১৯৪৭ৰ ৰক্তাক্ত দেশ বিভাজনৰ সময়ত ৰেডক্লিফ ৰেখাই কেৱল দেশ দুখনৰ মাজতেই সীমা নিৰ্ধাৰণ নকৰিলে, লগতে পাঞ্জাৱখনকো দোভাগ কৰি পেলালে। সীমান্ত আয়োগৰ অধ্যক্ষ হিচাপে তেতিয়া কাৰ্য্যনিৰ্বাহ কৰা ব্ৰিটিছ অধিবক্তা এজনৰ নামেৰে এই ৰেখাই কেৱল ভৌগোলিক বিভাজনেই নহয়, পাঞ্জাৱী ভাষাটোৰ দুটা লিপিৰো বিভাজন আনিলে। “বিভাজনে পাঞ্জাৱী ভাষাটোৰ দুটা লিপি আৰু সাহিত্যত কোনোদিন নুশুকোৱা এটুকুৰা কেঁচা ঘাঁ দি গ’ল,” ৰাজ্যখনৰ লুধিয়ানা জিলাৰ পায়ল টেহচিলৰ কটেহৰি গাঁৱৰ কৃপাল সিং পান্নুৱে কয়।

পান্নু এগৰাকী ৯০ বছৰীয়া প্ৰাক্তন সৈনিক, তেওঁ জীৱনৰ তিনিটা দশক জুৰি দেশ বিভাজনৰ এইটুকুৰা বিশেষ ঘাঁত স্নেহলেপ সানি আহিছে। সীমান্ত সুৰক্ষা বল (বি.এছ.এফ.)ৰ উপ-সেনাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা পান্নুৱে গুৰু গ্ৰন্থ চাহিব, মহান কোষ (পাঞ্জাৱৰ অতিকৈ পৱিত্ৰ বিবেচিত বিশ্বকোষ) আৰু আন গুৰুত্বপূৰ্ণ সাহিত্যকৰ্ম গুৰমুখীৰ পৰা শ্বাহমুখীলৈ অনুবাদ কৰিছে, নাইবা শ্বাহমুখীৰ পৰা গুৰমুখীলৈ।

শ্বাহমুখী লিপিটো উৰ্দুৰ দৰে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়, সেয়া ভাৰতৰ পাঞ্জাৱ প্ৰদেশত ১৯৪৭ চনৰ পৰা ব্যৱহাৰ কৰা হোৱা নাই। পান্নুৱে ১৯৯৫-৯৬ত এটা কম্পিউটাৰ প্ৰগ্ৰাম ৰচনা কৰে যিটোৱে গুৰু গ্ৰন্থ চাহিব গ্ৰন্থখন গুৰমুখীৰ পৰা শ্বাহমুখীলৈ আৰু শ্বাহমুখীৰ পৰা গুৰমুখীলৈ লিপ্যন্তৰ ঘটায়।

দেশ বিভাজনৰ আগতে উৰ্দুভাষীসকলে শ্বাহমুখী লিপিত লিখা পাঞ্জাৱী ভাষা পঢ়িব পাৰিছিল। পাকিস্তান গঠন হোৱাৰ পূৰ্বে প্ৰায়ভাগ সাহিত্যকৰ্ম আৰু চৰকাৰী অফিছ-কাছাৰীৰ নথি-পত্ৰ শ্বাহমুখী লিপিত লিখা হৈছিল।

বাওঁফালৰ পৰা সোঁফাললৈ লিখা গুৰমুখী লিপিৰ দেৱনাগৰী লিপিৰ সৈতে সাদৃশ্য আছে, সেয়া পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত ব্যৱহাৰ নহয়। সেয়ে পাঞ্জাৱৰ স্বাধীনোত্তৰ কালৰ পাঞ্জাৱীভাষী প্ৰজন্মই গুৰমুখী পঢ়িব নোৱাৰা হৈ থাকে, তেনেকৈয়ে তেওঁলোক নিজৰ সাহিত্যৰ পৰা আঁতৰি যায়। অবিভক্ত পাঞ্জাৱৰ গুৰুত্বপূৰ্ণ সাহিত্যৰাজি তেওঁলোকে পঢ়িব পাৰিব, কিন্তু সেয়া তেওঁলোকে জনা লিপি শ্বাহমুখীত লিখা হ’ব লাগিব।

