কমল চিণ্ডেৰ দুকঠলীয়া ঘৰটোত ১৫০ কিলো চাউল, ১০০ কিলো গুড়, ৩০ কিলো আলু আৰু ৫০ কিলো পিয়াজ বস্তাত ভৰাই থোৱা আছে। 'এয়া খোৱা-লোৱাৰ বাবে,’ ৫৫ বৰ্ষীয় কমলে কয়। 'আজি প্ৰতিজন লোকে নিজৰ খাদ্য কঢ়িয়াইছে আৰু বাকীকেইটা দিনত আমি ৰাস্তাতে (ৰাস্তাৰ দাঁতিত) ৰন্ধা-বঢ়া কৰিম।’
তেঁওৰ গাঁৱৰ প্ৰায় ৩০-৪০ জনমান কৃষকে সামূহিক ভড়ালত হাত উজান দিছে। এই ভড়ালৰ চাউল-পাতখিনি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা মিচিলৰ খোৱা-লোৱাৰ কাৰণে ব্যৱহাৰ কৰা হ’ব। অখিল ভাৰতীয় কিষাণ সভাৰ দিনডৰি তালুকৰ সমন্বয়ক অপ্পা বতাতে কয়। তেৱেই এই প্ৰতিবাদী কাৰ্যসূচীৰ মুখ্য আয়োজক।
আয়োজকৰ লগতে মৰ্চাত অংশ ল’বলৈ ওলোৱাসকলে খাদ্য ৰান্ধিবৰ কাৰণে ডাঙৰ বাচন, পানী জমা কৰাৰ কাৰণে ড্ৰাম, খৰি, তিৰপাল আৰু শুবলৈ গাদী যোগাৰ কৰিছে। নাচিক জিলাৰ দিনডৰি তালুকৰ জনসংখ্যা প্ৰায় ১৮ হাজাৰ। তেঁওলোকে প্ৰায় এমাহ ধৰি এই কাৰ্যসূচীৰ যা-যোগাৰ কৰি আহিছে।
৫৮ বৰ্ষীয় লীলাবাঈ বাঘেও তেঁওলোকৰ মাজৰে এজন। সেইদিনা পুৱা প্ৰায় ১০ মান বজাত তেঁও খুৰচানী চাটনিৰ লগত ৩০ খন চাপাটি কাপোৰত বান্ধি ল’লে। সেইখিনিৰে তেঁও নাচিকৰ পৰা মুম্বাইলৈ মৰ্চাৰ সময়ত আগন্তুক দুটা দিনৰ কাৰণে দুপৰীয়া আৰু ৰাতিৰ আহাৰ হ’ব।
তাইৰ লগতে গাঁৱৰ অইন কৃষকসকলৰো দাবী আছে- ভূমি অধিকাৰ, ফচলৰ কাৰণে ন্যুনতম সমৰ্থন মূল্য, জলসিঞ্চনৰ সুবিধাসমূহ, কৃষকৰ কাৰণে পেঞ্চনৰ সুবিধা আৰু ঋণ ৰেহাই। লীলাবাঈয়ে যোৱাবছৰ এই দুখন চহৰৰে মাজত থকা কৃষকসকলৰ মৰ্চাত চামিল হৈছিল। সেই একেই দাবী এইবাৰো। ৰাজ্য চৰকাৰে আশ্বাস দিয়াৰ পিছতো এতিয়ালৈ একো কাৰ্যকৰ কৰা হোৱা নাই।
'আমি তাতে (মুম্বাইত) থাকিবলৈ যাম। চৰকাৰে আমাৰ দাবীসমূহ পুৰণ নকৰিলে আমি তাৰ পৰা নাহো। মই যোৱা বছৰো এই আন্দোলনত ভাগ লৈছিলো। কিন্তু চৰকাৰে আমাৰ কথা নুশুনিলে।’ দিনডৰিত দুকঠলীয়া জুপুৰীত চৌকাৰ কাষত মজিয়াতে বহি চাপাটিৰ টোপোলা বান্ধি থকা লীলাবাঈয়ে কয়।
