মুখত বগা-হালধীয়া ৰং, তিনিটা ফোট, এটা নাকত, বাকী দুটা গালত। প্লাষ্টিকৰ নীলা ৰঙৰ টুপি এটাৰে টুপিৰ কাম চলোৱা হৈছে, ওঠত এটা খুহুতীয়া গীত আৰু গীতৰ তালে তালে সংগতিবিহীন নাচোন। বহুৱাৰ যেন ৰজা, তেনেকুৱাই তেওঁক লাগিছিল। সেই চিঞৰ-বাখৰ, কুচ-কাৱাজ আছিল গতানুগতিক। এনেকৈয়ে এহলিলৰ আৰ্টৰ কেম্প আৰম্ভ হয়। সেয়া লাগিলে জবাধু হিলচৰ সৰু ৰাজহুৱা স্কুলেই হওঁক, বা চেন্নাইৰ এখন আটকধুনীয়া প্ৰাইভেট স্কুলেই হওঁক, কিম্বা ইৰ’ড জিলাৰ সত্যমংগলম অৰণ্যৰ জনজাতীয় ল’ৰা-ছোৱালীৱে হওঁক, বা বিশেষভাৱে সমৰ্থ শিশুৱে হওঁক। আন্নাই জোৰদাৰ হাস্যকৰ নাট-গানেৰে তেওঁৰ কাৰ্য্যসূচী আৰম্ভ কৰে। সকলো দ্বিধা-সংকোচ এৰি হাঁহি-ফুৰ্তিৰে গীত গাই নাচি-বাগি কিবা এটা শিকাৰ প্ৰতি এনেকৈয়ে শিশুহঁত আগ্ৰহী হৈ পৰে।
প্ৰশিক্ষিত শিল্পী আন্নাই স্কুলখনত কি সুবিধা আছে-নাই, সেই লৈ কেতিয়াও চিন্তা কৰা নাছিল। তেওঁ একো বিচৰা নাছিল। পৃথকে কোনো হোটেল বা থকাৰ সুবিধা, কোনো বিশেষ সা-সঁজুলি, একোৱেই তেওঁ নিবিচাৰে। তেওঁ আনকি বিদ্যুতৰ সুবিধা নথকা অৱস্থাতো কাম কৰিছে, পানী, ফেন্সী সামগ্ৰী আদি নথকাকৈও কৰিছে। কেৱল শিশুবোৰক লগ পাব লাগে, সিহঁতৰ লগত কথা পাতিব লাগে আৰু কাম কৰিব লাগে, সিমানখিনিয়ে তেওঁ সদায় বিচাৰিছিল। তেওঁৰ জীৱনৰ পৰা আপুনি শিশুবোৰক পৃথককৈ চাব নোৱাৰে। শিশুৰ সন্মুখত তেওঁ আটাইতকৈ সুন্দৰ হৈ ধৰা দিয়ে আৰু সামান্যকণো পলম নকৰি কামত লাগি পৰে।
এবাৰ তেওঁ সত্যমংগলামৰ গাওঁ এখনত কাম কৰিছিল য’ত শিশুবোৰে ৰং দেখা নাছিল। প্ৰথমবাৰৰ বাবে ৰঙেৰে সিহঁতৰ নিজৰ কল্পনাৰ জগতখন অঁকাত তেওঁ সহায় কৰিছিল। সেয়া আছিল সিহঁতৰ বাবে এক নতুন অভিজ্ঞতা। কহলীমন বিৰলকল (মাটিৰ আঙুলি) নামে নিজাকৈ আৰ্ট স্কুলখন খোলাৰ পৰাই তেওঁ যোৱা ২২ বছৰ ধৰি এনেদৰেই বিৰামহীনভাৱে শিশুৰ কাৰণে কাম কৰি আহিছে। বেমাৰতো তেওঁ থমকি ৰোৱা নাই। শিশুৰ সৈতে কাম কৰিলেই তেওঁৰ সকলো দুখ-বেজাৰ আঁতৰি যায়। শিশুৰ কাৰণে তেওঁ সদায় সাজু।
আন্নাই চেন্নাইৰ ফাইন আৰ্টচ কলেজৰ পৰা সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ আজি ৩০ টাৰো বেছি বছৰ হ’ল, সেয়া ১৯৯২ৰ কথা। “মোৰ জ্যেষ্ঠসকলৰ মাজৰ চিত্ৰশিল্পী তিৰু তামিলচেলভান, কষ্টিউম ডিজাইনাৰ প্ৰভাকৰণ, চিত্ৰশিল্পী ৰাজমোহন যিয়ে মোক মোৰ কলেজীয়া জীৱনটোত ভালেখিনি সহায় কৰিছে, মোৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰাত মোক সহায় কৰিছিল, তেওঁলোক আমাৰ লগত আছিল। টেৰাকোটা ভাস্কৰ্য্যৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি মই শিল্পকৰ্মৰ পৰীক্ষণমূলক কামৰ বাবে চেন্নাইৰ ললিত কলা একাডেমিলৈ আহো।” তেওঁ নিজাকৈ ভাস্কৰ্য্যশিল্পৰ ষ্টুডিঅ’তো কিছুদিন কাম কৰিছিল।
“কিন্তু যেতিয়া মোৰ কামবোৰ বিক্ৰী হ’বলৈ আৰম্ভ কৰিলে,” তেওঁ কয়, “মই দেখিছিলো যে সি গৈ সৰ্বসাধাৰণক ঢুকি পোৱা নাছিল। তেতিয়াই মই সৰ্বসাধাৰণৰ সৈতে সম্পৰ্কিত শিল্পকলাত মনযোগ দিলো আৰু গ্ৰামাঞ্চলৰ পিনে মন দিলো। তামিল ভাষাৰ পঞ্চভূমি (পৰ্বত, সমূদ্ৰতীৰ, মৰুভূমি, অৰণ্য আৰু পথাৰ)ত মই কাম কৰিব বিচাৰিছিলো। শিশুৰ সৈতে মাটিৰ পুতলা আৰু অনান্য সামগ্ৰী বনোৱা কামত মই লাগি পৰিলো।” তেওঁ কাগজৰ মুখা বনোৱা, মাটিৰ মুখা বনোৱা, মাটিৰ মডেল সজা, ছবি অঁকা, আইনাৰ সামগ্ৰীত অঁকা, অৰিগেমি আদি শিকাবলৈ আৰম্ভ কৰিলে।