“মালিকক মই ২৫ হাজাৰ টকা দিবলৈ আছো। এইখিনি ধাৰ নমৰাকৈ মই আধিয়াৰ খেতি এৰিব নোৱাৰো,” ৰবেন্দ্ৰ সিং বৰগাহিয়ে কয়। “এৰি দিলে মালিকে প্ৰতিশ্ৰুতি ভংগ কৰা বুলি ভাবিব।”

ৰবেন্দ্ৰৰ ঘৰ মধ্যপ্ৰদেশৰ মুগৱাৰি গাঁৱত। তাত তেওঁ আধিয়াৰ খেতিয়ক হিচাপে প্ৰায় ২০ বছৰ কাম কৰি আহিছে। আধিয়াৰ খেতি হৈছে মৌখিক চুক্তিৰ ভিত্তিত কৰা এক পাৰম্পৰিক খেতি পদ্ধতি। মধ্যপ্ৰদেশৰ সিধি আৰু আশে-পাশে থকা জিলাবোৰত, ঘাইকৈ বিন্ধ্য অঞ্চলত মালিক আৰু আধিয়াৰ খেতিয়কে খেতিৰ ব্যয় সমানে বহন কৰে আৰু উৎপাদিত শস্য সমানে ভগাই লয়।

আঠ একৰ মাটিত ৰবেন্দ্ৰ আৰু তেওঁৰ পত্নী মমতাই ধান, ঘেঁহু, সৰিয়হ, মগুমাহ আৰু ৰহৰ দাইলৰ খেতি কৰে। কিন্তু আধিয়াৰ খেতি কৰা তেওঁলোকৰ পৰিয়ালটো খেতিৰ পৰা পোৱা শস্যৰে নচলে।

এই মৌখিক চুক্তি, যিটোৰ নিয়মবোৰ ভাৰতৰ ভিন্ন স্থানত ভিন্ন, মাটিৰ মালিকে কি শস্যৰ খেতি কৰিব তাকে ধৰি খেতি সন্দৰ্ভত সকলো সিদ্ধান্ত লয়। কিন্তু যদি অতিপাত শীত, আবতৰীয়া বৰষুণ, শিলবৰষুণ আদিৰ কাৰণে শস্য নষ্ট হৈ যায়, তেতিয়া ৰাজ্য বা বীমা কোম্পানীৰ পৰা মাটিৰ মালিকেহে ক্ষতিপূৰণ পায়, আধিয়াৰ খেতি কৰাজনে একো সাহায্য বা ক্ষতিপূৰণ লাভ নকৰে।

PHOTO • Anil Kumar Tiwari

‘মোৰ গোটেই পৰিয়ালটোৱে কাম কৰে (খেতিপথাৰত), কিন্তু উপাৰ্জন কোনোদিনে নাটে,’ ৰবেন্দ্ৰই (সেউজীয়া পোচাকত) কয়। তেওঁৰ পত্নী মমতা আৰু দুই পুত্ৰ অনুজ আৰু বিবেকে গ্ৰীষ্মকালত শুকোৱা আম বিক্ৰী কৰে

এনে ব্যৱস্থাই আধিয়াৰ খেতিয়কসকলক সদায় বিপদত পেলায়, অধ্যয়নত কোৱা হৈছে। তাৰোপৰি আনুষ্ঠানিক ঋণ, বীমা বা আন সুবিধা-সেৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। প্ৰায়ে আধিয়াৰ খেতিয়কে টকা ধাৰে ল’বলগা হয়, তাতে আকৌ একেজন মাটিৰ মালিকৰ পৰা। ধাৰ মানে অহাবাৰৰ খেতিৰ বাবে প্ৰয়োজন হোৱা টকাখিনি।

“মোৰ গোটেই পৰিয়ালটোৱে কাম কৰে, কিন্তু উপাৰ্জন তথাপিও সিমান নহয়,” অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত বৰগাহি সম্প্ৰদায়ৰ ৪০ বছৰ বয়সীয়া ৰবেন্দ্ৰ (প্ৰচ্ছদ আলোকচিত্ৰৰ ওপৰত নেপথ্যত থকাগৰাকী)য়ে কয়। তেওঁৰ পুত্ৰ ১২ বছৰীয়া বিবেক আৰু ১০ বছৰীয়া অনুজে পথাৰত বন নিৰোৱা কাম কৰে। “অকলে খেতিখন চম্ভালিব নোৱাৰি,” তেওঁ কয়, “যোৱাবছৰ খেতিত ১৫,০০০ টকা খৰছ হ’ল, কিন্তু পালো মুঠে ১০,০০০।” ২০১৯ত ৰবি শস্যৰ দিনত তেওঁ ধানৰ খেতি কৰিছিল, খাৰিফ শস্যৰ সময়ত কৰিছিল মগুমাহৰ খেতি। তেওঁলোকে নিজে খাবৰ বাবে এটা অংশ ৰাখে আৰু বাকীখিনি বিক্ৰী কৰে।

