ছাহাৰিয়া আদিবাসী সম্প্ৰদায়ৰ গুট্টি সমন্যাক মধ্যপ্ৰদেশ বন বিভাগে ‘চিতা মিত্ৰ’ হিচাপে দায়িত্ব দিয়াৰ সময়ত তেওঁক কোৱা হৈছিল যে “চিতাবাঘ দেখিলে বনাঞ্চলিক বিষয়াক খবৰ দিব।”
পইচা নাপালেও কামটো গুৰুত্বপূৰ্ণ আছিল। সাত সাগৰ তেৰ নদী পাৰ হৈ সামৰিক উৰাজাহাজ আৰু হেলিকপ্টাৰত উঠি ৮,০০০ কিলোমিটাৰ দূৰৰ পৰা কুনোলৈ আফ্ৰিকীয় চিতাবাঘ আহিছিল। চিতাবাঘ অনাৰ নামত ভাৰত চৰকাৰে অঘোষিত পৰিমাণৰ বিদেশী মুদ্ৰা খৰছ কৰিছিল, সংৰক্ষণৰ নামত চৰকাৰী চন্দুক উদং কৰিছিল।
চিতা মিত্ৰসকলৰ কাম আছিল লাহী দেহৰ এই বাঘবোৰক চোৰাং চিকাৰীৰ পৰা সুৰক্ষা দিয়া আৰু মানুহৰ ঘৰে-বাৰীয়ে সেই বাঘ সোমালে তাক মানুহৰ ৰোষৰ পৰা বচাই পুনৰাই হাবিলৈ নিয়াত সহায় কৰা। সেয়ে কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যান চমুকৈ কে.এন.পি.ৰ আশে-পাশে থকা সৰু সৰু চুবুৰী আৰু গাঁৱৰ কৃষক আৰু শ্ৰমিকৰ মাজৰ পৰা চৰকাৰে ৪০০-৫০০ জনমান চিতা মিত্ৰক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে সাজু কৰিছিল।
কিন্তু চিতাবাঘকেইটাই ভাৰতত আহি ভালেখিনি সময় পিঞ্জৰাতে কটালে। আকৌ অৰণ্যতো ফেঞ্চিং লগোৱা হ’ল, যাতে আন কোনোবা বাহিৰত থাকিবলগীয়া হ’লেও চিতাবাঘকেইটা ভিতৰত থাকে। “আমাক ভিতৰত সোমাব নিদিয়ে। ছেচাইপুৰা আৰু বাগছাত নতুনকৈ দুখন গেট হৈছে,” চিতা মিত্ৰ হিচাপে দায়িত্ব পালন কৰি অহা শ্ৰীনিবাস আদিবাসীয়ে কয়।




















