লক্ষ্মী টুৰু যেতিয়া গৈ হস্পিতেলত উপস্থিত হৈছিল, তেতিয়া ইতিমধ্যে কল্পনাৰ মৃত্যু হৈছিল। “সেইদিনা পুৱা তাইৰ বৰকৈ ভোক লাগিছিল। মই তাইৰ কাৰণে ভাত আনিবলৈ গ’লো, কিন্তু ঘূৰি আহোতে পলম হৈ গ’ল। সেই সময়ত খুব বৰষুণ দি আছিল,” লক্ষ্মীয়ে কথাবোৰ মনত পেলায়।
সময়টো আছিল ২০২০ৰ জুন মাহ, মূৰৰ বিষ আৰু নেৰানেপেৰা বমি হৈ থকাৰ বাবে তেওঁৰ ২৬ বছৰীয়া জীয়াৰী কল্পনাক চিকিৎসালয়ত ভৰ্তি কৰা হয়। লক্ষ্মীৰ মাজু ছোৱালী শিৱানী সেই সময়ত বায়েক কল্পনাৰ লগত চিকিৎসালয়তে আছিল।
২০১৭ চনৰ পৰা এখন বেচৰকাৰী ৰোগনিৰ্ণয় কেন্দ্ৰত কল্পনাৰ চিকিৎসা চলি আছিল, কিয়নো গংগাৰামপুৰত থকা চৰকাৰী উপ-সংমণ্ডলীয় চিকিৎসালয়, যাক স্থানীয়ভাৱে কালদীঘি হস্পিতেল বুলি জনা যায়, ইয়াৰ চিকিৎসকে পৰামৰ্শ দিলে যে এজন বেচৰকাৰী স্নায়ুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। ২০১৯ত দ্বিতীয়টো ল’ৰাসন্তান জন্ম দিয়াৰ পিছত কল্পনাৰ শাৰীৰিক অৱস্থাৰ তীব্ৰ অৱনতি ঘটে।
২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱা বাবে ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ প্ৰতিমাহে কলকাতাৰ পৰা অহা কল্পনাক চিকিৎসা কৰা চিকিৎসকজনো নিয়মীয়াকৈ আহিব নোৱৰা হ’ল। “আমি তেওঁলৈ বাট চাই থাকিলো আৰু তেওঁ অহাৰ তাৰিখ এটাৰ পাছত এটা পিচুৱাবলৈ ধৰিলে,” লক্ষ্মীয়ে কথাবোৰ মনত পেলালে। “আমি সেয়ে প্ৰেছক্ৰিপশ্যনত আগতে লিখি দিয়া ঔষধিবিলাককে বাৰে বাৰে আনি কল্পনাক খুৱালো।”
গংগাৰামপুৰ মহাবিদ্যালয়ৰ স্নাতক কলা বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হৈ থকাৰ সময়তে ২০১৪ চনত কল্পনাৰ বিয়া হৈ যায়। তাইৰ ২৯ বছৰীয়া স্বামী নাৰায়ন মাৰ্দিয়ে এখন গেলামালৰ দোকান দিয়ে আৰু পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ গংগাৰামপুৰ চহৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰৰ অনন্তপুৰ গাঁৱত তেওঁ মাজে মাজে দৰ্জীৰ কামো কৰে। কল্পনাৰ শাহু আৰু শহুৰ কৃষিশ্ৰমিক। কল্পনাৰ প্ৰথমটো সন্তান ল’ৰা হোৱাৰ পিছত কল্পনাৰ সৰুকালিৰে পৰা থকা মূৰৰ বিষ আৰম্ভ হ’ল আৰু শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে।
এই বছৰৰ ২৮ জুনত যেতিয়া তাইক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, সৰুভনী শিৱানীক লগত লৈ নয়নে এখন গাড়ী ভাৰা কৰি অনন্তপুৰৰ পৰা কালদীঘি চিকিৎসালয়লৈ গ’ল। উৎকণ্ঠা ভৰা দৃষ্টিৰে চাই থকা লক্ষ্মীয়ে কথা মনত পেলাব খুজিলে। চিকিৎসালয়ত কি হ’ল, সেয়া তেওঁ আজিও স্পষ্ট নহয়। তেওঁৰ কেৱল মনত আছে যে পিছদিনা পুৱা কল্পনাৰ মৃত্যু হ’ল।