পৰিয়ালটোৰ এডাল আমৰ গছ আছে, ঘৰৰ কাষতে। মমতা আৰু তেওঁৰ ল’ৰাদুটাই মে’ৰ পৰা জুলাই মাহলৈ গ্ৰীষ্মকালত দুই কিলোমিটাৰ দূৰত থকা কুচৱাহি গাঁৱৰ বজাৰত আমাহাৰি (শুকোৱা আম, আচাৰ বা পাউডাৰ বনোৱাত ব্যৱহাৰ কৰা হয়) বিক্ৰী কৰে। বিবেক আৰু অৰ্জুনে গাঁৱত সৰা আমো বিচাৰি ফুৰে। “আমি সেয়া প্ৰতিকিলোত পাঁচ টকা দৰত বিক্ৰী কৰোঁ, গ্ৰীষ্মকালত তেনেকৈ আমি ১,০০০ৰ পৰা ১,৫০০ বিক্ৰী কৰোঁ,” ৩৮ বছৰীয়া মমতাই কয়। “এই বছৰ আম বিক্ৰী কৰি আমি অলপ পিন্ধা কাপোৰ কিনিব পাৰিম।”

‘চৰকাৰৰ পৰা ক্ষতিপূৰণ পোৱা বুলি জানিব পাৰি মই মালিকক মোৰ ভাগটো বিচাৰিলো, কিন্তু তেওঁ নিদিলে,’ জংগালি সন্ধিয়াই কয়

চাওক: ‘শস্য নষ্ট হ’লে আমাৰ ধাৰ লাগে’

শস্যচক্ৰৰ মাজৰ সময়খিনিত, মে’ আৰু জুন মাহত ৰবেন্দ্ৰই দিনহাজিৰাও কৰে। “আমি (ভূমিহীন কৃষকে) এইখিনি সময়ত ভগা বেৰ আৰু চালি (মুগৱাৰি গাঁৱৰ) মেৰামতিৰ কাম কৰোঁ। তেনেকৈ এইটো বছৰত মই ১০ৰ পৰা ১২ হাজাৰ টকা পাম,” জুনৰ মাজভাগত কথা পাতোতে ৰবেন্দ্ৰই মোক কৈছিল। “মালিকৰ ধাৰ পৰিশোধ কৰাত এইখিনি টকা কামত আহিব,” তেওঁ আগৰবাৰ খেতি কৰোঁতে মালিকে পানী, বীজ, বিদ্যুৎ আৰু আন ব্যয় বহন কৰিছিল, তেতিয়াই লগা ধাৰৰ প্ৰসংগ উলিয়াই তেওঁ কয়।

“শস্য নষ্ট হ’লে আমাৰ হাতত একো নাথাকে.” এইবছৰ ফেব্ৰুৱাৰীত পালা শীতে কেনেকৈ তেওঁৰ ৰহৰ খেতিখিনি কেনেকৈ নষ্ট কৰি পেলাইছিল, তাৰে প্ৰসংগত মুগৱাৰিৰে আধিয়াৰ খেতিয়ক ৪৫ বছৰ বয়সীয়া জংগালিয়ে কয়। “মালিকে চৰকাৰৰ পৰা ক্ষতিপূৰণ পোৱা বুলি খবৰ পাই মই তেওঁক মোৰ ভাগটো বিচাৰিলো, কিন্তু তেওঁ নিদিলে। মালিকে ক’লে যে তেওঁ যিহেতু মাটিৰ মালিক, গতিকে গোটেইখিনি পইচা তেওঁৰ প্ৰাপ্য।” ক্ষতিপূৰণ হিচাপে মালিকে কিমান পাইছে সেয়া জংগালিয়ে নাজানিছিল। তেওঁ নিজৰ যি ৬০০০ মান টকা লোকচান হ’ল, সেইখিনি তেওঁ গাঁৱত দিনহাজিৰাৰ কাম কৰি পুৰণ কৰাৰ চেষ্টা কৰিলে। তেওঁৰ দুই পুত্ৰ সিধি চহৰত ইটাৰ ভাতীত কাম কৰে আৰু ঘৰলৈ পইচা পঠিয়ায়।

যাহওঁক, সিধি ব্লকৰ গোপদ বানস টেহচিলৰ, য’ত মুগৱাৰি গাওঁখন অৱস্থিত, তাৰে টেহচিলদাৰ লক্ষ্মীকান্ত মিশ্ৰাই কয় যে ক্ষতিপূৰণ খেতিয়কৰ বাবে উপলব্ধ। “ বাটাইদাৰ (আধিয়াৰ) খেতিয়কে (শস্যৰ ক্ষতিৰ বাবদ) ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণ পায়,” তেওঁ কয়। “যদিহে ভূস্বামীয়ে (মাটিৰ মালিকে) নিজকে আধিয়াৰ খেতিয়ক বুলি দেখুৱায়।”

