পাৰি ২০২৩ৰ এক অৱলোকন

পাৰিয়ে সৰ্বসাধাৰণৰ প্ৰাত্যাহিক জীৱনৰ ওপৰত কৰা সাংবাদিকতাৰ নটা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত বছৰটোৰ খতিয়ান এইখিনিতে আপোনালোকলৈ আগবঢ়াইছে

২৩ ডিচেম্বৰ, ২০২৩ | প্ৰীতি ডেভিদ

২০২৩ত ছন্দায়িত শৃংখলাৰে এক ন দৃষ্টিকোণ

সাংবাদিকতাৰ এটা আৰ্কাইভ ২০২৩ বৰ্ষত কিদৰে কবিতা আৰু গীতৰ যোগেদি সৰ্বসাধাৰণৰ কণ্ঠ হৈ পৰিছে, তাৰে এক আভাস এই লেখাৰ যোগেদি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ভাবঘন আৰু ছন্দায়িত এই কাব্যিক সৃষ্টিৰ শৃংখলাই আমাৰ জগত আৰু জীৱনৰ শৃংখলাহীন এক পৰিস্থিতিত ছন্দ ঘূৰাই আনিছে

২৪ ডিচেম্বৰ, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা , জশুৱা বোধিনেত্ৰা আৰু অৰ্চনা শুক্লা

পাৰি লাইব্ৰেৰী: তথ্যৰ যোগেদি প্ৰজ্ঞাৰ সন্ধান

শ শ প্ৰতিবেদন আৰু সমীক্ষা, হাজাৰ হাজাৰ শব্দৰে মেটমৰা আমাৰ পাৰি লাইব্ৰেৰী। ন্যায় আৰু অধিকাৰৰ এই তথ্য-পাতিবোৰেৰে ২০২৩ বৰ্ষত পাৰি লাইব্ৰেৰী আৰু অধিক সমৃদ্ধ হৈ পৰিছে

২৫ ডিচেম্বৰ, ২০২৩ | পাৰি লাইব্ৰেৰী

বৰ্ষ ২০২৩: পাৰিৰ সম্পাদকৰ মেজৰ পৰা বাছকবনীয়া তথ্যচিত্ৰ

ঐতিহাসিক পুথিভঁৰালৰ পৰা আৰম্ভ কৰি নবীকৰণযোগ্য শক্তিলৈ, ডোক্ৰা শিল্পৰ পৰা আমৰ খেতিয়কলৈ আমি আমাৰ আৰ্কাইভত বিভিন্ন ধৰণৰ বিষয় সামৰি যোগ দিয়া তথ্যচিত্ৰসমূহ উপভোগ কৰক!

২৬ ডিচেম্বৰ, ২০২৩ | শ্ৰেয়া কাত্যায়িনী , সিঞ্চিতা মাঝি আৰু ঊৰ্জা

২০২৩ : পাৰিভাষা - সৰ্বসাধাৰণৰ ভাষাৰে সৰ্বসাধাৰণজনৰ আৰ্কাইভ

পাৰিয়ে ১৪ টা ভাষাত প্ৰতিবেদনসমূহ প্ৰকাশ কৰাটোৱে দৰ্শায় কেনেকৈ পাৰি সাংবাদিকতাৰ বহুভাষিক এক অনন্য মঞ্চ। কিন্তু সেয়া পাৰিৰ কাহিনীৰ এটা অংশহে… পাৰিভাষা (PARIBhasha)ৰ যোগেদি আৰু অধিক বহুভাষিক প্ৰচেষ্টাৰ বিষয়ে জানো আহক

২৭ ডিচেম্বৰ, ২০২৩ | পাৰিভাষা টিম

বৰ্ষ ২০২৩ত পাৰিৰ ছবিয়ে কি ক’লে

পাৰিত ২০২৩ বছৰটোত হাজাৰ হাজাৰ আলোকচিত্ৰই হাজাৰটা কাহিনী ক’লে। গ্ৰামীণ ভাৰতৰ সঁচা ছবিখন দৰ্শকৰ আগত দাঙি ধৰা এনে কিছুমান আলোকচিত্ৰ-কাহিনী আপোনালোকলৈ আগবঢ়োৱা হ’ল

২৮ ডিচেম্বৰ, ২০২৩ | বিনাইফেৰ ভাৰুচা

পাৰি-শিক্ষাৰ্থীৰ লেখাৰে ২০২৩ বৰ্ষটো

‘বৰ্তমান সময়ৰ এক চলন্ত পাঠ্যপুঠি’ স্বৰূপ পাৰিৰ ষ্ট’ৰিবোৰৰ বিশাল আৰ্কাইভ দেশখনৰ বিভিন্ন ঠাইৰ শ্ৰেণীকোঠালৈ লৈ যায় পাৰিয়ে। পাৰিৰ এই শিতানলৈ অৰিহণা যোগাব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে সেয়ে শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনত ভৰি দিয়ে, মানুহৰ সাক্ষাৎকাৰ লয়, ফটো তোলে, তথ্য নথিবদ্ধ কৰে আৰু আমাৰ সৈতে এনেকৈ শিকাৰ মাজতে তেওঁলোকে গ্ৰামীণ ভাৰতখনৰ বিষয়ে আমাৰ আৰ্কাইভটো অধিক সমৃদ্ধ কৰি তুলিছে

২৯ ডিচেম্বৰ, ২০২৩ | পাৰি এডুকেচন টিম

পাৰিৰ ছ’চিয়েল মিডিয়াত এবাৰ চকু ফুৰাও আহক

সামাজিক মাধ্যমৰ পোষ্টৰ যোগেদি আমাৰ কাহিনীবোৰ কেনেকৈ দেশৰ চুকে-কোণে, বিভিন্নজনৰ ওচৰলৈ পঠিয়াবলৈ আমি সক্ষম হৈছো আৰু পাঠকৰ সঁহাৰি পাইছো, তাৰেই এক খতিয়ান

৩০ ডিচেম্বৰ, ২০২৩ | পাৰি টিম

বৰ্ষ ২০২৩: পাৰি ফেচে’ছৰ প্ৰতিখন মুখেই বৈচিত্ৰময় ভাৰতৰ অভিব্যক্তি

আদিবাসী সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি পশ্চিম বংগৰ বীৰভূমৰ খেতিয়ক, কেৰালাৰ নাৰিকলৰ আঁহৰ কাম কৰা বনুৱালৈকে বৈচিত্ৰময় এই নতুন নতুন মুখেৰে ভৰি পৰা আমাৰ ফেচে’ছৰ গেলেৰী চাও আহক

৩১ ডিচেম্বৰ, ২০২৩ | পাৰি টিম
Translator : PARI Translations, Assamese