ইল্লেলাহ কি শৰাব নজৰ চে পিলা দিয়া, ম্যে এক গুনেহগাৰ থা, চুফী বনা দিয়া।
সুৰত ম্যে মেৰে আ গয়ী সুৰত ফকিৰ কি, য়েহ নজৰ মেৰে পিৰ কি, য়েহ নজৰ মেৰে পিৰ কি...”

[আল্লাহে মোলৈ চকু মেলি চালে, যেন এপিয়লা অমৃত মই পান কৰিলোঁ
সকলো অপৰাধ মোৰ মৰিষণ কৰি আল্লাহে মোক চুফী কৰি তুলিলে
কিযে দৃষ্টি আছিল আল্লাহৰ, মই ফকিৰৰ দৰে হৈ পৰিল
হে মোৰ আল্লাহ, কিযে আছিল তযু দৃষ্টিতে]

মণিবন্ধত ঘুংগৰু পিন্ধি সেইজনে কোলাত কেঁচুৱা এটাৰ দৰেই ঢোল লৈ পুণে চহৰৰ দৰগাহ এটাত কাৱালী গাই আছে আমজাদে।

ইমান স্পষ্ট আৰু ডাঙৰ মাত, কোনো মাইক বা সহযোগী শিল্পী কিম্বা সন্মুখত কোনো দৰ্শক অবিহনেই তেওঁৰ কাৱালীয়ে দৰগাহৰ চূড়া পাইছেগৈ।

এটাৰ পিছত আনটো কাৱালী তেওঁ গাই গৈছে। তেওঁ কেৱল জুহৰ আৰু মগৰিব (সন্ধিয়াৰ নামাজ)ৰ সময়তহে ৰৈছে, কিয়নো সেইখিনি সময়ত গীত গোৱা বা বাদ্যযন্ত্ৰ বজোৱাটো সমীচিন যেন নালাগে। নামাজ শেষ হোৱাৰ লগে লগে আকৌ তেওঁ নিশা প্ৰায় আঠ বজালৈকে কাৱালী গাই থাকে।

“মই আমজাদ। আমজাদ মুৰাদ গোণ্ড। আমি ৰাজগোণ্ড মানুহ। আদিবাসী।” তেওঁ এনেকৈ নিজৰ পৰিচয় দাঙি ধৰে। নাম আৰু দেখাত মুছলমান যেনেই লাগে, কিন্তু জন্মসূত্ৰে এজন আদিবাসী আমজাদে আমাক কয়, “কাৱালী আমাৰ জীৱিকা!”

PHOTO • Prashant Khunte

আমজাদে পুণে চহৰৰ দৰগাহ এটাত কাৱালী গায়। তেওঁ কেৱল জুহৰ আৰু মগৰিব (সন্ধিয়াৰ নামাজ)ৰ সময়তহে ৰৈছে, কিয়নো সেইখিনি সময়ত গীত গোৱা বা বাদ্যযন্ত্ৰ বজোৱাটো সমীচিন যেন নালাগে। নামাজ শেষ হোৱাৰ লগে লগে আকৌ তেওঁ নিশা প্ৰায় আঠ বজালৈকে কাৱালী গাই থাকে

পান এখন খাই তেওঁ কয়, “এনে এজন মানুহ মোক দেখুৱাই দিয়ক যিয়ে কাৱালী ভাল নাপায়! ই এনে এক শিল্প যিটো সকলোৱে ভাল পায়।” পান এখন তেওঁৰ মুখত মিহি হৈ থাকে মানে তেওঁ নিজৰ উচ্চাকাংক্ষাৰ বিষযে কৈ গৈ থাকে, “পাব্লিক খুছ হ’লেই হ’ল। সিমানখিনিয়েই মই বিচাৰো!”

‘পাঁৱ মে বেড়ি, হাতৌ মে কাড়া ৰেহনে দৌ, উচকৌ চৰকাৰ কি চৌখত পে পড়া ৰেহনে দৌ...’ জনপ্ৰিয় হিন্দী গান এটা মোৰ মনলৈ আহে।

এইখন দৰগাহত বলিউডৰ গীতৰ সুৰত কাৱালী গোৱাক লৈ কোনোৱে আপত্তি কৰা নাই, বৰঞ্চ তেওঁৰ গান শুনি কিছুমানে তেওঁক পইচা দি গৈছে। কোনোবাই দহ টকা, কোনোবাই ২০ টকা। নমস্য পীৰজনাৰ আশীৰ্বাদ বিচাৰি কোনো ভক্তই চাদৰ এখন দিলে তেওঁক সেৱকে প্ৰসাদ হিচাপে তিলগুলি (তিল আৰু গুড়) দিয়া হৈছে। এজন মুজাৱৰে মঁয়ূৰৰ পাখি লৈ আছে আৰু চাৱালি (ভক্ত)ৰ পিঠিত বুলাই দি অপায়-অমংগল আঁতৰাইছে। পীৰজনালৈ কিছু আগবঢ়াই কিছু কাৱালীজনলৈ বুলি ৰাখিছে।

