অশোক টাংড়েয়ে তেওঁৰ ম’বাইল ফোনটো চাই আছিল, হঠাতে হোৱাটচআপত এটা নটিফিকেছন ভাঁহি আহিল। এখন বিয়াৰ ডিজিটেল নিমন্ত্ৰণী পত্ৰ। কণমানি কইনা-দৰাই ইজনে সিজনৰ চকুলৈ বিৰক্তি লগাকৈ চাই থকা এখন ফটো আছে সেই পত্ৰখনত। পত্ৰখনত বিবাহ বাহৰ, বিয়াৰ তাৰিখ আৰু সময় দিয়া আছে।

কিন্তু সেয়া টাংড়েৰ বাবে বিয়াৰ নিমন্ত্ৰণী পত্ৰ নাছিল।

পশ্চিম ভাৰতৰ সেই জিলাখনৰে টাংড়েৰ এজন খবৰ দিওঁতাই তেওঁলৈ সেইখন কাৰ্ড পঠিয়াইছিল। কাৰ্ডখনৰ লগতে তেওঁ কইনাজনীৰ জন্মৰ প্ৰমাণপত্ৰ এখনো পঠিয়াইছিল। ছোৱালীজনীৰ বয়স আছিল ১৭ বছৰ, আইনৰ চকুত নাবালিকা।

কাৰ্ডখন পঢ়ি ৫৮ বৰ্ষীয় টাংড়েয়ে বুজি পালে যে এঘণ্টা পিছতে বিয়াখন আৰম্ভ হ’ব। তেওঁ ততালিকে সহকৰ্মী আৰু বন্ধু তত্ত্বশীল কাম্বলেক ফোন লগালে আৰু দুয়ো গাড়ী এখন লৈ ওলাল।

“বীড় চহৰৰ আমি য’ত থাকো, তাৰপৰা গন্তব্যস্থললৈ প্ৰায় আধাঘণ্টাৰ বাট,” টাংড়েয়ে ২০২৩ৰ জুনৰ সেই ঘটনা ৰোমন্থন কৰি কয়। “সময় বচাবলৈ আমি গৈ থকা বাটতে স্থানীয় আৰক্ষীলৈ আৰু গ্ৰাম সেৱকলৈ সেই ফটোবোৰ পঠিয়ালো।”

টাংড়ে আৰু কাম্বলে দুয়োজন শিশু অধিকাৰ কৰ্মী, মহাৰাষ্ট্ৰৰ বীড় জিলাত তেওঁলোক দুজনে এই কুপ্ৰথাৰ বিৰুদ্ধে যুঁজাত আগভাগ লৈ আহিছে।

তেওঁলোকৰ এই অভিযানত সহায় কৰা খবৰ দিওতাসকল ভিন্ন বৰ্গৰ। কোনোবাজন যি নাবালিকাৰ ওপৰত ক্ৰাছ থকা ল’ৰা, কোনোবাগৰাকী আকৌ শিক্ষক, আন কোনোবা আকৌ সমাজকৰ্মী। আন মানুহো আছে যিয়ে বাল্যবিবাহ যে এক অপৰাধ, সেই কথা বুজি পায়, তেনে লোকো খবৰ দিওতা হৈছে। এনেদৰে জিলাখনত তেওঁলোকৰ প্ৰায় ২,০০০ জন লোকৰ এটা নেটৱৰ্ক হৈ উঠিছে, যিয়ে বাল্যবিবাহ ধৰা পেলোৱাত তেওঁলোকক সহায় কৰে।

Tatwasheel Kamble (left) and Ashok Tangde (right) are child rights activists working in Beed, Maharashtra. In the past decade, they have together prevented over 4,000 child marriages
PHOTO • Parth M.N.

