তেজলিবাই ধেড়িয়াই লাহে লাহে খেতিত পৰম্পৰাগত বীজ ব্যৱহাৰ কৰিবলৈ লৈছে।

প্ৰায় ১৫ বছৰ আগতে মধ্যপ্ৰদেশৰ আলিৰাইপুৰ আৰু দেৱচ জিলাত খেতি কৰা ভিল আদিবাসী সম্প্ৰদায়ৰ মহিলা তেজলিবাইহঁতে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উৎপাদিক বৰ্ণসংকৰ বীজৰ পৰিৱৰ্তে পৰম্পৰাগত থলুৱা বীজেৰে জৈৱিক খেতি কৰিবলৈ লৈছে। তেজলিবাইয়ে এই প্ৰসংগত কয়, “আমাৰ পৰম্পৰাগত খেতিত খাটনি বহুত, সেই অনুপাতে বজাৰত দামো পোৱা নগৈছিল।” ৭১ বৰ্ষীয় তেজলিবাইয়ে লগতে কয়, “যিখিনি সময় পাইছিলো, সেইখিনিৰ সদব্যৱহাৰ কৰি আমি গুজৰাটলৈ প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই গৈছিলো।”

কিন্তু এইকেইখন জিলাৰ ২০ খন গাঁৱত এতিয়া প্ৰায় ৫০০ গৰাকী মহিলাই তেওঁলোকৰ আই-পিতাইয়ে কৰা খেতিৰ বীজ সংৰক্ষিত কৰিছে আৰু কংচৰি নু বাদাওনো (কেএনভি) দেৱীৰ কৃপাৰে জৈৱিক খেতি কৰিবলৈ লৈছে। কেএনভি মানে ভিল (স্থানীয় ভাষাত ভিলালি বোলা হয়) ভাষাত “দেৱীৰ সন্মানাৰ্থে”। ভিল আদিবাসী মহিলাৰ এই বৃহৎ সংগঠন কেএনভি মহিলাৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ১৯৯৭ত গঠিত হৈছিল। স্বাস্থ্য সমস্যাৰ ওপৰত এটা দশকৰো অধিক কাল কাম কৰাৰ পিছত কেএনভি গঠন কৰা আদিবাসী মহিলাসকলে এটা সময়ত উপলব্ধি কৰিলে যে পৰম্পৰাগত শস্যৰ খেতিলৈ তেওঁলোক ঘূৰি আহিলে তেওঁলোকৰ খাদ্যসংক্ৰান্ত সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় হ’ব।

কেএনভিত নিৰ্দিষ্ট কেতবোৰ বীজ সমগ্ৰ দেশতে পৰম্পৰাগত বীজ উভতাই অনাৰ উদ্দেশ্যৰে বিক্ৰী আৰু বিতৰণৰ বাবে পৃথকে ৰখা হয়। আন এটা অংশ খোৱাৰ বাবে ৰখা হয়, কাৱাড়া গাঁৱৰ বাসিন্দা ৰিংকু আলাৱাই কয়। “শস্য চপোৱাৰ পিছত আমি আটাইতকৈ ভাল বীজখিনি বাচি উলিয়াব লাগে,” ৩৯ বৰ্ষীয় ৰিংকুৱে কয়।

ককৰানা গাঁৱৰ খেতিয়ক আৰু কেএনভিৰ সদস্য ৰাইতিবাই সোলাংকি এই কথাত একমত: “বীজৰ গুণগত মান বঢ়োৱা আৰু উৎপাদন বৃদ্ধি কৰাৰ উত্তম উপায় হৈছে বীজ বাচনি কৰা।”

দুকুৰি বয়সৰ ৰাইতিবাইয়ে কয়, “মিলেট আৰু আন খাদ্যশস্য আমাৰ ভিল জনগোষ্ঠীৰ ঘাই খাদ্য আছিল। মিলেটত পানী বেছি নালাগে, আৰু খাদ্যশস্যৰ ভিতৰত আটাইতকৈ পুষ্টিকৰ। ধান আৰু ঘেঁহুৰ খেতিতকৈ এই খেতি কৰা সহজ।” এইবুলি কৈ তেওঁ বিভিন্ন ধৰণৰ মিলেটৰ নাম কৈ যায় - বত্তি (বাৰ্নয়াৰ্ড মিলেট), ভাদি, ৰালা (ফক্সটেইল মিলেট), ৰাগি, বাজৰা (পাৰ্ল মিলেট), কদো’, কুটকি, চাংগ্ৰী আদি। “এইবোৰ বীন, মাহ আৰু সৰিয়হ আৰু বিভিন্ন তৈলবীজৰ সৈতে শস্যাৱৰ্তনেৰে কৰা হয়, ই লগতে মাটিৰ উৰ্বৰতাও অটুট ৰাখে,” তেওঁ কয়।

