প্ৰতিদিনে কাম পালে আমি খাবলৈ পাওঁ| ৮ নৱেম্বৰত বাংগালুৰুৰ পৰা বুর্চালৈ উভতি অহা ডি নাৰায়নাপ্পাই কলে| এইখন গাৱঁৰ আন বহুতো দলিত লোকৰ দৰে, তেৱো চহৰৰ নির্মান ক্ষেত্রবোৰত কাম কৰিবলৈ বছৰৰ অধিকাংশ সময়প্ৰব্রজিত হয় আৰু মাজে সময়ে কেইদিনমানৰ বাবে ঘৰলৈ আহে|
অন্ধ্রপ্ৰদেশ কর্নাটকৰ সীমামূৰীয়া অনন্তপুৰ জিলাৰ ৰোদ্দাম মণ্ডলত থকা গাওঁখনত প্ৰব্ৰজনকাৰীসকল উভতি আহি নৱেম্বৰত প্ৰায় এমাহ ঘৰতে কটায়| এই মাহটোত, আনসকলে কৃষি পামত কাম কৰে, দীঘলীয়াকৈ পামবোৰত কাম কৰাৰ সুযোগে নাই|
নৱেম্বৰত নিজৰ গাৱঁলৈ অহাটো প্ৰব্রজনকাৰীসকলৰ বাবে বিশেষ আনন্দৰ সময়| শান্তি নামৰ পূর্বপূৰুষৰ দিনৰ পৰা পালন কৰি অহা উত্সৱৰ বাবে বাহিৰত কাম কৰি অর্থিক সামায্য জমা কৰে, সেয়ে লৈ আছে| মহামাৰীৰ পৰা ৰক্ষা পৰিব বুলি কৰি অহা বিশ্বাসকে সাৰোগত কৰি বুচার্লাৰ অনুসূচিত জাতি কলনীত থকা ১৫০ টা দলিত পৰিয়ালৈ উত্সৱৰ সময়ছোৱাত এই পূজা-অর্চনা কৰে দেবী পেডাম্মাক সন্তুষ্ট কৰাবলৈ পূজা স্থলীত তেওঁলোকে গৰু আৰু ভেড়া বলি দিয়ে| পূজাৰ গোটেই দিনটো বলি দিয়া জন্তুৰ মাংসৰে ভোজ-ভাত খোৱা হয়|
এই বছৰ বলি দিয়াৰ দিন ৮ নৱেম্বৰত ঠিক কৰা হল| উত্সৱৰ সাচতীয়া ধন লগত লৈ প্ৰব্রজনকাৰীসকল আহিবলৈ আৰম্ভ কৰিছে| কিন্তু, তেওঁলোকৰ মূৰত বিমুদ্রাকৰণৰ মাধমাৰ|
গাওঁখনত নগদ ধনৰ ভয়ানক সংকটৰ লগতে অনাবৃষ্টি আৰু অতি বৃষ্টিৰ বাবে বাদাম আৰু
মুনিৰ উত্পাদন হ্রাসপোৱা অথবা বজাৰত দামৰ উঠা-নমাই ৰোড্ডামৰ কৃষকৰ উপাৰ্জনত আঘাত
হানিছে| ফলস্বৰূ্পে পাম মালিকসকলে নিয়মীয়াকৈ
শ্রমিক নিয়োগ কৰিব নোৱাৰা হৈছে| নৱেম্বৰ মাহৰ ১৫ দিন পুৰুষ শ্রমিকক ১৫০ টকা আৰু মহিলা
শ্রমিকক ১০০ টকাৰ বিনিময়ত কাম কৰাই যদিও এই গাওঁখনৰ বিভিন্ন জাতিৰ কৃষি শ্রমিকসকলক
পাম মালিকে দৈনিক মজুৰী আদায় দিব নোৱাৰিলে|
কাম নোহোৱাকৈ নৱেম্বৰ মাহটো পাৰ কৰিব লগা হৈছে। আগত আহি আছে শান্তিউত্সৱ। সেয়ে দলিতসকলে কমকৈ খাবলৈ লৈছে| কৃষি শ্রমিক হনুমাক্কাই কলে, থকাখিনি চাউলেৰে আৰু কেইদিনমান চলিব লাগিব| নৱেম্বৰ মাহটোত এই গৰাকী কৃষি শ্রমিক মহিলাৰ দৰে অনুসূচিত জাতি কলনীত থকা প্ৰায় ৬০০ টা দলিত পৰিয়ালে প্ৰতিদিনে আহাৰ কমকৈ খাবলৈ লৈছে, আনকি প্ৰতিসপ্তাহত আগৰ দৰে মাংসও খোৱা নাই|
