কুঝ কেহা তাঁ হানেৰা জাৰেগা কিৱে
চুপ ৰেহা তন ছামাদান কি কেহনগে

যদি মই কিবা কওঁ, আন্ধাৰে এয়া সহ্য কৰিব নোৱাৰিব
কিন্তু যদি মই নীৰৱে থাকোঁ, তেতিয়া পোহৰে কি ক’ব?

সুৰজিত পাতৰ (১৯৪৫-২০২৪) নীৰৱে থকাসকলৰ দৰে নাছিল। আচলতে তেওঁ জীয়াই থাকোতেই নিজৰ ভিতৰত এটি গীতৰ তিল তিলকৈ হোৱা মৃত্যু দেখা পাইছিল, যিটো তেওঁৰ বাবে আছিল এটা দুঃস্বপ্ন। সেইকাৰণে তেওঁ সৰৱ আছিল। তেওঁৰ কাম-কাজবোৰো প্ৰায়ে তেওঁৰ কবিতাৰ স্পষ্ট, তীক্ষ্ণ শব্দবোৰতকৈও প্ৰতিবাদমূলক (ভাৰতত বাঢ়ি অহা সাম্প্ৰদায়িকতাৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে ২০১৫ চনত পদ্মশ্ৰী সন্মান ঘূৰাই দিয়া) আছিল। সেই কবিতা আৰু গীতবোৰে দেশ বিভাজনৰ পৰা আৰম্ভ কৰি বাঢ়ি অহা উগ্ৰপন্থা, পুঁজিবাদী বাণিজ্যিকীকৰণৰ পৰা কৃষকৰ প্ৰতিবাদলৈকে পাঞ্জাৱৰ সমসাময়িক আৰু সচৰাচৰ অস্থিৰ বাস্তৱক তুলি ধৰিছিল।

জলন্ধৰ জিলাৰ পাত্তৰ কালান গাঁৱৰ এই কবিগৰাকীৰ গীতসমূহে আন্ধাৰৰ মাজত জীয়াই থকা আৰ্থিকভাৱে অনগ্ৰসৰ পিছপৰা শ্ৰেণী, প্ৰব্ৰজনকাৰী, শ্ৰমিক, কৃষক, মহিলা আৰু শিশুৰ কথা কয়।

ইয়াত আগবঢ়োৱা ‘এক আনন্দোৎসৱ’ নামৰ কবিতাটো চৰকাৰে পাছত প্ৰত্যাহাৰ কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত হোৱা কৃষকসকলৰ প্ৰতিবাদৰ সময়ত লিখা হৈছিল। এই কবিতাটো গণতন্ত্ৰত জনতাই উভতি ধৰা আৰু ভিন্নমত পোষণৰ ক্ষমতা ৰখাক লৈ কৰা এক উদযাপন।

কবিতাটো পাঞ্জাৱী ভাষাত জীনা সিঙে কৰা আবৃত্তি শুনক

কবিতাটো ইংৰাজী ভাষাত জশুৱা বোধিনেত্ৰই কৰা আবৃত্তি শুনক

ਇਹ ਮੇਲਾ ਹੈ

ਕਵਿਤਾ
ਇਹ ਮੇਲਾ ਹੈ
ਹੈ ਜਿੱਥੋਂ ਤੱਕ ਨਜ਼ਰ ਜਾਂਦੀ
ਤੇ ਜਿੱਥੋਂ ਤੱਕ ਨਹੀਂ ਜਾਂਦੀ
ਇਹਦੇ ਵਿਚ ਲੋਕ ਸ਼ਾਮਲ ਨੇ
ਇਹਦੇ ਵਿਚ ਲੋਕ ਤੇ ਸੁਰਲੋਕ ਤੇ ਤ੍ਰੈਲੋਕ ਸ਼ਾਮਲ ਨੇ
ਇਹ ਮੇਲਾ ਹੈ

ਇਹਦੇ ਵਿਚ ਧਰਤ ਸ਼ਾਮਲ, ਬਿਰਖ, ਪਾਣੀ, ਪੌਣ ਸ਼ਾਮਲ ਨੇ
ਇਹਦੇ ਵਿਚ ਸਾਡੇ ਹਾਸੇ, ਹੰਝੂ, ਸਾਡੇ ਗੌਣ ਸ਼ਾਮਲ ਨੇ
ਤੇ ਤੈਨੂੰ ਕੁਝ ਪਤਾ ਹੀ ਨਈਂ ਇਹਦੇ ਵਿਚ ਕੌਣ ਸ਼ਾਮਲ ਨੇ