লীলাবাঈ মহাদেৱ কোলি সম্প্ৰদায়ৰ। সেইটো এটা অনুসূচিত জনজাতি। ২০১৮ত তেঁও বন বিভাগৰ এক একৰ মাটিত বাদামৰ খেতি কৰিছিল। কিন্তু বৰষুণ ভালদৰে নোহোৱা কাৰণে গোটেই শস্য নষ্ট হৈ গ’ল।
'মই বহুবছৰ ধৰি এই মাটিত খেতি কৰি আহিছো। আমাৰ দৰে খেতিয়কে মাটিৰ সম্পূৰ্ণ অধিকাৰ পাব লাগে। আমি জীয়াই থাকিম কেনেকৈ? চৰকাৰে আমাৰ বিষয়ে ভাবিব লাগে, তেঁও কয়। দিনডৰি গাঁৱৰ বেছিভাগ খেতিয়কেই মহাদেৱ কোলি সম্প্ৰদায়ৰ। তেঁওলোকে বনভূমিত ঘেহু, বাজৰা, পিয়াজ আৰু বিলাহী আদি খেতি কৰে। তেঁওলোকে দীৰ্ঘদিন ধৰি ২০০৬ৰ বন অধিকাৰ আইনৰ অধীনত ভূমিৰ অধিকাৰৰ দাবী কৰি আহিছে।
২০ ফেব্ৰুৱাৰীৰ দুপৰীয়াৰ ভাগত দিনডৰি গাঁৱৰ কৃষকে চাউল-পাত, বাচন-বৰ্তন আৰু নিজৰ লাম-লাকটু আদি টেম্পো এখনত তুলি দিছে। পিছত কিছুমানে সেইখন টেম্পোত, আন বহুতে টেক্সিৰ ভাড়া ভাগ-বতৰা কৰি আৰু কিছুমানে ৰাজ্যিক পৰিবহনৰ বাছত উঠি ১৩ কিলোমিটাৰ দুৰৈৰ ঢাকাম্বে টোল নাকালৈ ওলাইছে। দিনডৰি তালুকৰ কেবাখনো গাঁৱৰ কৃষকে নাকাত গোট খাইছে। তাৰ পৰাই দুপৰীয়া ২ বজাত ১৫ কিলোমিটাৰ দুৰত থকা নাচিকৰ কাৰণে মৰ্চাৰ প্ৰথমটো পৰ্যায় আৰম্ভ হ’ব।
'যদি চৰকাৰে আমাক মিচিল উলিয়াবলৈ নিদিয়ে, তেন্তে আমি তাতে (নাচিকত) বহি আমাৰ দাবী পুৰণ নোহোৱালৈকে বিৰোধ প্ৰদৰ্শন কৰি যাম।’ কমলে দৃঢ়তাৰে ক’লে। তেঁও ২০১৮ৰ দীঘলীয়া মৰ্চাতো ভাগ লৈছিল। তেঁওৰ পৰিয়ালে পাঁচ একৰ মাটিত খেতি কৰে, তাৰে কেৱল এক একৰ মাটিহে তেঁওৰ নামত লিখা আছে।
লীলাবাঈ আৰু কমল মহাৰাষ্ট্ৰৰ প্ৰায় ২০ খন জিলাৰ আনুমানিক ৫০ হাজাৰ কৃষকৰ মাজৰ এজন। তেঁওলোকে এই সপ্তাহত আজাদ মৈদানলৈকে পদযাত্ৰা কৰিব (অৱশ্যে মৰ্চাৰ কাৰণে অনুমতি অনিশ্চিত হৈ আছে)। তেঁওলোকৰ আশা- এইবাৰ ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি অনুযায়ী কাম কৰিব।
অনুবাদঃ পংকজ দাস