নাৰায়নাপ্পাৰ পত্নী, দুটা লৰা দুই বোৱাৰী আৰু এটা দুবছৰীয়া নাতিকে ধৰি সাতজনীয়া পৰিয়ালটোক প্ৰতিমাহত ৯০ কিলোগ্রাম চাউল আৰু ৩০সেৰ (কিলোতকৈ অলপ কম) ৰাগি লাগে| কিন্তু নৱেম্বৰত আমি ৬০ কিলো চাউল আৰু ১০ সেৰ ৰাগি খাইছো| নাৰায়নাপ্পাই কয়|
নাৰায়নপ্পাই তেওঁৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰৰ ৰোড্ডাম গাঁৰ জি আৰ ৰাঘৱেন্দ্রৰ দোকানৰ পৰা চাউল ক্ৰয় কৰে| ৫০ কিলোগ্রামৰ এক বস্তা চাউলৰ দাম ১২০০ টকা| ৰাঘৱেন্দ্রৰ ব্যৱসায়ো বেয়া| অক্টোবৰত ২৫ কিলোগ্রাৰ প্ৰায়২০ বস্তা চাউল বিক্ৰী কৰিছিলো| যোৱা মাহ (নৱেম্বৰ) ত মাত্র ৮-১০ বস্তামান চাউল আমি বিক্ৰী কৰিলো| এয়া দোকানী ৰাঘৱেন্দ্রৰ কথা|
মণ্ডলটোৰ ২১ খন গাৱঁৰ খাদ্য-সামগ্রী যোগান ধৰি অহা ৰোড্ডামৰ আন গেলামালৰ দোকানেও বিমুদ্রাকৰণৰ পিচত ব্যৱসায়ত মন্দাৰ চিকাৰ হৈছে| সকলো অত্যাৱশ্যকীয় সামগ্রীৰ বিক্ৰী হ্রাস পাইছে, প্ৰতি সপ্তাহত আমি তিনি বাকছকৈ চাবোন বিক্ৰী কৰি আহিছো| ডিচেম্বৰৰ প্ৰথম সপ্তাহত এবাকছ চাবোন সম্পর্ণকৈ বিক্ৰী কৰিব নোৱাৰিলো| গাওঁখনৰ আন এজন দোকানী অশ্বথলীয়ে আমাক কয়|
খাদ্যসামগ্রীৰ দোকানৰ পৰা বুচার্লাৰ অনুমতিত কলনীৰ বাসিন্দাই মাত্র অলপমান চাউল-দাইল ক্ৰয় কৰিছে| আন লোকসকলেও মাহটোত মাত্র এবাৰ দোকানলৈ আহি অলপমান বস্তু ক্ৰয় কৰিছে| কাৰণ মানুহে এতিয়া দোকানৰ পৰা সৰহকৈ বস্তু কিনি আনি ঘৰত জমা কৰিবলৈ টকা নাই| টকা নোহোৱা বাবে এইবাৰ আমি বস্তু কিনিব নোৱাৰিলো (সুলভ মূল্যৰ দোকানৰ চাউলো আনিব নোৱাৰিলো) এইদৰে কয় হনুমাক্কাই| কামৰ অভাৱত এতিয়া তেওঁ ঘৰত বহি সময় পাৰ কৰিছে|
অভাৱৰ সৈতে দলিত কলনীৰ লোকসকল পৰিচিত| ১৯৯০ ৰ আগলৈকে অঞ্চলটোৰ বিভিন্ন গাৱঁৰ ইয়াৰ বহুতো লোক বন্ধা শ্রমিক আছিল| তেওঁলোকে এতিয়াৰ এই অৱস্থাত পূর্বৰ সেই অভাৱৰ দিনবোৰৰ কথা মনত পেলাইছে| তেওঁলোকে কয় য়ে এয়া অভাৱ যথেষ্ট কম| ৩০ বছৰৰ আগতে খৰাংপীড়িত হৈ ভোগ কৰা নিদাৰুণ অনাটনতকৈ এইবাৰৰ অনাটন (বিমুদ্রাকৰণৰ ফলত) বহুত ভাল| মই যেতিয়া ২০ বছৰীয়া আছিলো, আমি কেতিয়াবা একেৰাহে তিনি-চাৰি দিন নোখোৱাকৈ আছিলো| তেতেলী গছৰ পাত চিঙি আনি পানীত তিয়াই থৈ তাকে খাইছিলো, নহলে জীয়াই থাকিবৰ বাবে কেতিয়াবা তাল গছৰ সাহ উলিয়াই খাইছিলো| সেই সময়ত মই ১৪ বছৰৰ বাবে জিঠাগাড়ু (বন্ধা শ্রমিক) আছিলো| বর্তমান ৪৯ বছৰ হোৱা নাৰায়নাপ্পাই এইদৰে নিজৰ নিদাৰুণঅতীতৰ কথা দোহাৰে।
