ডাঙৰ তেঁতেলি গছেৰে আৱৰি থকা তেওঁৰ মুকলি কাৰখানাত বহি মণিৰাম মান্দাৱীয়ে এটা বাঁহী বটালীৰে মিহি কৰি আছে। ই এনে এক বাদ্যযন্ত্ৰ, যাৰ মাজেৰে বতাহে সুহুৰি মাৰিলে সংগীত হয়, কিন্তু একে সময়তেই যি জন্তুবোৰক ভয় খুৱাবলৈ এক জোৰদাৰ 'অস্ত্ৰ' হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ৪২ বছৰীয়া মণিৰামে সৰু কালৰ কথা সুঁৱৰি কৈছিল: "সেই দিনবোৰত হাবিত বাঘ, চিতা আৰু ভালুক আছিল; কিন্তু যদি আপুনি ইয়াক ঘূৰাই দিয়ে তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি থাকিব।"

তেওঁ বাঁহৰ বাদ্যযন্ত্ৰটোক 'দুলি থকা বাঁহী' বুলি কয় – অথবা ছত্তীশগড়ৰ উকুদ বাঁসুৰি। ইয়াৰ মুখ নাই, মাত্ৰ দুটা ছিদ্ৰ আছে আৰু ইয়াক বজাবলৈ হ’লে বতাহত ঘূৰাব লাগিব।

বিয়াল্লিশ বছৰীয়া মণিৰামে প্ৰস্তুত কৰা প্ৰতিটো বাঁহীয়ে, যিবোৰ তেওঁ দিনে এটাকৈ বটালীৰে মসৃণ কৰিব পাৰে, ওচৰৰ চহৰবোৰত হোৱা প্ৰদৰ্শনী বা হস্তশিল্প সংগঠনৰ পৰা প্ৰায় ৫০ টকা আনিব পাৰে। গ্ৰাহকসকলে তেতিয়া কমেও ৩০০ টকাত এটা বাঁহী ক্ৰয় কৰে।

এয়া আছিল বাঁহী নিৰ্মাণৰ এজন গুৰু মন্দৰ সিং মান্দাৱীৰ সৈতে এক সুযোগৰ সাক্ষাৎ, যি প্ৰায় তিনি দশক আগতে মণিৰামক এই বাঁসুৰি শিল্পলৈ লৈ আহিছিল। তেওঁ কয়, "মোৰ বয়স প্ৰায় ১৫ বছৰ আছিল আৰু মই অৰণ্যৰ পৰা কাঠ আনিবলৈ গৈছিলো আৰু তেওঁ মোক দেখি মাতিছিল আৰু কৈছিল 'তই স্কুললৈ যাব নালাগে৷ আহ, মই তোক কিবা এটা শিকাম'। গতিকে মণিৰামে আনন্দেৰে স্কুল এৰি প্ৰয়াত গুৰু শিল্পকাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে।

ভিডিঅ' চাওক – মণিৰাম: 'দুলি থকা বাঁহী তৈয়াৰ কৰি থকা অৱস্থাত', অৰ্চ্চাত অৰণ্য হেৰাই যোৱাৰ বাবে তেওঁ দুখী

মণিৰামে এতিয়া কাম কৰা বাঁহীৰ কাৰখানাটো ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ অভূজমাদ (অৰ্চ্চা) খণ্ডৰ অৰণ্যত গণ্ড আদিবাসী সম্প্ৰদায়ৰ সৰু গাঁও ঘাড়বাংগালৰ কাষত আছে। সকলো আকাৰৰ বাঁহৰ লাঠি চাৰিওফালে থোৱা হয় আৰু সঁজুলিবোৰ গৰম কৰিবলৈ ব্যৱহাৰ কৰা সৰু জুইৰ ধোঁৱা শীতৰ বতাহত কুণ্ডলী পকাই থাকে। এফালে বিভিন্ন আকাৰৰ তৈয়াৰ কৰি উলিওৱা বাঁহী, বটালী আৰু বিভিন্ন আকাৰৰ ছুৰী, কটাৰী আদি ৰখাৰ বাবে এটা অস্থায়ী চালি আছে। মণিৰামে ইয়াত দিনত প্ৰায় আঠ ঘণ্টা কাম কৰে – বাঁহডাল আকাৰ অনুসাৰে কাটি ইয়াক বটালীৰে কাটি মসৃণ কৰে আৰু তাৰ পিছত ফুলৰ লগতে জ্যামিতিক ডিজাইন অঁকাৰ বাবে বাবে এক গৰম সঁজুলি ব্যৱহাৰ কৰে, সেই সঁজুলিৰ তাপৰ সহায়ত বাঁহীত পোহৰ আৰু আন্ধাৰৰ নক্সা অংকন কৰে।