দৰগাহলৈ বহু ধনী-মানী মানুহ আহে, আমজাদে কয়। দৰগাহলৈ যোৱা বাটত পীৰজনালৈ বুলি আগবঢ়াবলৈ চাদৰ আৰু চুৰ্ণি বিক্ৰী কৰা ভালেমান দোকান আছে। উপাসনাস্থলে বহুতৰে পেটৰ ভাতো মোকলায়।

হজৰত পীৰ কমৰ আলী দুৰ্ৱেশত এইক্ষেত্ৰত ভেদভাৱ নাই। দৰগাহৰ যোৱা বাটত এজন ফকিৰে ভীক্ষা মাগি থকা দেখিব, কণা-খোৰাই মানুহৰ দয়া আৰু অলপ পইচা বিচাৰি বহিছে। শাড়ী পৰিহিতা এগৰাকী হিন্দু মহিলাক তাত সদায়ে দেখিব আৰু হজৰত কমৰ আলী দুৰ্ৱেশৰ কৃপাদৃষ্টি তেওঁৰ ওপৰত আছে। তেনেদৰেই সেই কণা-খোৰা, কেউ-কিছু নোহোৱাজনৰ লগতে কাৱালসকল পীৰৰ কৃপাদৃষ্টিতে জীয়াই আছে।

আমজাদ ভীক্ষুক নহয়। তেওঁ এগৰাকী শিল্পী। পুৱা ১১ বজাত তেঁও দৰগাহৰ এঠাইত আহি তেওঁৰ ‘মঞ্চখন’ সাজু কৰেহি। লাহে লাহে ভক্তৰ সমাগম ঘটে। আবেলিলৈ বগা মাৰ্বল পাথৰ আৰু গ্ৰেনাইটৰ মজিয়াখনৰ লগতে সমাধিসৌধতো ৰ’দ পৰি তপত হৈ পৰে। তেতিয়াই ভক্তই দৌৰাদৌৰি কৰি ভৰিৰ তলুৱাখন বচাবলৈ যত্ন কৰে। হিন্দু ভক্তৰ সংখ্যা মুছলমান ভক্ততকৈ বাঢ়ি যায়।

মহিলাক মাঝাৰ (পীৰৰ সমাধি)লৈ যাবলৈ দিয়া নহয়। সেয়ে মুছলমান মহিলাকে ধৰি বহুতে বাৰান্দাতে বহি চকু মুদি কোৰানৰ আয়ত পঢ়ে। কাষৰে গাঁৱৰ হিন্দু মহিলাৰ ওপৰত দেৱতাই লম্ভে। “পিৰাচা ৱাৰা (পীৰৰ আত্মা),” মানুহে কয়।

PHOTO • Prashant Khunte
PHOTO • Prashant Khunte

বাওঁফালে: পুণে চহৰৰ খেড় শিৱাপুৰস্থিত পীৰ কমৰ আলী দুৰ্ৱেশ দৰগাহখন অতিকৈ জনপ্ৰিয় ধাম, ধনী-দুখীয়া সকলোৰে তাত সমাগম ঘটে। সোঁফাল: মহিলাক মাঝাৰৰ কাষলৈ যাবলৈ দিয়া নহয় বাবে বাহিৰতে তেওঁলোকে নামাজ আদায় কৰে

PHOTO • Prashant Khunte

আমজাদ গোণ্ড ইয়ালৈ প্ৰতি মাহে আহে, তেওঁ কয়, ‘উপৰৱালা ভুখা নহী চুলাতা! (উপৰৱালাই আপোনাক ভোকত নাৰাখে)’

ভক্তসকলে বিশ্বাস কৰে যে চিৰাগটোত থকা তেলখিনিয়ে বিষাক্ত সাপ বা বৃশ্চিকৰ দংশনৰ বিহ উপশম কৰিব পাৰে। এয়া এনে এক অতীত গঢ় লৈ উঠা বিশ্বাস, যেতিয়া এই বিহৰ কোনো প্ৰতিকাৰ নাছিল। এতিয়া আমাৰ হাতত ইয়াৰ বিধান আছে, হস্পিতাল-ক্লিনিক আছে, কিন্তু বহুতেই তাৰ খৰছ বহন কৰিব নোৱাৰে। আৰু এনে বহু বিধ্বস্ত মানুহ আছে, চিন্তাই কোঙা কৰা লোক আছে। কাৰোবাৰ সন্তান নাই, কাৰোবাক আকৌ শাহুৱেকে বা গিৰীয়েকে অত্যাচাৰ কৰে। কিছুমানে নিৰুদ্দেশ হোৱা প্ৰিয়জনৰ সন্ধান পোৱাৰ আশাত দৰগাহত আহি মুৰ দোৱাইছে।