ਇਹਦੇ ਵਿਚ ਪੁਰਖਿਆਂ ਦਾ ਰਾਂਗਲਾ ਇਤਿਹਾਸ ਸ਼ਾਮਲ ਹੈ
ਇਹਦੇ ਵਿਚ ਲੋਕ—ਮਨ ਦਾ ਸਿਰਜਿਆ ਮਿਥਹਾਸ ਸ਼ਾਮਲ ਹੈ
ਇਹਦੇ ਵਿਚ ਸਿਦਕ ਸਾਡਾ, ਸਬਰ, ਸਾਡੀ ਆਸ ਸ਼ਾਮਲ ਹੈ
ਇਹਦੇ ਵਿਚ ਸ਼ਬਦ, ਸੁਰਤੀ , ਧੁਨ ਅਤੇ ਅਰਦਾਸ ਸ਼ਾਮਲ ਹੈ
ਤੇ ਤੈਨੂੰ ਕੁਝ ਪਤਾ ਹੀ ਨਈਂ ਇਹਦੇ ਵਿੱਚ ਕੌਣ ਸ਼ਾਮਲ ਨੇ

ਜੋ ਵਿਛੜੇ ਸਨ ਬਹੁਤ ਚਿਰਾ ਦੇ
ਤੇ ਸਾਰੇ ਸੋਚਦੇ ਸਨ
ਉਹ ਗਏ ਕਿੱਥੇ
ਉਹ ਸਾਡਾ ਹੌਂਸਲਾ, ਅਪਣੱਤ,
ਉਹ ਜ਼ਿੰਦਾਦਿਲੀ, ਪੌਰਖ, ਗੁਰਾਂ ਦੀ ਓਟ ਦਾ ਵਿਸ਼ਵਾਸ

ਭਲ਼ਾ ਮੋਏ ਤੇ ਵਿਛੜੇ ਕੌਣ ਮੇਲੇ
ਕਰੇ ਰਾਜ਼ੀ ਅਸਾਡਾ ਜੀਅ ਤੇ ਜਾਮਾ

ਗੁਰਾਂ ਦੀ ਮਿਹਰ ਹੋਈ
ਮੋਅਜਜ਼ਾ ਹੋਇਆ
ਉਹ ਸਾਰੇ ਮਿਲ਼ ਪਏ ਆ ਕੇ

ਸੀ ਬਿਰਥਾ ਜਾ ਰਿਹਾ ਜੀਵਨ
ਕਿ ਅੱਜ ਲੱਗਦਾ, ਜਨਮ ਹੋਇਆ ਸੁਹੇਲਾ ਹੈ
ਇਹ ਮੇਲਾ ਹੈ

ਇਹਦੇ ਵਿਚ ਵਰਤਮਾਨ, ਅਤੀਤ ਨਾਲ ਭਵਿੱਖ ਸ਼ਾਮਲ ਹੈ
ਇਹਦੇ ਵਿਚ ਹਿੰਦੂ ਮੁਸਲਮ, ਬੁੱਧ, ਜੈਨ ਤੇ ਸਿੱਖ ਸ਼ਾਮਲ ਹੈ
ਬੜਾ ਕੁਝ ਦਿਸ ਰਿਹਾ ਤੇ ਕਿੰਨਾ ਹੋਰ ਅਦਿੱਖ ਸ਼ਾਮਿਲ ਹੈ
ਇਹ ਮੇਲਾ ਹੈ

ਇਹ ਹੈ ਇੱਕ ਲਹਿਰ ਵੀ , ਸੰਘਰਸ਼ ਵੀ ਪਰ ਜਸ਼ਨ ਵੀ ਤਾਂ ਹੈ
ਇਹਦੇ ਵਿਚ ਰੋਹ ਹੈ ਸਾਡਾ, ਦਰਦ ਸਾਡਾ, ਟਸ਼ਨ ਵੀ ਤਾਂ ਹੈ
ਜੋ ਪੁੱਛੇਗਾ ਕਦੀ ਇਤਿਹਾਸ ਤੈਥੋਂ, ਪ੍ਰਸ਼ਨ ਵੀ ਤਾਂ ਹੈ
ਤੇ ਤੈਨੂੰ ਕੁਝ ਪਤਾ ਹੀ ਨਈ
ਇਹਦੇ ਵਿਚ ਕੌਣ ਸ਼ਾਮਿਲ ਨੇ

