দেখাত সাইলাখ একে যদিও মতা আৰু মাইকী মথ এটা চকুৰে চাই দীপিকা কামানে কৈ দিব পাৰে। “সিহঁত দেখাত একে যদিও মতাবোৰ মাইকীতকৈ দীঘল থাকে। তেনেকৈয়ে চিনিব পাৰি,” তেওঁ ১৩ চেণ্টিমিটাৰ বহল পাখিৰে পাতল মুগা বৰণৰ সেই বিশেষ পতংগবিধলৈ আঙুলিয়াই দি কয়। “চুটি আৰু গোটা আকৃতিৰবোৰ মাইকী পলু।”

দীপিকাৰ ঘৰ অসমৰ মাজুলী জিলাৰ বৰুণ চিতাদাৰ চুক গাঁৱত আৰু তেওঁ এৰীপলু (Samia ricini) পালন কৰাৰ তিনিবছৰমান হ’ল। এই বিদ্যা তেওঁ শিকিছিল মাক আৰু আইতাকৰ পৰা।

এৰী শিল্প একধৰণৰ ৰেচম শিল্প। এয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু নাগালেণ্ডত প্ৰচলিত। মিচিং জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে এৰীপলু পালন কৰি আহিছে আৰু নিজে পিন্ধিবলৈ এৰী সূতাৰ কাপোৰ বোৱে যদিও আজিকালি তেওঁলোকে এৰী কাপোৰ বিক্ৰীৰ বাবেও ব’বলৈ লৈছে, যিটো জনগোষ্ঠীটোৰ মাজত নতুন পৰম্পৰা।

“সময় সলনি হ’ল,” ২৮ বৰ্ষীয় দীপিকাই কয়। “আগতে সৰু সৰু ছোৱালীবোৰে এৰীপলু পালন কৰিবলৈ শিকিছিল।”

PHOTO • Prakash Bhuyan

দীপিকা কামানে এৰীপলু পালন কৰে। তেওঁ খাদ্যৰ বাবে এৰাপাতৰ ওপৰত নিৰ্ভৰ এৰী পলুৰ থালখনত পাতবোৰ চিগি দিছে

এৰীপলু পালন কৰিবলৈ তেওঁলোকে মাজুলীৰ ৰেচম বিভাগৰ পৰা এৰীপলুৰ কণী আনিব পাৰে। তাত কিছুমান প্ৰজাতিৰ কণীৰ দাম পেকেটত ৪০০ টকা। নাইবা এৰীপলু পালন কৰা গাঁৱৰে কাৰোবাৰ পৰা কণী সংগ্ৰহ কৰিব পাৰে। দীপিকা আৰু তেওঁৰ স্বামী উদয়ে সাধাৰণতে গাঁৱৰে কাৰোবাৰ পৰা সংগ্ৰহ কৰে, কিয়নো তাৰবাবে পইচা দিবলগীয়া নহয়। তেওঁলোকে অৱশ্যে তিনিজোৰাতকৈ বেছি পলু নাৰাখে, পলু বেছি ৰখা মানে সিহঁতে খোৱা এৰাপাত সৰহকৈ সংগ্ৰহ কৰিবলগীয়া হোৱা। তাতে তেওঁলোকৰ নিজাকৈ এৰাবাৰী নাই হেতুকে এৰাপাত বিচাৰি ফুৰিবলগীয়া হ’ব।

“এৰাপাতৰ খেতি মানে ধেৰ কাম। সৰহকৈ মাটিৰ প্ৰয়োজন হয়। কম মাটিত কৰিব নোৱাৰি। আকৌ গৰু-ছাগলীৰ পৰা বচাবলৈ বাঁহৰ বেৰ দিবলগীয়া হয়,” তেওঁ যোগ দিয়ে।

পলুৱে বৰকৈ পাত খায় আৰু ইমান বেছি পাত বিচাৰি সংগ্ৰহ কৰি আনি থকাটো টান। “ৰাতি শোৱাপাটীৰ পৰা উঠিও সিহঁতক খুৱাবলগীয়া হয়। কথাটো হৈছে যিমানে খাব, সিমানে বেছি সূতা উৎপাদন হ’ব। সিহঁতে কেচেৰুও ( Heteropanax fragrans) খায়। কিন্তু কোনোবা এবিধহে সিহঁতে খায়। হয় ইবিধ, নহয় সিবিধ: “গোটেই জীৱনকালত সিহঁতে বাকী বাদ দি এবিধেই পাত খায়।”