দৰগাহখনত এনে কিছুমান মানসিক ৰোগীও আছে যিয়ে পীৰৰ সৈতে আত্মিক সম্পৰ্ক এটাৰ আশাত ৰৈ আছে। তেওঁলোকে আশীৰ্বাদ বিচাৰে আৰু আমজাদে তেওঁলোকে কি বিচাৰি আহিছে, সেই লৈ কাৱালীৰ যোগেদি ব্যক্ত কৰে।

তেওঁ গীত গোৱাৰ মাজত বিৰতি লয়নে? তেওঁ গীত গাই ভাগৰুৱা হৈ নপৰেনে? কিন্তু তেওঁৰ হাওঁফাওঁটো এটা যেন হাৰমণিয়াম। আমজাদে দুটা গীতৰ ব্যৱধানত বিৰতি লয় আৰু মই তেওঁক সাক্ষাৎকাৰ এটা লোৱাৰ বাবে কাষ চাপো। “মেৰে কৌ কুচ্ছ দেন পড়েগা ক্যা (মই কিবা দিব লাগিব নেকি)?’ বুলি তেওঁ আঙুলিৰে পইচাৰ ইংগিত দি প্ৰশ্ন কৰে। মোৰ হাতত উত্তৰ নাই। মই আকৌ এবাৰ তেওঁৰ পৰা সময় বিচাৰিলো আৰু তেওঁ গোৱা গীত শুনি থাকিলো।

কাৱালীৰ সুৰ ৰুহানী – একেবাৰে আত্মাক স্পৰ্শ কৰে। চুফী সংগীতৰ সম্পৰ্ক পৰমাত্মাৰ সৈতে। আমি ৰিয়েলিটি টেলেণ্ট শ্বো’বোৰত দেখাবোৰ আন এক ধৰণৰহে, ৰুমানি বা ৰোমাণ্টিক। আৰু আন এক প্ৰকাৰৰো আছে যাক আমি খানাবদোছি বুলি কওঁ। যিটো পৰ্য্যায় আমজাদে পাইছে যিজনে এতিয়া জীয়াই থাকিবলৈ কাৱালী গায়।

আমজাদৰ কণ্ঠ বতাহত কঁপি কঁপি বিয়পি পৰে।

তাজদাৰ-ই-হাৰাম, হো নিগাহ-এ-কৰম
হম গৰীবোঁ কে দিন ভি সঁৱাৰ জায়েংগে...
আপকে ডৰ চে খালি অগৰ জায়েংগে

আমজাদে গোৱা শেষৰ শাৰীটোৱে গভীৰ অৰ্থ বহন কৰিছে। এতিয়া মই তেওঁৰ সৈতে কথা পাতিবলৈ বেছি উদগ্ৰীৱ হৈ পৰিলো। তেওঁক অসুবিধা নিদিও বুলি মই সিদ্ধান্ত লৈ দ্বিতীয়াদিনা লগ পাম বুলি ভাবিলো আৰু আকৌ দৰগাহলৈ আহিলো। পীৰ কমৰ আলী দুৰ্ৱেশৰ ইতিহাস জনা কামটোতে মই দ্বিতীয় দিনালৈকে ব্যস্ত হৈ থাকিলো।

সংগীতজ্ঞ আমজাদ গোণ্ডে কাৱালী পৰিৱেশন কৰা শুনো আহক

আমজাদ গোণ্ডই সমাধিক্ষেত্ৰৰ সন্মুখতে ঠাই এটুকুৰা উলিয়াই লৈছে আৰু তেওঁৰ ‘মঞ্চ’খন পাতি লৈছে। লাহে লাহে ভক্তৰ সমাগম ঘটিছে। হিন্দু ধৰ্মালম্বী ভক্তৰ সংখ্যা মুচলিম সম্প্ৰদায়ৰ ভক্ততকৈ অধিক হোৱা দেখা গৈছে

*****

কাহিনীটো এনেকুৱা যে হজৰত কমৰ আলী সিংহগড় দুৰ্গৰ দাঁতিতে থকা পুণে চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ সেই সৰু গাওঁ খেড় শিৱাপুৰলৈ আহিছিল। অপায়-অমংগলে আগুৰি ধৰা গাওঁখনে হজৰত কমৰ আলীৰ ওচৰত সহায়ভিক্ষা মাগিলে। সেই পৱিত্ৰ পীৰে অপায়-অমংগল সৃষ্টি কৰা দেৱতাক ধৰি শিল এটাত আবদ্ধ কৰি শাপ দিলে: তা কয়ামত, মেৰে নাম সে লোগ তুঝে উঠা উঠা কে পটকতে ৰহেংগে, তু লৌগৌ কৌ পৰেশাঁ কিয়া কৰতা থা, অব জৌ চাৱালি মেৰে দৰবাৰ ম্যে আয়েংগে, ৱহ তুঝে মেৰে নাম সে পতকেংগে! (শেষ বিচাৰৰ দিনালৈকে মানুহে তোক শূন্যলৈ তুলি ধৰিব আৰু এই ধৰাত আছাৰিব। আজিপৰ্য্যন্ত তই মানুহক হাৰাশাস্তি কৰিছ, এতিয়া সিহঁত মোৰ ওচৰলৈ আহিব আৰু তোক আছাৰিবলৈ মোৰ আশীৰ্বাদ বিচাৰিব)।