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে:নিজে কৰা ধাননি পথাৰত তেজলিবাই। সোঁফালে:বাৰ্নিয়াৰ্দ মিলেট, স্থানীয়ভাৱে বাত্তি বুলি পৰিচিত

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: জোৱাৰৰ খেতি। সোঁফালে: বাৰ্নিয়াৰ্দ মিলেট, স্থানীয়ভাৱে বাত্তি বুলি পৰিচিত

কেৱল থলুৱা বীজতে জনজাতীয় মহিলাৰ এই সমবায় ৰৈ যোৱা নাই, কেএনভিয়ে জৈৱিক খেতিৰ পৰম্পৰাও ঘূৰাই অনাৰ বাবেও কাম কৰি আছে।

মধ্যপ্ৰদেশৰ আলিৰাইপুৰ জিলাৰ খোড়াম্বা গাঁৱৰ তেজলিবাইয়ে কয় যে এই কাম ধীৰে ধীৰে হৈ আছে, কিয়নো সাৰ আৰু উৰ্বৰক আদি প্ৰস্তুত কৰোঁতে ভালেখিনি সময়ৰ প্ৰয়োজন হয়। “মই মোৰ খেতিমাটিৰ সৰু অংশ এটাত খাবলৈ বুলি থলুৱা বীজ সিঁচিছো। মই সম্পূৰ্ণৰূপে জৈৱিক খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো।” তেওঁ নিজৰ তিনি একৰ খেতিমাটিত জোৱাৰ, মাকৈ, ধান, মাহজাতীয় শস্য আৰু শাক-পাচলিৰ বৰ্ষানিৰ্ভৰ খেতি কৰে।

থলুৱা বীজৰ লগে লগে আহিছে কেঁচুসাৰ আৰু বায়’কালচাৰ, দেৱচ জিলাৰ জমসিন্ধৰ এগৰাকী বাসিন্দা বিক্ৰম ভাৰ্গৱে কয়। গুড়, বুটমাহৰ গুড়ি, গোবৰ আৰু গৰু-ম’হৰ মূত্ৰ কিন্বন কৰি বায়’কালচাৰ প্ৰস্তুত কৰা হয়।

২৫ বৰ্ষীয় বৰেলা আদিবাসীগৰাকীয়ে কয়, “খেতিৰ জীৱভৰ গৰুৰ গোবৰৰ সৈতে মিহলি কৰিব লাগে আৰু সেয়া গাঁত এটাত তৰপে তৰপে থৈ সময়ে সময়ে পানী দি থাকিব লাগে। তাৰপিছত সেয়া মাটিত ছটিয়াই মিহলাই দিব লাগে যাতে শস্যৰ উপকাৰ হয়।”

PHOTO • Rohit J.
PHOTO • Rohit J.

জীৱভৰত গৰুৰ গোবৰ মিহলি কৰা হৈছে। বায়’কালচাৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়া

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: এই প্ৰক্ৰিয়াত সঘনে পানী দি থাকিব লাগে। সোঁফালে: এবাৰ প্ৰস্তুত কৰাৰ পিছত সেয়া খেতিৰ মাটিত মিহলি কৰি দিয়া হয়

*****

বজাৰৰ শস্যৰ হেঁচাত যেতিয়া থলুৱা বীজবোৰ আঁতৰি গ’ল, তেতিয়া তেওঁলোকৰ পৰম্পৰাগত খাদ্যবোৰো নাইকিয়া হৈ গ’ল, ৱেষ্টি পাড়িয়াৰে কয়। একেদৰে ধান আদি খাদ্যশস্য খুন্দাৰ পৰম্পৰাগত প্ৰথাও নাইকিয়া হৈ গ’ল। এবাৰ খুন্দি অনাৰ পিছত মিলেট বেছিদিন ভালে নাথাকে, সেয়ে মহিলাই ঘৰত যেতিয়া ৰান্ধিবলৈ প্ৰয়োজন হয়, তেতিয়াহে খুন্দিছিল।

“আমি ডেকাকালত ৰালা, ভাডি আৰু বাত্তি আদি মিলেটৰ বহু সুস্বাদু ব্যঞ্জন ৰান্ধিছিলো,” মিলেটৰ নামবোৰ উল্লেখ কৰি ৱেষ্টিয়ে কয়। “ইশ্বৰে মানৱক স্ৰজিলে আৰু প্ৰাণ পাবলৈ কংচৰি দেৱীৰ স্তনপান কৰিবলৈ দিলে। জোৱাৰ (দেৱী কংচৰিৰ প্ৰতীকি শস্য)ক ভিলসকলে প্ৰাণদায়ী শস্য বুলি বিবেচনা কৰা হয়,” স্থানীয়ভাৱে উৎপাদিত মিলেটবিধৰ প্ৰসংগত তেওঁ কয়। ভিলালা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত) ৬২ বৰ্ষীয় ৱেষ্টিয়ে চাৰি একৰ মাটিত খেতি কৰে, তাৰে আধা একৰ খেতিমাটিত পৰিয়ালটোৰ বাবে জৈৱিক খেতি কৰে।

