“এই বাজেটখনে আমাক জীয়াই থকাৰ বাবে সুবিধাকণৰ কথা চিন্তা নকৰিলে। এইখন বাজেটে কেৱল মধ্যবিত্ত, বিশেষকৈ বেতনধাৰী লোকৰ বাবেহে চিন্তা কৰিছে,” গীতা ৱড়চলে কয়।
বিশেষভাৱে বিপন্ন (পিভিটিজি) কদৰ সম্প্ৰদায়ৰ গীতা (৩৬) কেৰালাৰ থ্ৰিছুৰ জিলাৰ প্ৰস্তাবিত আদিৰপিল্লি জলবিদ্যুৎ শক্তি প্ৰকল্পৰ অৱবাহিকা অঞ্চলত থাকে।
বান্ধটো চালাকুড়ি নদীৰ ওপৰত অৱস্থিত আৰু এই বান্ধটোৰ কাৰণে তেওঁলোকৰ সম্প্ৰদায়টোৰ লোকসকল চতুৰ্থবাৰৰ বাবে বিস্থাপিত হ’ব। “গোটেই দেশতে ডাঙৰ ডাঙৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে আমাৰ দৰে মানুহ বিস্থাপিত হৈ আহিবলগীয়া হৈছে। আকৌ আমাৰ মাটি, অৰণ্য আৰু আন সম্পদসমূহ ক’ৰ্পৰেটে নিয়াৰ কথাটোও আমাক জনোৱা হোৱা নাই,” বান্ধটোৰ বিৰুদ্ধে থিয় দিয়াসকলক নেতৃত্ব দিয়া গীতাই কয়।
“অৰণ্যত বাস কৰা জনজাতীয় লোকসকলৰ বাবে জলবায়ু পৰিৱৰ্তনে জীয়াই থকাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছে। আমাৰ দ্ৰুতগতিত অৱক্ষয় হৈ থকা অৰণ্য আৰু জীৱিকাৰ সীমিত বিকল্পৰে এক বিপজ্জনক পৰিৱেশলৈ ঠেলি দিয়া হৈছে,” কেৰালাৰ জনজাতীয় মহিলাসকলৰ একমাত্ৰ মুখিয়াল গীতাই কয়।
![](/media/images/02a-IMG008-2-KAS-Cosmetic_changes_for_Adiv.max-1400x1120.jpg)
![](/media/images/02b-IMG015-1-KAS-Cosmetic_changes_for_Adiv.max-1400x1120.jpg)
বাওঁফালে: শিক্ষাৰ্থীসকলৰ সৈতে গীতা। সোঁফালে: গীতা কেৰালাৰ থ্ৰিছুৰ জিলাৰ প্ৰস্তাৱিত আদিৰপিল্লি জলবিদ্যুৎ শক্তি প্ৰকল্পৰ অৱবাহিকা অঞ্চলত থাকে
কদৰ সম্প্ৰদায়ৰ আনসকলৰ দৰে গীতাৰো পূৰ্বপুৰুষসকল বন নিবাসী আছিল, তেওঁলোকেও ১৯০৫ত পৰম্বিকুলম টাইগাৰ ৰিজাৰ্ভ এৰিবলগীয়া হৈছিল যেতিয়া ব্ৰিটিছে কোচি পোতাশ্ৰয়ৰ পৰা অঞ্চলটো সংযোগ কৰা ট্ৰামৱে নিৰ্মাণ কৰি তাৰপৰা গ্ৰেট বৃটেইনলৈ কাঠ সৰবৰাহৰ পৰিকল্পনা কৰিছিল।
তেতিয়া গীতাৰ পৰিয়ালটোৱে পেৰিংগলকুটুলৈ বিস্থাপিত হৈছিল আৰু তাৰপিছছত চোলায়াৰ অৰণ্যলৈ আহিছিল য’ৰপৰা এতিয়া তেওঁলোকক আকৌ বিস্থাপিত কৰা হ’ব।
তেওঁ কয় যে বাজেটখনে জনজাতীয় কল্যাণৰ বাবে পুঁজি বৃদ্ধি কৰাৰ কথা যদিওবা কৈছে, “এই আবণ্টনত আদৰ্শ আবাসিক বিদ্যালয়, আন্তঃগাঁথনিমূলক উন্নয়ন আৰু বাট-পথ উন্নতকৰণৰ কথাহে কোৱা হৈছে যিবোৰৰ কেৱল উপৰুৱা প্ৰভাৱহে থাকিব। ৰাস্তা-ঘাট আদি উন্নত কৰিলেহে আৰু আন্তঃগাঁথনি উন্নয়ন আদিবাসী সম্প্ৰদায়ৰ বাবে অৰ্থহীন, কিয়নো জনজাতীয় লোকসকলৰ পৰা খেতিমাটি অৰণ্য, জলসম্পদ আৰু জীৱিকা কাঢ়ি নিয়া হৈছে।”
কেৰালাৰ বহুতেই বাজেটখনৰ সপক্ষে কৈছে যে বাজেটখনে ৱায়ানাদ জিলাত ভূস্খলনৰ ফলত মৃত্যু হোৱা আৰু ক্ষতিগ্ৰস্ত মুন্দকাই আৰু চুড়লমালা পৰিয়ালক সহায় প্ৰদান কৰিব। “এনে অনুমান হয় যেন গোটেই দক্ষিণাঞ্চলক উপেক্ষা কৰা হৈছে।”
এই প্ৰতিবেদনত ব্যৱহৃত আলোকচিত্ৰ কেৰালা মিউজিয়াম, মাধৱন নায়াৰ ফাউণ্ডেছন কোচিৰ জানাল আৰ্কাইভৰ পৰা অনুমতিমৰ্মে লোৱা হৈছে।
অনুবাদ: পংকজ দাস