অশোক টাংড়েয়ে তেওঁৰ ম’বাইল ফোনটো চাই আছিল, হঠাতে হোৱাটচআপত এটা নটিফিকেছন ভাঁহি আহিল। এখন বিয়াৰ ডিজিটেল নিমন্ত্ৰণী পত্ৰ। কণমানি কইনা-দৰাই ইজনে সিজনৰ চকুলৈ বিৰক্তি লগাকৈ চাই থকা এখন ফটো আছে সেই পত্ৰখনত। পত্ৰখনত বিবাহ বাহৰ, বিয়াৰ তাৰিখ আৰু সময় দিয়া আছে।
কিন্তু সেয়া টাংড়েৰ বাবে বিয়াৰ নিমন্ত্ৰণী পত্ৰ নাছিল।
পশ্চিম ভাৰতৰ সেই জিলাখনৰে টাংড়েৰ এজন খবৰ দিওঁতাই তেওঁলৈ সেইখন কাৰ্ড পঠিয়াইছিল। কাৰ্ডখনৰ লগতে তেওঁ কইনাজনীৰ জন্মৰ প্ৰমাণপত্ৰ এখনো পঠিয়াইছিল। ছোৱালীজনীৰ বয়স আছিল ১৭ বছৰ, আইনৰ চকুত নাবালিকা।
কাৰ্ডখন পঢ়ি ৫৮ বৰ্ষীয় টাংড়েয়ে বুজি পালে যে এঘণ্টা পিছতে বিয়াখন আৰম্ভ হ’ব। তেওঁ ততালিকে সহকৰ্মী আৰু বন্ধু তত্ত্বশীল কাম্বলেক ফোন লগালে আৰু দুয়ো গাড়ী এখন লৈ ওলাল।
“বীড় চহৰৰ আমি য’ত থাকো, তাৰপৰা গন্তব্যস্থললৈ প্ৰায় আধাঘণ্টাৰ বাট,” টাংড়েয়ে ২০২৩ৰ জুনৰ সেই ঘটনা ৰোমন্থন কৰি কয়। “সময় বচাবলৈ আমি গৈ থকা বাটতে স্থানীয় আৰক্ষীলৈ আৰু গ্ৰাম সেৱকলৈ সেই ফটোবোৰ পঠিয়ালো।”
টাংড়ে আৰু কাম্বলে দুয়োজন শিশু অধিকাৰ কৰ্মী, মহাৰাষ্ট্ৰৰ বীড় জিলাত তেওঁলোক দুজনে এই কুপ্ৰথাৰ বিৰুদ্ধে যুঁজাত আগভাগ লৈ আহিছে।
তেওঁলোকৰ এই অভিযানত সহায় কৰা খবৰ দিওতাসকল ভিন্ন বৰ্গৰ। কোনোবাজন যি নাবালিকাৰ ওপৰত ক্ৰাছ থকা ল’ৰা, কোনোবাগৰাকী আকৌ শিক্ষক, আন কোনোবা আকৌ সমাজকৰ্মী। আন মানুহো আছে যিয়ে বাল্যবিবাহ যে এক অপৰাধ, সেই কথা বুজি পায়, তেনে লোকো খবৰ দিওতা হৈছে। এনেদৰে জিলাখনত তেওঁলোকৰ প্ৰায় ২,০০০ জন লোকৰ এটা নেটৱৰ্ক হৈ উঠিছে, যিয়ে বাল্যবিবাহ ধৰা পেলোৱাত তেওঁলোকক সহায় কৰে।