Left: Shri Guru Granth Sahib in Shahmukhi and Gurmukhi.
PHOTO • Courtesy: Kirpal Singh Pannu
Right: Kirpal Singh Pannu giving a lecture at Punjabi University, Patiala
PHOTO • Courtesy: Kirpal Singh Pannu

বাওঁফালে: শ্বাহমুখী আৰু গুৰমুখী লিপিত শ্ৰী গুৰু গ্ৰন্থ চাহিব। সোঁফালে: পাঞ্জাৱী বিশ্ববিদ্যালয়, পাটিয়ালাত বক্তৃতা প্ৰদানৰ মুহূৰ্তত কৃপাল সিং পান্নু

পাটিয়ালাৰ ভাষাবিদ আৰু ফৰাচী ভাষা শিক্ষক ড. ভোজ ৰাজ (৬৮)য়েও শ্বাহমুখী পঢ়িব পাৰে। “১৯৪৭ৰ আগেয়ে শ্বাহমুখী আৰু গুৰমুখী দুয়োটাই ব্যৱহাৰত আছিল, কিন্তু গুৰমুখী ঘাইকৈ গুৰদ্বাৰা (শিখসকলৰ উপাসনাগৃহ)তে সীমাবদ্ধ আছিল,” তেওঁ কয়। ৰাজে মন্তব্য কৰে যে স্বাধীনতাৰ পূৰ্বে পাঞ্জাৱী ভাষা শিক্ষাৰ মাধ্যম হিচাপে লোৱা শিক্ষাৰ্থীয়ে শ্বাহমুখী লিপিত লিখাৰ দস্তুৰ আছিল।

“আনকি ভাৰতীয় ধৰ্মগ্ৰন্থ যেনে ৰামায়ন আৰু মহাভাৰতো পাৰ্চি-আৰৱী লিপিত লিখা হৈছিল,” ৰাজে কয়। পাঞ্জাৱখন বিভক্ত হোৱাৰ পিছত ভাষাটোও বিভক্ত হৈ পৰে। শ্বাহমুখী পশ্চিম পাকিস্তানলৈ গ’ল, পাকিস্তানী হৈ পৰিল আৰু গুৰমুখী থাকিল অকলে, ভাৰতত।

পান্নুৰ প্ৰকল্পটো এনে এটা সময়ত যোগসূত্ৰ হৈ আহিল, যিটোৱে পাঞ্জাৱী সংস্কৃতি, ভাষা, সাহিত্য আৰু ইতিহাসৰ দশকজোৰা উদ্বিগ্নতাৰ উপশম ঘটালে।

“পূব পাঞ্জাৱৰ (ভাৰতৰ অন্তৰ্ভুক্ত) লিখক আৰু কবিসকলে তেওঁলোকৰ সৃষ্টিৰাজি পশ্চিম পাঞ্জাৱত (পাকিস্তানৰ অন্তৰ্ভুক্ত) পাঠকে পঢ়িব পৰা আৰু তেওঁলোকৰ সৃষ্টিৰাজি ইয়াত পঢ়িবলৈ সমৰ্থ হোৱাটো বিচাৰিছিল,” পান্নুৱে কয়। টৰন্টো, কানাডাত অনুষ্ঠিত সাহিত্য সন্মিলনত পাকিস্তানকে ধৰি আন দেশৰ পাঞ্জাৱীসকলে এই বৃহৎ ক্ষতিত আপচোচ কৰিছিল।

