“মই বিম্বাশৱদে দৌৰি আহিম, আৰু কুনোত বসতি পাতিম।”

সেইয়া চিন্তু নামৰ চিতাবাঘটোৱে শুনিবলৈ বা পঢ়িবলৈ ইচ্ছা থকাজনক প’ষ্টাৰখনৰ পৰা কৈছে।

ওপৰ মহলৰ চৰকাৰী নিৰ্দেশ মৰ্মে মধ্য প্ৰদেশৰ বন বিভাগৰ দ্বাৰা প’ষ্টাৰখন ছয় মাহ আগতে লগোৱা হৈছিল। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ সকলো গাঁৱলৈকে গৈ পাইছিলেগৈ সেইখন, য’ত ‘চিন্তু চিতা’ নামৰ প’ষ্টাৰত থকা বন্ধু চৰিত্ৰটোৱে নিজৰ বসতি স্থাপনৰ পৰিকল্পনা কৰিছে।

চিন্তুৰ বাসস্থানখন যি ঠাই হ’ব, তাত সি ৫০ টা প্ৰকৃত আফ্ৰিকান চিতাৰ লগত সহাৱস্থান কৰিব। কিন্তু বাগচা গাঁৱৰ ৫৫৬ ঘৰ মানুহৰ সৈতে নহয়, যি সকলক তাৰ পৰা উঠাই আন কোনোবা ঠাইলৈ পঠিয়াই দিয়া হ’ব। হাবিৰ সৈতে নিজৰ পৃথিৱীখন ইমান নিবিড়ভাৱে সাঙোৰ খাই থকা প্ৰধানতঃ ছাহাৰিয়া আদিবাসী এই  লোকসকলৰ বাবে সি এক নিৰ্বাসন, যিয়ে তেওঁলোকৰ জীৱিকা আৰু দৈনন্দিন জীৱনৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিব।

আমদানি কৰা চিতাবাঘ চাবলৈ মাত্ৰ টকা ভাঙি ছাফাৰি ৰাইড ল’ব পৰা পৰ্য্যটকসকলেহে ৰাষ্ট্ৰীয় উদ্যানখনলৈ সোমাব পাৰিব। স্বাভাৱিকতেই স্থানীয় বাসিন্দাসকলে নোৱাৰিব, তেওঁলোকৰ বেছিভাগেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ।

একে সময়তে, সেই প’ষ্টাৰখন আৰু ‘মৰমলগা’ ফুটুকী মেকুৰীৰ কাৰ্টুনে বন্যপ্ৰাণী উদ্যানখনৰ বাহিৰৰ ২০ কিল’মিটাৰ দূৰৈত অৱস্থিত সৰু গাওঁ পাইৰা জাটাৱৰ ৮ বছৰ বয়সীয়া সত্যন জাটৱৰ দৰে শিশুৰ চিন্তাত আউল লগালে, যিয়ে দেউতাকক সুধিলে, “এইটো ছাগলী নেকি?” চাৰি বছৰত ভৰি দিবলৈ ওলোৱা তাৰ সৰু ভায়েক অনিৰূদ্ধই ক’লে, সেইটো নিশ্চয় এক ৰজা কুকুৰ!

Chintu Cheetah poster
PHOTO • Priti David
Village near Kuno National Park
PHOTO • Priti David

বাওঁফালে – কুনো ৰাষ্ট্ৰীয় উদ্যানৰ গে’টত লগাই থোৱা ‘চিন্তু চিতা’ৰ এখন প’ষ্টাৰ সোঁফালেঃ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিত থকা বাগচা গাওঁ

চিন্তুৰ সেই ঘোষণাৰ পাছতে প’ষ্টাৰৰ ৰূপত লগাই দিয়া দুটা কমিক আহিল বিৱৰণ সহ। দুটা শিশু চৰিত্ৰ, মিন্টু আৰু মিনুৱে চিতাৰ সম্পৰ্কে তথ্য দাঙি ধৰে। সিহঁতে সজোৰে দাবী কৰে যে চিতাই কেতিয়াও মানুহ আক্ৰমণ নকৰে আৰু নাহৰফুটুকী বাঘতকৈ সিহঁত নিৰাপদ। আনকি, মিন্টুৱে কয় যে সি চিতাৰ সৈতে দৌৰাৰ কথা ভাৱিছে।

জাটাৱৰ ল’ৰাহঁতে চিতা দেখিলে বৃহদাকায় মেকুৰীটোক হাতফুৰাই মৰম নকৰিলেই ৰক্ষা।

এতিয়া আচল ঘটনাটোলৈ আহোঁ, তাত কিন্তু কোনো ভাল লগা কথা নাই।

এচিন’নিক্স জুবেটাছ Acinonyx jubatus – আফ্ৰিকান চিতাবাঘ- এক সম্ভাব্য বিপজ্জনক ডাঙৰ জন্তু আৰু আটাইতকৈ বেগী স্থলচৰ প্ৰাণী। ই বিপন্ন প্ৰজাতি, ভাৰতৰ স্থানীয় নহয়, তদুপৰি শ শ স্থানীয় মানুহক নিজা বাসগৃহৰ পৰা ইয়াৰ বাবেই মানুহ উৎখাত হ’ব।

*****

দুকুৰি বছৰ বয়সীয়া বাল্লু আদিবাসীয়ে তেওঁৰ গাওঁখনৰ দাঁতিৰ কুনো হাবিলৈ আঙুলিয়াই ক’লে, “এই বছৰ ৬ মাৰ্চৰ দিনা সৌ তাত থকা বন বিভাগৰ ‘চকী’ত এখন সভা আহবান কৰিছিল।” “আমাক কোৱা হ’ল যে এই অঞ্চলটো ৰাষ্ট্ৰীয় উদ্যান হ’ল আৰু আমি ইয়াৰ পৰা উঠি যাব লাগিব।”

মধ্যপ্ৰদেশৰ পশ্চিম সীমাত অৱস্থিত শিওপুৰ জিলাৰ বাগচা এখন ছাহাৰিয়া আদিবাসীলোকৰ গাওঁ, মাত্ৰ ৪২ শতাংশ শিক্ষিতৰ হাৰ থকা এই লোকসকলক মধ্যপ্ৰদেশৰ পি ভি টি জি অৰ্থাৎ বিশেষভাৱে বিপদাপন্ন জনজাতি গোষ্ঠী (particularly vulnerable tribal group) হিচাপে স্থান দিয়া হৈছে। কুনো নদী কাষেদি বৈ যোৱা ৰাষ্ট্ৰীয় উদ্যানখনে আগুৰি থকা (যাক কুনো পালপুৰ বুলিও কোৱা হয়) বিজয়পুৰ উন্নয়ন খণ্ডৰ এই গাওঁখনৰ জনসংখ্যা ৫৫৬ জন(২০১১ চনৰ লোকপিয়ল)যাৰ অধিক সংখ্যকেই শিলৰ ছটাৰে ছাল, বোকামাটি আৰু ইটাৰে সজা ঘৰত বাস কৰে।

