তিনি সপ্তাহৰ পাছত যেতিয়া হনুমন্ত গুঞ্জাল শ্বাহজাহানপুৰৰ প্রতিবাদ থলীৰ পৰা নিজৰ গাঁৱলৈ ঘূৰি গৈছিল, তেওঁ লগত লৈ গৈছিল পাহৰিব নোৱৰা কিছুমানৰ স্মৃতি ভাৰ।
“তাৰ কৃষকসকল অত্যন্ত অতিথিপৰায়ণ আৰু সঁচাই ভাল আছিল”, ২৫ ডিচেম্বৰত শ্বাহজাহানপুৰত উপস্থিত হোৱা মহাৰাষ্ট্রৰ নাছিক জিলাৰ চান্দৱাড় গাঁৱৰ ৪১ বছৰীয়া ভিল আদিবাসী কৃষকগৰাকীয়ে কয়। “নিজে ৰান্ধিবলগা হ’ব পাৰে বুলি আমি চাউল-দাইল লগত লৈয়ে আহিছিলো। কিন্তু এইবোৰ একেবাৰেই ব্যৱহাৰ নহ’ল। তেওঁলোকে আমাক যথেষ্ট পৰিমাণৰ ঘিউ দি ৰন্ধা সুস্বাদু খাদ্য খাবলৈ দিছিল। তেওঁলোকে আমাক আথে-বেথে আদৰণি জনাইছিল।”
২১ ডিচেম্বৰত কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদত ভাগ ল’বলৈ নাছিকৰ পৰা দিল্লীলৈ বুলি জাঠা, মানে যান-বাহনৰ এটা কনভয় ওলাইছিল। ১,০০০ গৰাকীমান কৃষকৰ এই দলটোক প্রায় ১,৪০০ কিমি দূৰৈৰ ৰাজধানীৰ নিকটৱর্তী অঞ্চলখিনি পাবলৈ পাঁচ দিন লাগিছিল। শ্বাহজাহানপুৰ নামৰ যিডোখৰ ঠাইত জাঠা ৰৈছিল, সেয়া আছিল দিল্লীৰ পৰা ১২০ কি.মি. দক্ষিণত, ৰাজস্থান আৰু হাৰিয়ানাৰ সীমান্তত। সেয়া আছিল কেন্দ্রীয় ৰাজধানীখনৰ সমীপৰ প্রতিবাদস্থলীসমূহৰ এখন, য’ত বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ দহ হাজাৰতকৈ অধিক কৃষকে ২৬ নৱেম্বৰৰ পৰা কৃষি আইন তিনিখনৰ বিৰুদ্ধে প্রতিবাদ প্রদর্শন কৰি আহিছে।
এই আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে ২০২০ৰ ৫ জুনত জাৰী কৰা হৈছিল। তাৰপিছত ১৪ ছেপ্টেম্বৰত সদনত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু ততাতয়াকৈ সেই মাহৰে ২০ তাৰিখে আইন হিচাপে গৃহীত কৰা হয়। আইনকেইখন হৈছে কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।