এনে এখন বৈঠকত পাঠক আৰু পণ্ডিতসমাজে দুয়োটা লিপিৰে সাহিত্য পঢ়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে। “দুয়োপক্ষই দুয়োটা লিপি পঢ়িলেহে সেয়া সম্ভৱ হ’ব,” পান্নুৱে ক’লে। অৱশ্যে “সেয়া কৰাতকৈ কৈ দিয়াটো তেনেই সহজ।”

এটাই উপায় আছিল, সেয়া হৈছে প্ৰমুখ সাহিত্যকৰ্মৰাজিক এটা দুয়োপক্ষই পঢ়িব পৰা লিপি এটালৈ লিপ্যন্তৰ কৰা। পান্নুৰ মনত তেনেতে এটা বুদ্ধি জাগিল।

এনেকৈ আহিল পান্নুৰ কম্পিউটাৰ প্ৰগ্ৰাম, যিটোৰ জৰিয়তে পাকিস্তানৰ পাঠক এজনে শিখ ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিব শ্বাহমুখীত পঢ়িব পাৰিব। একেদৰে পাকিস্তানৰ উৰ্দু বা শ্বাহমুখীত থকা কিতাপ-পত্ৰবোৰ প্ৰগ্ৰামটোৰ যোগেদি ইয়াত গুৰমুখীলৈ লিপ্যন্তৰিত ৰূপত ভাৰতীয় পাঞ্জাৱীয়ে পঢ়িব পাৰিব।

Pages of the Shri Guru Granth Sahib in Shahmukhi and Gurmukhi
PHOTO • Courtesy: Kirpal Singh Pannu

শ্বাহমুখী আৰু গুৰমুখীত গুৰু গ্ৰন্থ চাহিবৰ অংগবোৰ (পৱিত্ৰ গ্ৰন্থখনৰ পৃষ্ঠাবোৰক অংগ বোলা হয়)

*****

১৯৮৮ত অৱসৰ গ্ৰহণৰ পিছত পান্নু কানাডালৈ যায় আৰু তাত কম্পিউটাৰ শিকিবলৈ লয়।

কানাডাৰ অন্যতম নাগৰিক সমাজ, পাঞ্জাৱীসকলে নিজৰ গৃহভূমিৰ বাতৰি জানিবলৈ বৰ আগ্ৰহী আছিল। পাঞ্জাৱী দৈনিক যেনে অজিত আৰু পাঞ্জাৱী ট্ৰিবিউন বিমানযোগে কানাডালৈ ভাৰতৰ পৰা পঠিওৱা হৈছিল।

এই বাতৰি-কাকতৰ পৰা কাটি অনা বাতৰিবোৰ টৰণ্টোত আন বাতৰি কাকতত ব্যৱহাৰ কৰা হৈছিল, পান্নুৱে কয়। এই বাতৰি-কাকতবোৰ বিভিন্ন প্ৰকাশকৰ পৰা অনা কাটিঙেৰে কলাজ এখন দৰে হৈ পৰিছিল, ফণ্টবোৰো আছিল হৰেক ৰকমৰ।

এনে এখন দৈনিক বাতৰি আছিল হমদৰ্দ ৱিকলী, সেইখনতে পিছলৈ পান্নুৱে কাম কৰিছিল। ১৯৯৩ত কাকতখনৰ সম্পাদকীয় গোটে কাকতখনে একক এটা ফণ্টেৰে কাকতখন প্ৰকাশৰ সিদ্ধান্ত লয়।

“ফণ্টবোৰ আহিবলৈ ধৰিলে আৰু কম্পিউটাৰৰ ব্যৱহাৰ সম্ভৱ হৈ পৰিল। প্ৰথম লিপ্যন্তৰ মই কৰিছিলো গুৰমুখীৰ এটা ফণ্টৰ পৰা আনটোলৈ,” পান্নুৱে কয়।

