লিম্বড়ি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এফালে ফালি যোৱা বাট এটাৰে গৈ ১০-১২ কিলোমিটাৰ দূৰৰ মোটা টিম্বলা গাওঁ ঢুকি পাব পাৰি। গাওঁখনৰ একেবাৰে মুৰত বনকৰবাস বুলি নিৰ্দিষ্ট স্থান এডোখৰ আছে। তাত দলিত শিপিনী সম্প্ৰদায়ৰ লোকসকল থাকে। গলিবোৰ ঠেক, খাপৰেইল লগোৱা সৰু সৰু ঘৰ, মাজে মাজে খেৰৰ চালি দিয়া জুপুৰী। দুই-এটা মানুহৰ কথা উফৰি আহিব, কিন্তু নিৰন্তৰ ছন্দোময় খট্ খট্ শব্দই আপোনাৰ কাণত পৰিব। সেয়া তাঁতশালৰ শব্দ। ভালদৰে উনাই শুনিলে আপুনি তাঁতশালৰ ছন্দোময় শব্দৰ মাজতে সৰু সৰু ফুল বাছি থকা শিপিনীৰ হুমুনিয়াহৰ উমান পাব, সেয়াই যেন ৰেখা বেন ৱাঘেলাৰ জীৱনৰ প্ৰস্তাৱনা।

“অষ্টম শ্ৰেণীত পঢ়িবলৈ লোৱাৰ তিনি মাহমানহে হৈছিল। লিম্বড়িৰ হোষ্টেল এখনত আছিলোঁ, স্কুলৰ প্ৰথমটো পৰীক্ষা দি ঘৰলৈ আহিছিলোঁ। তেতিয়াই মায়ে কৈছিল, মই হেনো আৰু পঢ়িব নালাগে। মোৰ ডাঙৰ ভাই গোপালক কামত সহায় কৰিবলগীয়া আছিল। তেওঁ গ্ৰেজুৱেচন কৰিয়ে কামত ধৰিছিল। আমাৰ ঘৰখনে মোৰ দুই ভাইৰ পঢ়াৰ খৰছ দিব পৰা নাছিল। তেনেকৈয়ে মই পটোলাৰ কাম আৰম্ভ কৰিলো।” ৰেখা বেনৰ কথাবোৰ খাৰাংখাচ। বোধকৰোঁ দাৰিদ্ৰ্যই তেওঁক তেনেদৰে কথা ক’বলৈ বাধ্য কৰাইছে। এতিয়া ৪০ৰ দেওনা পাৰ কৰাৰ উপক্ৰম ঘটা অভিজ্ঞতাৰে তেওঁ গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাৰ মোটা টিম্বলাৰ পাকৈত শিপিনী।

“মোৰ স্বামী মদ্যাসক্ত আছিল, জুৱা খেলিছিল, পান-মচলা, চাধা খাইছিল,” বিয়াৰ পিছৰ জীৱনটোৰ এখিলা পাত লুটিয়াই তেওঁ কয়। সেই অধ্যায়টো সুখকৰ নাছিল। প্ৰায়ে তেওঁ মাকৰ ঘৰলৈ গৈ থাকিছিল। কিন্তু তাইক ফুচুলাই মাকহঁতে পুনৰ গিৰীয়েকৰ ওচৰলৈ পঠিয়াই দিছিল। তেওঁ জুৰুলা হৈ পৰিছিল। কিন্তু সেই কষ্টৰ ভাৰ তেওঁ বৈছিল। “তেওঁৰ চৰিত্ৰ ভাল নাছিল,” ৰেখাবেনে কয়।

