নেলী তেজেৰ ৰাঙলী হৈ পৰা দিনটো আছিল ১৮ ফেব্ৰুৱাৰী, ১৯৮৩ চন। ৰছিদা বেগমৰ বয়স আছিল তেতিয়া মাত্ৰ আঠ বছৰ। “সিহঁতে আমাক সকলো ফালৰ পৰা ঘেৰি ধৰি এটা দিশে খেদি নিছিল। কাঁড় মাৰিছিল, কিছুমানৰ হাতত বন্দুকো আছিল। তেনেকৈ সিহঁতে মানুহ মাৰিছিল। কিছুমানৰ গল কটা গৈছিল, কিছুমানক বুকুতে আঘাত হনা হৈছিল,” তেওঁ মনত পেলায়।

সেইদিনা ছঘণ্টাৰ ভিতৰতে বংগমূলীয় হাজাৰ হাজাৰ মুছলমান লোকক মধ্য অসমৰ মৰিগাওঁ জিলাত হত্যা কৰা হৈছিল। গুৰুতৰভাবে ক্ষতিগ্ৰস্ত হোৱা গাওঁকেইখন আছিল আলিশিংগা, বসুন্ধাৰি জালাহ, বৰবৰি, ভুগডুবা বিল, ভুগডুবা হাবি, খোলাপথাৰ, মাটিপৰ্বত, মুলাধাৰি, নেলী আৰু শিলভেটা। চৰকাৰী তথ্য অনুযায়ী মৃতকৰ সংখ্যা প্ৰায় ২,০০০; কিন্তু বেচৰকাৰী তথ্য মতে প্ৰায় ৩ৰ পৰা ৪ হাজাৰ লোক সেই গণহত্যাৰ বলি হৈছিল।

ৰছিদা, ঘৰত যাক ৰুমী বুলিও মাতে, তেওঁ বাচি গ’ল। কিন্তু চকুৰ আগত দেখিলে কেনেকৈ তাইৰ চাৰি ভনীক হত্যা কৰা হ’ল আৰু মাকে গুৰুতৰভাবে আঘাত পালে। “সিহঁতে মোক শেল এপাতেৰে আক্ৰমণ কৰিছিল, কঁকালত গুলিয়াইছিল। ভৰিৰ মঙহ ফালি গুলি এটা ওলাই গৈছিল,” তেওঁ মনত পেলালে।

১৯৭৯ৰ পৰা ১৯৮৫লৈ অসমত বিদেশী খেদা আন্দোলনৰ উত্থানৰ সময়ত সংঘটিত হোৱা গোষ্ঠীসংঘৰ্ষ তুগংত উঠাৰ সময়তে এই গণহত্যা হৈছিল। আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু মিত্ৰজোঁট বন্ধা সংগঠনসমূহে। তেওঁলোকৰ দাবী আছিল ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণ আৰু ভোটাৰ তালিকাৰ পৰা সেইসকলৰ নাম আঁতৰোৱা।

ভিডিঅ’টো চাওক: ইতিহাস আৰু নিজৰ সৈতে মুখামুখি: ৰছিদা বেগমে নেলীৰ গণহত্যাৰ অভিজ্ঞতা সুঁৱৰিছে

আছু আৰু একাংশ সাধাৰণ জনতাৰ প্ৰতিৰোধ স্বত্ত্বেও ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ১৯৮৩ৰ ফেব্ৰুৱাৰীত অসমত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰিছিল। ইফালে আছুৱে নিৰ্বাচন বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু বংগমূলৰ মুছলমানসকলে ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদান কৰে। সম্প্ৰদায়টোক বিদেশী আখ্যা দিয়া হৈছিল আৰু শাৰীৰিক আৰু মানসিক দুয়োফালৰ পৰা তেওঁলোক অত্যাচাৰৰ সন্মুখীন হৈছিল। তেওঁলোকে ভোটদানৰ যোগেদি ভাৰতীয় নাগৰিকত্বৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছিল। কিন্তু ইয়েই ১৮ ফেব্ৰুৱাৰীৰ দিনা গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাতৰ তাৎক্ষণিক কাৰণ বুলি বিশ্বাস কৰা হয়।

