চাহাৰাই মৰাপাটবোৰ এৰুওৱা কামটো শেষ কৰিবলৈ লৈছে আৰু... তেনেতে কণমানি মুনিয়াই তেওঁক প্ৰশ্ন কৰে, “আম্মি, স্কুল কেতিয়া খুলিব?” এইকেইদিন তেওঁৰ ১০ ডেচিমেল মাটিখিনিত ব্যস্ততা বাঢ়িছে। মুনিয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁৰ হাতত সময় নাই।

“স্কুল খোলা কিয় নাই আম্মি…!” কণমানিজনীয়ে প্ৰশ্ন কৰিবলৈ পিছে এৰা নাই। বাৰে বাৰে ফেনেকি ফেনেকি একেটা প্ৰশ্নকে কৰি থকাত ইফালে গৰমত ৰঙা-চিঙা পৰা চাহাৰাই ক’লে, “ দেখিচ না কি গৰম (ইমান গৰম পৰিছে, দেখা নাই? আঠ মাহ ধৰি বৰষুণ নাই।”

“সিহঁতে এচি কিয় নলগায়?” মুনিয়াৰ প্ৰশ্নৰ শেষ নাই।

“চৰকাৰৰ সিমান পইচা নাই নহয়,” প্ৰশ্নৰ উত্তৰ দি দি চাহাৰাৰ ধৈৰ্য্যৰ বান্ধ চিগো চিগো হৈছে।

“তেনেহ’লে বৰোলোক ইংলিছ স্কুলত (ধনী মানুহৰ ল’ৰা-ছোৱালীৱে পঢ়া ইংৰাজী মাধ্যমৰ বিদ্যালয়) কেনেকৈ ইমান এচি লগোৱা থাকে?”

চাহাৰাই কোনো উত্তৰ নিদিলে, তাই পুনৰাই দেহা মাৰি পেলোৱা সেই শ্ৰমত নিজকে নিমজ্জিত কৰিলে। আবেলিলৈকে তাই লাগি থাকিল। আজি অলপ সোনকালে কামখিনি অটাই মুনিয়াক লৈ ঘৰলৈ যাব লাগিব। আজি ভোটদানৰ দিন। চাহাৰাই তেওঁৰ আঠ বছৰীয়া ছোৱালীজনীক লৈ দৌৰাদৌৰিকৈ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোলৈ গ’ল।

“আমি ভোট কিয় দিব লাগে আম্মি?” মুনিয়াৰ মুখত আৰু এটা প্ৰশ্ন। প্ৰশ্নৰ বিষয়বস্তু সলনি হোৱাই চাহাৰাই সামান্য সকাহ পাইছে যদিও দিনটো এনেকৈ কাম কৰি ভাগৰুৱা হৈ পৰা চাহাৰাৰ গাত এতিয়া প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ বল নাই।

“টিভিত সিদিনা শুনিছিলো। ডাঙৰ নেতা এজনে কৈ আছিল, সিহঁতক বোলে মুছলমানৰ ভোট নালাগে! আমি দেখোন মুছলমান আম্মি। আমি কিয় ভোট দিও তেনেহ’লে?”

চাহাৰাই হঠাতে থমকি ৰ’ল আৰু অতি বিৰক্তিৰে ঘোপাকৈ কণমানিজনীলৈ চাই ৰ’ল। মুনিয়াই জানে এনেকৈ চাই থকাৰ অৰ্থ কি। মানে তাইৰ প্ৰশ্নৰ ৰেলগাড়ী ৰখোৱাৰ সময় আহি পৰিল।

প্ৰতিষ্ঠা পাণ্ড্যাই মৌমিতা আলমৰ কবিতাটো আবৃত্তি কৰা শুনক

Indian Election

1. Freebies

Election days make our poverty bare –
Laxmi Bhandar for Muniyaa's mother
Cycle for Muniyya's father.
Free dresses for Muniyya in school.

What does Muniyaa need?
The manifestos never know.

The dilapidated school buildings
now shelter goats.
Rats run amok
on the scaffoldings of factory floors.
Leaders give freebies.
and gobble up our jobs.

2. Language

The leaders play scrabble on the election board.
Time runs fast.
They have a winning concoction at last:
Language sliced into little pieces,
marinated in hatred,
served on platters glazed
for television viewers
and WhatsApp chatters

3. God-crazy

( Hum e vote dijiye
Hum mandir banayenge
Vote for us
We will build Temples)

I see the gods winning…
gods of a certain religion
partisan gods
gods that live in their houses
gods that don't visit our homes
or roam our streets.
Gods that don't know hunger
or inflation or what it means
to want our daughters’ education.