সমাধিৰ সন্মুখত থকা শিলটোৰ ওজন প্ৰায় ৯০ কিলো আৰু প্ৰায় ১১ জন লোকে লগ লাগি এটা আঙুলিৰে সেই শিলটো দাঙে। তেওঁলোকে সেই সময়তে য়া কমৰ আলী দুৰ্ৱেশ বুলি নাম জপে আৰু সৰ্বশক্তিৰে শিলটো মাটিত থেকেচি থয়।

বহু গাঁৱত দৰগাহ আছে কিন্তু খেড় শিৱাপুৰৰ এই দৰগাহটোৰ দৰে প্ৰচুৰ সমাগম আন ক’তো নহয়। এই আচৰিত শিলটোৰ অবিশ্বাস্য কাহিনীয়ে মানুহক আকৰ্ষণ কৰে, ভক্তৰ সমাগমে আমজাদৰ দৰে লোকক উপাৰ্জনৰ ভাল সুযোগ দিয়ে। ভক্তসকলে বিশ্বাস কৰে যে সন্তানহীনত পীৰে সন্তান দিয়ে। “আমি ভেষজ দৰৱো দিও আৰু সন্তানহীনতা নিৰাময় কৰোঁ,” আমজাদে মোক কয়।

PHOTO • Prashant Khunte

পীৰ কমৰ আলী দৰগাহত থকা ৯০ কিলোগ্ৰাম ওজনৰ প্ৰকাণ্ড শিল এটা এদল মানুহে দাঙি আকৌ থেকেচি থয়, এয়া সেই দৰগাহটোৰ লগতে আন বহু দৰগাহত চলি অহা ৰীতি

*****

একেটা চৌহদতে মছজিদ এটাও আছে আৰু গাতে লাগি আছে অজুখানা। আমজাদে কথা পতাৰ আগেয়ে অজুখানালৈ গৈ হাত-ভৰি ধুই শুচি হৈ আহিল, তাৰপিছত চুলিখিনি বান্ধি লৈ কমলা ৰঙৰ টুপি পিন্ধি সাজু হ’ল। “মই প্ৰতিমাহে কমেও এসপ্তাহৰ বাবে ইয়ালৈ আহো।” সৰুতে তেওঁ দেউতাকৰ লগত ইয়ালৈ আহিছিল। দেউতাকৰ ইয়ালৈ আহ-যাহ আছিল নিয়মীয়া। “প্ৰথমবাৰৰ বাবে আব্বা (পিতৃ)ৰ লগত ইয়ালৈ আহোতে মোৰ বয়স ১০ কি ১৫ আছিল। এতিয়া মোৰ ত্ৰিশ বছৰ হৈ গ’ল আৰু এতিয়া মই মোৰ ল’ৰাটোক মাজে-সময়ে ইয়ালৈ লৈ আহো,” তেওঁ কয়।

দৰৱেশী সম্প্ৰদায়ৰ কেইজনমানে দৰগাহৰ বে’চমেণ্টত পাটী পাৰি শুই আছে। আমজাদে তেওঁ বেগটো বেৰ এখনৰ কাষতে থৈছে। এখন কঠ লৈ মজিয়াত পাৰিছে। কামৰ মাজতে তেওঁ মোক কৈছে যে তেওঁৰ ঘৰ জলগাওঁ জিলাৰ পাচোৰাৰ গোণ্ড বস্তিত।

আমজাদে নিজকে হিন্দু কিম্বা মুচলিম বুলি পৰিচয় দিয়াৰ প্ৰয়োজনবোধ নকৰে। মই তেওঁক তেওঁৰ পৰিয়ালৰ কথা সুধিলো। “মোৰ দেউতা আৰু দুজনী মা। আমি চাৰিটা ভাই। মই ডাঙৰজন। মোৰ তলত আছে শ্বাহৰূখ, চেথ আৰু আটাইতকৈ সৰুজন বাবৰ। পাঁচজনী ছোৱালীৰ পিছত মোৰ জন্ম হৈছিল।” তেওঁলোকৰ নামকেইটা মুচলিমধৰ্মী হোৱাক লৈ মই প্ৰশ্ন কৰিছিলো। তেওঁ উত্তৰ দিয়ে, “আমাৰ গোণ্ডসকলৰ নামবোৰ হিন্দু-মুচলমান দুয়োটাই থাকে। আমাৰ কোনো ধৰ্ম নাই। আমি জাত-পাতত বিশ্বাস নকৰো। হমাৰা ধৰম কুচ অলগচ্ হ্যে (আমাৰ ধৰ্ম সামান্য বেলেগ)। আমি ৰাজগোণ্ড।”

