নাৰিকল গছবোৰৰ তলত সৰি পৰা ডাল এটাৰে থনকম্মা এ.কে.য়ে মাটিত কোবাই তেওঁৰ উপস্থিতি ঘোষণা কৰে। “এই ঘাঁহ-বনেৰে ছানি ধৰা ঠাইবোৰত মই অতি সাৱধানে সোমাওঁ। লাঠীৰে মাটিত কোবাই শব্দ কৰি লওঁ যাতে সাপ থাকিলে আঁতৰি যায়,” ওখ ওখ নাৰিকল গছবোৰৰ তলত থকা ঘন লতাজাতীয় গছ, ভঙা গছৰ ডাল আৰু বনৰীয়া ঘাঁহ-বনবোৰৰ মাজেৰে কোনো জীৱ-জন্তুৰ মুখামুখি নহ’বলৈ সাৱধানেৰে বাট বুলোতে তেওঁ কয়।

এই ছন পৰা মাটিডৰা হৈছে এৰ্নাকুলামৰ এটা আৱাসিক অঞ্চলত থকা এটুকুৰা খালী মাটি। “এই বাটটোত [ভাল] নাৰিকল এটা বিচাৰি পোৱাটো হৈছে এক সৌভাগ্য!” জীৱন-ধাৰণৰ বাবে উপাৰ্জন কৰিবলৈ পৰিত্যক্ত ঠাইত সৰি পৰি থকা নাৰিকলবোৰ গোটোৱা আৰু বিক্ৰী কৰা এই ৬২ বছৰীয়া মহিলাগৰাকীয়ে কয়। নাৰিকল হৈছে মালায়ালী ৰন্ধনৰ এক প্ৰধান উপকৰণ, যাৰ বাবে এই ফলবিধৰ চাহিদা গোটেই বছৰজুৰি থাকে।

“আগতে কাম শেষ হোৱাৰ পাছত মই এই দাঁতিকাষৰীয়া অঞ্চল (পুথিয়া ৰ’ড জংছন) টোৰপৰা নাৰিকল সংগ্ৰহ কৰিছিলোঁ, কিন্তু অসুখৰ বাবে এতিয়া মই কাম কৰিব নোৱৰা হ’লো,” ওখ ঘাঁহবোৰৰ মাজেৰে গৈ থাকোঁতে থনকম্মাই কয়। মাজে-সময়ে তেওঁ উশাহটো ঘূৰাবলৈ ৰৈ যায় নতুবা ভৰ দুপৰীয়াৰ চোকা ৰ’দৰপৰা চকুযুৰি ঢাকি ধৰি ফলটো ভালকৈ চায়।

পাঁচ বছৰৰ আগতে থনকম্মাই শ্বাসকষ্ট, অত্যধিক ভাগৰুৱা অৱস্থা আৰু অন্যান্য থাইৰয়ড সম্পৰ্কীয় জটিলতাত ভুগিবলৈ ধৰিছিল। এই ৰুগীয়া অৱস্থাই তেওঁক মাহে ৬০০০ টকা উপাৰ্জন কৰা ঘৰুৱা বনকৰা কৰ্মী হিচাপে তেওঁৰ পূৰ্ণ-কালীন কামটো এৰিবলৈ বাধ্য কৰিছিল। থনকম্মাৰ বাবে ঘৰত সোমাই থকাটো এটা বিকল্প নাছিল, কাৰণ তেওঁৰ কাৰণে উপাৰ্জন কৰাটো অতি প্ৰয়োজনীয়। গতিকে তেওঁ কাষৰীয়া অঞ্চলবোৰত ঘৰ-চোতাল সৰাৰ দৰে শাৰীৰিকভাৱে কম কষ্ট হোৱা কাম কৰিবলৈ ওলাই গৈছিল। ক’ভিড-১৯ অহাৰ লগে লগে সেই কামো বন্ধ হৈ পৰে।

Armed with a stick and a plastic bag, Thankamma searches for coconuts in overgrown plots.
PHOTO • Ria Jogy
She beats the stick (right) to make noise to ward-off snakes and other creatures that may be lurking in the dense vines
PHOTO • Ria Jogy

