মধ্য ছত্তীশগড়ৰ মাজভাগত থকা ভিলাই চহৰত অনুষ্ঠিত লোকসংগীত শিল্পীসকলৰ বাৰ্ষিক মেলাত মই তেওঁক লগ পোৱাৰ সময়ত পঞ্চৰাম যাদৱে মোক কৈছিল, "এই বাঁহ গীতবোৰ আমাৰ জ্যেষ্ঠসকলে অতীজৰে পৰা গাই আহিছে।"

কেইবছৰমান পূৰ্বে মে’ মাহত সেই মেলাত খোজ কাঢ়ি থাকোঁতে এই গীত-মাত শুনি মই আকৰ্ষিত হৈছিলো। তিনিজন মানুহে এটা দীঘল, অলংকৃত চুঙাকৃতিৰ বাঁহৰ বাদ্য বজাই আছিল। ইয়াক যাদৱ জাতিৰ এটা অন্যান্য পিচপৰা শ্ৰেণীৰ উপগোট ৰাউতৰ পুৰুষসকলে মুখ্যতঃ ছত্তীশগড়ৰ দূৰ্গ (য'ত ভিলাই চহৰ অৱস্থিত), বালোড়, ধামতাৰী, গৰিয়াবন্দ, কাংকেৰ আৰু মহাচামুণ্ড জিলাত পৰিৱেশন কৰে৷

যেতিয়া প্ৰায় ৫০ আৰু ৬০ বৰ্ষৰ বয়সৰ তিনিজন বাদ্যকাৰে এফালে এই বাদ্যযন্ত্ৰ বজাই আছিল, তেওঁলোকৰ সৈতে কিছুমান সহযোগী গায়কে ভগৱান শ্ৰীকৃষ্ণ আৰু অন্যান্য বিখ্যাত গোৱালাসকলৰ গান সমানে শ্ৰদ্ধাশীল কণ্ঠেৰে পৰিৱেশন কৰিছিল।

৪ ৰ পৰা ৫ ফুট দীঘল বাঁহৰ এই বাদ্যযন্ত্ৰ পৰম্পৰাগতভাৱে গৰখীয়া সম্প্ৰদায়ৰ। শিল্পীসকলে (কেৱল সম্প্ৰদায়টোৰ পুৰুষেহে এই বাদ্যযন্ত্ৰটো বজায়) সঠিক বাঁহ বাচনি কৰাৰ পৰা ইয়াক প্ৰস্তুত কৰালৈকে সাধাৰণতে নিজেই কামখিনি কৰে, কেতিয়াবা স্থানীয় কাঠমিস্ত্ৰীৰ সহায়ো নোলোৱা নহয়। তাৰ পিছত ইয়াত চাৰিটা ছিদ্ৰ কৰে আৰু বাদ্যযন্ত্ৰটো ঊণফুল আৰু ৰঙীণ কাপোৰেৰে সজায়।

ভিডিঅ 'টো চাওক – বাঁহ গীত আৰু বাদ্য : ছত্তীশগড়ৰ গৰখীয়া গীত

পৰম্পৰাগত প্ৰদৰ্শনত এজন কথক আৰু দুজন বাঁহৰ বাদ্যকাৰৰ সৈতে এজন ৰাগী থাকে। যেতিয়া কথকজনে কাহিনীটো কৈ যায় আৰু বৰ্ণনা কৰে, ৰাগীয়ে সংগীতজ্ঞ আৰু কথক-গায়কক তেওঁৰ উৎসাহজনক শব্দ আৰু জঁতুৱা ঠাচৰ দ্বাৰা সহায় কৰে। উপস্থাপনৰ পূৰ্বে সৰস্বতী, ভৈৰৱ, মহামায়া আৰু গণেশৰ দৰে দেৱ-দেৱীলৈ প্ৰাৰ্থনা আগবঢ়োৱা হয়, তাৰ পিছত কাহিনীটো ক’বলৈ আৰম্ভ কৰা হয়। কাহিনীটোৰ ওপৰত নিৰ্ভৰ কৰি, এই প্ৰদৰ্শন আধা ঘণ্টাৰ পৰা তিনি ঘণ্টালৈকে হ’ব পাৰে আৰু পৰম্পৰাগতভাৱে গোটেই নিশাটোও প্ৰদৰ্শিত হ’ব পাৰে।