“তেওঁ কেতিয়াবা মোক মাৰ-ধৰো কৰিছিল, আনকি পেটত সন্তান থকাৰ পিছতো তেওঁ ৰেহাই পোৱা নাছিল,” তেওঁ কয়। সেই মানসিক আঘাতৰ চিন তেওঁৰ কথাত ধৰা পৰে। “মোৰ ছোৱালী এজনী জন্ম হোৱাৰ পিছত মই তেওঁৰ পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা গম পালো। তেনেকৈয়ে এবছৰ থাকিলো। গোপাল ভাই তেতিয়াই দুৰ্ঘটনা এটাত ঢুকাল (২০১০ত)। তেওঁৰ পটোলা কামবোৰ আধৰুৱা হৈ আছিল। তেওঁক সূতা আদি যোগান ধৰা বেপাৰীজনক গোপাল ভাইয়ে পইচা পৰিশোধ কৰিবলগীয়া আছিল। সেয়ে মই মাহঁতৰ ঘৰত পাঁচমাহ থাকি তেওঁৰ আধৰুৱা কামখিনি শেষ কৰিলোঁ। তাৰপিছত স্বামীয়ে মোক নিবলৈ আহিল,” তেওঁ কয়।

নিজকে সুখী বুলি ফুচুলাই কেবাবছৰো পাৰ হ’ল। তেওঁ নিজৰ দুখ-হতাশাখিনি নিজৰ মাজতে সামৰি কণমানিটোৰ লালন-পালনত মনোনিৱেশ কৰিলে। “শেষত যেতিয়া মোৰ ছোৱালীজনী চাৰে-চাৰিবছৰীয়া হ’ল, মই আৰু অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰি এদিন গুছি আহিলো,” ৰেখা বেনে কয়। মাকৰ ঘৰলৈ আহিলত, তেওঁৰ পটোলা বোৱাৰ যি বিদ্যা আয়ত্ব কৰিছিল, সেয়াই তেওঁৰ জীৱিকা নিৰ্বাহৰ সম্বল হৈ পৰিল। দাৰিদ্ৰ্য আৰু আতিশয্যৰ ফলত ফিচিকি যোৱা তেওঁৰ মনটোক পুনৰাই সী উলিয়াইছিল তেওঁ। সেয়া তেওঁৰ বাবে নতুন এটা জীৱন পোৱাৰ দৰেই আছিল। নিজৰ ভৰিত থিয় দিব পৰা এক জীৱনৰ আৰম্ভণি।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

কৈশোৰ অৱস্থাৰ পৰাই ৰেখা বেনে পটোলা বোৱা আৰম্ভ কৰিছিল। লিম্বড়ি জিলাৰ চাৰিকুৰি বয়সৰ ৰেখা বেনে এতিয়া পুৰুষে দখল কৰি থকা উদ্যোগটোত একমাত্ৰ মহিলা যিয়ে একক আৰু দ্বৈত ইকাত পটোলা বব পাৰে

বহুদিন আগতেই ৰেখা বেনেই লিম্বড়িৰ গাওঁবোৰৰ একমাত্ৰ মহিলা পটোলা শিপিনী হৈ পৰিছিল, যিয়ে আয়াসতে ক’তো আউল নলগোৱাকৈ পটোলাৰ দীঘ-বাণি জুখি নিঁখুতকৈ কাপোৰ বৈ উলিয়াব পাৰে।

“আৰম্ভণিতে দাণ্ডিৰ কামৰ বাবে মই আমাৰ ঘৰৰ সন্মুখৰ মানুহঘৰলৈ গৈছিলো। শিকিবলৈ এমাহ লাগিছিল চাগে,” ৰেখা বেনে কয়। তেওঁ কথা পাতি থকাৰ মাজতে অভিজ্ঞতাই ৰুক্ষ কৰি পেলোৱা তেওঁৰ গাল দুখন মোহাৰিছে, তাঁতশালত কিলাকুটিৰ ভৰত গাটো এৰি দিছে। তেওঁ বৈ থকা কাপোৰখনৰ দীঘ আৰু বাণি এনেকৈ মিলাই কাপোৰ বৈছে যাতে ক’তো দাৰ থাকি নাযায়।