হমদৰ্দ ৱিকলিখনৰ প্ৰথমটো সংস্কৰণ ওলাইছিল অনন্তপুৰ ফণ্টত, নব্বৈৰ দশকৰ প্ৰাৰম্ভিক ভাগত তেওঁৰ নিজ বাসগৃহৰ পৰা সেইখন প্ৰকাশ পাইছিল। সেই সময়ত ১৯৯২ত গঠিত পাঞ্জাৱী কলমন দা কাফলা (পাঞ্জাৱী লিখক সংস্থা) নামে টৰণ্টোৰ পাঞ্জাৱী লিখক সমাজে গুৰমুখী-শ্বাহমুখী লিপ্যন্তৰৰ আৱশ্যকতা বাৰুকৈয়ে উপলব্ধি কৰিলে।

Left: The Punjabi script as seen on a computer in January 2011.
PHOTO • Courtesy: Kirpal Singh Pannu
Kirpal Singh Pannu honoured by Punjabi Press Club of Canada for services to Punjabi press in creating Gurmukhi fonts. The font conversion programmes helped make way for a Punjabi Technical Dictionary on the computer
PHOTO • Courtesy: Kirpal Singh Pannu

বাওঁফালে: ২০১১ৰ জানুৱাৰীত কম্পিউটাত পাঞ্জাৱী লিপি দেখা গৈছে। সোঁফালে: গুৰমুখী ফণ্ট সৃষ্টি কৰা আৰু পাঞ্জাৱী ছপা উদ্যোগটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে কৃপাল সিং পান্নুক পাঞ্জাৱী প্ৰেছ ক্লাব অৱ কানাডাই সন্মানিত কৰিছে। ফণ্ট কনভাৰ্জন প্ৰগ্ৰামটোৱে কম্পিউটাৰত পাঞ্জাৱী টেকনিকেল অভিধান এখনৰো বাট মুকলি কৰে

পান্নু আছিল কম্পিউটাৰ ব্যৱহাৰ কৰাত পাকৈত কেইগৰাকীমানৰ ভিতৰত এজন, তেওঁক এই ফলাফলত উপনীত হোৱাৰ দায়িত্ব দিয়া হৈছিল। পাঞ্জাৱী সাহিত্যৰ প্ৰতি উৎসৰ্গিত একাডেমি অৱ পাঞ্জাৱ ইন নৰ্থ আমেৰিকা বা চমুকৈ অপনা সংস্থাই ১৯৯৬ত এখন আলোচনাচক্ৰ পাতে য’ত প্ৰসিদ্ধ পাঞ্জাৱী কবি নৱতেজ ভাৰতীয়ে কয়, “কৃপাল সিং পান্নুৱে এটা প্ৰগ্ৰাম ডিজাইন কৰি আছে। কি তুছ্ছি ইক ক্লি কৰোগে, গুৰমুখী টোন শ্বাহমুখী হৌ জাউগা, ইক ক্লিক কৰোগে তে শ্বাহমুখী টৌন গুৰমুখী হৌ জাউগা (আপুনি এটা ক্লিক কৰি শ্বাহমুখীৰ পৰা গুৰমুখী আৰু গুৰমুখীৰ পৰা শ্বাহমুখী হৈ যাব)।”

প্ৰথমে তেওঁৰ এনেকুৱা লাগিছিল যেন তেওঁ আন্ধাৰত শৰ মাৰি আছে, এসময়ৰ সৈনিকজনে কয়। কিন্তু আৰম্ভণিৰ কিছু কাৰিকৰী জটিলতা পাৰ কৰাৰ পিছত তেওঁ কিছু আগবাঢ়িব পাৰিছিল।

“আনন্দতে মই সেয়া জাভেদ বুটাৰ ওচৰলৈ লৈ গ’লো, সাহিত্যিক জাভেদে উৰ্দু আৰু শ্বাহমুখী দুয়োটাই জানিছিল,” তেওঁ কয়।

