তেওঁৰ তেতিয়া বয়স ১৭ বছৰ, কড্ডাল’ৰৰ মাছমৰীয়াৰ জাহজঘাটত তেওঁ তেতিয়াই বেপাৰত ধৰিছিল। ব্যৱসায় আৰম্ভ কৰাৰ বাবে মূলধন আছিল মাকৰ হাতৰ পৰা পোৱা ১,৮০০ টকা। সেই ভেনিৰে এতিয়া বয়স ৬২ বছৰ; জাহাজঘাটৰ তেওঁ এগৰাকী সফল নিলামদাৰ আৰু বিক্ৰেতা। অতিশয় কষ্টৰ মাজেৰে নিজে সজা ঘৰটোক লৈ তেওঁ গৌৰৱান্বিত, সেই একেই কষ্টৰে ইটোৰ পিছত সিটো খোজ দি তেওঁ নিজৰ ব্যৱসায় গঢ়িছে।

মদাহী গিৰিয়েকে এৰি যোৱাৰ পিছত ভেনিয়ে অকলেই চাৰিটাকৈ সন্তান তুলি-তালি ডাঙৰ দীঘল কৰিছে। তেওঁৰ দৈনিক আয় একেবাৰে কম আছিল, কোনোমতে পেটে-ভাতে খাই জীয়াই আছিল। মাছ ধৰাৰ ৰিং চেইন পদ্ধতি অহাৰ পিছত তেওঁ লাখৰ ঘাইত টকা ধাৰ কৰি আনি নাৱত খটুৱালে। বিনিয়োগৰ টকাৰ পৰা অহা লাভেৰে সন্তানক পঢ়ুৱালে আৰু ঘৰো সাজিলে।

নব্বৈৰ দশকৰ শেষৰফালে ক’ড্ডালৰ উপকূলত মাছ ধৰাৰ ৰিং চেইন পদ্ধতিৰ প্ৰচলন বেছিকৈ হ’বলৈ ধৰে। কিন্তু ২০০৪ৰ চুনামিৰ পিছত এই পদ্ধতিৰ ব্যৱহাৰ হঠাৎ বাঢ়ি যায়। ৰিং চেইন পদ্ধতিত ঘেৰাও কৰি মাছ ধৰা কৌশলেৰে চাৰ্দিন, মেকৰল আৰু এংকভি আদি সামুদ্ৰিক মাছৰ জাক ধৰা হয়।

ভিডিঅ চাওকঃ কঠোৰ পৰিশ্ৰমৰ বলত আজি এইখিনি পাইছো

শকত মূলধনৰ প্ৰয়োজনীয়তা আৰু শ্ৰমৰ চাহিদাই ক্ষুদ্ৰ মাছমৰীয়াসকলক সমবায় ভিত্তিত কাম কৰিবলৈ শিকাইছে, তাত ব্যয় আৰু মুনাফা ভগাই লোৱা হয়। এই পদ্ধতিৰেই কাম কৰি ভেনিয়ে বিনিয়োগকাৰী হৈছিল আৰু ব্যৱসায় বঢ়াইছিল। ৰিং চেইন নাৱে মহিলাসকলৰ বাবে নিলামদাৰ, বিক্ৰেতা আৰু মাছ শুকাওতা হিচাপে সুযোগ-সুবিধাৰ বাট মুকলি কৰি দিছিল। “সমাজত মোৰ মৰ্য্যাদ বাঢ়িল, ৰিং চেইন ব্যৱস্থালৈ ধন্যবাদ দিব লাগিব,” ভেনিয়ে কয়। “মই সাহসী মহিলা হৈ পৰিলো আৰু আগুৱাই আহিলো।”