ৰাজহুৱা ৱেবছাইটত থকা তথ্য অনুযায়ী ৩০০ বছৰ আগতে ৰাজগোণ্ড আধিবাসীসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁলোকক মুচলমান/মুচলিম গোণ্ড বুলি কোৱা হয়। মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু জলগাঁৱতো এনে মুচলিম গোণ্ড সম্প্ৰদায়ৰ লোক আছে। কিন্তু আমজাদে এনে কিবা ইতিহাস আছে বুলি নাজানে।

“আমি মুচলমান সম্প্ৰদায়ৰ পৰা বিয়া নাপাতো। কেৱল গোণ্ডই বিয়া পাতো। মোৰ পত্নী চান্দনী গোণ্ড,” তেওঁ কৈ যায়। “মোৰ জীয়ৰী তিনিজনী – লাজো, আলিয়া আৰু আলিমা। তিনিওজনীয়েই গোণ্ড, নহয়নে?” নামৰ ভিত্তিত যে কাৰোবাৰ ধৰ্ম চিনিব পাৰি বুলি আমজাদে নাভাবে। তেওঁ নিজৰ ভনীয়েককেইজনীৰ কথা কয়। “মোৰ ডাঙৰজনী বাইদেউৰ নাম নিছৰি, তাৰপিছত আছে ৰেশমা। চৌচাল আৰু দিদলি – এই দুজনী ভনী ৰেশমাতকৈ সৰু। এই আটইবোৰ গোণ্ড সম্প্ৰদায়ৰ নাম। কিন্তু সৰুজনীৰ নাম মেৰী। এইটো নাম আকৌ সাধাৰণতে খ্ৰীষ্টানধৰ্মী লোকৰ থাকে। তাত একো অসুবিধা নাই। যি নামে ভাল লাগে, সেয়াই আমি ৰাখো।” নিছৰিৰ বয়স ৪৫, মেৰী বোলা সৰুজনীৰ বয়স ত্ৰিশৰ আশে-পাশে। তেওঁলোক আটাইৰে গোণ্ড সম্প্ৰদায়ৰ লোকৰ সৈতে বিয়া হৈছে। তেওঁলোকৰ কোনোৱেই স্কুললৈ গৈ পোৱা নাই।

আমজাদৰ পত্নী চান্দনী অনাখৰী। জীয়েকহঁতৰ পঢ়া-শুনাৰ কথা সোধোতে তেওঁ কয়, “মোৰ ছোৱালীকেইজনীয়ে চৰকাৰী স্কুললৈ গৈছিল। কিন্তু আমাৰ সম্প্ৰদায়ৰ ছোৱালীবোৰক সাধাৰণতে পঢ়া-শুনাত আগবাঢ়িবলৈ উৎসাহ যোগোৱা নহয়।”

PHOTO • Prashant Khunte
PHOTO • Prashant Khunte

আমজাদৰ ঘৰ মহাৰাষ্ট্ৰৰ পাচোৰাত। ৰাজগোণ্ড আদিবাসী সম্প্ৰদায়ৰ আমজাদক অৱশ্যে নামে-মানুহে মুচলিম যেনেই লাগে, তেওঁ ধৰ্মীয় বিভাজনত বিশ্বাস নকৰে

“মোৰ এটা ল’ৰাৰ নাম নৱাজ আৰু আনটোৰ নাম গৰিব!” খোৱাজা মইনুদ্দিন চিষ্টিক ‘গৰিব নৱাজ’ বুলি কোৱা হয়। তেৰা গৰিবৰ ত্ৰাণকৰ্ত। আমজাদে এই দুটা নামেৰেই নিজ পুত্ৰদ্বয়ৰ নাম ৰাখিছে। “নৱাজৰ বয়স এবছৰো হোৱা নাই। কিন্তু গৰিবে ভালকৈ পঢ়া-শুনা কৰিব লাগিব। তাক মোৰ দৰে অনাই-বনাই ঘূৰি ফুৰিবলৈ নিদিও!” গৰিবৰ বয়স আঠ আৰু তেওঁ তৃতীয়মানত পঢ়ি আছে। কিন্তু তেওঁ কাৱালী গোৱা দেউতাকৰ লগত ঘূৰি ফুৰিবলৈহে ভাল পায়।

তেওঁৰ পৰিয়ালৰ সকলোৱে কাৱালীকেই তেওঁলোকৰ জীৱিকা হিচাপে লৈছে।

“আমি গোণ্ডসকলো যিকোনো বস্তু বিক্ৰী কৰিব পাৰো, মাটিৰ লদা এটাও আমি বিক্ৰী কৰিব পাৰো। আমি কাণ চাফা কৰোঁ। খেজুৰ বিক্ৰী কৰোঁ। ঘৰ সে লিকল গয়ে তৌহ হাজাৰ-পাচ সৌ কমাকেচ্চ লাতেঁ (ঘৰৰ পৰা ওলাই গ’লে হাজাৰ-পাঁচশ টকা উপাৰ্জন কৰিয়ে আনো)।” আমজাদে কয়। কিন্তু তেওঁ এইকথও কয়, “তেওঁলোকে পইচা নভৱাকৈ খৰছ কৰে। সঞ্চয় নকৰে। আমাৰ নিৰ্দিষ্ট কোনো জীৱিকা নাই। কোনোধৰণৰ বিশেষ সেৱাৰ সৈতে আমি জৰিত নহয়।”