ਨਹੀਂ ਇਹ ਭੀੜ ਨਈਂ ਕੋਈ, ਇਹ ਰੂਹਦਾਰਾਂ ਦੀ ਸੰਗਤ ਹੈ
ਇਹ ਤੁਰਦੇ ਵਾਕ ਦੇ ਵਿਚ ਅਰਥ ਨੇ, ਸ਼ਬਦਾਂ ਦੀ ਪੰਗਤ ਹੈ
ਇਹ ਸ਼ੋਭਾ—ਯਾਤਰਾ ਤੋ ਵੱਖਰੀ ਹੈ ਯਾਤਰਾ ਕੋਈ
ਗੁਰਾਂ ਦੀ ਦੀਖਿਆ 'ਤੇ ਚੱਲ ਰਿਹਾ ਹੈ ਕਾਫ਼ਿਲਾ ਕੋਈ
ਇਹ ਮੈਂ ਨੂੰ ਛੋੜ ਆਪਾਂ ਤੇ ਅਸੀ ਵੱਲ ਜਾ ਰਿਹਾ ਕੋਈ

ਇਹਦੇ ਵਿਚ ਮੁੱਦਤਾਂ ਦੇ ਸਿੱਖੇ ਹੋਏ ਸਬਕ ਸ਼ਾਮਲ ਨੇ
ਇਹਦੇ ਵਿਚ ਸੂਫ਼ੀਆਂ ਫੱਕਰਾਂ ਦੇ ਚੌਦਾਂ ਤਬਕ ਸ਼ਾਮਲ ਨੇ

ਤੁਹਾਨੂੰ ਗੱਲ ਸੁਣਾਉਨਾਂ ਇਕ, ਬੜੀ ਭੋਲੀ ਤੇ ਮਨਮੋਹਣੀ
ਅਸਾਨੂੰ ਕਹਿਣ ਲੱਗੀ ਕੱਲ੍ਹ ਇਕ ਦਿੱਲੀ ਦੀ ਧੀ ਸੁਹਣੀ
ਤੁਸੀਂ ਜਦ ਮੁੜ ਗਏ ਏਥੋਂ, ਬੜੀ ਬੇਰੌਣਕੀ ਹੋਣੀ

ਬਹੁਤ ਹੋਣੀ ਏ ਟ੍ਰੈਫ਼ਿਕ ਪਰ, ਕੋਈ ਸੰਗਤ ਨਹੀਂ ਹੋਣੀ
ਇਹ ਲੰਗਰ ਛਕ ਰਹੀ ਤੇ ਵੰਡ ਰਹੀ ਪੰਗਤ ਨਹੀਂ ਹੋਣੀ
ਘਰਾਂ ਨੂੰ ਦੌੜਦੇ ਲੋਕਾਂ 'ਚ ਇਹ ਰੰਗਤ ਨਹੀਂ ਹੋਣੀ
ਅਸੀਂ ਫਿਰ ਕੀ ਕਰਾਂਗੇ

ਤਾਂ ਸਾਡੇ ਨੈਣ ਨਮ ਹੋ ਗਏ
ਇਹ ਕੈਸਾ ਨਿਹੁੰ ਨਵੇਲਾ ਹੈ
ਇਹ ਮੇਲਾ ਹੈ

ਤੁਸੀਂ ਪਰਤੋ ਘਰੀਂ, ਰਾਜ਼ੀ ਖੁਸ਼ੀ ,ਹੈ ਇਹ ਦੁਆ ਮੇਰੀ
ਤੁਸੀਂ ਜਿੱਤੋ ਇਹ ਬਾਜ਼ੀ ਸੱਚ ਦੀ, ਹੈ ਇਹ ਦੁਆ ਮੇਰੀ
ਤੁਸੀ ਪਰਤੋ ਤਾਂ ਧਰਤੀ ਲਈ ਨਵੀਂ ਤਕਦੀਰ ਹੋ ਕੇ ਹੁਣ
ਨਵੇਂ ਅਹਿਸਾਸ, ਸੱਜਰੀ ਸੋਚ ਤੇ ਤਦਬੀਰ ਹੋ ਕੇ ਹੁਣ
ਮੁਹੱਬਤ, ਸਾਦਗੀ, ਅਪਣੱਤ ਦੀ ਤਾਸੀਰ ਹੋ ਕੇ ਹੁਣ

