২৫ ফুট ওখ গছডালৰ ওপৰৰ পৰা তললৈ চাই হুমায়ুন শ্বেইখে কৈছে, “আঁতৰি দিয়ক! গাতে পৰিব, দুখ পাব।”

তেওঁৰ তলত যাতে মাটিত কোনো নাই, সেয়া নিশ্চিত কৰি তেওঁ ধেনুভিৰীয়া দাখনেৰে এবাৰতে থোক এটা কাটিছে, লগে লগে বৰষুণ পৰাদি মাটিত নাৰিকল পৰিছে। ধপ্! ধপ!

কেইমিনিটমানৰ ভিতৰতে কাম শেষ কৰি তেওঁ মাটিত নামিছে। নাৰিকল গছত উঠা আন মানুহৰ পৰিৱৰ্তে তেওঁৰ অসাধাৰণ গতি আৰু কম সময়তে কৰা উঠা-নমা কৰিব পৰাৰ কাৰণ এটা আছে – সেয়া হৈছে তেওঁৰ হাতত থকা নাৰিকল গছত উঠিবলৈ ব্যৱহৃত এটা বিকল্প মেচিন।

তেওঁ ব্যৱহাৰ কৰা সঁজুলিবিধ পেঙৰ দৰে, তলত ভৰি ৰখা ঠাই আছে। তাতে দীঘল ৰছী আছে, যিডাল নাৰিকলৰ গা-গছত লগোৱা হয়। এই সঁজুলিবিধ ব্যৱহাৰ কৰি তেওঁ এনেকৈ নাৰিকল গছত উঠে, যেন তেওঁ চিৰিৰেহে ক’ৰবাত উঠিছে।

Left: Humayun Sheikh's apparatus that makes it easier for him to climb coconut trees.
PHOTO • Sanviti Iyer
Right: He ties the ropes around the base of the coconut tree
PHOTO • Sanviti Iyer

বাওঁফালে: নাৰিকল গছত উঠিবলৈ সহায়ক হোৱা হুমায়ুন শ্বেইখৰ সঁজুলিবিধ। সোঁফালে: নাৰিকলজোপাৰ গা-গছত তেওঁ ৰছীডাল মেৰিয়াই লৈছে

It takes Humayun mere four minutes to climb up and down the 25-metre-high coconut tree
PHOTO • Sanviti Iyer
It takes Humayun mere four minutes to climb up and down the 25-metre-high coconut tree
PHOTO • Sanviti Iyer

২৫ ফুট ওখ নাৰিকল গছডালত উঠা-নমা কৰিবলৈ হুমায়ুনক মাত্ৰ চাৰি মিনিট সময় লাগে

“গছত উঠা (সঁজুলিবিধ ব্যৱহাৰ কৰি) এক কি দুদিনত শিকিছিলো,” তেওঁ কয়।

পশ্চিমবংগৰ নাদিয়া জিলাৰ গোৱালচন্দপুৰ গাঁৱৰ প্ৰব্ৰজনকাৰী শ্ৰমিক হুমায়ুনে ঘৰতে নাৰিকল গছত উঠা শিকিছিল, সেয়ে তেওঁৰ বাবে সঁজুলিবিধ ব্যৱহাৰ কৰি উঠাতো সহজ হৈ পৰিছিল।

“মই এইবিধ (সঁজুলিবিধ) ৩,০০০ টকাত কিনিছিলো আৰু বন্ধুৰ সৈতে কেইদিনমান সঁজুলিবিধ লৈ ওলাই গৈছিলো। পিছলৈ অকলে যোৱা হ’লো,” তেওঁ কয়।