ছাহাৰিয়াসকলে সৰু সৰু মাটিৰ ডৰাত বৰ্ষানিৰ্ভৰ কৃষি কৰে আৰু এন টি এফ পি অৰ্থাৎ কাঠৰ বাদে অৰণ্য উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে কুনো অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে

ভিডিঅ ’ চাওকঃ আফ্ৰিকাৰ পৰা অনা চিতাৰ বাবে স্থানান্তৰিত হোৱা কুনো ৰাষ্ট্ৰীয় উদ্যানৰ আদিবাসীসকল

কালো আদিবাসীৰ বৰ্তমান বয়স ৬০ৰ দশকত আৰু তেওঁ গোটেই বিবাহিত জীৱনছোৱা বাগচাতেই কটাইছে। “আমাৰ মাটি ইয়াত আছে। আমাৰ হাবিখন ইয়াত আছে, ইয়াত যি আছে সকলোবোৰ আমাৰ। এতিয়া আমাক ইয়াৰপৰা জোৰ কৰি উঠাই দিছে।” এগৰাকী কৃষক, বনজ সম্পদ সংগ্ৰাহক আৰু সাতোটা সন্তানৰ মাতৃ তথা বহু নাতি-নাতিনীৰ আইতা গৰাকীয়ে সুধিলে, “চিতাবোৰে কিনো এনে মংগলৰ বতৰা আনিব?”

বাগচালৈ যাবলৈ হ’লে শিওপুৰৰ পৰা ছিৰণি চহৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ এৰি কৰধাই, খয়েৰ (khair) আৰু শাল (salai) গছৰ পৰ্ণপাতী অৰণ্যৰ মাজেদি যোৱা লুংলুঙীয়া এটা কেঁচা মাটিৰ ৰাস্তাৰে সোমাব লাগিব। ১২ কিলোমিটাৰ যোৱাৰ পিচত কিছু ওখত গাওঁখন দেখা যায়, য’ত এজাক মেলি দিয়া গৰুৱে চৰি ফুৰে। একেবাৰে কাষতে থকা ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰটোৰ দূৰত্ব তাৰ পৰা ২০ কিলোমিটাৰ আৰু তালৈ যাবলৈ ১০৮ নম্বৰত ফোন কৰিব লাগে আৰু সেইটো ফোনৰ লাইন আৰু নেটৱৰ্ক সংযোগ ঠিকে থকাৰ সময়তহে হয়। বাগচাত এখন প্ৰাথমিক বিদ্যালয় আছে, আৰু পঞ্চম শ্ৰেণীৰ ওপৰলৈ পঢ়িবলৈ হ’লে ২০ কিলোমিটাৰ দূৰৈত অ’চ্চাত থকা মজলীয়া বিদ্যালয়খনলৈ যাব লাগিব আৰু সপ্তাহটো তাতেই থাকিব লাগিব।

ছাহাৰিয়াসকলে সৰু সৰু মাটিৰ ডৰাত বৰ্ষানিৰ্ভৰ কৃষি কৰে আৰু এন টি এফ পি অৰ্থাৎ কাঠৰ বাদে অৰণ্য উৎপাদিত সামগ্ৰী (non-timber forest produce) বিক্ৰীৰ বাবে কুনো অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকক স্থানান্তৰ কৰাৰ লগে লগে সেই সামগ্ৰীবোৰ নোহোৱা হ’ব। পাইন গছৰ পৰা উলিওৱা ৰেজিনৰ দৰে এন টি এফ পি বোৰ তেওঁলোকৰ উপাৰ্জনৰ প্ৰধান উৎস। একেদৰে, বিভিন্ন ধৰণৰ ৰেজিনৰ লগতে টেন্দু টেঙাৰ পাত, ফল, শিপা আৰু বন-শাক আদিও। ছাহাৰিয়াসকলে হিচাপ কৰি উলিয়াইছে যে আটাইকেইটা ঋতু সুকলমে গ’লে এই উৎসবোৰৰ পৰা একোটো পৰিয়াল (গড়ে ১০ জনকৈ লোক থকা)ৰ বাৰ্ষিক উপাৰ্জন ২-৩ লাখ টকা হ’বগৈ পাৰে। সেই ধৰণৰ আয়ৰ লগতে দাৰিদ্ৰ্য সীমা ৰেখাৰ তলৰ কাৰ্ডৰ জৰিয়তে তেওঁলোকে পোৱা ৰেছনে প্ৰকৃত সুৰক্ষা নহ’লেও তেওঁলোকক কিছু খাদ্য সুস্থিৰতা প্ৰদান কৰে।

হাবিখনৰ বাহিৰলৈ ওলাই আহিলে এই সকলোবোৰ নোহোৱা হ’ব। “হাবিখনৰ সুবিধাখিনি যাবগৈ। এতিয়া আমি নিমখ তেল কিনিবলৈ গোটাই বিক্ৰী কৰা পাইন গছ আৰু অন্য গণ্ড টেঙা আমি আকৌ নাপামগৈ। সেইবোৰৰ অন্ত পৰিব। উপাৰ্জন কৰিবলৈ আমাৰ বাবে কেৱল সাময়িক শ্ৰমিক হিচাপে কাম কৰাৰ উপায়হে থাকবগৈ।” এইবুলি উনুকিয়ায় বাগচাৰ এজন ছাহাৰিয়া হাৰেথ আদিবাসীয়ে।

Ballu Adivasi, the headman of Bagcha village.
PHOTO • Priti David
Kari Adivasi, at her home in the village. “We will only leave together, all of us”
PHOTO • Priti David

বাওঁফালেঃ বাল্লু আদিবাসী , বাগচা গাৱঁৰ মুখিয়াল সোঁফালেঃ কাৰি আদিবাসী , তেওঁৰ গাৱঁৰ ঘৰটোত 'আমি মাথো একেলগে থাকিম, আমাৰ সকলো'

