প্ৰধান মন্ত্রী নৰেন্দ্র মোদীয়ে বিমুদ্ৰাকৰণৰ ঘোষণা ৮ নৱেম্বৰত কৰাৰ এসপ্তাহ পূর্বে তেলেংগানাৰ সিদ্ধিপেট জিলাৰ ধর্মৰাম গাওঁৰ খেতিয়ক ৪২ বছৰীযা ৱার্দা বালায়াই তেওঁৰ এক একৰ খেতিৰ মাটি বিক্রী কৰিবলৈ ঠিক কৰিছিল। সিদ্ধিপেট আৰু ৰামায়ামপেট সংযোগী ঘাই পথৰ কাষতে আছিল এই মাটি খিনি।

অক্টোবৰত হোৱা অস্বাভাৱিক বৰষুণৰ বাবে সকলো শস্য নষ্ট হ'ল। ঋণদাতা আৰু অন্ধ্র বেংকৰ পৰা লোৱা ঋণ বৃদ্ধি হৈ ৮ লাখৰ পৰা ১০ লাখ টকা হলগৈ। টকা নোহোৱাকৈ তেওঁ ঋণ দাতাৰ মুখামুখি হব বিচৰা নাছিল,  সেযে তেওঁৰ যথেষ্ট  উত্পাদনক্ষম চাৰি একৰ খেতিৰ মাটিৰ এক একৰ বিক্রী কৰিবলৈ গ্রাহক বিচাৰি আছিল।

মাটিখিনি ক্রয় কৰিবলৈ কোনোবা নিশ্চয় ওলাব। বিমুদ্ৰাকৰণৰ আগতে ডাঙৰ জীয়ৰী সিৰীষাক তেওঁ এইবুলি কৈছিল।

২০১২ চনত জীয়ৰী সিৰীষাৰ বিয়াৰ বাবে ৪ লাখ টকা ঋণলৈ লৈ বালায়া গভীৰ আর্থিক সংকটত ভূগিছিল। আৰু পাছত চাৰিটা বৰৱেল বহুৱাবলৈ দুই লাখ টকা পুনৰ ঋণলৈ ললে,  ইয়াৰে তিনিটাৰ পৰা পানী নোলাল। এইদৰেই তেওঁৰ ঋণৰ বোজা বাঢি গল।

বালায়াৰ কনিষ্ঠ জীয়ৰী ১৭ বছৰীয়া আখিলাই ইন্টাৰমেডিয়েট বা দ্বাদশ শ্রেণীৰ পৰা উত্তীর্ণ হয়। এনেকুৱা বয়সতে ডাঙৰ জীয়ৰীক বিয়া দিয়া হৈছিল। আখিলাৰ বিয়াৰ কথা লৈও বালায়া উদ্বিগ্ন হৈ আছিল। গোটেই ঋণৰ ধন ঘূৰাই দিয়াৰ কথাও তেওঁ ভবিছিল।

PHOTO • Rahul M.

বালায়াৰ কনিষ্ঠ জীয়ৰী আখিলা আৰু আইতাকঃ দুয়োগৰাকীয়ে সেই ব্যঞ্জন নাখাই বাচিল

ধর্মৰাম গাৱঁৰ মানুহৰ মতে, বালায়াই বিক্রী কৰিব বিচৰা মাটিখিনি ঘাইপথৰ একেবাৰে কাষতে আৰু সেই বাবেই তেওঁ এক একৰ মাটিত অতি সহজে ১৫ লাখ টকা পালেহেঁতেন। এই টকাৰে তেওঁ নিজৰ বহুতো সমস্যা সমাধান কৰিব পাৰিলেহেতেঁন-শস্য নষ্ট হোৱাৰ বাবে ঋণ পৰিশোধ কৰিব নোৱাৰিলে,  ইফালে ঋণদাতাই সুদৰ ধনৰ বাবে তেওঁৰ পিচ নেৰা হল,  ইফালে আখিলাৰ বিবাহ সম্পর্কেও বৃদ্ধি পোৱা উদ্বিগ্নতা আছেই।

৫০০ আৰু ১০০০ টকাৰ নোট চৰকাৰে বিমুদ্ৰাকৰণৰ দ্বাৰা অচল কৰাৰ বাবে মালায়ৰ সকলো পৰিকল্পনা ধূলিস্যাত্ হল। মাটি ক্রয় কৰিবলৈ ওলোৱা গ্রাহকো পিচ হুহকিল। প্ৰথমতে মোৰ পিতৃ ঠিকেই আছিল। কিন্তু নোটৰ যি অৱস্থা হবলৈ ধৰিলে ইয়াৰ পৰা তেওঁ অনুমান কৰিলে যে তেওঁক কোনেও টকা নিদিযে (মাটিৰ বাবে)। তেওঁ দুখ ভাগি পৰিল। আখিলাই কলে।