তেওঁ কিমান উপাৰ্জন কৰিব, তাৰ কোনো নিৰ্ধাৰিত পৰিমাণ নাই। “কেতিয়াবা মই দিনে ১,০০০ টকা পাওঁ, কেতিয়াবা ৫০০ টকা, কেতিয়াবা এটকাও নাপাও,” তেওঁ কয়। এঘৰত কিমানজোপা নাৰিকল বগাব লাগিব, তাৰে ওপৰত নিৰ্ভৰ কৰি তেওঁ পইছাৰ কথা কয়। “দুডাল মাত্ৰ গছ থাকিলে মই প্ৰতিজোপাত ৫০ টকাকৈ লওঁ। কিন্তু বেছি থাকিলে মই প্ৰতিজোপাত ২৫ টকাকৈ ধৰো,” তেওঁ কয়। “মালায়ালম ভাষা নাজানো, কিন্তু কোনোমতে দামদৰ কৰি লওঁ,” তেওঁ কয়।

“ঘৰত (পশ্চিমবংগত) আমাৰ এনে গছ বগোৱা কোনো সঁজুলি নাই,” তেওঁ কয় আৰু লগতে যোগ দিয়ে যে এইবিধ সঁজুলি কেৰালাত জনপ্ৰিয় হ’বলৈ ধৰিছে।

তেওঁ ব্যৱহাৰ কৰা সঁজুলিবিধ পেঙৰ দৰে, তলত ভৰি ৰখা ঠাই আছে। তাতে দীঘল ৰছী আছে, যিডাল নাৰিকলৰ গা-গছত লগোৱা হয়। এই সঁজুলিবিধ ব্যৱহাৰ কৰি তেওঁ এনেকৈ নাৰিকল গছত উঠে, যেন তেওঁ চিৰিৰেহে ক’ৰবাত উঠিছে

ভিডিঅ’টো চাওক: সঁজুলি লগাই কেৰালাত নাৰিকল গছ বগোৱা কাম

হুমায়ুনে তিনি বছৰ আগতে (২০২০ৰ আৰম্ভণিৰ ভাগত) কেৰালালৈ আহিছিল, মহামাৰীৰ ঠিক আগতে। “প্ৰথমে আহি খেতিপথাৰত মজুৰিৰ কাম কৰিছিলো,” তেওঁ মনত পেলায়।

তেওঁ কেৰালালৈ অহাৰ কাৰণ আমাক কয়, “কাম কৰিবলৈ ভাল ঠাই।”

“তাৰপিছত আহিল ক’ৰনা আৰু আমি ঘুৰি যাবলগীয়া হ’ল,” তেওঁ কয়।

২০২০ৰ মাৰ্চত তেওঁ কেৰালা চৰকাৰে ব্যৱস্থা কৰি দিয়া বিনামূলীয়া ৰেলত নিজৰ ঘৰলৈ ঘুৰি যায়। একেটা বছৰৰে অক্টোবৰ মাহত তেওঁ উভতি আহে। ঘুৰি আহি তেওঁ নাৰিকল পৰা কাম কৰিবলৈ লয়।

তেওঁ নিতৌ পুৱা ৫:৩০ বজাতে উঠে আৰু প্ৰথমে ৰন্ধা-বঢ়া কৰে। “পুৱা মই নাখাও। সৰু-সুৰা নাস্তা কৰো আৰু কামলৈ ওলাই যাও, ঘুৰি আহি খাও,” তেওঁ বুজাই কয়। কিন্তু কেতিয়া ঘুৰি আহিব তাৰ কোনো নিৰ্ধাৰিত সময় নাই।

“কেতিয়াবা মই পুৱা ১১ বজাতে আহি ঘৰ পাও, কেতিয়াবা আকৌ আবেলি ৩-৪ বাজি যায়,” তেওঁ কয়।

Humayun attaches his apparatus to the back of his cycle when he goes from one house to the other
PHOTO • Sanviti Iyer
Humayun attaches his apparatus to the back of his cycle when he goes from one house to the other
PHOTO • Sanviti Iyer

