বৌদ্ধ ধৰ্মালম্বী মনপা লোক অধ্যুষিত ভিতৰুৱা গাওঁ মালিয়ামাৰ এই আবেলিটোত নীৰৱতাই বিৰাজ কৰিব পাৰিলেহেঁতেন। কিন্তু হঠাৎ মিছিল এটা চলিবলৈ ধৰিলে। অক্টোবৰ মাহ যদিও সিদিনা কোনো উৎসৱ-পাৰ্বন চলি থকা নাছিল। আচলতে মিছিলটো আছিল কণ কণ দহটা মনপা জনগোষ্ঠীৰ ল’ৰা-ছোৱালীৰ - বয়স ২ৰ পৰা ১১ বছৰ। দুৰ্গা পূজাৰ বন্ধৰ বাবে সিহঁত আটাইবোৰ ঘৰতে আছিল। চলিছিল সিহঁতৰ হাঁহি-খিকিন্দালি ভৰা এটা কাৰবাৰ।

আনদিনা স্কুলৰ ঘণ্টা বাজিলেহে তেওঁলোকৰ খেলাৰ সময় আহি পৰিছিল। একেবাৰে ওচৰত বুলিবলৈ দুখন ব্যক্তিগত খণ্ডৰ স্কুল আছে আৰু এখন চৰকাৰী স্কুল। তিনিওখনেই ডিৰাঙৰ পৰা ৭ৰ পৰা ১০ কিলোমিটাৰ দূৰত। ইয়াৰে ল’ৰা-ছোৱালীয়ে সেই স্কুলকেইখনলৈ নিতৌ খোজকাঢ়িয়ে যায়। স্কুলকেইখন এতিয়া প্ৰায় দহদিনৰ বাবে বন্ধ। কিন্তু এই বন্ধৰ সময়খিনিত দিনটোৰ কোনটো সময়ত খেলিবলৈ ওলাই আহিব লাগিব, সেয়া তেওঁলোকে জানে। সময় দুপৰীয়া দুই বাজিছে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছৰ সময়খিনিত ইণ্টাৰনেটৰ একেবাৰে দুৰ্বল সংযোগ থকা সাগৰপৃষ্ঠৰ ১৮০০ মিটাৰ ওপৰৰ এই চুবুৰীটোত ফোনবোৰ একো কামৰ হৈ নাথাকিব, তেতিয়া উপায়ন্তৰ হৈ তেওঁলোকে ফোনবোৰ মাক-দেউতাকত গতাই দিব লাগিব। এইখিনি সময়েই তেওঁলোকৰ বাবে ৰাস্তাত গোট খোৱাৰ সময়, ইটোৰ পিছত সিটো ৰাউণ্ড মানখা লাইদা (আখৰোটৰ খেল) খেলাৰ সময়।

চুবুৰীটোৰ কাষৰে হাবিত আখৰোট প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। অৰুণাচল প্ৰদেশ আখৰোট উৎপাদনৰ ফালৰ পৰা দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে। পশ্চিম কামেং জিলাৰ আখৰোটৰ গুণগত মান বহুত ভাল বুলি জনা যায়। কিন্তু এইখন গাঁৱত কোনোৱে আখৰোটৰ খেতি নকৰে। ল’ৰা-ছোৱালীহঁতে আখৰোট আনিছে হাবিৰ পৰা। মালিয়ামাত ১৭ৰ পৰা ২০ টা মনপা পৰিয়াল আছে। তেওঁলোক পাৰম্পৰিকভাৱে তিব্বতীয় পশুপালক জনগোষ্ঠীৰ লোক। গাওঁখনৰ প্ৰায়ভাগে ৰন্ধা-বঢ়াৰ বাবে হাবিৰ পৰা খৰি সংগ্ৰহ কৰে। “গাওঁপৰীয়া লোকে দল বান্ধি প্ৰতি সপ্তাহত হাবিলৈ যায় আৰু কাঠফুলা, বাদামজাতীয় ফল, বগৰী, খৰি আৰু অন্যান্য বনজ সামগ্ৰী সংগ্ৰহ কৰে,” ৫৩ বৰ্ষীয় ৰিনচিন জম্বাই কয়। প্ৰতিদিনে আবেলি শিশুবোৰে হাতৰ মুঠিত আৰু পকেট ভৰ্তি কৰি আখৰোট লৈ ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে।

ভিডিঅ’টো চাওক: এটি মনপা চুবুৰীত এজাক ছানা-পোনাৰ ৰং-ধেমালি

ৰাস্তাত এটা পোন শাৰীত আখৰোটবোৰ ৰখা হৈছে। প্ৰতিজন খেলুৱৈয়ে শাৰীটোত নিজৰ ফালৰ পৰা তিনিটাকৈ আখৰোট যোগ দিছে। তাৰপিছত প্ৰত্যেকে পাল পাতি হাতত থকা এটা আখৰোট শাৰীটোলৈ পোনাই মাৰি পঠিয়াইছে। যিমানটা আখৰোট ছিটিকি পৰিব, সিমানটা সিজন খেলুৱৈয়ে খাবলৈ পাব, কিযে লোভনীয় পুৰস্কাৰ! এগালমান আখৰোটৰ এই খেল শেষ হোৱাৰ পিছত এইবাৰ আহিছে থা খ্যান্দা লাইদা (ৰছী টনা খেল)ৰ সময়।

এইখন খেলত লাগিব এডাল ৰছী। ৰছীৰ ঠাইত কাপোৰ এটুকুৰা হ’লেও চলিব। কিন্তু তাৰ ঠাইত তেওঁলোকে বিচাৰি আনিছে পৰিয়ালৰ দীৰ্ঘায়ুৰ কাৰণে কৰা বাৰ্ষিক পূজাৰ পতাকাৰ ফটা-ছিগা কাপোৰ। সেইৰেই এতিয়া ৰছী টনা খেল চলিছে।

কেইঘণ্টামানৰ মুৰে মুৰে খেল সলনি হৈছে। তেওঁলোকে খো-খো, কাবাদী, বোকাত জপিওৱা, দৌৰা আদি বিভিন্ন খেল খেলিছে। কোনোবাদিন আকৌ তেওঁলোকে মাক-দেউতাকে মনৰেগা ছাইটত গৈ জব কাৰ্ডৰ কাম কৰাৰ দৰে পুতলা জেচিবিৰে মাটি খন্দা খেল খেলিছে।

তেওঁলোকৰ কিছুমানৰ দিনটো শেষ হয় কাষৰে চুগ বৌদ্ধ মঠটোত। আন কিছুমানে মাক-দেউতাকক সহায় কৰিবলৈ কাষৰে খেতিপথাৰলৈ গৈ দিনটো সামৰে। সাঁজ লাগে মানে তেওঁলোকৰ মিছিল ঘৰলৈ উভতে। মুখত বাটৰ কাষৰ গছৰ পৰা চিঙি অনা কমলাৰ একোঁহ বা এটা ৰামফল। এনেকৈ দিন এটা বাগৰি যায়।

অনুবাদ: পংকজ দাস

Sinchita Parbat

Sinchita Parbat is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker. Her earlier stories were under the byline Sinchita Maji.

Other stories by Sinchita Parbat
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das