স্থিৰ আয়ৰ উৎস বা জীৱিকাৰ অভাৱতে আমজাদৰ পিতৃয়ে কাৱালীকে জীৱিকা হিচাপে লৈছিল। “মোৰ ককাৰ দৰে পিতাইয়েও গাঁৱে গাঁৱে বনৌষধি আৰু খেজুৰ বিক্ৰী কৰি ফুৰিছিল। তেওঁ সংগীতৰ প্ৰতি ৰাপ আছিল আৰু কাৱালী বৰ ভাল পাইছিল। পিতাই য’লৈকে গৈছিল, ময়ো তেওঁৰ লগতে গৈছিলো। লাহে লাহে তেওঁ অনুষ্ঠান আদিত গোৱা কৰিলে। মইয়ো তেওঁক দেখি দেখি এই শিল্প আয়ত্ত কৰিলো।”

“আপুনি স্কুললৈ যোৱা নাছিল নেকি?” মই সুধিলো।

আমজাদে চুণৰ পেকেট এটাৰ পৰা এটা আঙুলিৰে অকণমান উলিয়াই জিভাৰে চেলেকি কৈছে, “মই ২য় কি ৩য় শ্ৰেণীলৈকে পঢ়িছো। কিন্তু মই লিখিব আৰু পঢ়িব পাৰো। মই ইংৰাজীও জানো।” তেওঁ ভাবে যে তেওঁ পঢ়া-শুনা কৰাহেঁতেন উন্নতি কৰিব পাৰিলেহেঁতেন। নপঢ়াৰ বাবে তেওঁ অনুতাপ কৰে। “উচ কে ৱজহ সে হম পীচে হ্যে (তাৰবাবেই মই পিছপৰি থাকিলো),” তেওঁ কয়। আমজাদৰ ভায়েককেইটাৰ ক্ষেত্ৰতো কথাটো খাটে। তেওঁলোকৰ আটায়ে কেৱল আখৰ চিনিব আু লিখিবপৰা হোৱালৈকে স্কুললৈ গৈছে। সিমানেই। পেটৰ তাড়নাই তেওঁলোকৰ শিক্ষা কাঢ়ি নিলে।

PHOTO • Prashant Khunte

কাৱালী গোৱা আমজাদৰ কণ্ঠ স্পষ্ট আৰু ডাঙৰ, কোনো মাইক বা সহযোগী সংগীতশিল্পী নোহোৱাকৈয়ে তেওঁৰ মাতটো দৰগাহৰ চূড়া পায়গৈ

“আমাৰ গাঁৱত ৫০ ঘৰ গোণ্ড আদিবাসী পৰিয়াল আছে। বাকী আটাইবোৰ হিন্দু, মুচলমান আৰু ‘জয় ভীম’ (দলিত) সম্প্ৰদায়ৰ। সকলো ধৰণৰ মানুহ তাত আছে,” আমজাদে কয়। “আমাত বাদে আন সকলো সম্প্ৰদায়ৰে লোকসকলৰ মাজত শিক্ষিত মানুহ আপুনি পাব। কিন্তু মোৰ নাতিটোৱে পঢ়া-শুনা কৰিছে। তাৰ নাম শিৱা।” শিৱাই ১৫-১৬ বছৰ বয়সলৈ পঢ়িছে আৰু সেনাবাহিনীত ভৰ্তি হ’ব বিচাৰিছিল যদিও নাপালে। এতিয়া তেওঁ আৰক্ষী বাহিনীত চাকৰিৰ বাবে চেষ্টা কৰি আছে। আমজাদৰ পৰিয়ালত অন্ততঃ এজনে কেৰিয়াৰ আৰু শিক্ষাৰ কথা ভাবিছে।

আমজাদৰ নিজা কেৰিয়াৰ এটাও আছে। “কেজিএন কাৱালী পাৰ্টি বুলি আমাৰ এটা কাৱালী দল আছে।” কেজিএন মানে খোৱাজা গৰিব নাৱাজ। তেওঁ নিজৰ ভায়েকহঁতৰ লগত এই দলটো খুলিছিল। তেওঁলোকে বিয়া-সবাহ আদিত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ পায়। “আপোনাৰ উপাৰ্জন কিমান হয়?” মই সুধিলো। “আয়োজকে কিমান দিয়ে তাৰ উপৰত নিৰ্ভৰ কৰে। আমি ৫,০০০ৰ পৰা ১০,০০০ টকা পাওঁ। দৰ্শকেও কিছু টকা দিয়ে। এনেকৈ এটা প্ৰগ্ৰামত আমি ১৫ৰ পৰা ২০ হাজাৰ টকা পাওঁ,” আমজাদে কয়। সেই পইচা তেওঁলোকৰ আটাইকেইজন সদস্যৰ মাজত ভাগ হয় আৰু গাইপতি শেষত ২-৩ হাজাৰ টকা ভাগত পৰে। বিয়াৰ চিজন যোৱাৰ পিছত তেনে প্ৰগ্ৰাম-পাতিও কমি আহে আৰু তেতিয়াই আমজাদ পুণেলৈ আহে।

