বিমুদ্ৰাকৰণৰ ভূত
নগদৰ ওপৰতে ভিত্তি কৰি চলা কৃষিজাত বাণিজ্যনিৰ্ভৰ গ্ৰামীণ মাৰাথাৱাড়াত কৃষকে ২০১৬ বৰ্ষৰ নবেম্বৰ মাহৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱত বাউঞ্চ হোৱা চেক, বেংকৰ সা-সুবিধাগীন স্থিতি আৰু শস্যৰ দৰ কমি অহা আদিৰ বিভিন্ন সমস্যাৰ মাজতে পাকঘুৰণি খাই আছে



নগদৰ ওপৰতে ভিত্তি কৰি চলা কৃষিজাত বাণিজ্যনিৰ্ভৰ গ্ৰামীণ মাৰাথাৱাড়াত কৃষকে ২০১৬ বৰ্ষৰ নবেম্বৰ মাহৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱত বাউঞ্চ হোৱা চেক, বেংকৰ সা-সুবিধাগীন স্থিতি আৰু শস্যৰ দৰ কমি অহা আদিৰ বিভিন্ন সমস্যাৰ মাজতে পাকঘুৰণি খাই আছে
এইবাৰৰ শীত কালত বিদর্ভৰ শাক-পাচলিৰ খেতিয়কে বিলাহীৰ ব্যাপক উত্পাদন দেখি প্ৰচুৰ আশাবাদী হৈ উঠিছিল| কিন্তু ৮ নৱেম্বৰৰ পিছত পুৰণি মুদ্রাৰ প্ৰচলন নিষিদ্ধকৰণে বজাৰক মৰিশালিলৈ পৰিণত কৰাত তেওঁলোকৰ আশাত চেঁচা পানী পৰিল
দেশৰ প্ৰতি চাৰিটা বিলাহীৰ এটাকৈ উৎপাদন কৰা মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ খেতিয়কে ৮ নবেম্বৰত ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছৰেপৰা চলি থকা নিম্ন দৰৰ বাবেই ধ্বংস কৰি পেলাইছে লহপহকৈ বাঢ়ি অহা বিলাহী খেতি
অন্ধ্রপ্ৰদেশৰ বুচার্লাৰ দৰিদ্র প্ৰব্রজনকাৰীসকল বার্ষিক উত্সৱ উপলক্ষে নিজৰ ঘৰলৈ উভতি আহি দেখে যে উত্পাদন হ্রাস পোৱাতকৈয়ো নগদ ধনৰ সংকটৰ বাবে স্থানীয় কৃষি পামবোৰত কাম নোহোৱা হৈছে| উত্সৱৰ সময়তো তেওঁলোকে ভালকৈ খাবলৈ নোপোৱা হল
বিমুদ্ৰাকৰণে মানি অৰ্ডাৰৰ ক্ষেত্ৰত কৰা বিশৃংখলতাৰ ফলত মহাৰাষ্ট্ৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে তেওঁলোকৰ ভোকত কষ্ট পাই থকা পৰিয়াললৈ টকা পঠিয়াব পৰা নাই। আদোল, ওৰাংগাবাদত পাঁচখন ৰাজ্যৰপৰা অহা শ্ৰমিকে বেংক ব্যৱস্থাৰ একো আওভাও পোৱা নাই, সেই ব্যৱস্থা তেওঁলোকৰ কামতো অহা নাই
বিমুদ্রাকৰণৰ পিচত পশ্চিমবংগৰ জংগিপুৰত থকা অধিকাংশ বিড়ি উদ্যোগত তলা ওলমিল, নতুন নোটৰ নাটনিৰ ফলত ঘৰতে বিড়ি প্ৰস্তুত কৰা অধিকাংশ মহিলা শ্রমিক উপার্জনহীন হৈ পৰিল