তত্ত্ব কাম্বলে (বাওঁফালে) আৰু অশোক টাংড়ে (সোঁফালে) মহাৰাষ্ট্ৰৰ বীড় জিলাত কাম কৰি অহা শিশু অধিকাৰ কৰ্মী। তেওঁলোকে যোৱাটো দশকত প্ৰায় ৪,০০০ ৰো অধিক বাল্যবিবাহ ৰোধ কৰিছে

“মানুহে আমাৰ ওচৰলৈ খবৰ আনিবলৈ ধৰিলে আৰু তেনেকৈয়ে যোৱাটো দশকত এটা বহল নেটৱৰ্ক গঢ়ি উঠিল। আমি নিতৌ ফোনত বিয়াৰ কাৰ্ড পাওঁ, কিন্তু তাৰ এখনো নিমন্ত্ৰণীৰ নহয়,” তেওঁ মিচিকিয়াই হাঁহি কয়।

হোৱাটচআপৰ যোগেদি আমালৈ খবৰ দিওতাই নথিখনৰ ফটো এটা পঠিয়াই দিলে হ’ল। নাইবা ছোৱালীজনীৰ স্কুল কৰ্তৃপক্ষক খবৰ কৰি বয়সৰ প্ৰমাণপত্ৰ বিচাৰিব পাৰে। “তেনেকৈ খবৰ দিওতাজন নিজৰ পৰিচয় লুকুৱাই ৰাখিব পাৰে,” তেওঁ কয়। “হোৱাটচআপ কৰাৰ পূৰ্বে খবৰ দিওতাজনে নিজে খবৰ গোটাব লাগে, যিটো বিপদসংকূল কাম। খবৰ দিওতা বুলি গাঁৱৰ মানুহে গম পাই গ’লে মানুহজনক গাঁৱৰ লোকে অশান্তি দিব পাৰে।”

৪২ বৰ্ষীয় সমাজকৰ্মীজনে কয় যে হোৱাটচআপে তেওঁলোকক কম সময়ত তথ্য গোটোৱা আৰু শেষ মুহূৰ্তত মানুহ যোগাৰ কৰাত বহুত সহায় কৰিছে।

ইণ্টাৰনেট এণ্ড ম’বাইল এছ’চিয়েছন অৱ ইণ্ডিয়া চমুকৈ IAMAI -ৰ ২০২২ৰ তথ্য অনুসৰি ভাৰতত ৭৫ কোটি ৯০ লাখ সক্ৰিয় ইণ্টাৰনেট ইউজাৰ আছে, তাৰে ৩৯ কোটি ৯০ লাখ গ্ৰামাঞ্চলৰ, য’ৰ প্ৰায়ভাগেই হোৱাটচআপত সক্ৰিয়।

“প্ৰত্যাহ্বানমূলক কামটো হৈছে সেই ঠাইত সঠিক সময়ত আইনৰ প্ৰতিনিধি আৰু আৰক্ষীসহ উপস্থিত হোৱা, তাকো কোনোৱে গম নোপোৱাকৈ,” কাম্বলেয়ে কয়। “হোৱাটচআপ অহাৰ আগলৈকে সেই কামটো বৰ কঠিন আছিল।”

খবৰ দিওতাজনৰ সৈতে বিয়াঘৰত তেওঁলোকৰ কথা-বতৰা আকৌ আমোদজনক, টাংড়েয়ে কয়। “তেওঁলোকক আমি স্বাভাৱিক আচৰণ কৰিবলৈ কওঁ, যেন আমাক চিনিয়ে নাপায়,” তেওঁ কয়। “কিন্তু সকলোৱে এনে অভিনয়ত অভ্যস্ত নহয়। কিছুমানক আকৌ আমি সকলোৰে সন্মুখত বেয়া ব্যৱহাৰ কৰিবলগীয়া হয় যাতে বিয়াখন ভঙাত তেওঁলোকৰ একো হাত নাই বুলি মানুহ পতিয়ন যায়।”

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২১ ( এন.এফ.এইছ.এছ-৫ ) অনুসৰি ভাৰতত ২০-২৪ বছৰ বয়সৰ ২৩.৩ শতাংশ মহিলাক ১৮ বছৰ, যিটো দেশখনত বিয়া হোৱাৰ আইনী বয়স, তাৰ আগেয়েই বিয়া দিয়া হয়। প্ৰায় ৩০ লাখ জনসংখ্যাৰ বীড় জিলাত ৰাষ্ট্ৰীয় গঢ়তকৈ এই হাৰ দুগুণ, ৪৩.৭ শতাংশ। কম বয়সত বিয়া হোৱাটো এক জনস্বাস্থ্যজনিত সমস্যা, কিয়নো ই কম বয়সতে গৰ্ভধাৰণৰ এক কাৰণ, যাৰ ফলত প্ৰসূতিজনিত মৃত্যু আৰু অপুষ্টিৰ সৃষ্টি কৰে।

WhatsApp has greatly helped their cause by allowing them to quickly gather evidence and mobilise people at the last minute. O ver the years, the two activists have cultivated a network of over 2,000 informants
PHOTO • Parth M.N.