বুটাই ক’লে যে পান্নুৱে শ্বাহমুখীৰ বাবে ব্যৱহাৰ কৰা ফণ্টটোৰ সৌন্দৰ্য নাছিল, আখৰবোৰ বেৰ এখনৰ ইটাৰ দৰে আছিল। তেওঁ পান্নুক ক’লে যে সেই ফণ্টটো দেখাত কুফিৰ দৰে লাগিছে (আৰবী ভাষাটো যি ফণ্টত লিখা হয়), উৰ্দু ভাষাৰ পাঠকে সেয়া গ্ৰহণ কৰি ল’ব টান পাব। সেয়া নাষ্টালীক ফণ্টৰ দৰে আছিল, যিটো পাত নথকা গছ এজোপাৰ ঠানিবোৰৰ দৰে, উৰ্দু আৰু শ্বাহমুখী ভাষাত সেয়া গ্ৰহণযোগ্য।

পান্নু হতাশ হৈ উভতিল। অৱশ্যে তেওঁক তেওঁৰ ল’ৰা আৰু বন্ধুবৰ্গই সহায় কৰিলে। তেওঁ বিশেষজ্ঞৰ সৈতে কথা পাতিলে, লাইব্ৰেৰীলৈ গ’ল। বুটা আৰু তেওঁ পৰিয়ালবৰ্গইও সহায় কৰিলে। এনেকৈয়ে এদিন পান্নুৱে নুৰি নাষ্টালীক ফণ্টটো বিচাৰি পালে।

Left: Pannu with his sons, roughly 20 years ago. The elder son (striped tie), Narwantpal Singh Pannu is an electrical engineer; Rajwantpal Singh Pannu (yellow tie), is the second son and a computer programmer; Harwantpal Singh Pannu, is the youngest and also a computer engineer.
PHOTO • Courtesy: Kirpal Singh Pannu
Right: At the presentation of a keyboard in 2005 to prominent Punjabi Sufi singer
PHOTO • Courtesy: Kirpal Singh Pannu

বাওঁফালে: নিজৰ ল’ৰাকেইটাৰ সৈতে পান্নু, প্ৰায় বিশ বছৰ আগৰ ফটো। ডাঙৰজন ল’ৰা (আঁচ থকা টাই পৰিহীত) নাৰৱাণ্টপাল সিং পান্নু এগৰাকী ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ; ৰাজৱন্তপাল সিং পান্নু (হালধীয়া টাই পিন্ধাজন) দ্বিতীয় পুত্ৰ, তেওঁ কম্পিউটাৰ প্ৰগ্ৰামাৰ; হৰৱন্তপাল সিং পান্নু কনিষ্ঠ পুত্ৰ, তেওঁ এগৰাকী কম্পিউটাৰ ইঞ্জিনিয়াৰ। সোঁফালে: ২০০৫ত প্ৰখ্যাত পাঞ্জাৱী চুফী গায়ক এগৰাকীক দেখুওৱা কীব’ৰ্ড

তেতিয়ালৈ তেওঁ ফণ্টৰ বিষয়ে তেওঁ ভালদৰে জনা হৈছিল। নিজে বিচৰা ধৰণে নুৰী নাষ্টালীক ফণ্টবোৰ বনাই ল’ব পাৰিছিল। “গুৰমুখীৰ সমানে সমানে মই এয়া প্ৰস্তুত কৰিছিলো। সেয়ে এটা সমস্যাই দেখা দিলে। আমি সেই আখৰবোৰ সোঁফাললৈ আনিবলগীয়া হ’ল যাতে সেয়া সোঁফালৰ পৰা লিখিব পৰা যায়। সেয়ে খুঁটি এটাত পঘাৰে বান্ধি থোৱা জন্তুৰ দৰে আমি প্ৰতিটো আখৰ বাওঁফালৰ পৰা সোঁফাললৈ টানি নিবলগীয়া হ’ল,” পান্নুৱে কয়।