অধ্যাপক অস্মিতা কাব্ৰাই কয় যে স্থানান্তৰৰ মানৱীয় আৰু অৰ্থনৈতিক ব্যয় বৈশিষ্ট্যপূৰ্ণ। এগৰাকী সংৰক্ষণ স্থানান্তৰ বিশেষজ্ঞ হিচাপে ২০০৪ চনত তেওঁ বাগচাত কৰা অধ্যয়নে দেখুৱায় যে বাণিজ্যিক অৰণ্য উৎপাদনৰ পৰা গাওঁখনৰ এক বুজন পৰিমাণৰ উপাৰ্জন আছিল। ‘‘পাৰিপাৰ্শ্বিক অৱস্থাই খৰি, কাঠ, বন-শাক, ফল, মহুৱা আৰু বহুতো তেওঁলোকক দিছিল,” তেওঁ কয়। চৰকাৰী ৱেবছাইট অনুসৰি ৭৪৮ বৰ্গ কিলোমিটাৰ আয়তনৰ কুনো ৰাষ্ট্ৰীয় উদ্যানে এক বহল এলেকা সামৰি লয় আৰু সেয়া মুঠ ১,২৩৫ বৰ্গ কিলোমিটাৰ জুৰি বৃহৎ কুনো বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত।

অৰণ্যখনৰ পৰা পোৱা প্ৰাচুৰ্য্যৰ লগতে পুৰষানুক্ৰমে একেৰাহে খেতি কৰি অহা খেতিৰ মাটিখিনি সলনি কৰাটোও কঠিন। হাৰেথ আদিবাসীয়ে কয় যে, “যেতিয়া বৰষুণ দিয়ে আমি বজৰা, জোৱাৰ, মাকৈ, মাটিৰ মাহ, মগু আৰু ল’বিয়া খেতি কৰিব পাৰো, তদুপৰি ভেণ্ডি, ৰঙালাও, ভোল আদি পাচলিও পাওঁ।”

কাল্ল’ই, যাৰ পৰিয়ালে ১৫ বিঘা(পাঁচ একৰতকৈ কম)ৰ খেতি কৰে, তেওঁক সমৰ্থন কৰি কয়,“আমাৰ ইয়াৰ মাটি অতি উৎপাদনশীল। আমি যাব নিবিচাৰো, কিন্তু তেওঁলোকে আমাক যাবলৈ জোৰ-জবৰদস্তি কৰিব পাৰে।”

ছাহাৰিয়াসকলক আঁতৰাই হাবিখন চিতাবাঘৰ বাবে নিৰাপদ ঠাই হিচাপে গঢ়ি তুলিব খোজা পদক্ষেপ পাৰিপাৰ্শ্বিক অধ্যয়ন অবিহনেই লোৱা হৈছে বুলি অধ্যাপক কাব্ৰাই কয়। “জনজাতিসকলক উৎখাত কৰাটো বৰ সহজ কিয়নো ঐতিহাসিকভাৱে বন বিভাগ আৰু জনজাতিসকলৰ সম্পৰ্ক আধিপত্যবাদী – বিভাগে তেওঁলোকৰ জীৱনৰ বহুকেইটা দিশ নিয়ন্ত্ৰণ কৰে,” তেওঁ কয়।

ৰামচৰণ আদিবাসীক অলপতে কাৰগাৰলৈ পঠোৱাৰ অভিজ্ঞতাই তাকে প্ৰতিপন্ন কৰে। ৫০ বছৰৰ আগতে জন্ম হোৱাৰে পৰা তেওঁ কুনো হাবিখনলৈ ওলোৱা-সোমোৱা কৰিয়েই আছিল, প্ৰথমে মাকে খৰি লুৰুকিবলৈ যাওঁতে মাকৰ বোকোছাত গৈছিল। কিন্তু যোৱা ৫-৬ বছৰত বন বিভাগে ৰাম চৰণ আৰু তেওঁলোকৰ সমাজৰ মানুহখিনিৰ এনে সম্পদ সমূহ আহৰণৰ বাবে হাবিখনলৈ সোমোৱাৰ অধিকাৰ ক্ৰমাৎ হ্ৰাস কৰি আনিছে, ফলত তেওঁলোকৰ উপাৰ্জন প্ৰায় আধাখিনি কমি গৈছে। “ৰেঞ্জাৰকেইজনে আমাৰ ওপৰত বন্যপ্ৰাণী চিকাৰ আৰু হত্যাৰ মিছা গোচৰ তৰিছে (যোৱা পাঁচ বছৰত) আৰু আনকি আমাক (তেওঁৰ পুত্ৰ মহেশ আৰু তেওঁক) জেলতো ভৰাইছে। আমি জামিন আৰু জৰিমনাৰ বাবে কেনেবাকৈ ১০,০০০-১৫,০০০ হাজাৰ টকা যোগাৰ কৰিব লগা হৈছিল,” তেওঁ ক’লে।

Residents of Bagcha (from left): Mahesh Adivasi, Ram Charan Adivasi, Bachu Adivasi, Hari, and Hareth Adivasi. After relocation to Bamura village, 35 kilometres away, they will lose access to the forests and the produce they depend on
PHOTO • Priti David

বাগচাৰ বাসিন্দা (বাওঁফালৰ পৰা) - মহেশ আদিবাসী, ৰাম চৰণ আদিবাসী, হৰি আৰু হৰেথ আদিবাসী ৩৫ কিলোমিটাৰ দূৰৈৰ বামুৰা গাৱঁলৈ স্থানান্তৰিত হোৱাৰ পিচত হাবিখন আৰু তেওঁলোকে নিৰ্ভৰ কৰা অৰণ্যৰ উৎপাদন সমূহ আৰু ঢুকি নোপোৱা হ ’ব

অনাহুত উচ্ছেদৰ আশংকা আৰু প্ৰায় প্ৰতিদিনেই বন বিভাগলৈ দৌৰাদৌৰি কৰিবলগীয়া হোৱাৰ মাজতে বাগচাৰ মানুহবোৰে সাহসিকতা বজাই ৰাখিবলৈ চেষ্টা কৰিছে। “আমি এতিয়ালৈকে স্থানান্তৰিত হোৱা নাই। গ্ৰাম সভাৰ সভাত আমি আমাৰ দাবীসমূহ স্পষ্ট কৰি দিছো,” এদল গাওঁবাসীৰ মাজৰ পৰা হাৰেথে ডাঙৰ মাতেৰে ক’লে। ৭০ বছৰীয়া মানুহজন নৱগঠিত গ্ৰাম সভাৰ সদস্য, যি খন তেওঁ জনায় যে ২০২২ চনৰ ৬ মাৰ্চত বন বিভাগৰ নিৰ্দেশ মৰ্মে পুনৰ স্থানান্তৰকৰণৰ কাম আগবঢ়াবৰ বাবে গঠন কৰা হৈছিল। বন অধিকাৰ আইন ২০০৬ [ধাৰা ৪(২)(ই)]ৰ অধীনত কেৱল যেতিয়া আৰু যদিহে গাঁৱৰ গ্ৰাম সভাই লিখিতভাৱে সন্মতি দিয়ে তেতিয়াহে উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।