২০১৬ৰ জানুৱাৰীত স্বামীৰ মৃত্যুৰ ৫ বছৰৰ পিছত এই ঘটনা লক্ষ্মীৰ পৰিয়ালত ঘটিল। শীতকালৰ এদিন সন্ধিয়া জুই সেকিবলৈ লওঁতে শুকান খেৰৰ পৰা জুয়ে তেওঁৰ কাপোৰত ধৰিলে। ৫৮ বছৰীয়া জেঠু টুৰু প্ৰায় এক দশক ধৰি শয্যাশায়ী হৈ আছিল। যক্ষ্মা আৰু যকৃতৰ ৰোগত তেওঁ আক্ৰান্ত হৈছিল - তেওঁ গংগাৰামপুৰ নগৰত ৰিক্সা চলাইছিল। “আমি তেওঁক গংগাৰামপুৰ চিকিৎসালয়লৈ লৈ গৈছিলো। ১৬ দিনৰ পিছত তেওঁৰ মৃত্যু হয়,” লক্ষ্মীয়ে কয়।
ইয়াৰ পিছত লক্ষ্মী হৈ পৰে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু তিনি কন্যা - সান্তনা, বৰ্তমান ৩০ বছৰ বয়স, কল্পনা যাৰ ২৬ বছৰ হৈছিল আৰু ২১ বছৰীয়া শিৱানী তথা ১৫ বছৰীয়া পুত্ৰ শিৱনাথৰ তেঁৱেই অভিভাৱক।
“মই দুখ-বেজাৰৰ মাজত বুৰ গৈ আছিলো। তিনিজনী ছোৱালী আৰু এটা সৰু ল’ৰাক মই অকেল ডাঙৰ কৰিব লাগিব,” লক্ষ্মীয়ে কয়। তেওঁলোক অনুসূচিত জনজাতি চাওতাল সম্প্ৰদায়ৰ - গংগাৰামপুৰৰ তেওঁৰ ঘৰৰ চোতালত এইদৰে আমাক কথাবিলাক কোৱা হৈছিল। “দুখ-বেজাৰৰ মাজতে কাম কৰি যাবলগা হ’ল। আপুনি মোক এদিনৰ বাবেও কাম নকৰাকৈ বহি থকা দেখা নাপাব,” তেওঁ কয়। “মই প্ৰতিদিনে কাম কৰো। এইদৰেই মই ল’ৰা-ছোৱালীকেইটাক ডাঙৰ কৰিলো।”
জেঠুৰ মৃত্যুৰ মাত্ৰ ১১ দিনৰ পিছত তেওঁৰ ৫৩ বছৰীয়া ভায়েক সুফল টুৰুৰ মৃত্যু হয়। তেওঁ এজন ৰাজমিস্ত্ৰী আছিল। জেঠুৰ মৃত্যুৰ বাবে পাতিবলৈ লোৱা ভৌজলৈ আত্মী লোকক নিমন্ত্ৰণ কৰিবলৈ যাওতেই তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
২০১৬ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মাণ কৰা দুটা কোঠাৰ এটা ঘৰত বৰ্তমান লক্ষ্মীৰ পৰিয়ালটো থাকে। ঘৰৰ পিছ চোতালত এটা পুখুৰী আছে আৰু লগতে কেঁচা মাটিৰ মজিয়াৰ সৈতে টিনৰ বেৰা দিয়া তিৰপালৰ মুধচ থকা এটা পাকঘৰ আছে। একেটা চৌহদতে তেওঁৰ দেওৰ সুফল টুৰুৰ বিধবা পত্নী হিছিমুনিও থাকে। তেওঁ মাটিৰ জুপুৰী ঘৰ এটাত থাকে। দুয়োগৰাকী বিধৱা মহিলাই কৃষিশ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰে।
“মোক দেউতাই কৈছিল যে মই দুমহীয়া কেঁচুৱা হৈ থকা অৱস্থাতে ‘জয় বাংলা’ (চকুৰ অসুখৰ এটা স্থানীয় পৰিভাষা - ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতত চকুৰ এইবিধ ৰোগে মহামাৰীৰ ৰূপ লৈছিল) হৈছিল,” লক্ষ্মীয়ে কয়। সেই হিচাপে তেওঁৰ বয়স হ’ব লাগে ৪৯ বছৰ। কিন্তু আধাৰ কাৰ্ডত তেওঁৰ বয়স ৫৫ বছৰ উল্লেখ আছে। শৈশৱত কল্পনাৰ দৰে তেওঁৰো প্ৰায় মূৰৰ বিষ হোৱাৰ বাবে সদায় বিদ্যালয়লৈ যাব নোৱাৰিছিল - প্ৰথম শ্ৰেণীৰ পৰাই তেওঁ পঢ়া বাদ দিলে। সেয়ে লক্ষ্মীৰ অভিভাৱক অৰ্থাৎ ৰাজমিস্ত্ৰী পিতৃ আৰু কৃষিশ্ৰমিক মাতৃয়ে তেওঁক গৰুকেইটা চোৱা-চিতাৰ দায়িত্ব দিলে।
