টিফিন কেৰিয়াৰ, পানী, ছাতি আৰু চেণ্ডেল। নেদেখাকৈয়ে আপুনি এইবোৰৰ গৰাকীৰ বিষয়ে গম পাব পাৰে। আৰু আপুনি গম পাব যে ওচৰতে এদল কৃষি শ্ৰমিকে কাম কৰি আছে। এয়া আছিল ওড়িশাৰ কোৰাপুট জিলাৰ ছিন্দেহী গাঁও। শ্ৰমিকসকলৰ প্ৰায় আটাইখিনিয়েই মহিলা আৰু কিশোৰী, তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত উপস্থিত হ’বলৈ এই হাতিয়াৰবোৰ (আৰু ছবিত নথকাও বহুত আছে) কঢ়িয়াই পোট্টাংগি ব্লকৰ মাজেৰে বহুদূৰ বাট খোজকাঢ়ি যায়। এয়া আছিল ২০১৪ চনৰ জুলাই মাহ আৰু তেতিয়া বৰষুণ আৰম্ভ হৈছিল। গতিকে ছাতি আছে। আৰু ৰবৰৰ শ্লিপাৰবোৰ চাৰিওফালে পৰি আছে, কাৰণ দুখীয়া শ্ৰমিকসকলৰ বাবে চেণ্ডেলৰ মূল্য বহুত। তেওঁলোকে সাধাৰণতে চেণ্ডেল পিন্ধিব নিবিচাৰে বা কাম কৰি থাকোঁতে এইবোৰ লেতেৰা হয়। কিছুমান ক্ষেত্ৰত, টিফিন কেৰিয়াৰত থকা খাদ্য তিনিগৰাকী বা চাৰিগৰাকীয়ে ভগাই খায়। আৰু উপযুক্ত খোৱা পানী কৰ্মস্থলীত সদায় উপলব্ধ নহয় – এয়া হৈছে এখন ব্যক্তিগত ফাৰ্ম – আৰু গতিকে ইয়াত প্লাষ্টিকৰ বটল। বৰ্ষা নামিল, ভূঁই ৰোৱাৰ সময় আহিল।
অনুবাদ: বন্যা বৰুৱা