পাৰি ২০২৩ৰ এক অৱলোকন
পাৰিয়ে সৰ্বসাধাৰণৰ প্ৰাত্যাহিক জীৱনৰ ওপৰত কৰা সাংবাদিকতাৰ নটা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত বছৰটোৰ খতিয়ান এইখিনিতে আপোনালোকলৈ আগবঢ়াইছে



পাৰিয়ে সৰ্বসাধাৰণৰ প্ৰাত্যাহিক জীৱনৰ ওপৰত কৰা সাংবাদিকতাৰ নটা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত বছৰটোৰ খতিয়ান এইখিনিতে আপোনালোকলৈ আগবঢ়াইছে
সাংবাদিকতাৰ এটা আৰ্কাইভ ২০২৩ বৰ্ষত কিদৰে কবিতা আৰু গীতৰ যোগেদি সৰ্বসাধাৰণৰ কণ্ঠ হৈ পৰিছে, তাৰে এক আভাস এই লেখাৰ যোগেদি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ভাবঘন আৰু ছন্দায়িত এই কাব্যিক সৃষ্টিৰ শৃংখলাই আমাৰ জগত আৰু জীৱনৰ শৃংখলাহীন এক পৰিস্থিতিত ছন্দ ঘূৰাই আনিছে
শ শ প্ৰতিবেদন আৰু সমীক্ষা, হাজাৰ হাজাৰ শব্দৰে মেটমৰা আমাৰ পাৰি লাইব্ৰেৰী। ন্যায় আৰু অধিকাৰৰ এই তথ্য-পাতিবোৰেৰে ২০২৩ বৰ্ষত পাৰি লাইব্ৰেৰী আৰু অধিক সমৃদ্ধ হৈ পৰিছে
ঐতিহাসিক পুথিভঁৰালৰ পৰা আৰম্ভ কৰি নবীকৰণযোগ্য শক্তিলৈ, ডোক্ৰা শিল্পৰ পৰা আমৰ খেতিয়কলৈ আমি আমাৰ আৰ্কাইভত বিভিন্ন ধৰণৰ বিষয় সামৰি যোগ দিয়া তথ্যচিত্ৰসমূহ উপভোগ কৰক!
পাৰিয়ে ১৪ টা ভাষাত প্ৰতিবেদনসমূহ প্ৰকাশ কৰাটোৱে দৰ্শায় কেনেকৈ পাৰি সাংবাদিকতাৰ বহুভাষিক এক অনন্য মঞ্চ। কিন্তু সেয়া পাৰিৰ কাহিনীৰ এটা অংশহে… পাৰিভাষা (PARIBhasha)ৰ যোগেদি আৰু অধিক বহুভাষিক প্ৰচেষ্টাৰ বিষয়ে জানো আহক
পাৰিত ২০২৩ বছৰটোত হাজাৰ হাজাৰ আলোকচিত্ৰই হাজাৰটা কাহিনী ক’লে। গ্ৰামীণ ভাৰতৰ সঁচা ছবিখন দৰ্শকৰ আগত দাঙি ধৰা এনে কিছুমান আলোকচিত্ৰ-কাহিনী আপোনালোকলৈ আগবঢ়োৱা হ’ল
‘বৰ্তমান সময়ৰ এক চলন্ত পাঠ্যপুঠি’ স্বৰূপ পাৰিৰ ষ্ট’ৰিবোৰৰ বিশাল আৰ্কাইভ দেশখনৰ বিভিন্ন ঠাইৰ শ্ৰেণীকোঠালৈ লৈ যায় পাৰিয়ে। পাৰিৰ এই শিতানলৈ অৰিহণা যোগাব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে সেয়ে শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনত ভৰি দিয়ে, মানুহৰ সাক্ষাৎকাৰ লয়, ফটো তোলে, তথ্য নথিবদ্ধ কৰে আৰু আমাৰ সৈতে এনেকৈ শিকাৰ মাজতে তেওঁলোকে গ্ৰামীণ ভাৰতখনৰ বিষয়ে আমাৰ আৰ্কাইভটো অধিক সমৃদ্ধ কৰি তুলিছে
সামাজিক মাধ্যমৰ পোষ্টৰ যোগেদি আমাৰ কাহিনীবোৰ কেনেকৈ দেশৰ চুকে-কোণে, বিভিন্নজনৰ ওচৰলৈ পঠিয়াবলৈ আমি সক্ষম হৈছো আৰু পাঠকৰ সঁহাৰি পাইছো, তাৰেই এক খতিয়ান
আদিবাসী সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি পশ্চিম বংগৰ বীৰভূমৰ খেতিয়ক, কেৰালাৰ নাৰিকলৰ আঁহৰ কাম কৰা বনুৱালৈকে বৈচিত্ৰময় এই নতুন নতুন মুখেৰে ভৰি পৰা আমাৰ ফেচে’ছৰ গেলেৰী চাও আহক
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/pari-in-2023-as