আন সকলে গাওঁখনৰ মুখিয়াল বুলি কোৱা বুলু আদিবাসীয়ে আমাক আমাক ক’লে যে, “আমি বিষয়াসকলক জনাইছো যে তোমালোকে যোগ্য মানুহৰ নামৰ সংখ্যা ১৭৮ বুলি লিখিছা, কিন্তু আমি ২৬৫ জন মানুহ এই গাওঁখনত আছো, সেইসকলো ক্ষতিপূৰণৰ যোগ্য। তেওঁলোক আমাৰ সংখ্যাৰ সৈতে সহমত হোৱা নাই, আৰু আমি কৈছো যে আমাৰ সকলোকে ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়ালৈকে আমি নাযাওঁ। তেওঁলোকে কৈছে সেইটো তেওঁলোকে ৩০ দিনৰ ভিতৰত কৰিব।”

২০২২ চনৰ ৭ এপ্ৰিলত এমাহৰ পিচত সভাখন বহিল। আগদিনা সন্ধিয়া গোটেই গাওঁখনকে পিচদিনা উপস্থিত থাকিবলৈ কোৱা হ’ল। যেতিয়া ১১ বজাত মিটিং আৰম্ভ হ’ল তেতিয়া বিষয়াসকলে তেওঁলোকক এখন কাগজত চহী কৰিবলৈ ক’লে এই কথা প্ৰকাশ কৰি যে তেওঁলোকক জোৰ কৰা হোৱা নাই আৰু তেওঁলোকে ইচ্ছাকৃত ভাৱে স্থানান্তৰ হ’বলৈ মান্তি হৈছে। কাগজখনত মাত্ৰ ১৭৮ জন মানুহৰ নাম পুনৰস্থাপনৰ ক্ষতিপূৰণৰ যোগ্য হিচাপে তালিকাত ভৰোৱা আছিল। গ্ৰাম সভাই চহী কৰিবলৈ অস্বীকাৰ কৰে।

ছাহাৰিয়াৰ এই কঠিন স্থিতি সুদৃঢ় কৰিলে গুজৰাটৰ পৰা অনা সিংহৰ বাবে ঠাই উলিয়াবলৈ ১৯৯৯ চনত কুনো অৰণ্যৰ ২৮ খন গাঁৱৰ প্ৰায় ১৬৫০ টা পৰিয়ালক তাৎক্ষণিকভাৱে স্থানান্তৰ কৰোঁতে দিয়া অসম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ অসফল বিষাদ সোঁৱৰণিয়ে। “আজিলৈকে চৰকাৰে সেই মানুহখিনিক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। তেওঁলোকে এতিয়াও তেওঁলোকৰ প্ৰাপ্যখিনিৰ বাবে চৰকাৰৰ পিচত দৌৰি আছে। আমি তেনেকুৱা পৰিস্থিতিৰ মাজত পৰিব বিচৰা নাই,” বুলুৱে লগতে ক’লে।

অ’ আৰু সিংহবোৰ কেতিয়াও দেখা নগ’ল। আৰু এতিয়া ২২ বছৰ হ’লহি।

*****

Painted images of cheetahs greet the visitor at the entrance of Kuno National Park in Madhya Pradesh's Sheopur district
PHOTO • Priti David

মধ্যপ্ৰদেশৰ শিওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰত অংকিত ভ্ৰমণকাৰীক অভিনন্দন জনোৱা চিতাৰ ছবি

চিকাৰৰ ফলত ভাৰতত বিপন্ন হৈ পৰা প্ৰজাতি এছিয়া মহাদেশীয় চিতা বাঘ (Acinonyx jubatus venaticus) হ’ল এটা হালধীয়া-মুগা বৰণৰ ফুটুকা-ফুটুকি থকা বনৰীয়া মেকুৰী – বুৰঞ্জীৰ কিতাপ আৰু গুলীয়াই চিকাৰ কৰা কাহিনীবোৰত এক পৰিচিত জন্তু। দেশৰ শেষ তিনিটা এছিয়া মহাদেশীয় চিতা বাঘকেইটা মৰিছিল ১৯৪৭ চনত বৰ্তমান চত্তীশগড়ৰ অন্তৰ্গত আৰু সেই সময়ৰ অখ্যাত সামন্ত ৰাজ্য কৰিয়াৰ মহাৰাজা ৰামানুজ প্ৰতাপ সিং দেওৰ গুলিত।

দেওৰ সেই কাৰ্য্যই গ্ৰহটোৰ ভিতৰত আটাইকেইবিধ বৃহৎ মেকুৰী অৰ্থাৎ সিংহ, বাঘ, চিতা, সাধাৰণ নাহৰ ফুটুকী, তুষাৰ নাহৰফুটুকী, গোধা ফুটুকীৰ একমাত্ৰ বাসস্থান হিচাপে ভাৰতৰ স্থান অৱনমিত কৰে। ‘বনৰজা’ হিচাপে দ্ৰুতবেগী আৰু শক্তিশালী ডাঙৰ মেকুৰীবোৰৰ ফটোবোৰে আমাৰ বহু কাৰ্য্যালয়ৰ প্ৰতিকৃতিত আগস্থান পায়। কাৰ্য্যালয়ৰ মোহৰ আৰু মুদ্ৰাত ব্যৱহৃত অশোক চক্ৰত এছিয়াটিক চিতাৰ ছবি আছে। ৰাষ্ট্ৰীয় গৌৰৱত আঘাত হনা হিচাপে পৰিগণিত হোৱা কাৰ্য্যটোৰ পিচৰ সময়ৰ চৰকাৰে এইটো নিশ্চিত কৰিলে যাতে সংৰক্ষণৰ তালিকাত হেৰাই যোৱা চিতা অন্তৰ্ভুক্ত হয়।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এই বছৰ জানুৱাৰী মাহত একশ্যন প্লান ফৰ ইন্ট্ৰ’ডাকশ্যন অফ চিতা ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত চিতা পৰিচয় কৰোৱাৰ কৰ্মসূচী শীৰ্ষক এখন দলিল উলিয়ায়। ই আমাক জনায় যে জন্তুটোৰ নাম ‘চিতা’ শব্দটো সংস্কৃত মূলৰ আৰু তাৰ ‘অৰ্থ ফুটুকা থকা’। নৱ প্ৰস্তৰ যুগৰ মধ্য ভাৰতৰ গুহা চিত্ৰতো চিতা অঁকা হৈছে। ১৯৭০ৰ দশকৰ ভিতৰত ভাৰতত চিতাৰ বসতি পুনৰ স্থাপনৰ বাবে ভাৰত চৰকাৰে কেইটামান এছিয়াটিক চিতা দিবৰ বাবে ইৰাণৰ শ্বাহৰ সৈতে কথা পাতে।