লেটা বান্ধিবৰ বাবে সাজু হোৱাৰ সময়তে পকা পলুৱে ইফালে সিফালে বগাই উপযুক্ত স্থানৰ সন্ধান কৰে। এনে পকা পলুক কলৰ পাতত ঠাই দিয়া হয় আৰু লেটা বন্ধালৈ অপেক্ষা কৰা হয়। “সিহঁতে আঁহ নিঃসৰণ কৰিবলৈ ধৰাৰ পিছত এদিন বা দুদিনৰ বাবেহে দেখা পাব, তাৰপিছত সিহঁত আৱৰণৰ ভিতৰত সোমাই পৰে,” দীপিকাই কয়।

PHOTO • Prakash Bhuyan
PHOTO • Prakash Bhuyan

বাওঁফালে: দীপিকা-উদয়ৰ ঘৰৰ বেৰত পলুৱে লেটা বান্ধিছে। মাইকী পলুৰ লেটাবোৰ মতাবোৰতকৈ ডাঙৰ। সোঁফালে: থাল এখনত পলুবোৰক খুওৱা হৈছে

*****

পলুৱে লেটা বান্ধিবলৈ আৰম্ভ কৰাৰ ১০ দিন পিছৰে পৰা এৰীসূতা সংগ্ৰহৰ কাম আৰম্ভ হয়। “তাতকৈ বেছিদিন ৰাখিলে পলুবোৰ পতংগ হৈ উৰি গুছি যায়,” দীপিকাই কয়।

এৰীসূতা সংগ্ৰহৰ দুই ধৰণৰ পদ্ধতি আছে: পলুৰ জীৱনচক্ৰ সম্পূৰ্ণ হোৱাৰ পিছত লেটাৰ খোলাটো এৰি যোৱালৈ অপেক্ষা কৰা নাইবা লেটা উতলাই মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পদ্ধতিত সূতা সংগ্ৰহ কৰা

দীপিকাই কয় যে লেটাটো উতলাই নল’লে সূতা কটা কামটো টান হৈ পৰে। পলুটো পতংগ হৈ ওলাই যোৱাৰ পিছত লেটাৰ আৱৰণটো সোনকালে পচে। “লেটাবোৰ কোমল হৈ পৰিছে নে নাই, আমি সেয়া উতলাওতে চাই থাকো,” উদয়ে কয়। “জুইত উতলাবলৈ আধা ঘণ্টামান সময় লাগে।”

পকা পলু খাবলৈ বৰ সোৱাদ, উতলোৱা লেটাটোৰ সূতা উলিওৱাৰ পিছত সেয়া খোৱা হয়। “মাংসৰ দৰে সোৱাদ,” দীপিকাই কয়। “সেয়া ভাজি খাব পাৰি নাইবা পাতত দিও খাব পাৰি।”

সংগ্ৰহ কৰা সূতাখিনি ধুই লৈ কাপোৰত মেৰিয়াই ছাঁত শুকুওৱা হয়। তাৰপিছত সেয়া টাকুৰীত কটা হয়। “২৫০ গ্ৰাম এৰী সূতা কাটিবলৈ প্ৰায় তিনিৰ পৰা চাৰিদিন লাগে,” সাধাৰণতে দিনটোৰ কাম-বন সামৰি সূতা কাটিবলৈ বহা দীপিকাই কয়। এখন পৰম্পৰাগত চাদৰ-মেখেলা ব’বলৈ প্ৰায় এক কিলোগ্ৰাম সূতা লাগে।

PHOTO • Prakash Bhuyan
PHOTO • Prakash Bhuyan

বাওঁফালে: মাইকী পতংগই কণী পাৰে। পতংগটো লেটাৰ পৰা ওলাই অহাৰ সময়ত সি ইতিমধ্যে পূৰ্ণাংগ ৰূপ লয় আৰু প্ৰজননৰ বাবে সাজু হৈ উঠে। সোঁফালে: পলুৰ পৰা পতংগ হৈ লেটাৰ পৰা ওলোৱা দৃশ্য। পলুৱে উমনি লোৱাৰ ৩-৪ সপ্তাহ পিছতে লেটা বনাবলৈ আৰম্ভ কৰে। এয়া পলু এটাৰ জীৱনচক্ৰৰ চতুৰ্থ আৰু শেষৰটো পৰ্য্যায়, তাৰ পিছতে পলুটো পতংগলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াত পলুটোৱে সূতা নিঃসৰণ কৰি খোলা এটা বনায়। লেটাটো বনাওতে ২-৩ দিন সময় লাগে। পলুটোৱে আগন্তুক তিনি সপ্তাহ লেটাৰ ভিতৰতে থাকিব যেতিয়ালৈ সি পূৰ্ণাংগ পতংগ এটালৈ পৰিৱৰ্তিত নহয়