Ravendra (left), Jangaali (right) and other tenant farmers also work as a daily wage labourers between cropping cycles
PHOTO • Anil Kumar Tiwari
Ravendra (left), Jangaali (right) and other tenant farmers also work as a daily wage labourers between cropping cycles
PHOTO • Anil Kumar Tiwari

ৰবেন্দ্ৰ (বাওঁফালে), জংগালি (সোঁফালে) আৰু আন আধিয়াৰ খেতিয়কে শস্যচক্ৰৰ মাজৰ সময়চোৱাত দিনহাজিৰা কৰে

তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ ২০১৪ৰ এখন বিজ্ঞপ্তি ৰাজস্ব পুস্তক পৰিপত্ৰ ৬-৪ ৰ কথা কৈছে, তাত শস্যৰ ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা কৃষকে কেনেদৰে আৰ্থিক সাহায্য লাভ কৰিব পাৰে, সেয়া নিৰ্দিষ্ট কৰা আছে। এই নিয়ম অনুযায়ী মাটিৰ মালিকে টেহচিলদাৰৰ অফিছত তেওঁৰ শস্যৰ ক্ষতিৰ বিষয়ে তথ্য দাখিল কৰিব লাগিব। মাটিৰ মালিকে যদি আধিয়াৰ খেতি কৰা বুলি সংশ্লিষ্ট নথি দাখিল কৰে,  তেতিয়া আধিয়াৰ খেতিয়কজনেও ক্ষতিপূৰণ পাব পাৰে। বিজ্ঞপ্তিখনত এই কথাৰ উল্লেখ নাই যদিও এয়া প্ৰচলিত নিয়ম বুলি তেওঁ কয়।

“সিধিত প্ৰায় ২০ হাজাৰ আধিয়াৰ খেতিয়ক আছে যিয়ে ক্ষতিপূৰণ পায়, কিন্তু এক লাখৰো অধিক খেতিয়কে এই ক্ষতিপূৰণ নাপায়,” মিশ্ৰাই কয়। “আধিয়াৰ হৈছে এক বুজাবুজিৰ চুক্তি, আমি মাটিৰ গৰাকীক আধিয়াৰ খেতি কৰা বুলি লিখিবলৈ বাধ্য কৰাব নোৱাৰোঁ। তেওঁলোকে তেনেকৈ ঘোষণা কৰিব লাগিব বুলি আইনৰ ফালৰ পৰা বাধ্য নহয়।”

যাহওঁক, মধ্যপ্ৰদেশ ভূমিস্বামী এৱম বটাইদাৰ কে হিতো কা সংৰক্ষণ বিধেয়ক, ২০১৬ য়ে প্ৰাকৃতিক বা আন কাৰণত শস্যৰ ক্ষতি হ’লে ৰাজ্য বা বীমা কোম্পানীৰ পৰা মাটিৰ গৰাকী আৰু বটাইদাৰ দুয়োপক্ষক তেওঁলোকৰ চুক্তি অনুযায়ী ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিছে। আইনখনত বটাই (আধিয়াৰ)ৰ কাৰণে এখন আৰ্হিপ্ৰপত্ৰও দিয়া আছে।

এইখন আইনৰ কথা সোধোতে জানিব পাৰিলো যে সিধি জিলাৰ কৃষকতো বাদেই, টেহচিলদাৰ লক্ষ্মীকান্ত মিশ্ৰাইও এইখনৰ বিষয়ে একো ভুকে নাপায়।

“বীজ সিচাৰ পৰা শস্য চপোৱালৈকে আমি সকলোখিনি কৰোঁ, কিন্তু ঋতুৰ শেষত আমাৰ হাতত একো নাবাচে,” জংগালিয়ে কয়। ইমান লোকচান হৈ থকা স্বত্ত্বেও কিয় তেওঁ আধিয়াৰ খেতি কৰি থাকে? উত্তৰত তেওঁ কয়, “খেতিৰেই আমি জীৱিকা আৰ্জো, খেতি নাথাকিলে আমি ভোকত মৰিম। মালিকৰ লগত কাজিয়া কৰিলে ক’লৈ যাম?”

অনুবাদ: পংকজ দাস

Anil Kumar Tiwari

अनिल कुमार तिवारी मध्य प्रदेश के सीधी क़स्बे में स्थित एक पत्रकार हैं। वह भारतीय पत्रकारिता एवं न्यू मीडिया संस्थान, बेंगलुरु के हालिया स्नातक हैं।

की अन्य स्टोरी Anil Kumar Tiwari
Priyansh Verma

प्रियांश वर्मा गुड़गांव स्थित एक स्वतंत्र पत्रकार हैं। वह भारतीय पत्रकारिता एवं न्यू मीडिया, बेंगलुरु के हालिया स्नातक हैं।

की अन्य स्टोरी Priyansh Verma
Editors : Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Editors : Oorna Raut

Oorna Raut is Research Editor at the People’s Archive of Rural India.

की अन्य स्टोरी Oorna Raut
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das