পাঞ্জাৱত মাণ্ডি ব্যৱস্থাটো বৰ বিশাল। ১৫২ খন মূল মাণ্ডি, তাৰ লগতে ২৭৯ খন উপ-মাণ্ডি আৰু ১,৩৮৯ টা ক্ৰয়কেন্দ্ৰৰে ই এক বিস্তৃত নেটৱৰ্ক (২০১৯-২০ৰ তথ্য)। জছৱিন্দৰ সিঙৰ কাৰণে এই মাণ্ডিয়ে সুৰক্ষা কবচ হিচাপে কাম কৰে। এই মাণ্ডি ব্যৱস্থা থকা কাৰণে কৃষকে নিজকে বিপদমুক্ত বুলি অনুভৱ কৰে, চাংগ্ৰুৰ জিলাৰ লংগৱাল চহৰত ১৭ একৰ মাটিত খেতি কৰা পৰিয়ালৰ ৪২ বছৰ বয়সীয়া জছৱিন্দৰে কয়। “বিনা দ্বিধাই মই মোৰ ফচলখিনি মাণ্ডিলৈ লৈ যাব পাৰো, জানো যে তাৰ মই মূল্য পাম। মই সেই ব্যৱস্থাটো জানো আৰু প্ৰাপ্যখিনি পাম বুলি নিশ্চিত।”
মাণ্ডিৰ মূল চৌহদবোৰ অতিকৈ বিশাল (ফটোত দেখুওৱা সুনমৰ মাণ্ডিৰ দৰে)। খেতিয়কে ফচল আনি মজুত কৰিব পৰাকৈ তাত বিভিন্ন নিৰ্ধাৰিত স্থান আবণ্টিত কৰা থাকে। সাধাৰণতে আৰ্হাটিয়া (কমিচন এজেণ্টবোৰ)ৰ দোকানৰ আগত তেনে স্থান নিৰ্ধাৰিত কৰি থোৱা থাকে। মূল মাণ্ডিত ঠাই কম হ’লে তাৰে আশে-পাশে উপ-মাণ্ডি সাজু কৰা হয়। ক্ৰয়কেন্দ্ৰবোৰক ক্ষুদ্ৰ মাণ্ডি বুলি ক’ব পাৰি। সেইবোৰ সাধাৰণতে গাঁৱত (ফটোত থকা চেৰন মাণ্ডিৰ উদাহৰণ লওঁক) থাকে। এনেদৰেই সৰু-বৰ মিলি পাঞ্জাৱৰ বিশাল কৃষিপণ্য বিপণন নিগম (এপিএমচি) নেটৱৰ্ক গঢ় লৈ উঠিছে।
“শস্যখিনি বিক্ৰী হোৱাৰ পাছত আৰ্হাটিয়াজনে মোক জে-ফৰ্ম এখন দিয়ে আৰু পইচা নোপোৱালৈকে সেইখনে পাওনা নিশ্চিত কৰে,” জছৱিন্দৰে কয়। “আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কিবা কাৰণত যদি মোৰ পাওনাখিনিৰ কিবা হৰণ-ভগনো হয়, যিহেতু এয়া চৰকাৰী ব্যৱস্থা, সেয়ে মোক আইনে সুৰক্ষা দিব আৰু ই এক ডাঙৰ ভৰসা,” তেওঁ কয় (পাঞ্জাৱ কৃষিপণ্য বিপণন আইন, ১৯৬১ৰ প্ৰসংগত)।
এপিএমচি নেটৱৰ্কে এটা কথা নিশ্চিত কৰে যাতে ব্যক্তিগত ব্যৱসায়ী বা চৰকাৰী সংস্থা যেনে ভাৰতীয় খাদ্য নিগম (পাঞ্জাৱ ৰাজ্যিক সমবায় যোগান আৰু বিপণন ফেডাৰেচন লিমিটেড), যিয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত এমএচপিত ঘাইকৈ ধান আৰু ঘেঁহু ক্ৰয় কৰে, সেই সংস্থাবোৰে এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ মাজেৰে শস্য আহৰণ কৰে। খাদ্যশস্য পাঞ্জাৱৰ কোনো এটা মাণ্ডিত অহাৰ লগে লগে এফচিআই বা মাৰ্কফেডৰ বিষয়াই নিৰ্দিষ্ট মাপকাঠি যেনে খাদ্যশস্যত থকা আৰ্দ্ৰতা আদি অনুসাৰে তাৰ গুণগত মান পৰীক্ষা কৰে। তাৰপাছত খাদ্যশস্যখিনি নিলাম কৰি মজুত কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ হিচাপে কাম কৰে আৰ্হাটিয়াসকলে।
সহজে ঢুকি পাব পৰা আৰু ভৰসা কৰিব পৰা বিধৰ হোৱাটোৱে এই ব্যৱস্থাটোৰ ভাল কথা, পাটিয়ালা জিলাৰ পাটৰাণ টেহচিলৰ দুগাল কালান গাঁৱৰ ৩২ বছৰ বয়য়ীসা অমনদ্বীপ কৌৰে কয়। “মোৰ কাৰণে আটাইতকৈ সুবিধাজনক কথাটো হৈছে মই পোনে পোনে গাঁৱৰ মাণ্ডিটোলৈ (ক্ৰয়কেন্দ্ৰলৈ) মোৰ ফচলখিনি লৈ যাব পাৰো। এয়া মোৰ বাবে সুবিধাজনক হোৱাৰ লগতে নিশ্চিতও হওঁ যে মই কিমান টকা পাম (এমএচপি হিচাপত)। ৰাজ্যখনত কুঁহিয়াৰৰ খেতিত কি হৈছে দেখিছেই।”





