নাও বুলি ক’লে সাধাৰণতে তাত পুৰুষৰে দখল। সেয়ে ঘাটত নাও চপোৱাৰ লগে লগে বাকী কামৰ ক্ষেত্ৰত মহিলাৰ পাল পৰে। ধৰা মাছখিনি নিলাম কৰাৰ পৰা ধৰি বিক্ৰি কৰা, মাছবোৰ বাছা-কটা কৰাকে ধৰি অৱশেষখিনি নিষ্পত্তি কৰা, বৰফ-চাহৰ পৰা আৰম্ভ কৰি ৰন্ধা খাদ্যবস্তু বিক্ৰীলৈকে তেওঁলোকে দায়িত্ব লয়। মাছমৰীয়া মহিলা বুলি ক’লে কেৱল মাছ বিক্ৰেতাই নাথাকে, বিক্ৰেতাৰ সৈতে অংশীদাৰ হিচাপে কাম কৰা, গোটেই কাৰবাৰটো পৰিচালনাৰ দৰে কামবোৰতো মহিলাৰ সংখ্যা সমানেই।

ভিডিঅ চাওকঃ ক ড্ডালৰত মাছৰ নিলাম

ভেনিৰ দৰে মহিলা, আনকি ভানুৰ দৰে কম বয়সৰ মহিলাই কৰা উপাৰ্জনৰ ওপৰতে এখন এখন ঘৰ চলে। কিন্তু তেওঁলোকৰ কামক মানুহে সন্মান নিদিয়ে আৰু সমাজত এই কাম কৰা মহিলাৰ মৰ্য্যাদা নাই বুলি তেওঁলোকে অনুভৱ কৰে। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ যি অৰিহণা, সেয়া উপেক্ষা কৰা হয়।

২০১৮ত তামিলনাডু চৰকাৰে ৰিং চেইন গিয়েৰেৰে মাছ মৰা নিষেধ কৰে। এনে পদ্ধতিত মাছৰ পোনাকে ধৰি অত্যধিক হাৰত মাছ ধৰা আৰু সামুদ্ৰিক পৰিৱেশ ই বিনষ্ট কৰা বুলি চৰকাৰে কয়। এই নিষেধাজ্ঞাৰ ফলত ভেনিৰ লগতে তেওঁৰ দৰে বহু মহিলাৰ পেটৰ ভাতমুঠিৰ বাট মৰে। এতিয়া তেওঁৰ উপাৰ্জন এদিনত ১ লাখ টকাৰ পৰা টুটি আহি ৮০০-১,২০০ টকা হৈ পৰিছে। “ৰিং চেইন পদ্ধতি নিষেধ কৰি দিয়াত মোৰ প্ৰায় ১ কোটি টকা লোকচান হৈছে,” ভেনিয়ে কয়। “কেৱল ময়েই নহয়, লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে।"

ইয়াৰ মাজতো কঠিন সময়ত মহিলাসকলে ইজনে-সিজনক সহায় কৰি হাতে হাত ধৰি কাম কৰি গৈছে। সাহস নেহেৰুৱাই একাত্মবোধৰ পৰিচয়েৰে আগবাঢ়িছে।

ভেনিক লৈ এই ফিল্মখন তাৰা লৰেন্স আৰু নিক’লাচ বুটৰ সহযোগিতাত লিখা হৈছে।

পঢ়ি চাব পাৰে: মাছৰ বাকলি-ফিছা বিক্ৰীৰে পেট পোহা পুলিৰ জীৱন

অনুবাদ: পংকজ দাস

Nitya Rao

नित्या राव, यूके के नॉर्विच में स्थित यूनिवर्सिटी ऑफ़ ईस्ट एंग्लिया में जेंडर ऐंड डेवेलपमेंट की प्रोफ़ेसर हैं. वह महिलाओं के अधिकारों, रोज़गार, और शिक्षा के क्षेत्र में शोधकर्ता, शिक्षक, और एक्टिविस्ट के तौर पर तीन दशकों से अधिक समय से बड़े पैमाने पर काम करती रही हैं.

की अन्य स्टोरी Nitya Rao
Alessandra Silver

एलेसेंड्रा सिल्वर, इटली में जन्मीं फ़िल्मकार हैं और फ़िलहाल पुडुचेरी के ऑरोविल में रहती हैं. अपने फ़िल्म-निर्माण और अफ़्रीका पर आधारित फ़ोटो रिपोतार्ज़ के लिए उन्हें अनेक सम्मान व पुरस्कार मिल चुके हैं.

की अन्य स्टोरी Alessandra Silver
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das