হাতকেৰেয়াসহ তেওঁৰ ডিঙিৰ পৰা ভৰিলৈকে এডাল শিকলি ওলমি আছে। ক’লা আঁচ থকা বগা কুৰ্তাৰ সাজত তেওঁক এজন প্ৰকৃত কাৰাবন্দীৰ দৰেই দেখা গৈছে।
কিন্তু ৪২ বছৰীয়া কাবাল সিং কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা নাই, তেওঁৰ শিকলি আৰু হাতকেৰেয়া তেওঁ নিজে লগাই লোৱাহে। তেওঁ হ’ল পাঞ্জাৱৰ ফাজিল্কা জিলাৰ ৰুকানপুৰা (খুই খেৰা বুলিও জনাজাত) গাঁৱৰ এজন কৃষক।
তেওঁ হ’ল তিনিখন শেহতীয়া কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লাখ লাখ কৃষকৰ মাজৰে এজন। ২০২০ চনৰ ৫ জুনত এই আইনকেইখনৰ অধ্যাদেশ জাৰী কৰা হৈছিল, তাৰপাছত ১৪ চেপ্তেম্বৰত সংসদত বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিল, আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল।
তেন্তে এই স্ব-নিপীড়িনৰ হাতকেৰেয়া কিয়?
“যেতিয়া মই দীৰ্ঘদিন ধৰি কৃষকসকলক তেওঁলোকৰ অধিকাৰৰ বাবে দাবী জনাই অহা দেখি আহিছিলো, মই তেওঁলোকৰ যন্ত্ৰণা সহ্য কৰিব পৰা নাছিলো। আপোনালোকে মোৰ শৰীৰত দেখা পোৱা এই শিকলি হ’ল তেওঁলোকৰ পীড়াৰ প্ৰতিফলন। তেওঁলোকে অভ্যন্তৰৰপৰা যি অনুভৱ কৰে ময়ো তেনে অনুভৱেই কৰোঁ।”
“আপোনালোকে মোৰ গাত দেখা পোৱা এই একেডাল শিকলিয়েই আমাক সকলোকে আৱৰি ৰাখিছে, আপুনি মাত্ৰ এয়া বিচাৰিব লাগিব।” ৰাইজৰ অপ্ৰিয় এই তিনিখন আইনে কাবাল সিঙৰ গাত মেৰ খাই থকা শিকলিডাল আৰু কঠিন কৰি তোলা বুলি তেওঁ ভাবে।