মাকোৰ ভিতৰৰ খালি মহুৰাটো আঁতৰাই আন এটা ভৰাই তেওঁ গৰকা এডাল হেঁচি দিছে, যাতে দীঘৰ তেওঁ বিচৰা সূতাবোৰ উপৰলৈ উঠে আৰু মাকোটো পাৰ হৈ যায়। জাকি উঠোৱাৰ সমানে সমানে তেওঁ এখন হাতেৰে বাণিৰ সূতাৰ চলাচল নিয়ন্ত্ৰণ কৰে, আনখন হাতেৰে দোৰ্পটিখন টানে। ৰেখা বেনে অকলেই পটোলা বোৱে, তেওঁৰ চকু শালত নিবদ্ধ যদিও তাৰ মাজতে তেওঁ তাঁতশালৰ শিল্প আৰু নিজৰ জীৱনৰ কথা কৈ গৈছে।

পাৰম্পৰিকভাবে পটালো বোৱা কামটোত দুজন মানুহ লাগে। “এজনে দাণ্ডিৰ কাম কৰে, সহায়ক হিচাপে শালখনৰ বাওঁফালে বহে, সোঁফালে শিপিনীজন বহে,” তেওঁ বুজাই কয়। দাণ্ডিৰ কাম মানে হৈছে ৰং দি শুকুওৱা সূতাখিনি তাঁতশালত বোওতে সংৰেখিত কৰা। কি ধৰণৰ পটালু বোৱা হ’ব, এয়া তাৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰতিখন শাড়ীত যিমান সময় খৰছ হয়, সেয়া চাই বুজিব পাৰি যে এই কামটো কিমান কঠিন। কিন্তু ৰেখা বেন এই কামটোত ইমানেই পাকৈত যে তেওঁক দেখিলে নালাগে এইটো কষ্টকৰ কাম হ’ব পাৰে। তেওঁৰ দৃষ্টিৰে চালে শিপিনীৰ এই কামটো তেওঁৰ আঙুলি বোলোৱা এক যাদুকৰী যেন সপোন।

“একক ইকাত কৰিলে ডিজাইনটো কেৱল কাপোৰৰ পথালিফালৰ সূতাত থাকে। ডাবল ইকাতত আকৌ দীঘে-বাণিয়ে দুয়োফালে ডিজাইন থাকে,” দুই ধৰণৰ পটোলাৰ পাৰ্থক্য দৰ্শাই তেওঁ কয়।

ডিজাইনৰ পৰাই এই দুইধৰণৰ পটোলাৰ পাৰ্থক্য উলিয়াব পাৰি। ঝালাৱাড়ৰ পটোলাবোৰ একক ইকাতৰ, বেংগালুৰুৰ মিহি ৰেচমী সূতাৰে তৈয়াৰী। আনহাতে পাটানৰ পটোলাবোৰৰ ইকাত দ্বৈত। তাৰে ডাঠ ৰেচমী সূতাবোৰ অসম, ঢাকা আনকি ইয়াত শিপিনীয়ে দাবী কৰা মতে ইংলেণ্ডৰ পৰাও অনা হয়।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

পটোলা বোৱা কামটোত খাটনি বহুত, সময়ো বুজন পৰিমাণৰ ব্যয় হয়। কিন্তু ৰেখা বেন এই কামটোত ইমানেই পাকৈত যে তেওঁক দেখিলে নালাগে এইটো কষ্টকৰ কাম হ’ব পাৰে, তেওঁক দেখি এনে লাগে যেন তেওঁ আঙুলি বোলাই সৰগহে ৰচি আছে

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

পাৰম্পৰিকভাৱে পটোলা বোৱা কামটোত দুজন মানুহ লাগে। এজনে ডিজাইনবোৰ সংৰেখিত কৰাত সহায় কৰে, বাওঁফালে বহে আৰু শিপিনীগৰাকী সোঁফালে বহে। ভৰি দুখন তলৰ গৰকাত থাকে, এখন হাতেৰে বাণিৰ সূতা চম্ভালে, আনখন হাতেৰে দোৰ্পতি টানে। অৱশ্যে ৰেখা বেনে কাপোৰ বোৱা কামটো অকলেই কৰে