দুই ভগ্নীয়ে দশম মান শ্ৰেণীলৈ পঢ়িছিল যদিও লক্ষ্মীয়ে কয়, “মই লিখা-পঢ়া নাজানো।” সেয়ে হয়তো তেওঁ নিজৰ সন্তানহঁতৰ পঢ়াৰ ওপৰত বেছি গুৰুত্ব দিছিল। জেঠুৰ মৃত্যুৰ পিছত উত্তৰ দিনাজপুৰ জিলাৰ ওচৰৰে এখন গাওঁ নন্দনগাঁৱত থকা লক্ষ্মীৰ এগৰাকী ভগ্নীয়ে শিৱনাথক লৈ গৈ তেওঁৰ লগত ৰাখে। তেওঁ স্থানীয় অংগনবাদীত কাম কৰে আৰু ল’ৰাটোৰ পঢ়া-শুনাত সহায় কৰে। “ব’ৰ্ডৰ পৰীক্ষা শেষ নোহোৱালৈকে শিৱনাথক মই মোৰ লগত ৰাখিম,” দশমমান শ্ৰেণীত পঢ়ি থকা শিৱনাথ সম্পৰ্কে লক্ষ্মীয়ে কয়।
লক্ষ্মীৰ খেতিৰ মাটি নাই। স্বামীৰ খেতিৰ মাটি (এইবিষয়ে তেওঁ সবিশেষ ক’ব নিবিচাৰিলে) ডাঙৰ কন্যা সান্তনাৰ বিয়াত ২০০৭ত আৰু মাজু কন্যা কল্পনাৰ বিয়াত ২০১৪ত বিক্ৰী কৰিবলগীয়া হয়। গংগাৰামপুৰৰ পৰা ১২ কিলোমিটাৰ নিলগৰ সুতাইল গাঁৱত থকা সান্তনা এগৰাকী গৃহিণী। তেওঁৰ স্বামী এজন কৃষিশ্ৰমিক আৰু অংশকালীন ঘৰুৱা শিক্ষক।
২০২০ৰ আগষ্টত যেতিয়া বৰ্ষাকালীন খেতিৰ সময়ত ধান খেতি পুৰাদমে চলিছিল, তেতিয়া তেওঁৰ কনিষ্ঠ কন্যা শিৱানীক ওচৰৰ পথাৰত কামলৈ নিবলৈ আৰম্ভ কৰে
এই অঞ্চলত জুনৰ পৰা আগষ্টৰ সময়ত ধান খেতি কৰা হয় আৰু অক্টোবৰ-ডিচেম্বৰৰ সময়ত ধান, সৰিয়হ, আলু আৰু জলকীয়া খেতিতো কাম কৰে। জুলাই আৰু আগষ্টৰ সময়ত মৰাপাট কটা আৰু ভূঁই ৰোৱাৰ কাম একে সময়তে হয়। লক্ষ্মীয়ে ভূঁই ৰুবলৈ ভাল পায়। কিন্তু সকলো সময়তে নিজৰ ইচ্ছামতে কৰিবলৈ কাম পোৱা নাযায়।
“প্ৰতিবছৰে মুঠ দুই বা তিনি মাহ পথাৰৰ কাম কৰো আৰু বছৰৰ সময়খিনি নিৰ্মাণ শ্ৰমিকৰূপে কাম কৰো,” লক্ষ্মীয়ে কয়। তদুপৰি তেওঁ ঘৰ চাফা কৰা, মেৰামতি কৰাৰ দৰে কামো কৰে। কিন্তু কৃষিশ্ৰমিকসকলে গংগাৰামপুৰ পৌৰ এলেকাত বা ইয়াৰ ওচৰে-পাজৰে নিৰ্মাণ শ্ৰমিকৰ কাম সহজে নাপায় বুলি তেওঁ কয়। কাৰণ তেওঁৰ দৰে শ্ৰমিকসকল ঠিকাদাৰৰ নিয়মীয়া শ্ৰমিকৰ তালিকাভুক্ত নহয়। বহু সময়ত, তেওঁ কাম পোৱাৰ বাবে বহুত দিন বাট চাবলগীয়া হয়।
নিৰ্মাণৰ কাম কৰোতে লক্ষ্মীৰ দৰে অ-কাৰিকৰী শ্ৰমিকে নিৰ্ধাৰিত ২০০ টকা মজুৰী পায়, কিন্তু খেতিপথাৰত কাম কৰিলে ১৫০-৩০০ টকা পৰ্য্যন্ত দৈনিক মজুৰী পোৱা যায়। (পশ্চিমবংগত আকাৰিকৰী শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰী ২৫৭ টকা)। দিনমজুৰীৰ পৰা পোৱা ৪,০০০ৰ পৰা ৫,০০০ টকাৰ লগতে সুলভ মূল্যৰ দোকান (ৰাজহুৱা বিতৰণ ব্যৱস্থা)ৰ চাউল, আটা আৰু কেৰাচিনৰ ওপৰত লক্ষ্মীয়ে নিৰ্ভৰ কৰিবলগীয়া হয়। তেওঁৰ পৰিয়ালৰ এখন ৰেচন কাৰ্ড আছে, ইয়াৰ দ্বাৰা তেওঁ চাউল, আটা, চেনী (যিবিলাক সাধাৰণতে পোৱা নাযায়) আৰু কেৰাচিন সুলভ মূল্যত পায়।