Don't blame me now
for being blasphemous
or an atheist.
I see all the leaders fighting
this battle over gods –
talking to priests not people.
They visit the temples
not worshiping shanties.

They fight over gods –
their gods versus our gods!
Tomorrow, it will be gods’ victory.
Oh, inflation, starvation, poverty!
Oh, democracy!

ভাৰতৰ নিৰ্বাচন

) ফ্ৰীবিজ

নিৰ্বাচনৰ বতৰত এনে লাগে
যেন মূধচৰ পৰা উৰি গুছি গ’ল দৈন্য
লক্ষ্মী ভাণ্ডাৰত মুনিয়াৰ মাকৰ চাউল, দেউতাকৰ চাইকেল
মুনিয়াৰ স্কুলৰ ইউনিফৰ্ম, সকলো হৈ গ’ল ফ্ৰী
পিছে মুনিয়াক লাগেনো কি?
নিৰ্বাচনী ইস্তাহাৰ লিখা মস্তিষ্কই পায় জানো সিমান ঢুকি?

স্কুল নে গোহালি, উৰুখা ছাল,
জলঙাৰে দেখি ইপাৰ-সিপাৰ
কদৰ্য্য পৰিৱেশ
আনফালে ফেক্টৰিৰ মজিয়াত
আঙুলিৰ মাজেৰে ঘুৰি ফুৰে চিকা
নেতাবোৰে খোলে জোলোঙা, দি যায় এটা এটাকৈ ৰঙীন টোপোলা
আৰু আমাৰ জীৱিকা খাই যায়, জীৱন শুহি যায়, কৰি যায় ফোপোলা

) ভাষা

নিৰ্বাচনৰ বতৰত নেতাবোৰে ভাষাক লৈ পাশা খেলে
ৰাতাৰাতি নিৰ্ধাৰিত হয় সিহঁতৰ কুৎসাভৰা ৰণকৌশল
ভাষাবোৰক সিহঁতে ভাগ কৰে, ৰটনাৰে কৰে আপোন-পৰ
অসূয়া-অপ্ৰীতিৰ কুটিল বিন্যাসেৰে সিহঁতে টিভিয়ে-বাতৰিয়ে
হোৱাটচআপে হোৱাটচআপে বিয়পাই দিয়ে বিদ্বেষৰ এক নতুন ভাষা

) ইশ্বৰাত্মিকাবোধ

(আমাক ভোট দিয়ক
আমি বনাম মন্দিৰ)

এজন ইশ্বৰৰ মই জয় দেখিছো
বিশেষ এক ইশ্বৰৰ জয়জয়কাৰ
সেয়া বিভাজনৰ ইশ্বৰ
যি ইশ্বৰে দেখা নাই দুখীয়াৰ হুমুনিয়াহ
যি ইশ্বৰ ধনীৰ চোতালত ৰ’দেৰে উমলে
সেই ইশ্বৰক ৰাস্তাই-ঘাটে ঘুৰি ফুৰা নেদেখে আপুনি
তেনে ইশ্বৰে আমাৰ দৰে দৰিদ্ৰৰ ঘৰত নথয় ভৰি
সেই ইশ্বৰে নাজানে মুদ্ৰাস্ফীতি
নাজানে ভোকৰ জ্বালা
বিভাজনৰ ইশ্বৰে নুবুজে
আমাৰ জীয়ৰীহঁতৰ বাবে পঢ়াশালী মানে কি
সেই ইশ্বৰৰ নিন্দা যদি আজি কৰোঁ
মই যদি নাস্তিকেই হৈ পৰো
মোক নুদুষিব।

কাৰ ইশ্বৰ শ্ৰেষ্ঠ
সেই লৈ সিহঁতে যুঁজ-বাগৰ কৰা দেখিছো,
মানুহৰ পৰিৱৰ্তে মূৰ্তিৰ সৈতে কথা পতা দেখিছো
গাঁৱৰ পৰিৱৰ্তে গোমাতাৰ চৰণত শৰণ লৈ থকা দেখিছো
কাইলৈ যদি সেই ইশ্বৰ জিকি যায়
সেই মুদ্ৰাস্ফীতিৰ ইশ্বৰ
দাৰিদ্ৰ্য, অনাহাৰৰ ইশ্বৰ
কি হ’ব গণতন্ত্ৰ!


অনুবাদ: পংকজ দাস

Poem and Text : Moumita Alam

Moumita Alam is a poet from West Bengal. She has two published collections of poetry – The Musings of the Dark and Poems at Daybreak – to her credit. Her works have been translated in Telugu and Tamil as well.

Other stories by Moumita Alam
Illustration : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das