ইকাত কৰা কামটো বৰ জটিল। ভাৰতৰ বিভিন্ন প্ৰান্ত যেনে তেলাংগনা, ওড়িশা আদিত শিপিনীয়ে এই পৰম্পৰা অনুসৰণ কৰি আহিছে। কিন্তু গুজৰাটৰ পটোলাক জিআই টেগত বাদে আন এক কাৰণত অনন্য বুলিব পাৰি। সেয়া হৈছে ইয়াৰ সূক্ষ্ম আৰু স্পষ্ট ডিজাইন, লগতে ৰেচমৰ উজ্জ্বলতা। ৰাজকীয় ইতিহাস থকা এই পটোলা বৰ মহঙাও।

পাড়ি পটোলে ভাত , ফাটে পান ফীতে নহী পটোলাৰ ডিজাইনবোৰ, গুজৰাটী প্ৰবাদ অনুসৰি কেতিয়াও উৱলি নাযায়, ফিচিকিলেও নাযায়। পটোলাৰ ডিজাইনৰ কথা ক’বলৈ গ’লে আন এটা দীঘল কাহিনী হ’ব, সেয়া আন এদিনৰ বাবে থোৱা হ’ল।

গিৰিয়েকৰ ঘৰ এৰি অহাৰ পিছৰ দিনবোৰ ৰেখাবেনৰ বাবে উজু বুলিবই পাৰি। বোৱা-কটাৰ কাম এৰি দিয়াৰ বহুদিনেই হৈছিল। সেই কামত পুনৰ অভ্যস্ত হৈ পৰাটো তেওঁৰ বাবে কঠিন আছিল। “মই দুই-তিনিজনৰ সৈতে কথা পাতিছিলো, কিন্তু কোনেও মোৰ কামত ভৰসা কৰিব পৰা নাছিল,” সোমাচাৰৰ জয়ন্তী ভাইয়ে মোক নিৰ্ধাৰিত মজুৰিত ছখন শাড়ী বোৱাৰ কাম দিছিল। কিন্তু মই চাৰি বছৰৰ মূৰত সেই কামত ধৰিছিলো, শাড়ীকেইখনৰ ফিনিচিং আশা কৰা ধৰণে হোৱা নাছিল। তেওঁ মোৰ কাম কেঁচা দেখি পিছত আৰু কাম একেবাৰেই নিদিয়া হ’ল। সদায়েই কিবা অজুহাত দেখুৱাই নাকচ কৰি থাকিল,” ৰেখা বেনে হুমুনিয়াহ এটা কাঢ়ি কয়। মোৰ আকৌ চিন্তা লাগিল, এই হুমুনিয়াহ গৈ তাঁতশালৰ সেই জটিল বিন্যাসত আউল লগাব নেকি বাৰু।

কাৰোবাক সুধিম-নুসুধিম, কৰিম-নকৰিম বুলিয়ে তেওঁৰ ভালেমান দিন পাৰ হ’ল। ইফালে দাৰিদ্ৰৰ ভাৰো তেওঁ বব নোৱাৰা হৈ পৰিল। কামৰ ক্ষেত্ৰত ৰেখা বেনে কেতিয়াও কাৰোবাৰ ওচৰত হাত পাতিব বেয়া নাপালেহেঁতেন, কিন্তু পইচা সাধাৰ ক্ষেত্ৰত তেওঁ সংকোচবোধ কৰিছিল। “পেহীৰ ল’ৰা মনুভাই ৰাথোড়ৰ সৈতে কথা পাতিছিলো, তেওঁ মোক অলপ কাম দিছিল। সেই কাম কৰি হাতখন অলপ বহিছিল। তেওঁ ভালো পালে। মই ডেৰটা বছৰ মজুৰিৰ বিনিময়ত কাপোৰ বোলো। সেয়া একক ইকাতৰ কাম আছিল। মই পটোলা শাড়ী এখন বৈ দিয়াৰ হৈ ৭০০ টকা পাইছিলো,” ৰেখা বেনে কয়। “মোৰ ননদ (গোপাল ভাইৰ পত্নী) আৰু মই একেলগে কাম কৰিছিলোঁ, তেতিয়া আমি তিনিদিনত দুয়ো মিলি এখন শাড়ী বৈ উলিয়াইছিলো।” দিনে প্ৰায় দহ ঘণ্টাৰো অধিক সময় লাগিছিল। আন কামতো সময় গৈছিল।