খেতিৰ বতৰত, লক্ষ্মীয়ে পুৱা ৪ বজাত বিচনাৰ পৰা শুই উঠে, তাৰ পাচত ঘৰুৱা কাম কৰি চাৰি ঘণ্টাৰ পাছত কাম কৰিবলৈ ওলাই যায়। মাতৃক পথাৰৰ কামত সহায় কৰাৰ বাবে শিৱানীয়ে ঘৰুৱা কাম কৰিব নালাগে। “মই যেতিয়া সুবিধা কৰিব পাৰো, শিৱানীক পঢ়িবলৈ দিওঁ,” লক্ষ্মীয়ে কয়।
গংগাৰামপুৰ কলেজৰ কলা সাখাৰ স্নাতক শ্ৰেণীৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী শিৱানীয়ে তেওঁৰ কলেজৰ এনচিচি (ভাৰতীয় সশস্ত্ৰ বাহিনী অন্তৰ্ভূক্ত) গোটত যোগদান কৰিব বিচাৰে। তেওঁ এগৰাকী ক্ৰীড়াবিদ আৰু ২০১১ আৰু ২০১২ত কলকাতাত অনুষ্ঠিত ৰাজ্যিক পৰ্য্যায়ৰ কাবাদি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ মোক দেখুৱালে। ২০১১ত পুণেত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাবাদী চেম্পিয়নশ্বিপত উত্তৰ বংগ অঞ্চল (পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জিলাসমূহকে ধৰি)ক শিৱানীয়ে ১৩ বছৰ বয়সতে প্ৰতিনিধিত্ব কৰিছিল। তেওঁ গৌৰৱেৰে আমাক দেখুৱায় যে ২০১৩ৰ এক মাৰাথান জয়ী হৈ তেওঁ এই চাইকেলখন পাইছিল।
কিন্তু লক্ষ্মীয়ে শিৱানীক এনচিচিত যোগ দিয়াটো নিবিচাৰে। “ইয়াত যোগ দিয়া মানে সাজ-পোচাকৰ বাবে উপৰিঞ্চি খৰছ আৰু তেতিয়া সদায় কলেজলৈ যাব লাগিব,” লক্ষ্মীয়ে কয়। শিৱানী কেৱল পৰীক্ষাৰ বাবে কলেজলৈ যায় বা আন দৰকাৰী কামতহে যায়। কিয়নো খেতিৰ সময়খিনিত শিৱানীয়ে পথাৰত মাকক সহায় কৰিব লাগিব।
“বৰ বেয়া লাগিছিল,” এনচিচিত যোগদানৰ সপোন ত্যাগ কৰা আৰু খেলা-ধূলাক একাষৰীয়া কৰিবলগীয়া হোৱা প্ৰসংগত শিৱানীয়ে কয়। “ইয়াৰ বাহিৰে বেলেগ একো উপায় নাই।”
শিক্ষা অবিহনে শিৱানী বা শিৱনাথে ক’তো চাকৰি নাপায় বুলি লক্ষ্মীয়ে জানে। “সময় ভাল নহয়, পৰীক্ষাৰ ভাল ফলাফল মোক লাগে (মোৰ ল’ৰা-ছোৱালীৰ বাবে),” তেওঁ কয়। “ইয়াৰ বাদে মোৰ আৰু বেলেগ একো আশা নাই,” শিৱনাথে সামৰিক বাহিনীত যোগ দিব বিচৰা সপোনক সমৰ্থন কৰি লক্ষ্মীয়ে কয়। কিন্তু শিৱানীৰ বাবে লক্ষ্মীৰ লক্ষ্য বিয়া আৰু প্ৰায় সমাগত, ভাল দৰা বিচাৰ-খোচাৰ কৰি থকা হৈছে।
“তাৰপাছত মই একেদৰে চলি থাকিব লাগিব (মোৰ মাৰ দৰে),” শিৱানীয়ে কয়। এজন আত্মীয়ৰ পৰা তেওঁ সম্পৰ্কীয়ৰ পৰা চিলাই কাম শিকি আছে আৰু এদিন চিলাইৰ দোকান খুলি লক্ষ্মীক সহায় কৰিব পাৰিব বুলি আশা কৰে।
অনুবাদ: পংকজ দাস