শেষ মুহূৰ্তত সাক্ষ্য-প্ৰমাণ আৰু মানুহ গোটোৱাত হোৱাটচআপে তেওঁলোকক ভালেখিনি সহায় কৰিছে। এটা দশকত তেওঁলোকে প্ৰায় ২,০০০ৰো অধিক খবৰ দিওতাৰ নেটৱৰ্ক এটা গঢ়ি তুলিছে

বীড় জিলাত কম বয়সতে বিয়া দিয়াৰ সৈতে ৰাজ্যখনৰ চেনীৰ উদ্যোগ বৃদ্ধিৰ সৈতে সম্পৰ্ক আছে। মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ কটা শ্ৰমিকৰ সৰহসংখ্যকেই এইখন জিলালৈ আহে। তেওঁলোকে ৰাজ্যখনৰ পশ্চিম অংশৰ পৰা ইয়ালৈ এশৰো অধিক কিলোমিটাৰ অতিক্ৰম কৰি চেনীৰ ফেক্টৰিৰ বাব কুঁহিয়াৰ কাটিবলৈ আহে। শ্ৰমিকৰ প্ৰায়ভাগেই ভাৰতৰ উপান্ত শ্ৰেণীৰ লোক - অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ।

উৎপাদনৰ ব্যয় বৃদ্ধি, ফচলৰ দাম হ্ৰাস আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে এইখন জিলাৰ শ্ৰমিকে উপাৰ্জনৰ একমাত্ৰ উপায় হিচাপে খেতিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবপৰা নাই। সেয়ে ছমাহৰ বাবে হাড়ভঙা পৰিশ্ৰমৰ বাবে প্ৰব্ৰজন কৰাৰ বাদে তেওঁলোকৰ উপায় নাই, য’ত ২৫ৰ পৰা ৩০ হাজাৰ টকা তেওঁলোকে উপাৰ্জন কৰে (পঢ়ক: কুঁহিয়াৰ খেতিলৈ বহুদূৰ বাট )।

এই শ্ৰমিকক কামত লোৱা ঠিকাদাৰে দম্পতী বিচাৰে, এজনে কুঁহিয়াৰ কাটিব আৰু আনজনে তাৰে বোজা বনাই ট্ৰেক্টৰত লোড কৰিব। দম্পতী এহালক এটা ইউনিট হিচাপে ধৰা হয়, যাক তেওঁলোকে সহজে পইচা দিব পাৰে আৰু সম্পৰ্ক নথকা দুজন কৰ্মীৰ মাজত পইচাক লৈ হোৱা বাক-বিতণ্ডাৰ পৰাও বাচিব পাৰে।

বেছিভাগ (কুঁহিয়াৰ কটা) পৰিয়ালেই বাচি থকাৰ বাবে নিৰুপায় হৈ বাল্য বিবাহৰ দিশে আগবাঢ়ে। বিষয়টোক তেল আৰু পানীৰ দৰে পৃথক কৰি চাব নোৱাৰি,” বাল্য বিবাহ নিষেধাজ্ঞা আইন, ২০০৬ অনুসৰি নিষিদ্ধ কৰা এই কু-প্ৰথাৰ কথা উল্লেখ কৰি টাংড়েয়ে কয়। “দৰাৰ পৰিয়ালৰ বাবে ই আয়ৰ এক অতিৰিক্ত উৎস মুকলি কৰে। কইনাৰ পৰিয়ালৰ খাৱৰীয়া এজন কমে,” তেওঁ বুজাই দিয়ে।