লিপ্যন্তৰত উৎস আৰু লক্ষ্য লিপিত উচ্চাৰণৰ মিল থাকিব লাগে। কিন্তু প্ৰতিটো লিপিত এনে কিছুমান উচ্চাৰণ আছিল যে সিটো লিপিত তাৰ সমকক্ষ উচ্চাৰণ মিলাকৈ শব্দ নাছিল। এনে এটা উদাহৰণ হৈছে শ্বাহমুখীৰ ن আখৰটো। সিটোৱে এটা উহ্য নাসিক শব্দ যিটো গুৰমুখীত নাই। এনে প্ৰতিটো উচ্চাৰণৰ বাবে পান্নুৱে ইতিমধ্যে থকা শব্দ এটাত নতুন কিছুমান উপাদান যোগ দি নতুন এটা আখৰ উদ্ভাৱন কৰে।

পান্নুৱে এতিয়া ৩০ টাৰো অধিক গুৰমুখী ফণ্টৰ কাম কৰিবপৰা হ’ল আৰু শ্বাহমুখীৰ বাবে তেওঁৰ হাতত তিনি-চাৰিটা ফণ্ট হ’ল।

*****

পান্নুৰ জন্ম এটা কৃষক পৰিয়ালত। পৰিয়ালটোৰ কটেহৰিত ১০ একৰ মাটি আছে। পান্নুৰ তিনি পুত্ৰৰ আটাইকেইজন অভিযন্তা, কানাডাত থাকে।

১৯৫৮ত তেওঁ পূৰ্বৰ পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাৱ ষ্টেটচ্ ইউনিয়ন (চমুকৈ PEPSU) ৰাজ্যৰ সেনাবাহিনীত যোগদান কৰে, সেইখন আছিল অঞ্চলটোৰ সামন্ত ৰাজ্যসমূহৰ সংঘ। তেওঁ পাটিয়ালাৰ কিলা বাহাদুৰগড়ত জ্যেষ্ঠ কনিষ্টবলৰ পদত যোগদান কৰিছিল। ১৯৬২ৰ যুদ্ধৰ সময়ত তেওঁ ডেৰা বাবা নানক, গুৰদাসপুৰত হেড কনিষ্টবল হিচাপে নিযুক্ত আছিল। সেই সময়ত পাঞ্জাৱ সশস্ত্ৰ বাহিনী (পাঞ্জাৱ আৰ্মদ পুলিচ চমুকৈ পি.এ.পি.)য়ে ৰেডক্লিফ ৰেখা অক্ষুণ্ণ ৰখাৰ বাবে পহৰা দিছিল।

১৯৬৫ত পি.এ.পি. বি.এছ.এফ.ৰ সৈতে একত্ৰিত হয় আৰু তেওঁক তেতিয়াৰ পাঞ্জাৱ প্ৰদেশৰ লাহৌল আৰু স্পিতিত মোতায়েন কৰা হয়। তেওঁ গড়কাপ্তানি বিভাগৰ সৈতে লগ লাগি বি.এছ.এফ.ৰ দলং নিৰ্মাণৰ কাম কৰিছিল। পিছলৈ তেওঁ বি.এছ.এফ.ৰ উপ-আৰক্ষী বিষয়া আৰু তাৰপাছত সহায়ক সেনাধ্যক্ষলৈ পদোন্নতি লাভ কৰে।

Left: Pannu in uniform in picture taken at Kalyani in West Bengal, in 1984.
PHOTO • Courtesy: Kirpal Singh Pannu
He retired as Deputy Commandant in 1988 from Gurdaspur, Punjab, serving largely in the Border Security Force (BSF) in Jammu and Kashmir . With his wife, Patwant (right) in 2009
PHOTO • Courtesy: Kirpal Singh Pannu