বালায়াই তেতিয়াও মাটি বিক্রীৰ আশা এৰি দিয়া নাছিল আৰু গ্রাহকৰ সন্ধান অব্যাহত ৰাখিছিল। কিন্তু বহুতৰে দৃষ্টিত তেওঁলোকৰ জমা ধন একে নিশাই কামত নহা হল। ইযাৰ বহুতো লোকৰ লেনদেন চলি থকা বেংক একাউন্ট নাছিল।

বিমুদ্ৰাকৰণৰ এসপ্তাহৰ পিচত ১৬ নৱেম্বৰত বালায়াই উপলব্ধি কৰিলে যে অন্ততঃ এই সময়ত তেওঁৰ মাটি কোনেও ক্রয় কৰিবলৈ সক্ষম নহব। সেইদিনা পূৱা তেওঁ নিজৰ খেতিপথাৰলৈ গল আৰু ঘেহুঁৰ খেতি নষ্ট হোৱাৰ পিছত ৰোপন কৰা ছয়াবীনৰ খেতিত কীটনাশক দ্রব্য ছটিয়াই দিলে। সন্ধা সময়ত তেওঁ মাইচাম্মা গোসানীলৈ আগবঢ়াই পথাৰতে মুর্গী এজনী কাটে আৰু নিশাৰ আহাৰৰ লগতে খাবলৈ মূর্গীজনী লৈ আহে।

উত্সৱ থাকিলে অথবা ডাঙৰ জীয়ৰী সিৰীষা গিৰীয়েকৰ গাৱঁৰ পৰা নিজৰ ঘৰলৈ আহিলে বালায়াৰ ঘৰত মূর্গী খোৱা হয়। বালায়াই সদায় নিজে মাংসৰ আঞ্জা ৰান্ধে। যোৱা বুধবাৰে,  এসাজ নৈশ আহাৰেও তেওঁৰ উত্তম সোৱাদক এক জঘন্য দুঃস্বপ্নত পৰিণত কৰা এটা সপ্তাহৰ কথা পাহৰি পেলাবলৈ তেওঁ জীৱনৰ অন্তিমসাজ আহাৰক এইদৰে উত্সৱমুখৰ কৰি তুলিলে। বালায়াই মূর্গীৰ আঞ্জাত কীট নাশক মিহলাই দিলে। তেওঁৰ পৰিযালৰ কোনেও জনা নাছিল য়ে তেওঁ এই কাম কৰিছে। ঋণৰ বৃহত্ বোজা এটা তেওঁ পৰিয়ালক দি যাব বিচৰা নাছিল। সেযে একেলগে সকলোৱে বিদায় লোৱাৰ সিদ্ধান্ত লৈছিল। বালায়াৰ এজন নিকটাত্মীয়ই এইদৰে কয়।

ৰাতি আহাৰ খোৱাৰ সময়ত বালায়াই কথা কোৱা নাছিল যদিও তেওঁৰ ১৯ বছৰীযা পুত্রই মূর্গীৰ আঞ্জাৰ পৰা পোৱা ঔষধৰ গোন্ধৰ কথা কওতে ক'লে,  মই পূৱাৰে পৰা কীটনাষক ছটিযাই আছিলো। সেই কাৰণে গোন্ধাইছে। একেলগে বহি নিশাৰ আহাৰ খোৱাৰ সময়ত পিতৃৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে আখিলাই।

বালায়া,  তেওঁৰ পত্নী বালালীলক্ষ্মী  বি টেক পাঠ্যক্রম অধ্যয়ণৰত পুত্র প্ৰশান্ত আৰু বালায়াৰ ৭০ বছৰীযা বৃদ্ধ পিতৃকে গালায়াকে ধৰি পৰিয়ালৰ ছজন সদস্যৰ চাৰিজনে মূর্গীৰ আঞ্জা খালে। আখিলা আৰু তাইৰ আইতাকে মাংস নাখালে,  সেয়ে নৈশাহাৰৰ ভযাবহতাৰ পৰা ৰক্ষা পৰিল।

PHOTO • Rahul M.