২০০৯ চনত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াক দেশখনত চিতা পুনৰ বসতি কৰোৱাব পাৰি নেকি সেই বিষয়ে সম্পৰীক্ষা কৰিবলৈ কোৱাৰ সময়ত এই বিষয়টো পুনৰ চৰ্চালৈ আহে। বাকী থকা এছিয়াটিক চিতা পোৱা দেশখন হ’ল ইৰান, কিন্তু ৰপ্তানি কৰিব আনিবলৈ সেইকেইটা সংখ্যাত তেনেই তাকৰ। সেই বাবে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাত পোৱা আফ্ৰিকান চিতা অনাৰ কথা ভৱা হ’ল, কাৰণ সি দেখিবলৈ একে, এইটো কথা মনলৈ নানিব যে সিহঁতৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসৰ ৭০,০০০ বছৰৰ পাৰ্থক্য আছে।

মধ্য ভাৰতৰ ১০খন অভয়াৰণ্যত সমীক্ষা চলোৱা হ’ল আৰু ৩৪৫ বৰ্গ কিলোমিটাৰ আয়তনৰ কুনো অভয়াৰণ্য আটাইতকৈ যোগ্য ঠাই বুলি বিবেচনা কৰা হ’ল, যিখন ২০১৮ চনত সিংহ ৰাখিবৰ বাবে ৭৪৮ বৰ্গ কিলোমিটাৰ আয়তনৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল। তাত মাত্ৰ এটা অসুবিধা আছিলঃ উদ্যানখনৰ ভিতৰত থকা বাগচা গাওঁখন উচ্ছেদ কৰিব লাগিব। আচৰিত ভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে ২০২২ চনৰ জানুৱাৰী মাহৰ এক প্ৰেছ বিজ্ঞপ্তিত কুনো ‘‘মানুহৰ বসতি শূন্য’’ বুলি বৰ্ণনা কৰিছে।

Bagcha is a village of Sahariya Adivasis, listed as a Particularly Vulnerable Tribal Group in Madhya Pradesh. Most of them live in mud and brick houses
PHOTO • Priti David
Bagcha is a village of Sahariya Adivasis, listed as a Particularly Vulnerable Tribal Group in Madhya Pradesh. Most of them live in mud and brick houses
PHOTO • Priti David

বাগচা মধ্য প্ৰদেশৰ বিশেষভাৱে বিপদাপন্ন জনজাতি গোষ্ঠী হিচাপে তালিকাভুক্ত ছাহাৰিয়া আদিবাসীৰ এখন গাওঁ তেওঁলোকৰ বেছিভাগেই বোকামাটি আৰু ইটাৰে সজা ঘৰত থাকে

কৰ্মনীতিৰ দলিলখনৰ মতে তাত চিতা সংস্থাপন কৰিলে “আগতে থকাৰ দৰে বাঘ, নাহৰফুটুকী, সিংহ, চিতাই সহাৱস্থান কৰিব”। সেই উক্তিত দুটা সাংঘাতিক ডাঙৰ ত্ৰুটি আছে। এইবোৰ হ’ল আফ্ৰিকান চিতা, এছিয়াটিক নহয় যি ভাৰতৰ স্থানীয় আছিল। আৰু বৰ্তমান কুনোত সিংহ নাথাকে, কাৰণ ২০১৩ চনতে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ থকাৰ পিচতো গুজৰাট চৰকাৰে সিহঁতক পঠোৱা নাই।

“এতিয়া ২২ বছৰেই হ’ল আৰু সিংহবোৰ নাহিল, ভৱিষ্যতেও নাহে,” ৰঘূনাথ আদিবাসীয়ে ক’লে। বাগচাৰ বহু পুৰণি বাসিন্দা ৰঘূনাথ এতিয়া নিজৰ ঘৰ হেৰুৱাবলগীয়া সম্ভাৱনাৰ চিন্তাত কাৰণ কুনোৰ দাঁতি কাষৰীয়া গাওঁ অৱজ্ঞা কৰা, খাৰিজ কৰা বা সমূলি উপেক্ষা কৰা এয়া প্ৰথমবাৰ নহয়।

‘বন ৰজা’ক স্থানান্তৰ কৰাৰ কথা সূচনা হৈছিল বন্যপ্ৰাণী সংৰক্ষণবিদসকলৰ বাঢ়ি অহা এক দুঃচিন্তাক লৈ, কাৰণ শেষ এছিয়াটিক সিংহকেইটা (Panthera leo leo) গুজৰাটৰ সৌৰাষ্ট্ৰ উপদ্বীপৰ মাত্ৰ এঠাইত পুঞ্জীভূত হৈ আছিল। কেনাইন ডিষ্টেম্পাৰ ভাইৰাছৰ প্ৰাদূৰ্ভাৱ, বন জুই, বা আন বিপদে সমস্ত প্ৰজাতি নিঃশেষ কৰি পেলাব পাৰে যদিহে কেইটামান ক’ৰবালৈ স্থানান্তৰ কৰা নহয়।

কেৱল আদিবাসীয়েই নহয়, দলিত আৰু অৰণ্য গাঁৱত বাস কৰা আন পিছপৰা সম্প্ৰদায়ৰ লোকসকলেও তেওঁলোকে জন্তুৰ সৈতে সহাৱস্থান কৰিব বুলি বন বিভাগক নিশ্চিতি প্ৰদান কৰিছিল। “আমি ভাবিছিলো, সিংহৰ বাবে আমি কিয় উঠি যাব লাগে? আমি জন্তু চিনি পাওঁ, আমি সিহঁতক ভয় নকৰো। আমি হাবিত ডাঙৰ হৈছোঁ। আমিও সিংহ! এসময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা পাইৰা গাঁৱৰ ৭০ বছৰ বয়সীয়া বাসিন্দা ৰঘূলালা জাটাৱে ক’লে।