বিচ্চিবাইয়ে তাহানিত মিলেটেৰে ৰন্ধা ব্যঞ্জনৰ কথা কয়। দেৱচ জিলাৰ পাণ্ডুতালাব গাঁৱৰ বাসিন্দাগৰাকীয়ে কয় যে মিলেটৰ সৈতে কুকুৰাৰ মাংস আছিল তেওঁৰ প্ৰিয় খাদ্য। এতিয়া তিনিকুৰি বয়সৰ বিচ্চিবাইয়ে মনত পেলায় কেনেকৈ তেওঁলোকে গাখীৰ আৰু গুড় মিহলাই জোৱাৰৰ পায়স বনাইছিল।

হাতেৰে শস্য খুন্দাৰ পৰম্পৰা আগতে ঘৰে ঘৰে আছিল আৰু সেয়া আছিল এক সামূহিক কাম। মহিলাসকলে লগ লাগি সেইবোৰ কাম কৰিছিল। “আমাৰ কাম সহজ হৈ পৰিবলৈ আমি লোকগীত গাইছিল। কিন্তু এতিয়া প্ৰব্ৰজনৰ ফলত আৰু পৰিয়ালবোৰ সৰু হৈ পৰাৰ ফলত মহিলাসকল আহিবলৈ নাপায় আৰু কামত সহায় কৰিবলৈ নাপায়,” ৬৩ বৰ্ষীয় ৱেষ্টিয়ে কয়।

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: পাণ্ডুতালাব গাঁৱত কংচৰি নু ভাড়ানোৰ সদস্যসকলে পৰম্পৰাগত বীজ সংৰক্ষণৰ উপায় সম্পৰ্কে আলোচনা কৰিছে। সোঁফালে: এই শস্যবোৰ চৰাইৰ বৰ প্ৰিয়। সেয়ে বিচ্চিবাই পেটেলৰ দৰে খেতিয়কসকলে চৰাইবোৰ হুৰাই থাকিব লাগে

কাৰ্লিবাই আৰু বিচ্চিবাইয়ে মিলেট খুন্দি থকাৰ মাজতে গান গাইছে, এয়া সম্প্ৰতি এক মৃতপ্ৰায় পৰম্পৰা

কাৰ্লিবাই ভাৱসিঙে গাভৰুকালত মিলেট খুন্দিছিল। কামটো বৰ কষ্টকৰ আছিল। “আজিকালি সকলোৱে জোৱাৰ, মাকৈ আৰু ঘেঁহু আদি কলঘৰত বানি আনে। সেয়ে মিলেট খোৱাৰ পৰিমাণ কমিছে,” কাটকুট গাঁৱৰ ৬০ বছৰীয়া বৰেলা জনজাতীয় মহিলাগৰাকীয়ে কয়।

বীজবোৰ মজুত কৰি ৰখাটোও প্ৰত্যাহ্বানমূলক কাম। “জাৰি থোৱা শস্যখিনি ৰ’দত এসপ্তাহৰ বাবে শুকুওৱা হয় আৰু মুহটি (বাঁহৰ ডুলি)ত মজুত কৰি ৰখা হয়। এই ডুলিবোৰৰ ভিতৰৰ ফালটো গোবৰ-মাটিৰে মচি বায়ু সোমাব নোৱাৰা কৰা হয়। তথাপিও মজুত কৰি থোৱা বীজখিনিত কেতিয়াবা চাৰিমাহমান পিছত কীট-পতংগই আক্ৰমণ কৰিব পাৰে। সেই কাৰণতে বীজখিনি আকৌ উলিয়াই ৰ’দত শুকুৱাব লাগে,” ৰাইতিবাইয়ে কয়।

তাৰপিছত আকৌ আছে চৰাইবোৰ। সিহঁতেও মিলেট খাই ভাল পায়। ভিন্ন মিলেট ভিন্ন সময়ত পুৰঠ হয় আৰু সেয়ে বীজ সিঁচাৰ পিচত মহিলাসকলে সকলো সময়তে পথাৰত চকু ৰাখিবলগীয়া হয়। বিচ্চিবাইয়ে কয়, “চৰাইয়ে যাতে আটাইবোৰ শস্য খাই শেষ কৰি নেপেলায়, আমালৈ নেৰাকৈ নাথাকে, তাৰবাবে চকু ৰাখিবলগীয়া হয়!”

PHOTO • Rohit J.