ਇਹ ਇੱਛਰਾਂ ਮਾਂ
ਤੇ ਪੁੱਤ ਪੂਰਨ ਦੇ ਮੁੜ ਮਿਲਣੇ ਦਾ ਵੇਲਾ ਹੈ
ਇਹ ਮੇਲਾ ਹੈ

ਹੈ ਜਿੱਥੋਂ ਤੱਕ ਨਜ਼ਰ ਜਾਂਦੀ
ਤੇ ਜਿੱਥੋਂ ਤੱਕ ਨਹੀਂ ਜਾਂਦੀ
ਇਹਦੇ ਵਿਚ ਲੋਕ ਸ਼ਾਮਲ ਨੇ
ਇਹਦੇ ਵਿਚ ਲੋਕ ਤੇ ਸੁਰਲੋਕ ਤੇ ਤ੍ਰੈਲੋਕ ਸ਼ਾਮਿਲ ਨੇ
ਇਹ ਮੇਲਾ ਹੈ

ਇਹਦੇ ਵਿਚ ਧਰਤ ਸ਼ਾਮਿਲ, ਬਿਰਖ, ਪਾਣੀ, ਪੌਣ ਸ਼ਾਮਲ ਨੇ
ਇਹਦੇ ਵਿਚ ਸਾਡੇ ਹਾਸੇ, ਹੰਝੂ, ਸਾਡੇ ਗੌਣ ਸ਼ਾਮਲ ਨੇ
ਤੇ ਤੈਨੂੰ ਕੁਝ ਪਤਾ ਹੀ ਨਈਂ ਇਹਦੇ ਵਿਚ ਕੌਣ ਸ਼ਾਮਲ ਨੇ।

এক আনন্দোৎসৱ

য’লৈকে এই দৃষ্টিৰ ব্যাপ্তি,
আৰু য’ৰপৰা সমাপ্তি,
সেই দূৰ-দিগন্তলৈকে দেখিছো মাথো মানুহৰ ধল
উচাহ আৰু আৱেগ যেন ত্ৰিলোক সামৰি বাগৰি আহিছে
গোটেই জগতখনেই যেন ভৰ দিছে এই উছৱত।

এই আমাৰ উছৱত ভাগী হৈছে
জল-জমিন, বিৰিখ আৰু বায়ু
চৰাচৰ একাকাৰ হোৱা এই ক্ষণত
নিগৰিছে আমাৰ হৰিষাদ-বিষাদ
আৰু সমবেত হৈছে আমাৰ গীতবোৰ।

আৰু তুমি নিমুৱাটো হৈ আচৰিত হোৱাদি সুধিছা
কোন এই উছৱৰ অংশীদাৰ
তুমি বোলে নাজানাই!
আমাৰ বাপতিসাহোনৰ স্বৰ্ণিল ঐতিহ্য,
আমাৰ মাটিৰ গীত, লোককৃষ্টি, কিংবদন্তি আৰু ৰূপকথা,
আমাৰ স্তুতিগীত, সহনশীলতা আৰু আমাৰ আশা
পবিত্ৰ বাণী আৰু জাগতিক গীতবোৰ আৰু আমাৰ প্ৰজ্ঞা-প্ৰাৰ্থনা
সকলো ইয়াতেই চামিল।

আৰু তুমি নিমুৱাটো হৈ আচৰিত হোৱাদি সুধিছা
কোন এই উছৱৰ অংশীদাৰ
তুমি বোলে নাজানাই!
ক’ত হেৰাল আমাৰ সকলো
দেখি বিস্মিত হয় সকলো।
আমাৰ সাহস, আৱেগ আৰু সুখানুভূতি, আমাৰ দৃঢ়তা,
গুৰুৱে দিয়া শিক্ষাৰ প্ৰতি থকা বিশ্বাস
আমি হেৰুৱাই পেলোৱা এই সকলোবোৰ ক’লৈ গ’ল।
হেৰাই যোৱা আৰু জীৱিতসকলক একত্ৰিত কৰিব কোনে?
শৰীৰ আৰু মনবোৰ মুক্ত কৰিব কোনে?
কেৱল গুৰুৰ আশীৰ্বাদেহে।

এই বিস্ময়বোধ তুমিও উশাহত লোৱা
জীৱনটো আছিল যে উদ্দেশ্যবিহীন, অসাৰ
এতিয়া সেয়া সাৰ্থক-সুন্দৰ।
এই যে উছৱ,
ইয়াতেই সমাহিত আমাৰ সাহস, আৱেগ,
সুখ-সাৰ্থকতা আৰু আৰু আমাৰ দৃঢ়তা।
হিন্দু-মুছলমান, বৌদ্ধধৰ্মী, জৈন আৰু শিখধৰ্মী
সকলো ইয়াতেই আছে।
চকুৰ আগতেই ইমানবোৰ ঘটনা ঘটিছে
চকুমেলি চালেইচোন সকলো দেখা পাবা।