খেড় শিৱাপুৰৰ হজৰত কমৰ আলী দুৰ্ৱেশ দৰগাহত তেওঁৰ উপাৰ্জন সদায়ে হয়। তেওঁ ৰাতিটো বে’চমেণ্টত কটায়। “উপৰৱালাই কেতিয়াও আপোনাক ভোকত নাৰাখে।” মনোকামনা পূৰ্ণ হ’লে বহুতেই প্ৰসাদ বা খাদ্য আদি আগবঢ়ায়। তেঁও ইয়াত এসপ্তাহ থাকে, কাৱালী গায় আৰু যি পাৰে উপাৰ্জন কৰি ঘৰলৈ উভতে। সেয়াই তেওঁৰ গতানুগতিকতা। তেওঁৰ উপাৰ্জন কিমান হয় বুলি সোধোতে তেওঁ কয় যে ১০ৰ পৰা ২০ হাজাৰ টকা তেওঁ উপাৰ্জন কৰে। “কিন্তু মানুহ কেতিয়াও বেছি লোভ কৰিব নালাগে। বেছি উপাৰ্জন কৰিলেই যেনিবা, সেই পইচা আপুনি ৰাখিব ক’ত? সেয়ে মই যিখিনি পাওঁ, সেয়া লৈ ঘৰমুৱা হওঁ!” তেওঁ মোক কয়।

“জীয়াই থাকিবলৈ সিমানখিনি যথেষ্ট নে?” মই তেওঁক সুধিলো। “হাঁ, চল জাতা হ্যে! (হয়, চলি যায়)। গাঁৱত থাকিলে মই কামো কৰোঁ,” তেওঁ কয়। খেতি-বাতি আৰু আন কোনো সম্বল নোহোৱাজনে কি কাম কৰে বুলি মই অকণমান চিন্তা কৰিলোঁ।

আমজাদে মোৰ প্ৰশ্নৰ উত্তৰ দিলে। “ৰেডিয়ামৰ কাম। মই আৰটিঅ’ (আঞ্চলিক পৰিবহনৰ কাৰ্য্যালয়) অফিছলৈ যাও আৰু তাত বাহনৰ নম্বৰ প্লেট লিখি দিও,” আমজাদে বুজাই কয়। “কাৱালী অনুষ্ঠানলৈ বহুদিন আছে আৰু সেয়ে এইখিনি সময়ত মই কিছু আন কাম বিচাৰি লওঁ। বেগটো লৈ মই ৰেডিয়াম ৰং কিনি আনিলো। আহোতে এখন বাহন কইনাৰ দৰেই সজাই তুলিলো।” এয়া তেওঁৰ আনুষংগিক উপাৰ্জন। ৰাস্তাতে কৰে আৰু কেইটকামান পায়।

PHOTO • Prashant Khunte
PHOTO • Prashant Khunte

সৰুকালিত আমজাদ গোণ্ডে সংগীতজ্ঞ পিতৃৰ সৈতে ঘূৰি ফুৰিছিল আৰু সেয়ে তেওঁৰ স্কুললৈ যোৱা নহ’ল

খুব কমেই জীৱিকাৰ বাট মুকলি হৈ থকা আৰু তেওঁৰ শিল্পৰ মোল একাংশ সীমিত লোকেহে বুজে কাৰণে আমজাদৰ সম্প্ৰদায়টোৰ বিশেষ একো উচ্চাকাংক্ষা নাই। কিন্তু সময় সলনি হৈছে। ভাৰতীয় গণতন্ত্ৰই তেওঁলোকৰ জীৱনলৈ আশাৰ ৰেঙনি আনিছে। “মোৰ পিতৃ এগৰাকী সৰপঞ্চ (গাঁওবুঢ়া),” তেওঁ কয়। “তেওঁ গাওঁখনৰ বাবে বহুত ভাল কাম কৰিছে। আগতে বোকাই-পানীয়ে আমাৰ আহ-যাহ আছিল, তেওঁ এতিয়া আমালৈ ৰাস্তা এটা বনাই দিছে।”

প্ৰশাসন ব্যৱস্থাৰ স্থানীয় পৰ্য্যায়ত থকা সংৰক্ষণৰ ব্যৱস্থাই এয়া সম্ভৱ কৰি তুলিছে। আমজাদ অৱশ্যে নিজৰ মানুহখিনিক লৈ অসন্তুষ্ট। “সৰপঞ্চ এজনক চেৰাই যাব লাগে নেকি বাৰু? আমাৰ মানুহখিনিয়ে কৰে। হাতত পইচা পৰাৰ লগে লগে সিহঁতে মাছে-মঙহে খাব। পইচা পালেই উৰুৱাই দিব। কোনেও ভৱিষ্যতৰ কথা নাভাৱে,” তেওঁ অভিযোগ কৰে।