বাওঁফালে: পশ্চিমবংগৰ কল্যানিত ইউনিফৰ্ম পৰিহীত পান্নুৰ এখন ফটো, ১৯৮৪ৰ। ১৯৮৮ত তেওঁ পাঞ্জাৱৰ গুৰদাসপুৰৰ পৰা উপ-সেনাধ্যক্ষলৈ পদোন্নতি লাভ কৰে আৰু ঘাইকৈ জম্মু আৰু কাশ্মীৰত সীমান্ত সুৰক্ষা বলৰ সেৱাত নিয়োজিত হয়। তেওঁৰ পত্নী পটৱন্ত (সোঁফালে)ৰ সৈতে, ২০০৯ত

সীমান্তত পহৰা দি থকা সময়বোৰত ঘৰখনলৈ মনত পৰা সেই জীৱনটো আৰু চিন্তাৰ স্বাধীনতাই তেওঁক সাহিত্য আৰু কবিতাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। তেওঁ নিজৰ পত্নীলৈ বুলি লিখা কবিতা এটা গাই শুনায়:

পল বি সহিয়া ন জাৱে তেৰী জুদাই আ সছ এ
পৰ এন্দা জুদাইয়া বিচ্ছ হী ইহ বীত জানি এ জিন্দেগী

(“এয়া সঁচা যে এটা ক্ষণো তোৰ সৈতে বিচ্ছেদ মই সহিব নোৱাৰো
কিন্তু এই বিচ্ছেদৰ মাজেৰেই জীৱনটো এনেকৈ পাৰ হৈ যাব।”)

খেম কৰনত বি.এছ.এফ.ৰ কোম্পানী কমাণ্ডেণ্ট হিচাপে কাৰ্য্যৰত সময়ত তেওঁ আৰু পাকিস্তানৰ ফালৰ ইকবাল খানে এটা নিয়ম বান্ধি লৈছিল। “সেই সময়ত সীমান্তৰ দুয়োপক্ষই সীমান্ত সাক্ষাৎ কৰাটো দস্তুৰ আছিল। মই পাকিস্তানী আলহীক চাহ খুওৱাটো নিশ্চিত কৰিছিলো, তেওঁলোকেও ভাৰতীয় আলহীক চাহ নুখুওৱাকৈ নপঠিয়াইছিল। কেইকাপমান চাহে আমাৰ মুখত চেনীৰ সোৱাদ এৰিছিল আৰু অন্তৰবোৰো কুমলিছিল,” তেওঁ কয়।

পান্নুৱে এদিন স্নায়ুৰোগ বিশেষজ্ঞ ডা. কুলবিৰ সিং থিণ্ডক গুৰমুখীৰ পৰা শ্বাহমুখী লিপ্যন্তৰৰ আৰ্হি দেখুৱালে। ডা. থিণ্ড আছিল পাঞ্জাৱী সাহিত্যনুৰাগী, তেঁৱেই পান্নুৰ লিপ্যন্তৰ তেওঁৰ ৱেবছাইট শ্ৰী গ্ৰন্থ ডট অৰ্গত আপল’ড কৰিছিল। “সেয়া তাত বহুবছৰলৈ আছিল,” পান্নুৱে কয়।

২০০০ চনত ডা. গুৰবচন সিং, আন এগৰাকী সাহিত্য প্ৰতিভাধৰে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ আৰৱী সংস্কৰণত পাৰ্চী ভাষাৰ আখৰ ব্যৱহাৰ কৰিছিল। এই কামত তেওঁ সহায় লৈছিল পান্নুৱে ডিজাইন কৰা প্ৰগ্ৰামটোৰ।

Left: The cover page of Computran Da Dhanantar (Expert on Computers) by Kirpal Singh Pannu, edited by Sarvan Singh.
PHOTO • Courtesy: Kirpal Singh Pannu
Right: More pages of the Shri Guru Granth Sahib in both scripts
PHOTO • Courtesy: Kirpal Singh Pannu

