বৰ্ষ ২০২৩ত পাৰিৰ তথ্যচিত্ৰ শিতানটো সমৃদ্ধ হৈ পৰিছে। বছৰটোত গ্ৰামীণ ভাৰতৰ ওপৰত আধাৰিত ভালেমান ভিডিঅ’, তথ্যচিত্ৰ, ছুটিছবি আৰু ফিচাৰ ফিল্ম পাৰিত যোগ দিয়া হৈছে।
অনলাইন জাৰ্নেল হিচাপে আমি এনেবোৰ চলচ্চিত্ৰক অধিক গুৰুত্ব দিছো, যিয়ে আমাৰ চৌপাশৰ ঘটনাৱলীৰ ওপৰত কঢ়া নজৰ ৰাখে। বিহাৰৰ মাদ্ৰাছা আজিজিয়াৰ ওপৰত নিৰ্মাণ কৰা আমাৰ ফিল্মখনৰ যোগেদি বিহাৰচৰিফত ১১৩ বছৰ পুৰণি এখন মাদ্ৰাছা, লগতে হাজাৰ হাজাৰ মূল্যৱান কিতাপেৰে ভৰা গ্ৰন্থাগাৰ কূটাঘাতকাৰীয়ে জ্বলাই ছাৰখাৰ কৰি পেলোৱা ঘটনা অনুসন্ধানমূলক দৃষ্টিৰে চোৱা হৈছে। নৱীকৰণযোগ্য শক্তিৰ ওপৰত নিৰ্মিত আমাৰ তথ্যচিত্ৰখনে কিদৰে জয়চালমেৰ জিলাৰ পবিত্ৰ অ’ৰন ভূমিক পতিত মাটি বুলি দেখুৱাই সেয়া বায়ুকল আৰু সৌৰশক্তিৰ প্ৰকল্পক গতাই দিয়া কাৰবাৰে অ’ৰনভূমি সংকটাপন্ন কৰি তুলিছে, সেই বিষয়টো দাঙি ধৰা হৈছে।
বছৰটোৰ আৰম্ভণি কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজুলীৰ এগৰাকী মিচিং জনগোষ্ঠীৰ ম’হৰখীয়াৰ প্ৰেম আৰু জীৱনৰ ঐনিতমেৰে। গোটেই বছৰটোত আমি দেশৰ বিভিন্ন ৰাজ্য যেনে পশ্চিমবংগ, চত্তীশগড়, কৰ্ণাটক, ৰাজস্থান আৰু আন বিভিন্ন ঠাইৰ গীত আৰু নৃত্য প্ৰকাশ কৰি আহিছো।
বছৰটো আমি শেষ কৰিছো জাঁতশালৰ গীতৰ প্ৰকল্পৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰৰে, যিয়ে দশকৰ পিছত দশক চলি অহা এই অভূতপূৰ্ব গীতৰ পৰম্পৰাৰ নথিভুক্তকৰণৰ যাত্ৰাক অব্যাহত ৰাখিছে।
এইবছৰ আমি আন এক গুৰুত্বপূৰ্ণ তথ্যচিত্ৰ মোল প্ৰকাশ কৰিছো, য’ত পুণেৰ জাবৰ সংগ্ৰহকাৰী মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহ দাঙি ধৰা হৈছে। এই তথ্যচিত্ৰত মহিলাসকলে প্ৰশ্ন উত্থাপন কৰিছে, “জাবৰ যদি আপুনি সৃষ্টি কৰিছে, তেন্তে আমি কেনেকৈ কচ্ছৰেৱালি হ’লো?” আকৌ পৰিৱৰ্তিত জলবায়ুৰ ওপৰত আধাৰিত এলফনচ’ আমৰ তথ্যচিত্ৰখনৰ যোগেদি অনিয়মীয়া হৈ পৰা বৃষ্টিপাতৰ ওপৰত আলোকপাত কৰা হৈছে।
গোটেই বছৰটোত আমি আমাৰ আৰ্কাইভত বিভিন্ন সম্প্ৰদায়ৰ ওপৰত আধাৰিত তথ্যচিত্ৰ যোগ দিছো। মাদিগা সম্প্ৰদায়ৰ দ্বাৰা মেদামপুৰমত আয়োজিত উগাড়ি উৎসৱৰ ওপৰত আধাৰিত তথ্যচিত্ৰখনে দলিতসকলৰ ৰং-ৰহইচৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰি তুলিছে। তোলপাৱকুট্টুৰ ছাঁ পুতলানাচৰ শিল্পৰ সংঘৰ্ষৰ ওপৰত নিৰ্মিত এই দীঘলীয়া তথ্যচিত্ৰখনত কেৰালাৰ মালাবৰ অঞ্চলৰ সাংস্কৃতিক ঐক্য-সংহতিৰ বৈচিত্ৰতাক পুতলা নাচৰ কাহিনীয়ে কেনেদৰে অক্ষুণ্ণ ৰাখিছে, সেয়া দাঙি ধৰা হৈছে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ নাদ স্বৰম বাদক এজনৰ জীৱনটো এই তথ্যচিত্ৰখনে সুন্দৰকৈ দাঙি ধৰিছে, যি তুলুনাৰুৰ ভূত পূজাৰ অভিন্ন অংশ। একেদৰে কালৰ সোঁতত হেৰাই যাব ধৰা পশ্চিমবংগৰ লষ্ট ৱেক্স-কাষ্টিং পদ্ধতিৰে ধাতুৰ সামগ্ৰী নিৰ্মাণ কৰা ডোক্ৰা শিল্পৰ ওপৰতো এখন তথ্যচিত্ৰ পাৰিত প্ৰকাশ পাইছে।
আমাৰ এই তথ্যচিত্ৰবোৰ চাবলৈ আপোনালোকক আহ্বান জনালোঁ !