শোকস্তব্ধ বিধবা মাতৃগৰাকী- তেওঁ চুবুৰীয়াকে ধৰি নিজ পুত্ৰ বালায়াৰ লগতে তেওঁৰ গিৰীয়েক গালায়াক হেৰুৱাইছে

নিশা আহাৰ খোৱাৰ পিচতে ককাদেউতাকৰ মূৰ ঘূৰাবলৈ ধৰে আৰু বাগৰি পৰে। তেওঁৰ মুখৰ পৰা লেলাৱতি ওলাবলৈ ধৰে। আমি ভাবিছিলো পক্ষাঘাতত আক্রান্ত হৈছে আৰু তেওঁৰ হাত-ভৰিবোৰ মালিচ কৰি দিছিলো, কিন্তু অলপ পিচতে ককাদেউতাৰ মৃত্যু ঘটে। আখিলাই সেই বিভীষিকময় মূহুর্তটোৰ কথা কলে।

বালায়াও বমি কৰিবলৈ আৰম্ভ কৰে আৰু শুই পৰে। সন্দিহান আৰু শংকিত আখিলা আৰু প্ৰশান্তই প্ৰতিবেশী সহায় বিচাৰিলে। তেওঁলোকে বুজিলে যে মূর্গীৰ আঞ্জাত কীটনাশক মিহলাই দিয়া হৈছে। তেতিয়া তেওঁলোকে এম্বুলেঞ্চ মাতি বালায়া, বালালক্ষ্মী আৰু প্ৰশান্তক চিকিত্সালয়লৈ লৈ য়ায়। আখিলা আইতাকৰ সৈতে ঘৰতে থাকিল আৰু ককাকৰ মৃতদেহৰ ৰখীয়া হল।

চিকিত্সালয়লৈ যোৱাৰ পথতে বালায়াৰ মৃত্যু হয় তেওঁৰ পত্নী আৰু সিড্ডিপেটৰ এখন এখন ব্যক্তিগত চিকিত্সালয়তে চিকিত্সা কৰোৱা হয়। চিকিত্সালয়লৈ তেওঁলোকৰ গাওঁৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰ হয়। সিৰীষা আৰু তেওঁৰ স্বামী ৰমেশে চিকিত্সালয়ত উপস্থিত হৈছিল আৰু চিকিত্সালয়ৰ বিল আদায় দিযাৰ চেষ্টা কৰিছিল। তেওঁলোকেই চিকিত্সালয়ত মাতৃ আৰু ভ্রাতৃৰ চোৱাচিতা কৰিছিল। প্ৰশান্তক জৰুৰীকালীন বিভাগত ভর্তি কৰা হৈছিল।  সেযে তেওঁক আৰোগ্যশ্রী (স্বাস্থ্য আচঁনি) ৰ অধীনত চিকিত্সা কৰা হৈছিল। গাঁৱৰ মানুহৰ পৰা টকা ধাৰে লৈ মাতৃৰ চিকিত্সাৰ টকা দিযা হৈছিল, আৰু লগতে ঘৰত থকা টকাও খৰচ কৰা হৈছিল।  ৰমেশে কয়। বালায়াৰ মৃত্যুৰ পিচত ৰাজ্য চৰকাৰে পৰিয়ালটোৰ সাহ্যয্য আগবঢ়াব বুলি কোৱাৰ পাচত চিকিত্সাৰ বিলবোৰ সযতনে ৰখা হৈছিল।

প্ৰতিবেশীৰ পৰা ঋণ লৈ লোৱা ধনেৰে আখিলাই পিতৃ আৰু ককাদেউতাকৰ শেষকৃত্য সম্পন্ন কৰে। অৱশ্যে জিলা প্ৰশাসনে ১৫০০০ টকা দিছিল বুলি জানিব পৰা গৈছে।

তাই নির্বাক হৈ পৰে, কিন্তু নিজৰ ভৱিষ্যতক লৈ চিন্তান্বিত হয়।  পঢ়িবলৈ মোৰ বিৰাট ইচ্ছা আছিল। মোৰ বিষয় গণিত। মই ইএএমচিইটি (মেডিকেল আৰু ইঞ্জিনীযাৰিং প্ৰৱেশিকা পৰীক্ষা) পৰীক্ষা দিয়াৰ ইচ্ছা আছিল। কিন্তু এতিযা কি হব মই নাজানো....।


অনুবাদঃ ৰশ্মি ৰেখা দাস

Rahul M.

ରାହୁଲ ଏମ, ଆନ୍ଧ୍ର ପ୍ରଦେଶ ଅନନ୍ତପୁରର ଜଣେ ନିରପେକ୍ଷ ସାମ୍ବାଦିକ ଏବଂ ଜଣେ ୨୦୧୭ ପରୀ ଫେଲୋ ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Rahul M.