বাওঁফালে: কৃপাল সিং পান্নুৱে লিখা, শ্ৰৱণ সিঙে সম্পাদনা কৰা কম্পিউট্ৰান দা ধনন্তৰ (কম্পিউটাৰ বিশেষজ্ঞ)ৰ বেটুপাত। সোঁফালে: গুৰু গ্ৰন্থ চাহিবৰ অংগবোৰ, দুয়োটা লিপিতে

পান্নুৱে তেতিয়া মহান কোষৰো লিপ্যন্তৰ কৰিছে। পাঞ্জাৱৰ প্ৰসিদ্ধ বিশ্বকোষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই কোষখন ভাই কাহন সিং নাভাই সংকলিত কৰোঁতে ১৪ বছৰ লাগিছিল, ঘাইকৈ গুৰমুখীত সেইখন লিখা হৈছিল।

তেওঁ হীৰ ৱাৰিছ কে শেৰো’ কা হাৱালা শীৰ্ষক ১,০০০ পৃষ্ঠাৰ কবিতাপুথিখনো গুৰমুখীলৈ লিপ্যন্তৰ কৰে।

১৯৪৭ৰ পূৰ্বে ভাৰতৰ গুৰদাসপুৰ জিলাৰ অংশ হিচাপে থকা পাকিস্তানৰ শকৰগড় তহচিল নিবাসী ২৭ বৰ্ষীয় ৰিপ’ৰ্টাৰ সবা চৌধুৰীয়ে কয় যে তেওঁৰ অঞ্চলটোৰ নতুন প্ৰজন্মই পাঞ্জাৱী প্ৰায় নাজানেই। তেওঁলোকক পাকিস্তানত উৰ্দু ভাষাত কথা কোৱাত গুৰুত্ব দিয়া হয়। “স্কুলীয়া পাঠ্যক্ৰমত পাঞ্জাৱী ভাষা নাই,” তেওঁ কয়। “ইয়াৰ মানুহে গুৰমুখী নাজানে, ময়ো নাজানো। আমাৰ আগৰ প্ৰজন্মবোৰে গুৰমুখী জানিছিল।”

এই যাত্ৰাত পান্নুৱে তিঁতা অভিজ্ঞতাৰ সন্মুখীন নোহোৱা নহয়। ২০১৩ত কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এগৰাকীয়ে দাবী জনালে যে লিপ্যন্তৰৰ কামখিনি তেওঁ কৰিছে। সেই দাবী খণ্ডন কৰিবলৈ পান্নুৱে এখন কিতাপ লিখিবলগীয়া হ’ল। তেওঁ মানহানি মোকৰ্দমাৰো সন্মুখীন হ’ল। তাত নিম্ন আদালতে পান্নুৰ পক্ষত ৰায়দান দিলে, কিন্তু বিষযটো এতিয়াও আদালতত বিচাৰাধীন হৈয়ে আছে।

ইমান বছৰে কৰি অহা কামৰ ফলাফলবোৰ দেখি পান্নুৱে সুখী হোৱাৰ থল আছে। সেই কামেই দেশ বিভাজনৰ ঘাঁবোৰ শুকোৱাত সহায় কৰিছে। পাঞ্জাৱী ভাষাৰ চন্দ্ৰ আৰু সূৰ্য্যৰ দৰে এই দুটা লিপি সীমান্তৰ দুয়োপাৰে তৰাৰ দৰে জিলিকিছে আৰু কৃপাল সিং পান্নুক নায়ক বুলিব লাগিব, যিয়ে সীমান্ত অতিক্ৰমী চেনেহ আৰু হাবিয়াহৰ ভাষা বুজাত সহায় কৰিছে।

অনুবাদ: পংকজ দাস

Amir Malik

Amir Malik is an independent journalist, and a 2022 PARI Fellow.

Other stories by Amir Malik
Editor : Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das