কিন্তু জীৱনৰ নিৰন্তৰ যুঁজখনত তেওঁ সাহস গোটাবপৰা হৈছিল। “ভাবিছিলো,” দীঘলকৈ উশাহ এটা লৈ তেওঁ কয়, “যে মই নিজাকৈ কাম কৰি মোৰ আৰ্থিক অৱস্থা ভাল কৰিব লাগিব। মই কেঁচামাল আনিলো আৰু বাহিৰত বনোৱা তাঁতশাল এখন অনালো। তাঁতশালখন সাজু হোৱাৰ পিছত মই সূতা কিনি আনি কাপোৰ বোৱা আৰম্ভ কৰিলো।”

“কাৰো অৰ্ডাৰ লোৱা নাছিলো,” ৰেখা বেনে গৌৰৱেৰে কয়। “নিজৰ বাবে পটোলা বোৱা আৰম্ভ কৰিছিলোঁ। আনকি ঘৰৰ পৰা বিক্ৰীও কৰিছিলোঁ। লাহে লাহে উৎপাদন বঢ়ালো।” সেয়া আছিল এক অসাধাৰণ পদক্ষেপ - এক বিপন্ন অৱস্থাৰ পৰা স্বতন্ত্ৰতালৈ এখোজ। তেওঁৰ এটাই অনুশোচনা আছিল - দ্বৈত ইকাতৰ কাপোৰ বোৱা কৌশল তেওঁ আয়ত্ত্ব কৰি নোলোৱাটো।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

পটোলা কাপোৰৰ ডিজাইন চায়েই ধৰিব পাৰি। আগতীয়াকৈ শুকুৱাই লোৱা সূতাৰ ওপৰতে ডিজাইন নিৰ্ভৰ কৰে। একক ইকাতত (ৰেখা বেনে বাওঁফালে বৈ থকাখন) ডিজাইন বাণিত থাকে, আনহাতে দ্বৈত ইকাতত (সোঁফালে) দীঘে-বাণিয়ে ডিজাইন থাকে

“শেষত মই সেই প্ৰশিক্ষণ ল’লো মোৰ ডাঙৰজন মামাৰ পৰা, ডেৰমাহৰ বাবে,” তেওঁ কয়। তেওঁৰ জীয়ৰীজনী তেতিয়া সৰু, চতুৰ্থমানত পঢ়ে। গিৰীয়েকৰ ফালৰ পৰিয়ালৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল আৰু সকলো দায়িত্ব নিজৰ ওপৰতে আহি পৰিছিল। কিন্তু ৰেখা বেন আছিল নাছোৰবান্দা। “মই মোৰ গোটেইখিনি সঞ্চয় ৰেচমী সূতা আৰু কেঁচামাল কিনাত লগালো। মই নিজহাতে ষোল্লখন পটোলা ডিজাইন কৰিলোঁ,” তেওঁ কয়।

“এই কামটোত আপোনাক অতিকমেও তিনিজন মানুহ লাগে। মই আছিলোঁ অকলে। বিবুদ্ধিত পৰিছিলো। কিন্তু নিজকে ক’লো যে এই আটাইখিনি মই নিজেই কৰিব লাগিব। মনটো বান্ধি ল’লো।” অৱশ্যে তেওঁক কেতিয়াবা সহায়ৰ প্ৰয়োজন হ’লে তেওঁৰ আশে-পাশে থকা মানুহখিনিয়ে সহায় কৰি দিছিল। এই ধৰক ইটো খুঁটাৰ পৰা সিটো খুঁটালৈ সূতাখিনি বান্ধি তাত মাড় দিয়া কামটোত। মাড় দিয়া দীঘৰ সূতাখিনি টোলোঠা (গাৰি)ত মেৰিওৱা আৰু তাৰপিছত সেই টোলোঠা আকৌ তাঁতশালত বহুওৱা আৰু তাৰ পিছৰ প্ৰক্ৰিয়াখিনি সঠিককৈ কৰা - এই সকলো কামত চুবুৰীয়াই প্ৰয়োজনত সহায় কৰি দিছিল।