সংৰক্ষণবিদ জৈৱ বিজ্ঞানী তথা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া (WII)ৰ ডীন ড. যাদৱেন্দ্ৰ ঝালাই কয় যে চিতাই মানুহক আক্ৰমণ কৰা কোনো ঐতিহাসিক বা সমসাময়িক তথ্য নাই। “মানুহৰ সৈতে সংঘাত এটা প্ৰধান চিন্তা নহয়। প্ৰস্তাৱিত চিতা পুনৰ সংস্থাপন স্থানৰ চৌপাশে থকা মানুহখিনি ডাঙৰ মাংসাহাৰী প্ৰাণীৰ সৈতে সহাৱস্থান কৰাৰ অভ্যস্ত আৰু সংঘাত ন্যূনতম হ’বৰ বাবে তেওঁলোকৰ উপযোগী এক জীৱন যাত্ৰা আৰু জন্তু পালনৰ অভ্যাস আছে।” বাকী কিবা হৰণ-ভগন হ’লে গৰু হেৰুৱাৰ বাবদ থকা পূঁজিৰ সহায়ত ব্যৱস্থাপনা কৰা হয়।

The Asiatic cheetah was hunted into extinction in India in 1947, and so the African cheetah is being imported to 're-introduce' the animal
PHOTO • Priti David

ভাৰতত এছিয়াটিক চিতা নিঃশেষ কৰাকৈ হোৱা চিকাৰ ১৯৪৭ চনত হৈছিল , আৰু সেই বাবে জন্তুবিধৰ ‘পুনৰ-পৰিচিতি’ৰ বাবে আফ্ৰিকাৰ চিতা অনা হৈছে

২০২২ চনৰ ৭ এপ্ৰিলত এমাহৰ পিচত সভাখন বহিল। আগদিনা সন্ধিয়া গোটেই গাওঁখনকে পিচদিনা উপস্থিত থাকিবলৈ কোৱা হ’ল। যেতিয়া ১১ বজাত মিটিং আৰম্ভ হ’ল তেতিয়া বিষয়াসকলে তেওঁলোকক এখন কাগজত চহী কৰিবলৈ ক’লে এই কথা প্ৰকাশ কৰি যে তেওঁলোকক জোৰ কৰা হোৱা নাই আৰু তেওঁলোকে ইচ্ছাকৃত ভাৱে স্থানান্তৰ হ’বলৈ মান্তি হৈছে

খিলঞ্জীয়া মানুহ আৰু বিজ্ঞানী সকলোকে আওকান কৰি ২০২২ চনৰ জানুৱাৰীত এক প্ৰেছ বিজ্ঞপ্তি যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলেঃ “প্ৰজেক্ট চিতাৰ লক্ষ্য স্বাধীন ভাৰতৰ একমাত্ৰ বিপন্ন প্ৰজাতিৰ বৃহৎ স্তন্যপায়ী চিতা উভতাই অনা।” আৰু লগতে ক’লে এই পদক্ষেপে “পৰিৱেশ পৰ্য্যটন আৰু তাৰ সৈতে সংলগ্ন কাৰ্য্যকলাপত উৎসাহ যোগাব।”

আফ্ৰিকান চিতাই ভাৰতত ১৫ আগষ্টৰ আগতে পদাৰ্পণ কৰাৰ কথা – ব্যংগাত্মকভাৱে, স্বাধীনতা দিৱস – এই বছৰ।

বাগচা গাওঁখন হ’ব ইয়াৰ প্ৰথম চিকাৰ।

জিলা বন বিষয়া প্ৰকাশ বাৰ্মা, যিয়ে উক্ত স্থানান্তৰ আঁচনিৰ তত্ত্বাৱধান কৰিছে, তেওঁ কয়, চিতা পৰিচয় পৰিকল্পনাৰ ৩৮.৭ কোটি টকাৰ বাজেটৰ পৰা ২৬.৫ কোটি টকা স্থানান্তৰ ব্যয়ত ব্যৱহাৰ কৰা হ’ব। “চিতাৰ গড়াল, পানী, পথ মোকলোৱা আৰু জন্তু কেইটাৰ ব্যৱস্থাপনাৰ বাবে বন কৰ্মচাৰীৰ প্ৰশিক্ষণৰ বাবদ প্ৰায় ৬ কোটি টকা খৰচ কৰা হৈছে।”

প্ৰতি ২ কিলোমিটাৰৰ অন্তত নিৰীক্ষণ স্তম্ভৰ সৈতে ৩৫ বৰ্গ কিলোমিটাৰ গড়াল, আৰু প্ৰতিটোতে ৫ বৰ্গ কিলোমিটাৰকৈ সৰু গড়াল আফ্ৰিকাৰ পৰা কঢ়িয়াই আনিবলগীয়া প্ৰথম ২০ টা চিতাৰ বাবে সজা হৈছে। চিতা কেইটা সুস্থভাৱে থকাটো নিশ্চিত কৰিবৰ বাবে যথাসম্ভৱ সকলো যতন সাজু কৰি লোৱা হৈছে। আৰু সঠিক ভাৱেইঃ আফ্ৰিকাৰ বন্যপ্ৰানীৰ বিষয়ে আই ইউ চি এনে যুগুত কৰা প্ৰতিবেদনত আফ্ৰিকান চিতা (Acinonyx jubatus)  বিপন্ন প্ৰজাতি বুলি উল্লেখ কৰা হৈছে। অন্য প্ৰতিবেদনতো জন্তুবিধৰ সংখ্যা চিন্তনীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য উল্লেখ হৈছে।

মুঠতে, বিদেশী, বিপন্ন প্ৰজাতিৰ জন্তু এবিধ অপৰিচিত এক পৰিৱেশলৈ আনিবৰ বাবে – আৰু সেইবোৰৰ বাবে ঠাই উলিয়াবলৈ স্থানীয় আৰু বিশেষভাৱে বিপদাপন্ন অনুসূচীত জনজাতিৰ সমাজৰ মানুহক উচ্ছেদ কৰিবলৈ ৪০ কোটি টকা ধাৰ্য্য কৰা হৈছে। ই ‘মানৱ-বন্যপ্ৰাণী সংঘাত’ বোলা সংজ্ঞাটোত নতুন অৰ্থ আৰোপ কৰিছে।