বাঁহী তৈয়াৰ কৰাৰ শিল্পকৰ্মত ব্যস্ত নথকাৰ সময়ত মণিৰামে তেওঁৰ দুই একৰ মাটিৰ খেতিপথাৰত কাম কৰাত ব্যস্ত থাকে য'ত তেওঁ বৰ্ষানিৰ্ভৰ ধান খেতি কৰে, বেছিভাগ তেওঁৰ পাঁচজনীয়া পৰিয়ালৰ বাবে য’ত আছে তেওঁৰ পত্নী আৰু এতিয়া প্ৰাপ্তবয়স্ক হোৱা তেওঁৰ তিনিটা সন্তান। তেওঁ কয় যে অনিয়মীয়াকৈ কাম কৰা তেওঁৰ পুত্ৰসকল এই শিল্প শিকিবলৈ আগ্ৰহী নহয় (সমাজত কেৱল পুৰুষৰ দ্বাৰাহে এই শিল্প অনুশীলন কৰা হয়)।

বাঁহীৰ বাবে বাঁহ প্ৰায় এঘণ্টাৰ আঁতৰত থকা নাৰায়ণপুৰ চহৰৰ পৰা আহে। "প্ৰায় ২০ বছৰ আগতে অৰণ্যখন ইয়াতে আছিল আৰু আমি সহজে বাঁহ বিচাৰি পাইছিলো। এতিয়া আমি মূল্যৱান যিকোনো বস্তু বিচাৰি কমেও ১০ কিলোমিটাৰ ভিতৰলৈ যাব লাগিব," তেওঁ কয়। "জংঘল আছিল অটব্য আৰু চেগুন, জামু, আৰু মোডিয়া [এটা স্থানীয় প্লাম ফল]ৰ ফলগছৰ দৰে ডাঙৰ গছেৰে ভৰি আছিল। এতিয়া আৰু কোনো ডাঙৰ গছ নাই। দুলি থকা বাঁহী তৈয়াৰ কৰি থকাটো অনাগত সময়ত বৰ কঠিন হ'ব।"

আমি কথা পাতি থাকোতে সেই তেঁতেলিৰ ছাঁ পৰি থকা কৰ্মশালাত বহি মণিৰামে অতীতৰ প্ৰাচুৰ্যৰে ভৰা দিনবোৰ মনত পেলাই হতাশা প্ৰকাশ কৰিছিল আৰু প্ৰায় কন্দনামুৱা হৈ এইদৰে কৈছিল: "ইয়াত শহাপহু আৰু হৰিণ আছিল আৰু মাজে মাজে নীলগাইও আছিল। বনৰীয়া গাহৰিবোৰো সম্পূৰ্ণৰূপে নোহোৱা হৈছে... যেতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে কাইলৈ মোক সুধিব – 'অৰণ্যত কিয় একো নাই? হাবিত গছ-গছনি, পশু-পক্ষী আছিলনে? তেওঁলোকৰ বাবে আমাৰ ওচৰত কোনো উত্তৰ নাথাকিব।"

Maniram's flute workshop in the forests of Abhujhmad (Orchha).
PHOTO • Priti David
Forest produce traded at the haats in Chhattisgarh is becoming scarce, he says. 'The jungle used to be filled with big trees... There are no big trees anymore. It is going to be difficult to continue making swinging flutes'
PHOTO • Priti David

বাওঁফালে: অভূজমাদৰ (অৰ্চ্চা) অৰণ্যত মণিৰামৰ বাঁহীৰ কৰ্মশালা। সোঁফালে: ছত্তীশগড়ৰ হাটত ব্যৱসায় কৰা বনজাত সামগ্ৰী দুৰ্লভ হৈ পৰিছে৷ তেওঁ কয়: 'হাবিখন ডাঙৰ ডাঙৰ গছেৰে এসময়ত ভৰি আছিল... এতিয়া আৰু কোনো ডাঙৰ গছ নাই। দুলি থকা বাঁহী তৈয়াৰ কৰি থকাটো অনাগত সময়ত বৰ কঠিন হ'ব'

অনুবাদ: দেৱাংগ পল্লৱ শইকীয়া

Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Translator : Devanga Pallav Saikia

Devanga Pallav Saikia is a post-graduate in English Literature. Having a deep interest in creative writing he writes short stories and essays in both Assamese and English. Till date he has published two books of short stories in Assamese.

की अन्य स्टोरी Devanga Pallav Saikia