PHOTO • Prakash Bhuyan
PHOTO • Prakash Bhuyan

বাওঁফালে: লেটাৰ পৰা সূতা কাটিবলৈ এই পৰম্পৰাগত সঁজুলিসমূহ ব্যৱহাৰ কৰা হয়: টাকুৰীৰে সূতা কটা হয় আৰু পপি সঁজুলিবিধ ব্যৱহাৰ কৰা হয় ওজন ৰাখিবলৈ। পপিটোৱে একাধিক মিহি সূতা একলগ কৰি এডাল সূতা হিচাপে কটাত সহায় কৰে। সোঁফালে: বাতি এটাত পৰিৱেশনৰ বাবে সাজু ভজা এৰীপলু। উত্তৰ-পূৱ ভাৰতৰ মিচিং জনগোষ্ঠীকে ধৰি ভালেমান জনগোষ্ঠীৰ মাজত এৰীপলু এবিধ জনপ্ৰিয় খাদ্য

সূতাবোৰ ব’ওতে প্ৰথমে বগা ৰঙৰ হয়, কিন্তু পিছলৈ বাৰে বাৰে ধোৱাৰ পিছত বিশেষ ধৰণৰ ইষৎ হালধীয়া বৰণ ধৰে।

“এক মিটাৰ এৰীসূতা এদিনত ব’ব পাৰি যদি আমি পুৱা সোনকালে কাম আৰম্ভ কৰোঁ আৰু দিনটো লাগি থাকো,” তেওঁ কয়।

এৰী সূতাৰ লগত কপাহী সূতাও মিলাই বোৱা হয়। দীপিকাই কয় যে এই সূতাৰে চোলাৰ লগতে চাদৰ আৰু অসমীয়া মহিলাই পিন্ধা পৰম্পৰাগত পোচাক চিলাই কৰা হয়। এৰী সূতাৰে আজিকালি শাড়ী চিলোৱাটো নতুন ট্ৰেণ্ড হৈ পৰিছে।

নতুন ট্ৰেণ্ড অহা সত্বেও ৰেচমৰ ব্যৱসায় বৰ কষ্টৰ কাম, খাটনি বহুত। “এৰীপলু পালন কৰোঁতে বহুত সময় লাগে, আকৌ ব’ওতেও সময় যায়,” এৰীপলু পালনৰ পৰা সম্প্ৰতি অব্যাহতি লোৱা দীপিকাই কয়। ঘৰুৱা কাম-বনৰ লগতে পথাৰৰ কাম, তাৰোপৰি তেওঁৰ চাৰিবছৰীয়া সন্তানটোক চোৱাচিতা কৰাৰ মাজত আন কোনো কাম কৰিবলৈ আহৰি নাপায় বুলি তেওঁ কয়।

*****

চল্লিশ বৰ্ষীয় যামিনী পায়েং এগৰাকী পাকৈত শিপিনী, তেওঁ ভাৰতীয় কাৰুশিল্প পৰিষদৰ পৰা স্বীকৃতিও লাভ কৰিছে। এৰী কাপোৰ বৈ থকাৰ তেওঁৰ এটা দশক হ’ল আৰু শিল্পবিধৰ প্ৰতি আগ্ৰহ কমি অহা দেখি তেওঁ চিন্তিত হৈ পৰিছে। “আজিকালি আমাৰ মাজতে এনে লোকো আছে যিয়ে জীৱনত কেতিয়াও তাঁতশালৰ কাষে চপা নাই। আচল এৰীসূতা কি তেওঁলোকে চিনি নাপায়। এই পৰম্পৰাৰ অন্ত পৰাৰ উপক্ৰম ঘটিছে।”

দশমমানত পঢ়ি থাকোতে যামিনীয়ে বস্ত্ৰ আৰু বয়নশিল্পৰ পাঠ্যক্ৰম এটাত ভাগ লৈছিল। কলেজত পঢ়িবলৈ যোৱাৰ আগলৈকে তেওঁ কেইবছৰমান তাঁতশালত কাপোৰ বোৱা কাম কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বেচৰকাৰী সংস্থা এটাত সোমায় আৰু মাজুলীৰ গাঁৱে গাঁৱে পৰম্পৰাগত এৰী কাপোৰৰ বয়নশিল্পৰ অৱস্থা অধ্যয়ন কৰিবলৈ লয়।

PHOTO • Prakash Bhuyan
PHOTO • Prakash Bhuyan

বাওঁফালে: মাজুলীৰ কমলাবাৰীত নিজৰ দোকানত ফটো এখনৰ বাবে প’জ দিছে যামিনী পায়েঙে। সোঁফালে: তাঁতশালত বোৱা এখন এৰী চাদৰ