হাতত প্লাষ্টিকৰ মোনা এটা আৰু লাঠী এডাল লৈ, থনকম্মাই ঘাঁহ-বনেৰে আগুৰি থকা চৌহদবোৰত নাৰিকলৰ বিচাৰি ফুৰিছে। ঘন লতাজাতীয় গছবোৰৰ আঁৰত জোপ লৈ থকা সাপ আৰু অন্যান্য জীৱবোৰ আঁতৰাই পঠিয়াবলৈ তেওঁ মাটিত লাঠীৰে কোবাই (সোঁফালে) শব্দ কৰিছে

Right: Finding just one or two coconuts, she concludes that someone had already got their hands on the fallen fruit
PHOTO • Ria Jogy
Left: Thankamma often has to cut the lower branches of the trees to clear the way.
PHOTO • Ria Jogy

বাঁওফালে: থনকম্মাই প্ৰায়ে বাটটো পৰিষ্কাৰ কৰিবলৈ গছবোৰৰ তলৰ ফালে থকা ডালবোৰ কাটিবলগীয়া হয়। সোঁফালে: এটা বা দুটা নাৰিকল পালে তেওঁ বুজি পায় যে কোনোবাই ইতিমধ্যে ঠাইখন চলাথ কৰি থৈছে

তাৰপাছত, থনকম্মাই খালী হৈ পৰি থকা মাটিৰ নাৰিকল গছৰ সৰি পৰা নাৰিকলবোৰ গোটাই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলৈ লৈছিল। তেওঁ প্ৰতিমাহে ১৬০০ টকাকৈ এটা ৰাজ্যিক পেঞ্চনো পায়।

“এই জনশূন্য মাটিবোৰত এনেদৰে ঘূৰি ফুৰাত কোনেও মোক বাধা নিদিয়ে। সকলোৱে মোক জানে যে মই কোনো অপকাৰ নকৰোঁ,” ভাল নাৰিকল গছ আৰু তাৰ ফল বিচাৰি চলাথ কৰি ফুৰা ৰখীয়াবিহীন খালী চৌহদবোৰৰ কথা কোৱা থনকম্মাই এইদৰে কয়।

কামটোৰ বিষয়ে কৈ থাকোঁতে থনকম্মাই নাৰিকল সৰি পৰি থকা গছবোৰৰ তললৈ যাবলৈ গছৰ ডাল আঁতৰাই আৰু ঘন জোপোহানিবোৰ ছিঙি একাষৰীয়াকৈ থৈ গৈছিল। তেনেতে তেওঁ এটা নাৰিকল বিচাৰি পায়, সেইটো তেওঁ কাষৰ দেৱালখনৰ ওচৰতে ৰাখে আৰু পিছৰটোৰ কাৰণে তেওঁৰ সন্ধান অব্যাহত ৰাখে।

এঘণ্টা ধৰি নাৰিকল গোটোৱাৰ পাছত তেওঁ দিনটোলৈ কাম সামৰে। তাৰপাছত থনকম্মাই দেৱালখন পাৰ হৈ পাছৰ চৌহদটোলৈ যায় য’ত তেওঁক ঘৰখনৰ মালিকে এগিলাচ পানীৰে আদৰণি জনায়। সেইখন ঘৰত তেওঁ আগতে কাম কৰিছিল।

পানী গিলাচ খাই সতেজ অনুভৱ কৰা থনকম্মাই হাত-মুখ ধোৱে আৰু গছৰ পাত, ঘাঁহ-বন লাগি থকা তেওঁৰ কাপোৰসাজ পৰিষ্কাৰ কৰি উঠি নাৰিকলবোৰ বাছিবলৈ লয়। তেওঁ সেইখিনি ওচৰৰ হোটেল আৰু মানুহৰ ঘৰত বিক্ৰী কৰিবলৈ ভাগে ভাগে মোনাত থৈ যায়। নিয়মীয়া আকাৰৰ নাৰিকল তেওঁ ২০ টকা আৰু ডাঙৰবোৰ ৩০ টকাত বিক্ৰী কৰিব পাৰে।

নাৰিকলবোৰ বছা হোৱাৰ পাছত তেওঁ মুখ-হাত ধুই চাফা হৈ লয়, কামৰ সময়ত পিন্ধা পুৰণি নাইটিটো সলাই শাৰী এখন পিন্ধে আৰু পুথিযা ৰ'ড জংছনলৈ যোৱা বাছখন ধৰিবলৈ খৰখেদা কৰে। তাতে তেওঁ এখন হোটলত এই নাৰিকলবোৰ বিক্ৰী কৰে।