ভিল আদিবাসী খেতিয়ক (বাওঁফালৰ পৰা সোঁফালে: গিলদৰিয়া সোলাংকি, ৰাইতিবাই, ৰমা সস্তিয় আৰু ৰিংকি আলাৱা)য়ে ককৰানা গাঁৱত জোৱাৰ আৰু পাৰ্ল মিলেট (বাজৰা)ৰ বাবে মাটি চহ কৰিছে

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: অলপতে চপোৱা গংগুৰা (মেচকা বা টেঙামৰা) - এবিধ বহুলকৈ ব্যৱহৃত আঁহজাতীয় শস্য যাক পাচলি আৰু ফুল হিচাপে আৰু পেৰি তেল উলিওৱাৰ বাবে ব্যৱহাৰ কৰা হয়। সোঁফালে: চপোৱাৰ আগেয়ে গংগুৰাৰ প্ৰজাতি বিশেষ আৰু তাৰ বীজ

PHOTO • Rohit J.

বাজৰা (পাৰ্ল মিলেট)ৰ লগত জোৱাৰ, ৰালা (ফক্সটেইল মিলেট) আৰু ভিন্ন প্ৰজাতিৰ বীন আৰু মটৰমাহজাতীয় শস্য

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: ককৰানা গাঁৱৰ খেতিপথাৰত থলুৱা প্ৰজাতিৰ জোৱাৰ। সোঁফালে: ফক্সটেইল মিলেট

PHOTO • Rohit J.

কেএনভিৰ বৰ্ষীয়ান সদস্য তথা এগৰাকী খেতিয়ক ভেষ্টিবাই পাড়িয়াই এটা দশক ধৰি খেতি কৰি অহা ফক্সটেইল মিলেটৰ খেতিখন দেখুৱাইছে

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: ভেণ্ডিৰ এবিধ প্ৰজাতি। সোঁফালে:সৰিয়হৰ বীজ

PHOTO • Rohit J.

ৰাইতিবাই (কেমেৰাৰ ফালে পিঠি দি থকাগৰাকী), ৰিংকু (মাজত) আৰু উমা সোলাংকিয়ে ৰবিশস্যৰ খেতিৰ আগেয়ে জোৱাৰ চপাইছে

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: চপোৱা চেম/বাল্লাৰ (উৰহী)ৰ বীজ। ৰহৰ দাইল আৰু তিঁতা কেৰেলাৰ সৈতে মিলেটৰ ৰুটি। সোঁফালে: এই ব্যঞ্জনকেইবিধ পাণ্ডুতালাব গাঁৱৰ খেতিপথাৰত স্থানীয়ভাৱে উৎপাদিত খাদ্যশস্যৰে ৰন্ধা

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: এৰাগছৰ গুটি। সোঁফালে: শুকুওৱা মহুৱা(মধুকা ইণ্ডিকা)ৰ ফুল

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: বৰেলা জনজাতীয় সম্প্ৰদায়ৰ হীৰাবাই ভাৰ্গৱ পৰৱৰ্তী ঋতুৰ বাবে নিজহাতে বাচি মাকৈ মজুত কৰি থৈছে। সোঁফালে: মাহজাতীয় শস্য খুন্দিবলৈ ব্যৱহাৰ কৰা এটা শিলৰ শাল, লগত কুলা আৰু চালনি

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: এতিয়া চপোৱা শস্যৰ বীজবোৰ বস্তাত ভৰাই গছৰ ডালত ওলমাই ৰখা হয়, সেয়া পৰৱৰ্তী বছৰত ব্যৱহাৰ কৰা হ’ব। সোঁফালে: শুভদ্ৰ খাপেৰ্দে অৰ্গেনিক ফাৰ্মিং এছ’চিয়েচন অৱ ইণ্ডিয়াৰ মধ্যপ্ৰদেশ শাখাৰ উপ-সভাপতি। এই সংস্থাটোৱে বিচ্চিবাইৰ লগত লগ লাগি থলুৱা বীজ বাচনি কৰি তাক সংৰক্ষিত তথা সমগ্ৰ দেশতে বিতৰণ কৰে

PHOTO • Rohit J.
PHOTO • Rohit J.

বাওঁফালে: ভেষ্টিবাই আৰু তেওঁৰ বোৱাৰী জছি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা তেওঁলোকৰ খেতিমাটিত। জৈৱিক খেতিত বহুত সময় খৰছ হয় আৰু খাটনিও বহুত। সেয়ে আটাইখিনি খেতিমাটিত জৈৱিক খেতি কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়। সোঁফালে: আলিৰাইপুৰ জিলাৰ খোড়াম্বা গাওঁখন

অনুবাদ: পংকজ দাস

Rohit J.

Rohit J. is a freelance photographer who travels across India for his work. He was a photo sub-editor at the national daily from 2012- 2015.

Other stories by Rohit J.
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das