বিমুদ্ৰাকৰণৰ দুশ্চিন্তা বঢ়াৰ লগে লগে ওচমানাবাদৰ বেংক এটাই দুটাকৈ চেনীৰ কাৰখানাক দিয়া ৩৫২ কোটি টকা আদায় কৰি লোৱাৰ বাবে একো বিশেষ নকৰিলে, কিন্তু তাৰ পৰিৱৰ্তে ১৮০ কোটি টকা সৰ্বমুঠ ধনৰাশি দিবলৈ থকা ২০ হাজাৰ খেতিয়কক ৰাজহুৱাকৈ অপমানিত কৰাৰ ভাবুকি দিয়াত কোনোধৰণৰ হীনদেৰি নকৰিলে
উত্তৰাখণ্ডৰ ভাৰত-নেপাল সীমান্তৱৰ্তী মনোমোহা ওগলা আৰু জৌলজিবি মেলাত এইবাৰ বিমুদ্ৰাকৰণৰ কৰালৰূপ প্ৰকট হ'ল- সীমান্তৰ সমীপৰ অন্তিমখন চহৰ ধাৰচুলৰ বাসিন্দাসকলে নেপালী টকাৰে আদান-প্ৰদান কৰিব ধৰিলে
অন্ধ্রপ্ৰদেশ অনন্তপুৰ জিলাৰ তাড়িমাৰি গাঁৱৰ সাৰ বিক্রেতাই পুৰণি মুদ্রা যিহেতু গ্রহণ কৰিছে, সেয়ে খৰাংপীড়িত বাদাম খেতিয়কসকলে তেওঁলোকৰ ঋণ পুৰণি মুদ্রা (নোট)ৰে পৰিশোধ কৰিবলৈ সাৰৰ দোকানৰ আগত শাৰী পাতিছে। কর্মহীন কৃষি শ্রমিকসকলো ৰৈ নাথাকিল। তেওঁলোকৰ হাতত থকা পুৰণি কেইখনমান নোট চলোৱাৰ বাবে সহজ উপায় হল স্ত্রাযী সুৰাৰ দোকানত সুৰা ক্রয় কৰা।
বিদর্ভৰ কৃষিজাত সামগ্রীৰ বজাৰত বছৰটোৰ ভিতৰত এইটোৱেই বেচা-কিনাৰ উথপ-থপ সময়। কিন্তু এই অঞ্চলৰ কৃষকে এতিয়া ভীষণ লোকচান মূৰ পাতি লবলৈ বাধ্য হৈছে- কম দামত উত্পাদিত সামগ্রী বিক্রী কৰিছে, কিছুমান শস্য নষ্ট হ'বলৈ আৰম্ভ কৰিছে অথবা ঋণ পৰিশোধ কৰিবলগীযা বেংকত পুৰণি মুদ্রাৰে জমা কৰাৰ শংকাৰ বাবেই খেতিয়সকলৰ অৱস্ত্রা কুলাই-পাচিয়ে নধৰা হৈছে।
ভাৰতীয় মুদ্রাৰ 86 শতাংশ চৰকাৰে বেআইনী ঘোষণা কৰাৰ লগে তেলেংগানাৰ ধর্মৰাম গাওঁৰ ৱার্দা বালায়াৰ মাটি বিক্রী কৰি ঋণ পৰিশোধ কৰাৰ আশা ধূলিস্যাত্ হৈ পৰে আৰু সেই বাবেই তেওঁ আত্মাহননৰ পথ বাচি লোৱাৰ লগতে গোটেই পৰিয়ালক বিহ খুৱাবলৈ চেষ্টা কৰে
খেতিয়কৰ পৰা আদি কৰি ভূমিহীন শ্ৰমিক, পেঞ্চনাৰ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আন বহুতৰে জীৱন বিধ্বস্ত কৰি পেলাইছে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/বিমুদ্ৰাকৰণৰ-ওপৰত-পাৰিৰ-প্ৰতিবেদন