Left: Thankamma has a drink of water and rests for a while
PHOTO • Ria Jogy
Right: She gathers all the coconuts and begins sorting them on the wall
PHOTO • Ria Jogy

বাঁওফালেঃ থনকম্মাই অলপ পানী খায় আৰু কিছুসময় জিৰণি লয়, সোঁফালেঃ তেওঁ নাৰিকলবোৰ গোটায় আৰু সেইবোৰ দেৱালখনৰ কাষত বাছিবলৈ লয়

Left: After collecting the coconuts, Thankamma packs her working clothes and quickly changes into a saree to make it for the bus on time.
PHOTO • Ria Jogy
Right: The fresh coconuts are sorted and sold to a local hotel around the corner or to the houses in the neighbourhood
PHOTO • Ria Jogy

বাঁওফালেঃ নাৰিকলবোৰ সংগ্ৰহ কৰাৰ পাছত, থনকম্মাই কাম কৰোঁতে পিন্ধা কাপোৰসাজ সলাই বান্ধি লৈছে আৰু বাছখন সময়মতে ধৰিবলৈ খৰখেদাকৈ শাৰী এখন পিন্ধি লৈছে। সোঁফালেঃ সতেজ নাৰিকলবোৰ বাছি লোৱা হয় আৰু ওচৰে-পাঁজৰে থকা মানুহৰ ঘৰ আৰু এখন স্থানীয় হোটেলত বিক্ৰী কৰা হয়

“মই প্ৰতিবাৰ বিচাৰি যাওঁতেই নাৰিকল নাপাওঁ। এয়া সাধাৰণতে আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা বহুত পোৱা যায়, কেতিয়াবা আকৌ এটাও পোৱা নাযায়,” তেওঁ কয়।

নাৰিকল গছবোৰলৈ চাই থকাটো খুব কঠিন, থনকম্মাই দুখেৰে কয়, কষ্টৰে উশাহ লোৱাৰ বাবে তেওঁৰ কথাবোৰ অস্পষ্ট হৈছিল, “মোৰ মূৰটো ঘূৰাই যায়।” দ্ৰুতগতিত অৱনতি ঘটা স্বাস্থ্যৰ বাবে ঘৰৰ ওচৰৰ কাৰখানাবোৰৰ পৰা হোৱা প্ৰদূষণকে তেওঁ দোষাৰোপ কৰে।

আচৰিত কথা যে, থনকম্মাই আকৌ নাৰিকল খাই একেবাৰেই ভাল নাপায়। “মই নাৰিকলেৰে ৰন্ধা ব্যঞ্জনবোৰ খাই ভাল নাপাওঁ। মই পুট্টু [ভাপত দিয়া চাউলৰ পিঠা] বা অয়লা [মেকাৰেল] তৰকাৰী বনাওঁতেহে কেতিয়াবা নাৰিকল ব্যৱহাৰ কৰোঁ,” তেওঁ কয়। তেওঁ শুকান বাকলিবোৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰে আৰু শুকান সাহবোৰ নাৰিকল তেলৰ বিনিময়ত মিলবোৰলৈ পঠিয়ায়। গজালি ওলোৱা বীজবোৰ তেওঁ নিজৰ ল’ৰাটোক বনছাঁই কৃষিৰ কামত ব্যৱহাৰ কৰিবলৈ দিয়ে।

স্বাস্থ্য অলপ ভাললৈ আহোঁতে তেওঁ ৪০ দিনত এবাৰ নাৰিকল চপোৱাৰ আচল সময়খিনিত গৈছিল। তেতিয়া তেওঁৰ সতেজ নাৰিকল বিচাৰি পোৱাৰ সুযোগ বাঢ়িছিল। তেওঁৰ এলুৰৰ ঘৰৰপৰা পুথিয়া ৰ’ডলৈ অহা-যোৱা কৰাটো কষ্টকৰ বাবে এতিয়া এই যাত্ৰা অনিয়মীয়া হৈ পৰিল। “মই পুথিয়া ৰ’ডত থাকোঁতে এয়া সহজ আছিল। এতিয়া এই ২০ মিনিটৰ বাছ যাত্ৰা আৰু ১৫ মিনিট খোজকঢ়াৰ পাছত মই বৰ ভাগৰুৱা হৈ পৰোঁ,” বাছখন আহি পোৱালৈ অপেক্ষা কৰি থাকোঁতে তেওঁ কয়।

