আমাৰ ফেচে’ছ প্ৰকল্পৰ উদ্দেশ্য হৈছে আমাৰ দেশৰ জনসাধাৰণৰ জীৱন আৰু বৈচিত্ৰময় জীৱিকাৰ মানচিত্ৰ প্ৰস্তুত কৰা ৷ ই হৈছে মানুহৰ জীৱন আৰু জীৱিকাৰ এক পুংখানুপুংখভাৱে সংগৃহীত তথা তত্বাৱধান কৰা জিলা আৰু গাওঁ পৰ্যায়ৰ এক বৃহৎ তথ্যভাণ্ডাৰ। এই তথ্যভাণ্ডাৰ এতিয়া হাজাৰ হাজাৰ হৈ পৰিছে।


SANGUR, PUNJAB
|THU, JAN 04, 2024
বৰ্ষ ২০২৩: পাৰি ফেচে’ছৰ প্ৰতিখন মুখেই বৈচিত্ৰময় ভাৰতৰ অভিব্যক্তি
আদিবাসী সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি পশ্চিম বংগৰ বীৰভূমৰ খেতিয়ক, কেৰালাৰ নাৰিকলৰ আঁহৰ কাম কৰা বনুৱালৈকে বৈচিত্ৰময় এই নতুন নতুন মুখেৰে ভৰি পৰা আমাৰ ফেচে’ছৰ গেলেৰী চাও আহক
Author
Translator

Atraye Adhikary
এই বছৰ ফেচে'ছে ৫৩ টা নতুন উন্নয়ন খণ্ডৰ তথ্যভাণ্ডাৰ হৈ পৰিছে। উদাহৰণ স্বৰূপে, পশ্চিম বংগৰ বীৰভূম জিলাৰ দুবৰাজপুৰ ব্লকত, য'ত আমি এজন অৱসৰপ্ৰাপ্ত ডাককৰ্মী তথা স্বেচ্ছাসেৱক সমীৰ পাঠকক লগ পাইছিলো ৷ আমি নিম্নোল্লিখিত আদিবাসী সম্প্ৰদায়ৰ লোকৰো মুখ সন্নিবিষ্ট কৰিছো: কানিক্কৰ, মলহাৰ, ক’লি, পানিয়ান, কট্টুনায়কন, মালাই আৰায়ন, আদিয়ান আৰু বড়ো৷
প্ৰথমাৱস্থাত বহু ছাত্ৰ-ছাত্ৰীয়ে আলোকচিত্ৰৰ জৰিয়তে ভাৰতৰ গ্ৰামাঞ্চলৰ সৈতে সংযোগ স্থাপন আৰু নথিভুক্ত কৰাৰ উপায় হিচাপে এই প্ৰকল্পটো গ্ৰহণ কৰিছিল। বছৰ বছৰ ধৰি আমালৈ বৰঙনি যোগাই অহাসকলৰ অধিকাংশই এতিয়াও শিক্ষাৰ্থী – তেওঁলোকে দেশৰ বিভিন্ন জিলাৰ বিভিন্ন ব্লকৰ লোকৰ ফটো তুলিছে।
ফেচে’ছৰ উদ্দেশ্য হৈছে একোখন ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকৰ কমেও এজন প্ৰাপ্তবয়স্ক পুৰুষ, এগৰাকী প্ৰাপ্তবয়স্ক মহিলা আৰু এটা শিশু বা কিশোৰ/কিশোৰীৰ ফটো নথিভুক্ত কৰা। গ্ৰামীণ ভাৰতৰ বাহিৰেও, এই প্ৰকল্পটোৰ জৰিয়তে নগৰত বাস কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ফটো নথিভুক্ত কৰা হৈছে।
এয়া হ’ল কেৰালাৰ আলাপুঝা জিলাৰ হৰিপদ ব্লকৰ কয়ৰ কৰ্মী সুমংগলা ৷ এই বছৰ ফেচে’ছত প্ৰকাশ পোৱা নবীন বৃত্তিসমূহৰ ভিতৰত অন্যতম। তেওঁৰ বিষয়ে লাভ কৰা সবিশেষ তথ্য অনুসৰি আমি জানিব পাৰিছো যে ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাসকল কেৱল গৃহিণীয়েই নহয় – তেওঁলোকে পথাৰত কাম কৰে, মাছ-শাক-পাচলি বিক্ৰী কৰে, চিলাই কৰে, কাপোৰ কটা-বোৱা কৰে। মুঠতে তেওঁলোক বহুগুণসম্পন্না।

Megha Elsa Thomas

Raplin Sawkmie
এয়া কোনো আচৰিত কথা নহয় যে অধিকাংশ অৱদানকাৰী শিক্ষাৰ্থী হোৱাৰ বাবে শিক্ষাৰ্থীসকল এই বছৰ ফেচে’ছত আটাইতকৈ বেছি প্ৰদৰ্শিত হৈছে।
মেঘালয়ৰ ইষ্ট খাচি পাহাৰৰ মাওফলাং ব্লকত (এই বছৰৰ আন এটা সংযোজন) আমি নৱম শ্ৰেণীৰ ছাত্ৰী আৰু পৰম্পৰাগত খাচি নৃত্যশিল্পী নবিকা খাছাইনক লগ পাওঁ। নবিকাই কয়, "প্ৰতিটো নৃত্যৰ [প্ৰদৰ্শন] পূৰ্বে সাজ-সজ্জাত অধিক সময়ৰ প্ৰয়োজন হ’লেও মই আমাৰ পৰম্পৰাগত কাপোৰ পিন্ধি ভাল পাওঁ।"
আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।
পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/in-2023-more-than-just-a-face-as