The enclosure built for the first batch of 20 cheetahs from Africa coming to Kuno in August this year.
PHOTO • Priti David
View of the area from a watchtower
PHOTO • Priti David

বাওঁফালেঃ এই বছৰ আগষ্টত আফ্ৰিকাৰ পৰা কুনোলৈ আহিবলগীয়া প্ৰথমটো দলৰ ২০টা চিতাৰ বাবে সজা গড়াল সোঁফালেঃ নিৰীক্ষণ স্তম্ভৰ পৰা এলেকাটোৰ দৃশ্য

সংৰক্ষণৰ এই বৰ্জনীয় পথটো – য’ত মানুহ আৰু জন্তু একেলগে জীয়াই থাকিব নোৱাৰে – ধৰি লোৱাহে হৈছে, কৰি দেখুওৱা হোৱা নাই,” এই বুলি অধ্যাপক কাব্ৰাই উনুকিয়াই দিয়ে। এই বছৰ জানুৱাৰী মাহত সংৰক্ষণৰ বাবে অপসাৰিত বিষয়ৰ ওপৰত প্ৰকাশিত এখন বিদ্যায়তনিক ৰচনাৰ তেওঁ সহ লেখিকা আছিল। তেওঁ প্ৰশ্ন কৰিছে কেনেকৈ ২০০৬ চনৰ বন অধিকাৰ আইনখন বাহাল থাকি আৰু অৰণ্যত বাস কৰা লোকসকলক সুৰক্ষা আগবঢ়োৱাৰ পিচতো সমগ্ৰ ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পসমূহৰ পৰা ১৪,৫০০ টা এক বৃহৎ সংখ্যক পৰিয়াল স্থানান্তৰ কৰা হৈছে। তেওঁ যুক্তি দৰ্শাইছে যে এনে দ্ৰুত স্থানান্তৰ হোৱাৰ কাৰণটো হ’ল পাশাৰ গুটিটো সদায় কৰ্তৃপক্ষৰ ফালেই ঢাল খায়, যিয়ে গাওঁবাসীক ‘ইচ্ছাকৃতভাৱে’ স্থানান্তৰিত হ’বৰ বাবে বিভিন্ন আইনী আৰু প্ৰণালীগত পদ্ধতি ব্যৱহাৰ কৰে।

বাগচাৰ বাসিন্দাসকলে জনায় যে তেওঁলোকক স্থানান্তৰ হ’বলৈ ১৫ লাখকৈ টকা যচা হৈছে। তেওঁলোকে গোটেইখিনি পইচা একেবাৰতে অথবা ঘৰ সাজিবলৈ মাটি আৰু টকা ল’ব পাৰে। “এটা বিকল্প হ’ল ৩.৭ লাখ টকা ঘৰ সাজিবলৈ আৰু বাকীখিনি খেতি কৰিবলৈ মাটিৰ বাবে। কিন্তু তাৰ পৰাও কৰ্তৃপক্ষই বিজুলী সংযোগ, পকা ৰাস্তা, দমকল, কুঁৱা আৰু এনেকুৱা সুবিধাৰ বাবে পইচা কৰ্তন কৰিছে,” ৰঘূনাথে ক’লে।

তেওঁলোকৰ নতুন বাসস্থানৰ ঠাই হ’ল বাগচাৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ দূৰৈৰ কাৰাহাল তহছিলৰ গ’ৰাছৰ সমীপৰ বামুৰা। “আমাক দেখুওৱা নতুন মাটি বৰ্তমান আমাৰ থকা মাটিতকৈ নিম্ন মানৰ। কিছু কিছু ঠাই সম্পূৰ্ণ শিলাময় আৰু তাৰ উৎপাদনশীলতা কম। মাটিবোৰ উৎপাদনশীল হ’বলৈ বহু দিন লাগিব, আৰু আমাক প্ৰথম তিনি বছৰৰ বাবে কোনেও সহায় নকৰিব,” কাল্ল’ৱে ক’লে।

*****

চিতা প্ৰকল্পৰ জৰিয়তে আফ্ৰিকান চিতা ভাৰতলৈ অনাৰ প্ৰাথমিক কাৰণ সমূহৰ ভিতৰত ‘পৰিৱেশতন্ত্ৰ সংৰক্ষণো’ তালিকাত আছে। ড. ৰবি চেল্লামৰ দৰে বন্যপ্ৰাণী বিশেষজ্ঞক ক্ৰোধিত কৰি তোলাৰ এটা কাৰণ, “বনভূমি সংৰক্ষণৰ নামত চিতা ভাৰতলৈ অনা হৈছে। ইয়াৰ কোনো মানে নাই, কাৰণ ভাৰতৰ এই তৃণভূমিবোৰত ইতিমধ্যেই বন মেকুৰী, ক’লা হৰিণ, ভাৰতীয় বাষ্টাৰ্ড চৰাই আদিৰ দৰে বিচিত্ৰ ধৰণৰ বিপন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আছে। আফ্ৰিকাৰ পৰা কিবা আনিবলৈ কি প্ৰয়োজন আছে?” এনেদৰে প্ৰশ্ন কৰে মেটাষ্ট্ৰিং ফাউণ্ডেশ্যনৰ মূখ্য কাৰ্য্যবাহী বিষয়া তথা বন্যপ্ৰাণী জীৱবিদ গৰাকীয়ে।

তেওঁ কয়, তদুপৰি, ১৫ বছৰত চৰকাৰে চিতাৰ সংখ্যা ৩৬ লৈ বৃদ্ধি কৰাৰ যি লক্ষ্য লৈছে - সি সম্ভৱ নহয় বা স্ব-বহনক্ষম নহয় আৰু তাত কোনো বংশানুগতিক শক্তি নাথাকিব। এইখন এখন মহিমামণ্ডিত আৰু ব্যয়বহুল ছাফাৰি উদ্যানৰ বাদে আন একো নহ’বগৈ,” বুলি চেল্লামে লগতে কয়। তেওঁ ভাৰতত জৈৱ বৈচিত্ৰ গৱেষণা আৰু সংৰক্ষণ উন্নীত কৰাত ব্ৰতী সংযোগী অনুষ্ঠান বায়’ডাইভাৰ্চিটি কলাবৰে’টিভৰ সদস্য।