থনকম্মা পাঁচগৰাকী সহোদৰৰ সৈতে পুথিয়া ৰড জংছনৰ আশে-পাশে থকা অঞ্চল এটাত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৈতৃক গৃহ থকা মাটিখিনি পাছত তেওঁৰ ককাই-ভাই আৰু বাই-ভনীৰ মাজত ভগাই দিয়া হৈছিল। থনকম্মাৰ ভাগত পৰা মাটিখিনি তেওঁৰ স্বৰ্গগামী স্বামী বেলায়ুথনে বিক্ৰী কৰি দিছিল। থাকিবলৈ ঘৰ নোহোৱাত তেওঁলোক তাৰপৰা আঁতৰি গৈ কেতিয়াবা পুথিয়া ৰ’ডত থকা তেওঁৰ ভনীয়েকৰ লগত আৰু মাজে মাজে দলং এখনৰ তলত থাকিছিল। তেওঁলোকৰ বৰ্তমানৰ ঘৰটো এলুৰৰ এচ. চি. কলনীত তিনি চেণ্ট মাটি (১৩০৬.৮ বৰ্গফুট)ত সজা হৈছে আৰু এইটো গৃহহীনসকলক সহায় কৰিবলৈ পট্টায়ম (মাটিৰ দলিল) হিচাপে পঞ্চায়তে দিছিল।

Left: Due to frequent episodes of light-headedness, looking up at the coconut trees is getting hard for Thankamma who says: ' I don't get coconuts on every visit. It depends on luck. Sometimes it's a lot, other times, nothing'
PHOTO • Ria Jogy
Left: Due to frequent episodes of light-headedness, looking up at the coconut trees is getting hard for Thankamma who says: ' I don't get coconuts on every visit. It depends on luck. Sometimes it's a lot, other times, nothing'
PHOTO • Ria Jogy

বাঁওফালেঃ সঘনাই মূৰ ঘূৰোৱাৰ বাবে নাৰিকল গছবোৰৰ ফালে চাই থকাটো থনকম্মাৰ বাবে কঠিন হৈ পৰিছে, তেওঁ কয়ঃ 'মই প্ৰতিবাৰতে নাৰিকল নাপাওঁ। এয়া ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা বহুত পোৱা যায়, কেতিয়াবা এটাও পোৱা নাযায়

Left: At home, Thankamma is greeted by her daughter Karthika, grandchild Vaishnavi and a pet parrot, Thathu.
PHOTO • Ria Jogy
Right: Thankamma and her granddaughter Vaishnavi
PHOTO • Ria Jogy

বাঁওফালেঃ ঘৰত থনকম্মাক আগবঢ়াই আনিছে তেওঁৰ জীয়েক কাৰ্তিকা, নাতিনী বৈষ্ণৱী আৰু পোহনীয়া ভাটৌ থাটুৱে। সোঁফালেঃ থনকম্মা আৰু বৈষ্ণৱী, যাক তেওঁ ‘থক্কলি’ (বিলাহী) বুলি মাতে

থনকম্মাৰ স্বামী বেলায়ুথন আছিল পুথিয়া ৰ’ড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত নাৰিকল গছত বগাই নাৰিকল পৰা মানুহ। তেওঁলোকৰ দুটি ল’ৰা-ছোৱালী, ৩৪ বছৰীয়া কন্নন আৰু ৩৬ বছৰীয়া কাৰ্তিকা। কন্নন ত্ৰিছুৰত থাকে আৰু তেওঁ কৃষিকৰ্ম কৰি পত্নীৰ পৰিয়ালক সহায় কৰে। জীয়ৰী কাৰ্তিকা তিনিবছৰীয়া জীয়েক বৈষ্ণৱীৰ সৈতে ওচৰতে থাকে যাক তেওঁ মৰমতে থক্কলি (বিলাহী) বুলি মাতে। ‘শিশুৰ সৈতে সময় কটোৱাটো খুবেই আনন্দদায়ক। কিন্তু এয়া লগতে অতি কষ্টকৰ আৰু আমনিদায়ক,’ তেওঁ কয়।