বালোড় জিলাৰ গুণ্ডাৰদেহী ব্লকৰ চিৰি গাঁৱৰ পঞ্চৰাম যাদৱে দীৰ্ঘদিন ধৰি বাঁহৰ বাদ্যকাৰসকলৰ সৈতে তেওঁলোকৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰি আহিছে। তেওঁ কয়, "আমি আমাৰ ঐতিহ্য ৰক্ষা কৰিব লাগিব আৰু ইয়াক আমাৰ নতুন প্ৰজন্মৰ সৈতে ইয়াক পৰিচয় কৰোৱাব লাগিব।" কিন্তু তেওঁৰ সম্প্ৰদায়ৰ শিক্ষিত যুৱচামে এই পৰম্পৰাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে আৰু কেৱল বৃদ্ধসকলেহে এই বাঁহ গীত জীয়াই ৰাখিছে।

ওচৰৰ গাওঁ কানকোটৰ সহদেৱ যাদৱে কয়, "আজিৰ চামে এই গীত-বাদ্য ভাল নাপায়। তেওঁলোকে এই পৰম্পৰাগত ছত্তীশগড়ী গানবোৰতকৈ চলচ্চিত্ৰৰ গীতৰ প্ৰতি অধিক আগ্ৰহী। বাঁহগীতত, আমি বিভিন্ন সময়ত পৰম্পৰাগত দাদৰিয়া, কৰ্মা আৰু অন্যান্য গান গাইছিলো। যেতিয়া আমাক প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল তেতিয়া আমি বিভিন্ন ঠাই ভ্ৰমণ কৰিছিলো। কিন্তু নতুন প্ৰজন্ম ইয়াৰ প্ৰতি সম্পূৰ্ণ উদাসীন। এতিয়া আমি ক’তো নিমন্ত্ৰণ নাপাওঁ। গতিকে আমি বিচাৰো যে আমাৰ সংগীত দূৰদৰ্শনতো প্ৰচাৰ হওক।"

দলটোৱে এতিয়াও মাজে-সময়ে সাংস্কৃতিক উৎসৱত প্ৰদৰ্শনৰ বাবে বা যাদৱ সমাজৰ অনুষ্ঠানৰ বাবে চৰকাৰী কাৰ্যালয়ৰ পৰা কাচিৎহে আমন্ত্ৰণ লাভ কৰে যাৰ বাবে তেওঁলোকে সামান্য মাননি লাভ কৰে। দলটোৰ সদস্যসকলৰ কোনেও বাদ্য আৰু গীতৰ পৰা অহা উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। যদিও কিছুমান বাদ্যকৰৰ অলপ অলপ মাটি আছে, তথাপিও তেওঁলোকৰ বেছিভাগেই জীৱিকাৰ বাবে গৰু চৰোৱা কাম কৰে। পঞ্চৰাম যাদৱে কয়, "যদি কোনোবাই আমাক নিমন্ত্ৰণ কৰে, আমি তালৈ যাওঁ, কিয়নো এই বাঁহ গীত হ’ল আমাৰ ঐতিহ্য। গতিকে আমি কেতিয়াও গাবলৈ নেৰো।"

Left: Baans vaadak Babulal Yadav. Right: Babulal Yadav (middle) and Sahadev Yadav (right), who says, 'Now we get rarely any invitations'
PHOTO • Purusottam Thakur
Left: Baans vaadak Babulal Yadav. Right: Babulal Yadav (middle) and Sahadev Yadav (right), who says, 'Now we get rarely any invitations'
PHOTO • Purusottam Thakur

বাওঁফালেঃ বাঁহ বাদ্যকৰ বাবুলাল যাদৱ। সোঁফালে: বাবুলাল যাদৱ (মাজত) আৰু সহদেৱ যাদৱ (সোঁফালে) তেওঁ কয় , 'এতিয়া আমি কাচিৎহে কোনো নিমন্ত্ৰণ পাওঁ'

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Purusottam Thakur

ପୁରୁଷୋତ୍ତମ ଠାକୁର ୨୦୧୫ ର ଜଣେ ପରି ଫେଲୋ । ସେ ଜଣେ ସାମ୍ବାଦିକ ଏବଂ ପ୍ରାମାଣିକ ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା । ସେ ବର୍ତ୍ତମାନ ଅଜିମ୍‌ ପ୍ରେମ୍‌ଜୀ ଫାଉଣ୍ଡେସନ ସହ କାମ କରୁଛନ୍ତି ଏବଂ ସାମାଜିକ ପରିବର୍ତ୍ତନ ପାଇଁ କାହାଣୀ ଲେଖୁଛନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ପୁରୁଷୋତ୍ତମ ଠାକୁର
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Manoranjan Majumder