গাৱঁৰ কৃষি পামত বা পথাৰত খেতিৰ কাম কৰাৰ সুবিধা এতিয়া বছৰৰ কেবামাহ কাম বিচাৰি আন ঠাইলৈ যায়| নাৰায়নাপ্পাৰ পৰিয়ালৰ মানুহে কাম কৰিবলৈ বাংগালুৰুলৈ যায়| তিনি-চাৰি মাহত এবাৰ ঘৰলৈ আহে| চহৰৰ নির্মাণ সংস্থাত তেওঁলোকে কাম কৰে, যিবোৰ অট্টালিকা নির্মাণ কৰে, সেইবোৰৰ একেবাৰে ওপৰৰ চালিত তেওঁলোক থাকে| কঠিন কামৰ বিনিময়ত পোৱা ধনেৰে তেওঁলোকে পেটপূৰাই খাইছিল| আমি দুসাজ ভাত যিকোনো প্ৰকাৰে খাও, নাৰায়নাপ্পাই কয়| বিমুদ্রাকৰণে আমাৰ মুখৰ ভাত মুঠিও কাঢ়ি নিলে|
নৱেম্বৰৰ প্ৰথম সপ্তাহত নাৰায়নাপ্পাৰ পৰিয়াল যেতিয়া বুচার্লালৈ ঘুৰি আহিল, তেতিয়া কৃষি পাম বোৰত কাম নোহোৱা হল, তেতিয়া হাতত থকা জমা ধনেৰে সকলো ক্ৰয় কৰিব লগা হল|
গাওঁখনৰ আন জাতিৰ লোকসকলৰ দিনবোৰ সামান্য ভালেৰে গৈছে-ভড়ালত থকা খাদ্যশস্য ইঘৰে সিঘৰে মিলাই লৈছে বা জমা থকা টকা ইজনে সিজনৰ পৰা ধাৰে লৈ কোনোমতে চলিছে| কিন্তু নাৰায়নাপ্পাৰ জাতিৰ মানুহৰ খাদ্যবস্তু জমা নাই আৰু গাওঁখনৰ আন জাতিৰ মানুহৰ পৰা ধাৰলৈ পোৱা ইমান সহজ নহয়|
আমি আম্বেদকাৰৰ মানুহ| কিয় তেওঁলোকে আমাৰ পৰা টকা ধাৰলৈ নাপায় সেই সম্পর্কে নাৰায়নাপ্পাই ব্যাখ্যা কৰিলে| বা গাওঁখনৰ আনজাতৰ মানুহৰ চাউল-দাইল জমা থাকিলেও তেওঁলোকে পোৱা সম্ভৱ নহয় বুলি কয়| তেওঁ নিজৰ জাতিটোৰ নাম (মাড়িগা) কব বিচৰা নাছিল| সময়ত তেলুগু ভাষাত ইয়াক নিন্দাসূচক শব্দৰূপে ব্যৱহাৰ কৰিছিল| তদুপৰি তেওঁ এতিয়া নিজকে অভাৱী বুলি নাভাবে| এতিয়া আমাৰ সন্মান আছে| কোনোবাই আমাক খাবলৈ দিলেও আমি নাখাও| লাগিলে আমি সামান্য কিবা খাই থাকিম| কিন্তু আনক ভালকৈ খাইছো বুলি কম| নাৰায়নাপ্পাই কয়|
বিমুদ্রাকৰণৰ বাবে খোৱাৰ পৰিমাণ কমাই দি নাৰায়নাপ্পাৰ পৰিয়ালে বিমুদ্রাকৰণৰ লগত তাল মিলাব বিচাৰিছে, কিন্তু ৰোড্ডামৰ পৰিয়ালক বিপদলৈ ঠেলি দিলেও অনুসচিত কলনীত বিশেষ উদ্বেগৰ সৃষ্টি হোৱা নাই| আমাৰ লগত বেচি টকা নাই| আমাক মাত্র লাগে কাম| নাৰায়নাপ্পাই কলে|
পুনশ্চঃ এমাহ অর্দ্ধাহাৰে থকাৰ পাছত নাৰায়নাপ্পাৰ পৰিয়ালে ৪ ডিচেম্বৰত বাংগালুৰুলৈ গল, আচলতে তিনি সপ্তাহৰ পিচত যোৱাৰ কথা আছিল| আন বহুতো দলিত পৰিয়ালেও বৃদ্ধাসকলৰ লগত লৰা-ছোৱালী এৰি থৈ গল| যোৱা মাহত উত্সৱমুখৰ হৈ পৰা বুচার্লাৰ এচ চি কলনী কেইদিনমানৰ পিচত নিমাও-মাও হৈ পৰিল|
অনুবাদঃ ৰশ্মি ৰেখা দাস