সূতাত মাড় দিয়াটো বৰ জটিল কাৰবাৰ। অলপো যদি অতিৰিক্ত মাড় সূতাত থাকি যায়, তেতিয়া তাঁতশালখনত নিগনি আৰু জেঠী আদি আকৰ্ষিত হ’ব।

“দ্বৈত ইকাত তোলাটো সহজ নাছিল। ভুল হৈছিল। বাণিৰ সূতাৰ দাৰ ৰৈ গৈছিল। আনক মাতি আনি শিকাবলৈ ক’বলগীয়া হৈছিল। এবাৰ মাতিলে কোনো আহিব নিবিচাৰে। কিন্তু মই এৰি দিয়া নাছিলো, বাৰে বাৰে গৈ মাতিবলগীয়া হৈছিল। চাৰি-পাঁচবাৰ। কিন্তু লাহে লাহে সকলো ঠিক হ’ল!” তেওঁৰ হাঁহিটোত সন্তুষ্টি আছে, কিন্তু লগত মিহলি হৈ আছে অনিশ্চয়তা, ভয়, অনিশ্চয়তা, সাহস আৰু নেৰানেপেৰা চেষ্টা। ‘সকলো ঠিক হৈ গ’ল’ মানে বাণিৰ সূতা দীঘৰ সৈতে মিলি যোৱা হ’ল আৰু কাপোৰত আৰ্হিবোৰ সুন্দৰকৈ উঠা হ’ল, যিটো নহ’লে পটালুখন কিনোতাতকৈ বোৱাগৰাকীৰ বাবে বেছি মহঙা হৈ যায়।

আগতে জটিল দ্বৈত ইকাত থকা পটোলা পাটানৰ পৰা আহিছিল। “পাটানৰ শিপিনীয়ে ইংলেণ্ডৰ পৰা ৰেচমী সূতা আনে, আমি বেংগালুৰুৰ পৰা আনো। বহু বেপাৰীয়ে ৰাজকোট আৰু সুৰেন্দ্ৰনগৰৰ পৰা পটোলা কিনে আৰু তাত পাটানৰ মোহৰ মাৰে,” একেখন গাঁৱৰে ৫৮ বৰ্ষীয় শিপিনী বিক্ৰম পাৰমাৰে নিজ অভিজ্ঞতাৰ পৰা কয়।

“সিহঁতে আমাৰ পৰা পঞ্চাশ, ষাঠি, সত্তুৰ হাজাৰ টকাত কিনি নিয়ে, বেচে আকৌ তাতকৈ বহু বেছি দামত। তেওঁলোকে নিজেও বোৱে, কিন্তু এই কামটো সহজ পায়,” বিক্ৰমে কয়। এই গাঁৱৰ আন দুজনমানেও ঝালাৱাড়ৰ সস্তীয়া পটোলাত পাটানৰ মোহৰ মাৰি চহৰত লাখ টকাত বিক্ৰী কৰা কাহিনী আমাক কয়। দীৰ্ঘদিন ধৰি এই কাৰবাৰ চলি আছে।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

ভাই-বোৱাৰী জামানা বেন আৰু জয়সুখ ৱাঘেলা (ৰেখাৰ বেনৰ ডাঙৰ ভায়েক)ৰ সৈতে ৰেখা বেনে হাইড্ৰ’ক্ল’ৰাইডেৰে তছসূতা ব্লিচ্চ কৰিছে আৰু পিছত সেয়া এবিধ ৰঙত ডুবাইছে। সূতা তাঁতশালত উঠাৰ আগেয়ে তাক প্ৰস্তুত কৰাৰ ভালেকেইটা ঢাপ পাৰ হ’বলগীয়া হয়