কিন্তু ইয়ে আকৌ কাম্বলে আৰু টাংড়েৰ দৰে সমাজকৰ্মীক ব্যস্ত কৰি ৰাখে।

বীড় জিলাত টাংড়ে নাবালক ন্যায় আইন, ২০১৫ ৰ অধীনত গঠিত স্বায়ত্তশাসিত প্ৰতিষ্ঠান শিশু কল্যাণ কমিটি(চি.ডব্লিউ.চি.)ৰ পাঁচজনীয়া দলটোৰ মুৰব্বী। অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত তেওঁৰ অংশীদাৰ কাম্বলে, একেখন সমিতিৰে প্ৰাক্তন সদস্য। বৰ্তমান শিশু অধিকাৰৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ সৈতে তেওঁ জড়িত। “যোৱা পাঁচ বছৰত আমাৰ এজনৰ কৰ্তৃত্ব আছিল আৰু আনজন ফিল্ডত আছিল। দুৰ্দান্ত দল এটা আমি গঠন কৰিছো,” টাংড়েয়ে কয়।

*****

Early marriages in Beed are closely linked to the state's sugar industry. Contractors prefer to hire married couples as the job requires two people to work in tandem; the couple is treated as one unit, which makes it easier to pay them and also avoids conflict
PHOTO • Parth M.N.

বীড়ৰ বাল্যবিবাহৰ সৈতে ৰাজ্যখনৰ কুঁহিয়াৰ উদ্যোগটোৰ সম্পৰ্ক আছে। ঠিকাদাৰে দম্পতীক নিয়োগ কৰাটো বিচাৰে, যাতে দুয়োজনে মিলি এটা গোট হিচাপে কাম কৰিব পাৰে। দুজন মিলি এটা ইউনিট - তেতিয়া পইচা-পাতি দিয়াৰ ক্ষেত্ৰতো বাক-বিতণ্ডা নহয়

পূজা খুড়াক সঞ্জয় আৰু খুড়ীয়েক ৰাজশ্ৰীৰ সৈতে বীড়ত থাকে। তেওঁলোক দুজনে কুঁহিয়াৰ চপোৱা কাম কৰিবলৈ বছৰি প্ৰব্ৰজন কৰাৰ ১৫ বছৰ হ’ল। ২০২৩ৰ জুনত এই পূজাৰেই বে-আইনী বিবাহ বন্ধ কৰিবলৈ টাংড়ে আৰু কাম্বলে গৈছিল।

দুয়োজন যেতিয়া বিয়াঘৰ পায়, গ্ৰাম সেৱক আৰু আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত। হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। উদুলি-মুদুলি অনুষ্ঠানটো হঠাত মৰিশালিলৈ পৰ্য্যবসিত হৈছিল। জ্যেষ্ঠসকল চিন্তিত হৈ পৰিছিল, কিয়নো আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধেই বাল্যবিবাহ কৰোৱাৰ গোচৰ তৰিব। “শ শ অতিথিয়ে বিবাহ বাহৰ এৰিছিল। আনফালে দৰা-কইনাৰ মাক-দেউতাক পুলিচৰ ভৰিত ধৰি ক্ষমা বিচাৰিছিল,” কাম্বলেয়ে কয়।

বিয়াখনৰ আয়োজন কৰা ৩৫ বৰ্ষীয় সঞ্জয়ে উপলব্ধি কৰিলে যে তেওঁ ভুল কৰিছে। “মই দৰিদ্ৰ কুঁহিয়াৰ শ্ৰমিক। আন একো ভাবি নাপাই এই কাম কৰিলো,” তেওঁ কয়।

পূজা আৰু তাইৰ বায়েক উৰ্জা সৰু থাকোতেই তেওঁলোকৰ পিতৃৰ দুৰ্ঘটনাত মৃত্যু হয়। সময় বাগৰাৰ লগে লগে মাক পুনৰ বিবাহপাশত আবদ্ধ হয়। নতুন পৰিয়ালটোৱে বাই-ভনীদুজনীক গ্ৰহণ কৰি নোলোৱাত সঞ্জয় আৰু ৰাজশ্ৰীয়ে দুয়োজনীৰ দায়িত্ব লয়।

প্ৰাথমিক বিদ্যালয়ৰ পঢ়া সম্পূৰ্ণ কৰাৰ পিছত সঞ্জয়ে বীড়ৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৰ পুণে চহৰত ব’ৰ্ডিং স্কুল এখনত দুই ভতিজীয়েকক নাম লগাই দিয়ে।

