২০০৫ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰ প্ৰতিযোগিতা এখনত খালী ভৰিৰে দৌৰিবলৈ যোৱা মহাৰাষ্ট্ৰৰ ২৫ বৰ্ষীয় মাৰাথান খেলুৱৈ ললিতাক আয়োজক বৰ্গই অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল। তাকে দেখি ললিতাই তেওঁৰ জন্মভূমি সাতাৰা জিলাৰ এখন স্থানীয় দোকানলৈ গৈ জীৱনৰ প্ৰথমযোৰ জোতা কিনি আনে৷ সতীৰ্থ দৌৰবিদসকলে কোনটো ব্ৰেণ্ডৰ জোতা পিন্ধে, সেই বিষয়ে কোনো ধাৰণা নাছিল কাৰণে ললিতাই নিজৰ পকেট খালী কৰি ১২০০ টকীয়া এযোৰ সাধাৰণ জোতা কিনি আনে।
২০১৪ চনৰ জানুৱাৰী মাহৰ এটা দেওবাৰে অনুষ্ঠিত হোৱা মুম্বাই মাৰাথানত একেৰাহে তৃতীয়বাৰ জয়ী হৈ হেট্ৰিক অৰ্জন কৰা পিচত ললিতাই কৈছিল - “মই আনকি এডিডাচ, পুমা, ৰি-ব’ক আদি কোম্পানীৰ নামেই শুনা নাছিলো। মোৰ জীৱনৰ প্ৰথম জোতাযোৰ পামা নামৰ এটা স্থানীয় কোম্পানীৰ আছিল, সেইযোৰ জোতাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো৷ তাৰ বহুবছৰ পাছতহে মই দৌৰাৰ কাৰণে এই ব্ৰেণ্ডবোৰে বিশেষভাবে প্ৰস্তুত কৰা জোতা কিনিবলৈ লৈছিলো,” সেইবাৰ মাৰাথান সম্পূৰ্ণ কৰিবলৈ তেওঁ সৰ্বমুঠ ২ ঘণ্টা ৫০ মিনিট আৰু ৩১ ছেকেণ্ড সময় লোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলীট হিচাপে এক অভিলেখ ৰচনা কৰে। এই জয়ৰ এদিন পিছত তেওঁলৈ অহা প্ৰতিটো শুভেচ্ছাবাৰ্তা আৰু ফোনকলৰ যথাযথ উত্তৰ অতি ভদ্ৰ আৰু নম্ৰ ভাষাৰে দি ললিতাই নিজৰ অমায়িক চৰিত্ৰৰ পৰিচয় দিছিল৷ ললিতাই সেই মাৰাথানত পুৰস্কাৰ হিচাপে লাভ কৰা পইচাখিনি নিজৰ সৰু ভায়েকটোৰ শিক্ষাৰ নামত খৰচ কৰিবলৈ মনস্থ কৰে৷
মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ খৰাংপীড়িত মান তালুকৰ অৰ্ন্তভুক্ত মোহি গাঁৱৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ললিতাই সৰুৰে পৰাই দুখ-কষ্টৰ মাজেৰে জীৱন কটাইছে৷ পিছে নিজৰ প্ৰতিভাবান কন্যাই ক্ৰীড়া জগতখনৰ উচ্চ শিখৰত উপনীত হোৱাত যাতে কোনোধৰণৰ বাধাৰ সন্মুখীন নহয়, তাৰবাবে ললিতাৰ পিতৃ-মাতৃয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল৷ চাৰিটা সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ ললিতাই কোৱা মতে, “মোক ভোকত নাৰাখিবলৈ যদি মোৰ মা-দেউতাই নিজে এসাজ নোখোৱাকৈও আছিল, সেই বিষয়ে তেওঁলোকে কিন্তু মোক কোনোদিন জানিবলৈ দিয়া নাছিল।”