আন এঘৰলৈ বুলি ওলোৱাৰ সময়ত হুমায়ুনে তেওঁৰ সঁজুলিবিধ চাইকেলত বান্ধিছে

বাৰিষাৰ দিনত তেওঁৰ আয় কমিব ধৰে যদিও এই সঁজুলিবিধ তেতিয়া কামত আহে।

“এই মেচিনটো থকা কাৰণে বাৰিষাৰ দিনতো মই গছ বগোৱাত কোনো অসুবিধা নাপাও,” তেওঁ কয়। কিন্তু বাৰিষাৰ দিনত খুব কমেইহে নাৰিকল পৰা কামত মাতে। “সাধাৰণতে বাৰিষাৰ দিনত কম কাম পাও,” তেওঁ যোগ দিয়ে।

সেয়ে তেওঁ বাৰিষাৰ দিনত গোৱালচন্দপুৰ গাঁৱত থকা তেওঁৰ পাঁচজনীয়া পৰিয়ালটো – তেওঁ পত্নী হালিমা বেগম, তেওঁৰ মাক আৰু তিনি সন্তানক চাবলৈ যায়। ১৭ বছৰীয়া ছানৱাৰ শ্বেইখ, ১১ বছৰীয়া ছাদিক শ্বেইখ, ন বছৰীয়া ফাৰহান শ্বেইখ, আটাইয়ে স্কুলত পঢ়ে।

“মই ঋতুগত শ্ৰমিক। কেৰালাত ৯ৰ পৰা ১০ মাহ কাম কৰি দুমাহৰ বাবে ঘৰলৈ (পশ্চিমবংগলৈ) উভতি আহো,” তেওঁ কয়। কিন্তু ঘৰৰ পৰা বাহিৰত থকা দিনকেইটাত তেওঁৰ পৰিয়ালটোলৈ মনত পৰি থাকে।

“দিনত কমেও তিনিবাৰ ফোন কৰো,” হুমায়ুনে কয়। ঘৰৰ খাদ্যৰ কথাও তেওঁৰ বৰকৈ মনত পৰে। “ঘৰৰ দৰে খাদ্য ইয়াত মই বনাব নোৱাৰো, কিন্তু কোনোমতে খাই চলিছো আৰু,” তেওঁ কয়।

“এতিয়া চাৰিমাহমানৰ পিছত (জুনত) ঘৰ যাম বুলি ভাবি থৈছো।”

অনুবাদ: পংকজ দাস

Sanviti Iyer

ସନ୍ୱିତୀ ଆୟାର ପିପୁଲ୍ସ ଆର୍କାଇଭ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆରେ ଜଣେ ବିଷୟବସ୍ତୁ ସଂଯୋଜିକା ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି। ଗ୍ରାମୀଣ ଭାରତର ପ୍ରସଙ୍ଗ ଉପରେ ଦସ୍ତାବିଜ ସଂଗ୍ରହ କରିବା ଏବଂ ରିପୋର୍ଟ ପ୍ରସ୍ତୁତ କରିବାରେ ସହାୟତା ଲାଗି ସେ ମଧ୍ୟ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ସହ କାମ କରିଥାନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanviti Iyer
Editor : Priti David

ପ୍ରୀତି ଡେଭିଡ୍‌ ପରୀର କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା। ସେ ଜଣେ ସାମ୍ବାଦିକା ଓ ଶିକ୍ଷୟିତ୍ରୀ, ସେ ପରୀର ଶିକ୍ଷା ବିଭାଗର ମୁଖ୍ୟ ଅଛନ୍ତି ଏବଂ ଗ୍ରାମୀଣ ପ୍ରସଙ୍ଗଗୁଡ଼ିକୁ ପାଠ୍ୟକ୍ରମ ଓ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସ୍କୁଲ ଓ କଲେଜ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ତଥା ଆମ ସମୟର ପ୍ରସଙ୍ଗଗୁଡ଼ିକର ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିବା ଲାଗି ଯୁବପିଢ଼ିଙ୍କ ସହ ମିଶି କାମ କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priti David
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das