“এসময়ত মই বিদেশী বিতাড়নৰ আন্দোলনত ভাগ লৈছিলো। মই তেতিয়া সৰু আছিলো আৰু এইবোৰ কথা ভালদৰে জনা নাছিলো। কিন্তু মোৰ নাম এন.আৰ.চি.ত নথকা কাৰণে সিহঁতে মোক বিদেশী সজাইছে,” ৰুমীয়ে কয়। ৰুমীও সেই ১৯ লাখ লোকৰ মাজৰ এগৰাকী, যাৰ নাম ২০১৫ আৰু ২০১৯ত উন্নীত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন.আৰ.চি.)ত নাই। “মোৰ মা, দেউতা, ভাই-ভনীৰ নাম তাত আছে। মোৰ স্বামীৰ নাম আৰু সন্তানৰ নামো তাত আছে। তেনেস্থলত মোৰ নামটো কিয় নাই?” ৰুমীয়ে প্ৰশ্ন কৰে।

বংগমূলৰ মুছলমান আৰু কিছুক্ষেত্ৰত বঙালী হিন্দুৰ নাগৰিকত্বৰ ওপৰত সন্দেহৰ ধাৰণা বহুদশক পুৰণি আৰু ব্ৰিটিছ ঔপনিৱেশিক কাল তথা দেশ বিভাজনৰ সময়তে ইয়াৰ সূচনা হৈছিল। আঠ বছৰ বয়সত ৰুমী যি প্ৰশ্নৰ সন্মুখীন হৈছিল, আজিও সেই একেটা প্ৰশ্নৰেই ৰুমী সন্মুখীন হ’বলগীয়া হয়।

এই ভিডিঅ’টো সুবাশ্ৰী কৃষ্ণনৰ দ্বাৰা প্ৰস্তুত কৰা ‘ইতিহাস আৰু নিজৰ সৈতে মুখামুখি’ শীৰ্ষক প্ৰকল্পৰ এটা অংশ। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সহযোগিতাৰে ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টচ-য়ে তেওঁলোকৰ আৰ্কাইভচ্ এণ্ড মিউজিয়ামচ প্ৰগ্ৰামৰ অধীনত এই আধাৰ প্ৰকল্প ৰূপায়ণ কৰিছে। গইথে-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱন নতুন দিল্লীৰ আংশিক পৃষ্ঠপোষকতাৰ বাবে এই প্ৰকল্পৰ ৰূপায়ন সম্ভৱ হৈছে। শ্বেৰ-গিল সুন্দৰম আৰ্টচ ফাউণ্ডেচনেও এই প্ৰকল্পলৈ সমৰ্থন আগবঢ়াইছে।

অনুবাদ: পংকজ দাস

Subasri Krishnan

सुबश्री कृष्णन एक फिल्मकार हैं, जो अपने काम के ज़रिए नागरिकता से जुड़े सवालों को उठाती हैं और उसके लिए वह लोगों की स्मृतियों, प्रवास से जुड़ी कहानियों और आधिकारिक पहचान से जुड़े दस्तावेज़ों की सहायता लेती हैं. उनका प्रोजेक्ट 'फेसिंग हिस्ट्री एंड ऑवरसेल्फ' असम राज्य में इसी तरह के मुद्दों की पड़ताल करता है. वह वर्तमान में जामिया मिलिया इस्लामिया, नई दिल्ली के ए. जे. के. मास कम्युनिकेशन रिसर्च सेंटर में पीएचडी कर रही हैं.

की अन्य स्टोरी Subasri Krishnan
Text Editor : Vinutha Mallya

विनुता माल्या पेशे से पत्रकार और संपादक हैं. वह पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया की एडिटोरियल चीफ़ रह चुकी हैं.

की अन्य स्टोरी Vinutha Mallya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das