“আপুনি কাক ভোট দিয়ে?” মই প্ৰশ্ন কৰিলো, যদিও জানিছিলো যে ভোটদান এক গোপনীয় বিষয়। “আগতে মই পাঞ্জাত (ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীকচিহ্ন)ত ভোট দিছিলো। এতিয়া বিজেপিৰ দিন চলিছে। আমাৰ জাতৰ পঞ্চায়তৰ সিদ্ধান্ত অনুসৰি আমি ভোট দিও। আশে-পাশে যি চলিছে, আমি সেয়াই মানো। ৰাজনীতিৰ সৈতে মোৰ সম্পৰ্ক নাই,” তেওঁ কয়।

PHOTO • Prashant Khunte

আন বহু গাঁৱত দৰগাহ আছে যদিও খেড় শিৱাপুৰৰ দৰগাহৰ নিচিনা ভিৰ আন ক’তো নহয়। গান-বাজনা কৰি আমজাদৰ দৰে বহু শিল্পীয়ে ইয়াত পেটৰ ভাত মোকলোৱাৰ সুবিধা পায়

“আপুনি সুৰাপান কৰেনে?” এইবুলি প্ৰশ্ন কৰাত তেওঁ ততালিকে উত্তৰ দিলে। “নাই নাই...বিড়ি, সুৰা আদি কেতিয়াও খোৱা নাই। মোৰ ভাইহঁতে বিড়ি হোপে, চাধাও খায়। কিন্তু মোৰ এইবোৰ অভ্যাস নাই। এনে কোনো বদঅভ্যাস মোৰ নাই।” এনে অভ্যাসৰ নেতিবাচক দিশনো তেওঁ কি বুলি কয়, মোৰ জানিবলৈ মন গ’ল।

“মই সম্পূৰ্ণ ভিন্ন পথ এটাৰ পথিক! কোনোবাই সুৰাপান কৰি যদি কাৱালী গায়, তেন্তে তেওঁ নিশ্চয়কৈ মৰ্য্যাদা হেৰুৱাব। এনে কৰাৰ প্ৰয়োজনেই বা কি আছে? সেয়ে এনে অভ্যাস মই গঢ় ল’বলৈ নিদিলো,” আমজাদে কয়।

কেনেধৰণৰ কাৱালী আপুনি ভাল পায়? “মই সংস্কৃত কাৱালী ভাল পাওঁ। মই সেয়া নিজে গাই আৰু শুনি ভাল পাওঁ,” তেওঁ কয়। সংস্কৃত কাৱালী? মই জানিবলৈ উৎসুক হৈ পৰিলো। “আচলাম সাব্ৰিয়ে যে গায়, ‘কিৰ্পা কৰৌ মহাৰাজ...’ কি যে সুৰীয়া গীত। সংস্কৃত ভাষাৰ কাৱালীয়ে মোৰ অন্তৰ চুই যায়। কাৱালী ভগৱান কে লিয়ে গাৱো, য়া নবী কে লিয়ে, দিল কো চু জায়ে বচ (কাৱালী হয় ইশ্বৰ বা নবীৰ আৰাধনা কৰি গাওঁক। অন্তৰ স্পৰ্শ কৰিব পাৰিলেই সাৰ্থকতা)!” তেওঁ বুজাই কয়।

আমজাদৰ বাবে হিন্দু দেৱতাক আৰাধনা কৰি গোৱা কাৱালী এটা সংস্কৃত। আমিহে লিপি আৰু ভাষাক লৈ কাজিয়া কৰি থাকো।

আবেলি হৈ আহে মানে ভক্তৰ সমাগম বাঢ়িল। সমাধিক্ষেত্ৰৰ সন্মুখত এজাক ভক্ত আহি থিয় দিছে। কিছুমানে টুপি পিন্ধিছে, আন কিছুমানে ৰুমালেৰে মুৰটো ঢাকি লৈছে। য়া...কমৰ আলী দুৰ্বেশ বুলি দোৱা কৰাৰ শব্দ ভাঁহি আহিছে...আটাইয়ে আঙুলিৰে শিলটো দাঙিছে আৰু জোৰেৰে মাটিত থেকেচিছে।

আমজাদে আল্লাহ আৰু নবীৰ প্ৰশস্তিত গীত গাই গৈছে।

অনুবাদ: পংকজ দাস

Prashant Khunte

Prashant Khunte is an independent journalist, author and activist reporting on the lives of the marginalised communities. He is also a farmer.

Other stories by Prashant Khunte
Editor : Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Marathi Translations Editor at the People’s Archive of Rural India.

Other stories by Medha Kale
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das