এই যে উছৱৰ লহৰ,
ই এক সংগ্ৰামৰো ঢৌ আৰু তাৰ উদযাপন।
ক্ষোভ, সংঘাত, যন্ত্ৰণা
আৰু তোমাকেই ইতিহাসে আগচি ধৰি যে সুধিব
সেই প্ৰশ্নও ইয়াতেই জন্মিছে।

আৰু তুমি নিমুৱাটো হৈ আচৰিত হোৱাদি সুধিছা
কোন এই উছৱৰ অংশীদাৰ
তুমি বোলে নাজানাই!
এয়া ভিৰ নহয়, ই হৈছে আত্মাৰ সমাৱেশ।
এয়া আমাৰ চলমান চিন্তাৰ যি বক্তব্য, তাৰেই অৰ্থ
এয়া এক শব্দৰ শৃংখল, ধাৰণাৰ যাত্ৰা
এক শোভাযাত্ৰা, কিন্তু উছৱমুখৰ নহয়।

এয়া এজন গুৰুৰ শিষ্যসকলে আৰম্ভ কৰা
মৰুভূমিৰ মাজেৰে যাত্ৰা কৰা অনুগামীসকলৰ এক সমদল।
মই, মোৰ আদিবোৰ একাষৰীয়া কৰি
তেওঁলোক অগ্ৰসৰ হৈছে ‘আমি জনগণ’ৰ দিশে।
যুগে যি আমাক শিক্ষা দিছে, সেয়া ইয়াতেই আছে
ছুফী ফকীৰসকলৰ চৈধ্যটা যি আদেশ, সেয়া ইয়াতেই আছে।

তোমাক এটা সৰল, হৃদয়স্পৰ্শী কাহিনী কও শুনা।
কালি দিল্লীৰ যুৱতী এগৰাকীয়ে কৈছিল,
আপুনি ঘৰলৈ উভতাৰ সময়ত এই ঠাইখিনি জনশূন্য হৈ পৰিব।
যান-জঁটৰ কোলাহল থাকিব,
কিন্তু নাথাকিব সতীৰ্থসকলৰ সৈতে থাকি পোৱা উৎসাহ।
নাথাকিব লংগৰত ৰুটি বিলাই থকা মানুহৰ শাৰী।
ঘৰলৈ উভতাসকলৰ
মুখবোৰত নাথাকিব কমনীয়তা।

তেতিয়া আমি কি কৰিম?
তেতিয়া আমাৰ চকুবোৰ সেমেকি উঠিছিল
এয়া কেনেধৰণৰ ভালপোৱা! কি এক আনন্দোৎসৱ !
আপুনি ঘৰলৈ উভতি আহোঁতে সকলো সুখী হওক।
এই সংগ্ৰামত আপোনাৰ সৈতে থাকক সত্য আৰু জয়।
এই ধৰালৈ আপুনি কঢ়িয়াই আনক এক নতুন ভাগ্যলিপি,
এক সজীৱ দৃষ্টি, এক নতুন সমাধান,
প্ৰেমৰ প্ৰতীক, সৰলতা আৰু সম্প্ৰীতি।

মই আশা কৰোঁ মাতৃ আৰু পুত্ৰ একেলগ হোৱাৰ সময় আহি পৰিছে।
এয়া হৈছে এক আনন্দোৎসৱ।
য’লৈকে এই দৃষ্টিৰ ব্যাপ্তি,
আৰু য’ৰপৰা সমাপ্তি,
সেই দূৰ-দিগন্তলৈকে দেখিছো মাথো মানুহৰ ধল
উচাহ আৰু আৱেগ যেন ত্ৰিলোক সামৰি বাগৰি আহিছে
গোটেই জগতখনেই যেন ভৰ দিছে এই উছৱত।
এয়াই আমাৰ আনন্দোৎসৱ।

পাৰিত এই প্ৰতিবেদন প্ৰকাশত অৰিহণা যোগোৱা ড. সুৰজিত সিং আৰু গৱেষক আমীন আমিতোজক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো।

অনুবাদ: বন্যা বৰুৱা

Editor : PARIBhasha Team

PARIBhasha is our unique Indian languages programme that supports reporting in and translation of PARI stories in many Indian languages. Translation plays a pivotal role in the journey of every single story in PARI. Our team of editors, translators and volunteers represent the diverse linguistic and cultural landscape of the country and also ensure that the stories return and belong to the people from whom they come.

Other stories by PARIBhasha Team
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

Other stories by Bonya Baruah