*****

মই বস্তুবোৰ পৰিষ্কাৰকৈ নেদেখা হৈ আহিছোঁ, সেইকাৰণে মই নাৰিকল বিচাৰিবলৈ যাব নোৱৰা হৈ আহিছোঁ, এদ’ম কাপোৰ, অলপমান কাগজ ঠিক-ঠাক কৰি তেওঁৰ বিচনাখনত থকা পোহনীয়া ভাটৌটোৰ কাঠৰ সজাটো হাতত লৈ তেওঁ কয়। থনকম্মা থাটু নামৰ পোহনীয়া ভাটৌটোৰ সৈতে অকলে থাকে। ঘৰত কোনোবা সোমালে মাত মাতিবলৈ ভাটৌটোক শিকোৱা হৈছে।

আগৰ দিনবোৰ মনত পেলাই তেওঁ কয়, “এসময়ত ওচৰেৰে সাপ এডাল পাৰ হৈ যোৱা দেখিলে মই মনে মনে থিয় দি থাকোঁ। কেতিয়াবা মোৰ উৱলি যোৱা চেণ্ডেলযোৰৰ ওপৰেৰে সাপ বগাই যায়। এতিয়া আকৌ মই সাপ বা আনকি নাৰিকলো ভালকৈ দেখা নাপাওঁ!” তেওঁ কয়, যিহেতু তেওঁৰ দৃষ্টিশক্তি দুৰ্বল হৈ আহিছে। উপাৰ্জন কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে স্বাস্থ্যৰ সমস্যা থকা সত্বেও তেওঁ ঔষধৰ খৰচ বহন কৰিব নোৱাৰে বা নিজৰ কাৰণে পৰ্যাপ্ত পৰিমাণে খাদ্যও যোগাৰ কৰিব নোৱাৰে।

“মই আগতে কাম কৰা ঘৰবোৰৰ প্ৰত্যেকেই মোক এতিয়াও টকা-পইচা দি সহায় কৰে আৰু যথেষ্ট মৰম কৰে,” এঘৰ শুভাকাংক্ষীৰ ঘৰলৈ যোৱাৰ বাটত থনকম্মাই কয়। তেনেদৰে এঘৰলৈ খোজকাঢ়ি গৈ থকাৰ বাটত তেওঁ বৰ ভাগৰুৱা আৰু মুখখন শুকাই যোৱাৰ দৰে অনুভৱ কৰে। তেতিয়া তেওঁ এটা টফী খাই লয় আৰু আশা কৰে যে মিঠা খাই উঠি তেওঁ আকৌ আগবাঢ়ি যাব পাৰিব।

অনুবাদ: বন্যা বৰুৱা

Ria Jogy

ରିୟା ଯୋଗୀ କେରଳରେ କୋଚିରେ ରହୁଥିବା ଜଣେ ଡକ୍ୟୁମେଣ୍ଟାରୀ ଫଟୋଗ୍ରାଫର ଏବଂ ମୁକ୍ତବୃତ୍ତିର ଲେଖିକା। ସେ ଏବେ ବିଭିନ୍ନ ଫିଚର ଫିଲ୍ମରେ ସହାୟକ ନିର୍ଦ୍ଦେଶିକା ଏବଂ ବିଭିନ୍ନ ସଂଗଠନ ପାଇଁ ଯୋଗାଯୋଗ ପରାମର୍ଶଦାତା ଭାବେ କାମ କରୁଛନ୍ତି

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Ria Jogy
Editor : Vishaka George

ବିଶାଖା ଜର୍ଜ ପରୀର ଜଣେ ବରିଷ୍ଠ ସମ୍ପାଦିକା। ସେ ଜୀବନଜୀବିକା ଓ ପରିବେଶ ପ୍ରସଙ୍ଗରେ ରିପୋର୍ଟ ଲେଖିଥାନ୍ତି। ବିଶାଖା ପରୀର ସାମାଜିକ ଗଣମାଧ୍ୟମ ପରିଚାଳନା ବିଭାଗ ମୁଖ୍ୟ ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି ଏବଂ ପରୀର କାହାଣୀଗୁଡ଼ିକୁ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସେ ପରୀ ଏଜୁକେସନ ଟିମ୍‌ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ଏବଂ ନିଜ ଆଖପାଖର ପ୍ରସଙ୍ଗ ବିଷୟରେ ଲେଖିବା ପାଇଁ ଛାତ୍ରଛାତ୍ରୀଙ୍କୁ ଉତ୍ସାହିତ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ବିଶାଖା ଜର୍ଜ
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Bonya Baruah