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

ৰেখাবেনে নতুনকৈ ৰং কৰা দীঘৰ সূতাখিনি দুটা খুঁটাত বান্ধি তাত মাড় দিব। এনে কামত প্ৰয়োজন সাপেক্ষে চুবুৰীয়াই আহি সহায় কৰি দিয়ে

চল্লিচ বছৰ আগতে ৰেখা বেনৰ আগৰ প্ৰজন্মৰ ৭০ বৰ্ষীয় হামিৰ ভাইয়ে লিম্বড়ি তালুকলৈ পটোলা বোৱা শিল্প আনিছিল।

“অৰ্জন ভাইয়ে মোক ভয়বদৰৰ পৰা ৰাজকোটলৈ আনিছিল,” লিম্বড়িৰ কাটাৰিয়া গাঁৱলৈ তেওঁৰ যাত্ৰাৰ বিষয়ে হামিৰ ভাইয়ে কয়। “এমাহ কি দুমাহ মই এটা ফেক্টৰিৰ পৰা আনটোলৈ গৈছিলোঁ। এবাৰ মালিকে সুধিছিল: ‘কি জাতৰ?’ মই ক’লো বনকৰ। কথা সিমানেই। তেওঁ ততালিকে ক’লে ‘কালিৰ পৰা আৰু আহিব নালাগে। তহঁতৰ জাতৰ মানুহ মই ইয়াত কাম কৰিবলৈ দি নোৱাৰোঁ।’ তাৰপিছত মোহন মাকৱানাই মোক পটোলা বোৱা কাম শিকিব মন আছে নেকি সুধিছিল। তেনেকৈয়ে মই দিনে পাঁচ টকাত কাম কৰিবলৈ ল’লো। ছমাহ মই ডিজাইন বনোৱা শিকিলোঁ। তাৰে পিছৰ ছমাহ মই বোৱা কামটো শিকিলো,” তেওঁ কয়। তাৰপিছত তেওঁ কাটাৰিয়ালৈ ঘূৰি আহিল আৰু কাপোৰ বোৱা কাম অব্যাহত ৰাখিলে আৰু বহুতেক শিকালেও।

“যোৱা পঞ্চাচ বছৰ ধৰি কাপোৰ বৈ আছো,” আন এগৰাকী শিপিনী পুঞ্জা ভাই ৱাঘেলাই কয়। “মই চাগে ৩য় মানৰ পৰাই কাপোৰ বোৱা কাম শিকিছো। প্ৰথমে খাদী কাপোৰৰ কাম কৰিছিলো। পটোলা বোৱা পাছত শিকিলো। মোৰ খুৰাই মোক পটোলা বোৱা শিকাইছিল। তেতিয়াৰে পৰা মই এই কাম কৰি আহিছো। আটাইবোৰ ইকাত সাতৰ পৰা আঠ হাজাৰ টকাৰ। আমাৰ পৰিয়ালত আমি স্বামী-স্ত্ৰীয়ে মিলি সুৰেন্দ্ৰনগৰৰ প্ৰবীণ ভাইৰ কাৰণে কাম কৰিছিলোঁ। এতিয়া যোৱা ছয়-সাতমাহৰ পৰা ৰেখা বেনৰ বাবে কাম কৰি আহিছো।”

“তাঁতশালত তেওঁৰ কাষত বহি (সূতা মিলোৱা কাম কৰি) সহায় কৰাৰ বাবে আমি দিনে ২০০ টকা পাওঁ। সৰু-সুৰা ডিজাইনৰ কাম কৰিলে আৰু ৬০-৭০ টকা পাওঁ। মোৰ জীয়ৰী উৰ্মিলাই ৰেখা বেনৰ ঘৰলৈ গৈ সূতা ৰং কৰা কাম কৰে। তাই দিনে ২০০ টকা মজুৰি পায়। এনেকৈ মিলাই-মেলি চলি থাকো,” জচু বেনে কয়।

