পথত চাৰিদিন কটাই ৭৫০ কি.মি. বাট অতিক্রম কৰাৰ পাছত টেম্প’ আৰু জীপৰ সমদলটো ৰাজস্থানৰ কোটাৰ এক গুৰুদ্বাৰাত দুপৰীয়াৰ আহাৰ খাবলৈ বুলি ৰৈছে। এয়া হৈছে ২৪ ডিছেম্বৰৰ চেঁচা আবেলি। মহাৰাষ্ট্রৰ কৃষক তথা কৃষিশ্রমিকসকল নিশাটোৰ যাত্রাৰ পাছত ভাগৰি পৰিছে। কিন্তু তেওঁলোকে গুৰুদ্বাৰাৰ ৰাজহুৱা ৰান্ধনীশালত আহাৰৰ বাবে অপেক্ষা কৰি থকা সময়ত সবিতা গুঞ্জলৰ গীতে তেওঁলোকৰ উদ্যম বঢ়াই তুলিছে। কামগাৰ চ্যা কাষ্টানা নাটাৱলা জাগালা, জেৱন নাহি প’টালা, কাপড়া নাহি নেছাইলা...(‘শ্রমিকৰ কষ্টই পৃথিৱীখন ধুনীয়া কৰে, কিন্তু তেওঁলোকৰহে খাবলৈ-পিন্ধিবলৈ একো নাথাকে)।
“মই ইয়ালৈ গীত গাবলৈ আহিছো”, গাঢ় ৰঙা চোলা আৰু নীলা জিনচ্ পৰিহিতা ১৬ বছৰীয়া ভিল আদিবাসী গায়িকাগৰাকীয়ে কয়। “মই শ্রমিকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰিব বিচাৰো। মই সমগ্ৰ পৃথিৱীক আমাৰ অৱস্থাৰ কথা জনাব খোজো”, এয়া নাছিক জিলাৰ ছান্দৱাড় তালুকৰ ছান্দভাড় গাঁৱৰ নিবাসী সবিতাৰ ভাষ্য। তেওঁ দিল্লী সীমান্তৰ প্রতিবাদত যোগ দিবলৈ কৃষকৰ গাড়ীৰ জাঠাত উঠি ২১ ডিছেম্বৰত নাছিক এৰিছিল।
নিজৰ গাঁৱত সবিতাই সপ্তাহান্তিকত আৰু বন্ধৰ দিনত কৃষিশ্রমিক হিচাপে কাম কৰি দিনে ১৫০-২০০ টকাকৈ উপার্জন কৰে। “কাম থাকিলে মই পথাৰলৈ যাবলগা হয়”, তেওঁ কয়। ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত তেওঁ বেছিভাগ সময় চান্দৱাড়ৰ পামতে কাম কৰি কটালে। “লকডাউনৰ সময়ত কাম বহুত কম আছিল। হাতলৈ যি কাম আহিছিল তাকেই কৰিছিলো আৰু যিমান পাৰি উপার্জন কৰিবলৈ চাইছিলো”, তেওঁ জনায়। সবিতাই এই বছৰতে (২০২০) হাইস্কুলীয়া শিক্ষা সাং কৰে যদিও মহামাৰীৰ ফলত কলেজত নাম লগাব পৰা নাই।