Mangu Adivasi was among those displaced from Kuno 22 years ago for the lions from Gujarat, which never came
PHOTO • Priti David

গুজৰাটৰ পৰা আহিবলগীয়া সিংহৰ বাবে ২২ বছৰৰ আগতে স্থানান্তৰত হোৱা সকলৰ মাজৰ এজন মংগু আদিবাস , যিবোৰ কেতিয়াও নাহিল

ছাহাৰিয়াৰ এই কঠিন স্থিতি সুদৃঢ় কৰিলে গুজৰাটৰ পৰা অনা সিংহৰ বাবে ঠাই উলিয়াবলৈ ১৯৯৯ চনত কুনো অৰণ্যৰ ২৮ খন গাঁৱৰ প্ৰায় ১৬৫০ টা পৰিয়ালক তাৎক্ষণিকভাৱে স্থানান্তৰ কৰোঁতে দিয়া অসম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ অসফল বিষাদ সোঁৱৰণিয়ে

মংগু আদিবাসী কুনোত থকা নিজা ঘৰৰ পৰা উচ্ছেদিত হোৱা এতিয়া ২২ বছৰ হ’ল, কেতিয়াও তালৈ নহা সিংহৰ বাবে তেওঁ স্থানান্তৰিত হ’ল, ক্ষতিপূৰণ হিচাপে তেওঁ পোৱা নিম্নমানৰ মাটিকণৰ পৰা কোনোমতে পেট প্ৰৱৰ্তাইছে। তেওঁ চাল্লামৰ সৈতে একমতঃ “চিতা কেইটা দেখুৱাবলৈহে আনিব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰচাৰ কৰিবলৈ যে এনেকুৱা এটা কাম কুনোত ৰূপায়ন কৰা হৈছে। চিতাবোৰ যেতিয়া এৰি দিয়া হ’ব (অৰণ্যৰ মাজত), সিহঁতৰ কিছুমানক ইতিমধ্যেই তাত থকা জন্তুৱে মাৰিব, কিছুমান সিহঁতৰ বাবে সজা আৱদ্ধ স্থান নিৰ্মাণৰ বেৰত বিদ্যুৎপিষ্ট হৈ মৰিব। আমি দেখি থাকিম।”

উপৰিঞ্চি অথচ তাৎপৰ্য্যবিহীন নহয় তেনে এটা আশংকা হ’ল বিদেশী জন্তু কেইটাই লগত লৈ আনিব পৰা বেমাৰৰ বীজাণু। ড. কাৰ্তিকেয়ন বাসুদেৱনে কয় যে, “পৰিকল্পনাটোৱে জ্ঞাত ৰোগৰ কাৰকবোৰৰ সংস্পৰ্শলৈ আহিলে নতুনকৈ অনা চিতাবোৰৰ কি হ’ব সেই সকলো আশংকা সম্পূৰ্ণ ভাৱে সাঙুৰি লোৱা নাই।

সংৰক্ষণ জীৱবিদ আৰু হায়দৰাবাদস্থিত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকুলাৰ বায়’লজিৰ বিপন্ন প্ৰজাতি সংৰক্ষণ পৰীক্ষাগাৰৰ মুখ্য বিজ্ঞানী ড. কাৰ্তিকেয়নে “দীঘলীয়াকৈ এক বুজন সংখ্যাৰ জন্তু বচাই ৰাখিব নোৱাৰিলে স্থানীয় বন্যপ্ৰাণীৰ পূৰ্বৰ বা অন্য ৰোগৰ সংস্পৰ্শলৈ আহিব পৰাৰ আৰু ইতিমধ্যেই পৰিৱেশত থকা ৰোগৰ কাৰক [যি বোৰে চিতাবোৰ প্ৰভাৱিত কৰিব পাৰে]ৰ” সম্ভাৱনাৰ বিষয়ে  সঁকিয়াই দিয়ে।

আনহাতে বহুলভাৱে এক অপপ্ৰচাৰ হৈছে যে যোৱা বছৰেই হ’বলগীয়া চিতাৰ আগমণ প্ৰযুক্তিগত কাৰণত স্থগিত ৰখা হৈছে। ১৯৭২ চনৰ ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইনখনে ধাৰা ৪৯বি-ত স্পষ্ট কৰি দিছে যে হাতীৰ দাঁতৰ যিকোনো ব্যৱসায়, আনকি আমদানিও সম্পূৰ্ণ ভাৱে নিষিদ্ধ। এক উৰা বাতৰি অনুসৰি, কনভেনশ্যন অন ইণ্টাৰ্নেশ্বনেল ট্ৰেইড ইন এণ্ডেঞ্জাৰড স্পেচিছ অফ ৱাইল্ড ফ’না এণ্ড ফ্ল’ৰা(CITES)ৰ অধীনত ভাৰতে হাতীৰ দাঁতৰ ওপৰত থকা নিষেধাজ্ঞা তালিকাৰ পৰা বাহিৰ কৰাত সমৰ্থন নকৰালৈকে নামিবিয়াই কোনো চিতা ভাৰতক উপহাৰ দিবলৈ ইচ্ছুক নহয়, যিয়ে সেই সামগ্ৰীবিধৰ আন্তৰ্জাতিক বাণিজ্য অনুমোদন কৰিব। এই কথাৰ সত্যতা নিৰূপণ বা উলাই কৰিবৰ বাবে কোনো বিষয়া ইচ্ছুক নহয়।

ইফালে, বাগচাত এক স্থবিৰ পৰিবেশে বিৰাজ কৰিছে। ইতিমধ্যেই চাই অহা ৰেজিনখিনি হাবিৰ পৰা গোটাই আনিবলৈ যোৱা হাৰেথ আদিবাসীয়ে এই কথা কৈ যাবলৈ খন্তেক ৰ’ল, “ আমি চৰকাৰখনতকৈ ডাঙৰ নহওঁ। তেওঁলোকে যি কয় আমি কৰিব লাগিব। আমি যাব নিবিচাৰো, কিন্তু তেওঁলোকে আমাক উঠি যাবলৈ বাধ্য কৰিব পাৰে।”

এই লেখাটোৰ বাবে গৱেষণা আৰু অনুবাদত আগবঢ়োৱা বহুমূলীয়া সহায়ৰ বাবে সৌৰভ চৌধুৰীক এই সংবাদদাতাই ধন্যবাদ জনাইছে।

অনুবাদ: ৰুবী বৰুৱা দাস

Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Editor, PARI Education. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das