অন্ধ্ৰপ্ৰদেশ আৰু তেলাংগনাৰ জলকীয়া খেতি চপোৱাৰ সময়ত চুবুৰীয়া ৰাজ্য চত্তীশগড় আৰু ওড়িশাৰ পৰা সীমা পাৰ হৈ কম বয়সীয়া ল’ৰা-ছোৱালীয়ে তাত কাম কৰিবলৈ আহে। সিহঁতে মজুৰিৰ বাবে নাহে, গোটেই বছৰটো জোৰাকৈ জলকীয়া নিবলৈ আহে। এই জাৰ থকা জলকীয়াবিধ গোটাই নিবলৈ সিহঁত ইমানেই আগ্ৰহী যে সিহঁতৰ বহুতেই জলকীয়া চপোৱা এই বৃহৎ উৎসৱত ভাগ ল’বলৈ বুলি স্কুল খতি কৰে, আন দহো কাম-বন কাতি কৰি আহে। পাকঘৰত সকলো সময়তে প্ৰয়োজন হোৱা এই জলকীয়া গোটোৱাৰ এইটোৱে সিহঁতৰ হাতত পোৱা একমাত্ৰ সুযোগ।
পৰিয়ালত ডাঙৰবোৰে সৰুবোৰতকৈ বেছি জলকীয়া খায়, তেওঁলোকৰ বাবে এয়া নিয়মীয়া খাদ্যবস্তুৰ ভিতৰত পৰে। কিন্তু সেই সৰুবোৰেই জলকীয়া গোটোৱা কামটোত আগত থাকে। গোটেই বছৰটো জোৰাকৈ জলকীয়া নিয়া কাম কৰা শ্ৰমিক বলৰ আধাখিনিয়েই সৰু ল’ৰা-ছোৱালী। পৰৱৰ্তীবাৰ খেতি চপোৱাৰ সময়লৈকে জোৰাকৈ তেওঁলোকে জলকীয়া ‘আৰ্জিবলৈ’ সক্ষম হয়। এদিনৰ ১২০ টকা মজুৰিৰ পৰিৱৰ্তে তেওঁলোকে সেইখিনি টকাৰ জলকীয়া ল’বলৈ বেছি ভাল পায়, কিছুমান পৰিয়ালে এনেকৈ আধা কুইণ্টল পৰ্য্যন্ত, কেতিয়াবা এক কুইণ্টল পৰ্য্যন্ত জলকীয়া পায়। এক কিলোগ্ৰামত ১০০ টকাকৈ ধৰিলে এক কুইণ্টলত ১০,০০০ টকাৰ কাম হয়গৈ।
এইখিনি উপাৰ্জন পৰিয়ালবোৰৰ বাবে পইচাৰ ফালৰ পৰাও সুবিধাজনক। এটা পৰিয়ালে এবছৰত ১২ৰ পৰা ২০ কিলোগ্ৰাম জলকীয়া খায়। ৰৈ যোৱাখিনি তেওঁলোকে অতিৰিক্ত উপাৰ্জনৰ বাবে বিক্ৰীও কৰিব পাৰে। পামৰ পৰা চিঙি অনা সতেজ আৰু উত্তম মানৰ জলকীয়া তেওঁলোকে বছৰটো খাব পৰাটোও ই সুনিশ্চিত কৰে।
“আমি গাঁৱৰ পৰা ২০ জন মানুহ আহিছো আৰু আমি ইয়াত তিনি সপ্তাহ থাকিম,” ওড়িশাৰ মলকানগিৰি জিলাৰ গুটুমুৰা গাঁৱৰ উমাশংকৰ পৰিয়ামিয়ে কয়। “আমাৰ সকলোৱে পইচাৰ পৰিৱৰ্তে জলকীয়া বিচাৰে।”