PHOTO • Prakash Bhuyan
PHOTO • Prakash Bhuyan

যামিনী পায়েঙৰ কৰ্মশালাত বোৱা-কটাৰ কিছুমান সঁজুলি

“যিখন ঘৰত এৰীপলু পালন কৰা হয়, তাত ল’ৰা-ছোৱালীহঁতে মাকহঁতৰ পৰা শিকে,” মাজুলীৰ যামিনীয়ে কয়। “মোক তাঁত-বাতি কৰিবলৈ বা ববিনত সূতা কাটিবলৈ দিয়া নাছিল। মই মায়ে কাপোৰ বোৱা চাই শিকিছিলো।”

তেওঁ কয় যে প্ৰায়ভাগ মহিলাই নিজে তাঁতশালত বোৱা পাট কাপোৰেই পিন্ধিছিল, তেতিয়া মেচিনত বোৱা কাপোৰ আজিৰ দৰে উভৈনদী হৈ পৰা নাছিল। এৰী, নুনী আৰু মুগা কাপোৰ মহিলাসকলে পিন্ধিছিল। “য’লৈ যায় তিৰোতাবোৰে লগত টাকুৰীটো লৈ ফুৰিছিল।”

যামিনীয়ে এইবোৰ দেখি দেখি উৎসাহিত হৈ পৰিছিল। “তেতিয়াই মই এৰীপলু পালন কৰি আনকো এই শিল্পবিধ আয়ত্ব কৰিবলৈ শিকাম বুলি থিৰাং কৰিছিলো।” এতিয়া তেওঁ মাজুলীত বয়ন আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত প্ৰায় ২৫ গৰাকী মহিলাক প্ৰশিক্ষণ দি আছে। তেওঁ বোৱা কাপোৰ দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো প্ৰদৰ্শিত হৈছে আৰু তাৰে এখন ব্ৰিটিছ মিউজিয়ামতো আছে।

“এৰী কাপোৰৰ চাহিদা বহুত, কিন্তু আমি পৰম্পৰাগত পদ্ধতিৰেই কাপোৰ ব’ও,” যামিনীয়ে কয়। আন ঠাইত এৰী সূতা মেচিনত বোৱা হয় আৰু বিহাৰৰ ভগলপুৰৰ ৰেচমী কাপোৰে অসমৰ বজাৰত ভিৰ কৰে।

হাতেবোৱা কাপোৰৰ মূল্য তাত ব্যৱহৃত সূতা আৰু পদ্ধতিৰ লগতে কাপোৰত থকা ফুলৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগত ফুল থকা হাতেবোৱা এৰী চাদৰ এখনৰ দাম ৩,৫০০ পৰ্য্যন্ত হ’ব পাৰে। স্থানীয় বজাৰত হাতেবোৱা চাদৰ-মেখেলা এজোৰৰ দাম ৮,০০০ৰ পৰা আৰম্ভ হয় আৰু ১৫ৰ পৰা ২০ হাজাৰ টকা পৰ্য্যন্ত হ’ব পাৰে।

“আগতে অসমীয়া ছোৱালীয়ে প্ৰিয়জনৰ বাবে গামোচা, ৰুমাল আৰু গাৰুৰ গিলিপ বৈছিল আৰু আমাৰ মিচিং ছোৱালীবোৰে গালুক বৈছিল,” তেওঁ কয়। যামিনীয়ে বিশ্বাস কৰে যে মানুহে যদি পৰম্পৰাগত পদ্ধতিবোৰ পুনৰুদ্ধাৰ কৰি পৰৱৰ্তী প্ৰজন্মৰ হাতত তুলি নিদিয়ে, তেন্তে এই চহকী সাংস্কৃতিক ঐতিহ্যবোৰ হেৰাই যাব। “সেয়ে মই যেনেকৈ পাৰো কম-বেছি পৰিমাণে এই কামত লাগি আছো, মই এয়া মোৰ দায়িত্ব হিচাপে গ্ৰহণ কৰিছো।”

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন চমুকৈ এম.এম.এফ.ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Prakash Bhuyan

Prakash Bhuyan is a poet and photographer from Assam, India. He is a 2022-23 MMF-PARI Fellow covering the art and craft traditions in Majuli, Assam.

Other stories by Prakash Bhuyan
Editor : Swadesha Sharma

Swadesha Sharma is a researcher and Content Editor at the People's Archive of Rural India. She also works with volunteers to curate resources for the PARI Library.

Other stories by Swadesha Sharma
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das