মোক বুজাইছিল, "ইয়াত মাটি খুব ভাল, সকলো ভালদৰে উৎপাদন হয়। সমস্যাটো হৈছে পানী। চাওক, মোৰ খুৰাৰ ৬০ ফুট গভীৰ কুঁৱাটোত মাত্ৰ চাৰি ফুট পানী আছে। সেয়েহে আমি ইয়াক পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰো। বোৰৱেলৰ পৰা পানী আহৰণ কৰা হয়। ইয়াত বোৰৱেলবোৰ ৮০০ৰ পৰা ১০০০ ফুট গভীৰতালৈকে খনন কৰা হয়। মই এই পৰিসংখ্যাবোৰ বুজিবলৈ চেষ্টা কৰিছিলো: এনে কৰাটো বহুত কঠিন আছিল।
খালী পথাৰখন দেখি ভাল লগা নাছিল। কেইবছৰমান আগতে ভাল বৰষুণৰ বাবে, ধান বৃহৎ পৰিমাণত ৰোপণ কৰা হৈছিল, ফচলো খুব ভাল হৈছিল। কিন্তু যোৱা দুবছৰত খুব কম বৰষুণ হৈছে আৰু পানীৰ স্তৰ হ্ৰাস হোৱাৰ বাবে ভূমি পৰিত্যক্ত হৈ পৰিছে। তথাপিও মানুহে কুঁহিয়াৰ খেতি কৰা আৰম্ভ কৰিছে আৰু ড্ৰিপ জলসিঞ্চনৰ সৈতে কৃষি আৰম্ভ হৈছে। এয়া কম বিড়ম্বনাৰ কথা নহয়। ইলাইৰাজাই "মই কি কৰিব পাৰোঁ" এনে ধৰণৰ হাঁহি এটা মাৰি বিতৰ্কটো খাৰিজ কৰিছিল।
নিশা নামি আহিছিল, তৰাবোৰ আকাশত জিলিকি উঠিছিল আৰু ৰাস্তাৰে মটৰ চাইকেলবোৰ ঘৰলৈ উভতি গৈছিল। আমিও কুঁহিয়াৰ, মিঠা আলুৰ পথাৰ আৰু তেওঁৰ খুৰাকৰ কুঁৱা পাৰ হৈ উভতি আহিলো। শীতল বতাহ বলি আছিল আৰু এটা মিঠা গোন্ধ ভাঁহি আহিছিল। মই দীঘলকৈ উশাহ ল'লো, "হমম" আৰু বিজয়সূচক মনোভাৱেৰে তেওঁৰ ফালে ঘূৰি ক’লো যে এয়া হালধিৰ খেতি নেকি? "হা হা," তেওঁ হাঁহিত ফাটি পৰিল আৰু টৰ্চলাইটৰ বগা পোহৰটো খহটা ৰাস্তাটোৰ চাৰিওফালে ঘূৰাই ক’লে- "এয়া বতাহৰ কোনো গোন্ধ নহয়, কীটনাশকৰহে গোন্ধ, আমি ৰাতিপুৱাই এয়া স্প্ৰে কৰিছিলো!"
অনুবাদক: মনোৰঞ্জন মজুমদাৰ