“এই তাঁতশাল আদি ৰেখা বেনৰ,” পুঞ্জাই চেগুন কাঠৰ ফ্ৰেম এটাত টোকৰ মাৰি কয়। কেৱল তাঁতশাল এখনৰ দামেই ৩৫ৰ পৰা ৪০ হাজাৰ টকা। “আমি মাত্ৰ কাম কৰোঁ। গোটেই মিলি আমি মাহে বাৰ হাজাৰমান টকা উপাৰ্জন কৰোঁ,” পুঞ্জা ভাইয়ে কথাৰ মাজেৰে তেওঁৰ দাৰিদ্ৰ লুকুৱাবলৈ যত্ন ঠিকেই কৰিছে।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

জচু বেন ৱাধেলা আৰু তেওঁৰ স্বামী পুঞ্জা ভাই ৱাঘেলাই ৰেখা বেনৰ বাবে কাম কৰে, তেওঁলোকে তাঁতশালত ৰেখা বেনক (ফটোত দেখুওৱাৰ দৰে) সূতা মিলোৱাৰ কাম কৰে, বিনিময়ত মজুৰি পায়, লগতে সৰু সৰু ডিজাইনৰ কামতো সহায় কৰি দিয়ে

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

হামিৰ ভাই কাৰ্শানভাই গহিল (৭০) আৰু তেওঁৰ পত্নী হংস বেন গহিল (৬৫)য়ে লিম্বড়ি তালুকত পটোলা বোৱা কামটো প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পাটান ষ্টেম্প থকা পটোলা (সোঁফালে) লাখ লাখ টকাত বিশ্বৰ বিভিন্ন প্ৰান্তত বিক্ৰী হয়

ব্যৱসায় বাঢ়ি অহাত ৰেখা বেনে কাপোৰ বোৱা কাম আউটচ’ৰ্ছিঙো কৰিবলগীয়া হৈছিল। “মই পুৱা পাঁচ বজাতে উঠো,” তেওঁ কয়। “ৰাতি এঘাৰ বজাত শোওঁ। সকলো সময়তে কামৰ মাজতে থাকো। ঘৰৰ কাম-বনখিনিও কৰোঁ। তাৰ লগতে বাহিৰৰ দায়িত্ব আছেই, মানুহখিনিৰ লগত মিলিজুলি থকা, সম্পৰ্ক বৰ্তাই ৰখা। গোটেই ব্যৱসায়ৰ ভাৰ মোৰ উপৰতেই।” ৰেখা বেনে সূতা ভৰোৱা ববিনটো মাকোত ভৰালে আৰু মাকোটো তাঁতশালত সোঁফালৰ পৰা বাওঁফাললৈ ঠেলি দিলে।

আচৰিত হৈ মই সোঁফালৰ পৰা বাওঁফাললৈ গতি কৰা মাকোটো চাই ৰ’লো, ৰেখা বেনৰ হাত দুখন তাঁতশালৰ কাপোৰৰ দীঘে-বাণিয়ে অভ্যস্ত। এক অনন্য পটোলাৰ শৈলী ফুটি উঠাৰ পথত, মোৰ মনত কবীৰৰ দোহা এটা বাৰে বাৰে দোলা দিছে:

‘नाचे ताना नाचे बाना नाचे कूँच पुराना
करघै बैठा कबीर नाचे चूहा काट्या ताना'

দীঘে নাচে, বাণিয়ে নাচে
কুঁছেও* নাচে সমানে সমানে
তাঁতশালত কবীৰে নাচে
ইফালে নিগনিয়ে সূতা কুটে

*সূতা চাফা কৰা এডাল কোমল ব্ৰাছ

প্ৰতিবেদকে তেওঁলৈ সহায় আগবঢ়োৱাৰ বাবে জয়সুখ ৱাঘেলাক ধন্যবাদ জনাব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, reporter, documentary filmmaker, novelist and poet. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das