কিন্তু উৰ্জাৰ স্নাতক ডিগ্ৰী শেষ হোৱাৰ পিছত পূজাক স্কুলৰ সমনীয়াই হাৰাশাস্তি কৰিবলৈ ল’লে। “মোক গাঁৱলীয়া মানুহৰ দৰে কথা কোৱা বুলি সিহঁতে ঠাট্টা-মস্কৰা কৰিছিল,” তাই কয়। “বাইদেউ থাকোতে মোক এইবোৰৰ পৰা বচাইছিল যদিও তাই যোৱাৰ পিছত মই অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈ গ’লো, সেয়ে পলাই গুছি আহিলো।”

'Most of the [sugarcane-cutting] families are forced into it [child marriage] out of desperation. It isn’t black or white...it opens up an extra source of income. For the bride’s family, there is one less stomach to feed,'  says Tangde
PHOTO • Parth M.N.


‘বেছিভাগ (কুঁহিয়াৰ কটা) পৰিয়ালেই বাচি থকাৰ বাবে নিৰুপায় হৈ বাল্য বিবাহৰ দিশে আগবাঢ়ে। বিষয়টোক তেল আৰু পানীৰ দৰে পৃথক কৰি চাব নোৱাৰি… বিবাহে অতিৰিক্ত উপাৰ্জনৰ বাট মুকলি কৰে। কইনাৰ পৰিয়ালত খাৱৰীয়া এজন কমে,’ টাংড়েয়ে কয়

তাই উভতি অহাৰ পিছত যেতিয়া ২০২২ৰ নৱেম্বৰত সঞ্জয় আৰু ৰাজশ্ৰীয়ে প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পশ্চিম মহাৰাষ্ট্ৰৰ সাতাৰা জিলালৈ গৈ ছমাহৰ বাবে কুঁহিয়াৰ চপোৱা কামলৈ গৈছিল, তেতিয়া পূজাক অকলে ঘৰত থৈ যোৱাতকৈ লগত লৈ গৈছিল। কিন্তু কাম কৰা ঠাইখনতো জীৱন যাপনৰ পৰিস্থিতি একেবাৰেই শোচনীয় আছিল।

সঞ্জয়ে কয়, “আমি খেৰেৰে নিৰ্মিত অস্থায়ী জুপুৰিবোৰত থাকো। “শৌচাগাৰ নাই। পথাৰলৈ যাবলগীয়া হয়। দিনটোত ১৮ ঘণ্টা কুঁহিয়াৰ কাটো, মুকলি আকাশৰ তলত খাদ্য ৰান্ধো। আমি অৱশ্যে অতবছৰ কাম কৰি কৰি অভ্যস্ত হৈ পৰিছিলো, পূজাৰ বাবে সময়খিনি বৰ কষ্টকৰ আছিল।”

সাতাৰাৰ পৰা উভতি অহাৰ পিছতেই সঞ্জয়ে আত্মীয়ৰ জৰিয়তে পূজাৰ বাবে দৰা এজন বিচাৰি পায় আৰু নাবালিকা হ’লেও বিয়াখন আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়। ঘৰতে থাকি ওচৰতে কাম বিচাৰি পোৱাৰ বিকল্প দম্পতীহালৰ নাছিল।

সঞ্জয়ে কয়, “খেতিও কৰিব নোৱাৰি, বতৰৰ ভৰসা নাই। “আমাৰ দুবিঘা মাটিত এতিয়া আমি কেৱল নিজে খোৱাৰ জোখাৰে খেতি কৰিব পাৰো। সেয়ে তাইৰ বাবে যিটো ভাল বুলি ভাবিছিলো তাকেই কৰিলো। আমি পিছৰবাৰ কুঁহিয়াৰ চপাবলৈ যোৱাৰ সময়ত তাইক লৈ যাব নোৱাৰিলো। তাইৰ সুৰক্ষাৰ কথা চিন্তা কৰি এৰিও যাব নোৱাৰিলোঁ।”

*****

কুঁহিয়াৰ চপাবলৈ প্ৰব্ৰজন কৰা শ্ৰমিক পৰিয়ালৰ সৈতে ঘটনা এনে অনুৰূপ ঘটনাৰ অভিজ্ঞতা টাংড়েৰ প্ৰথমবাৰৰ বাবে হৈছিল প্ৰায় ১৫ বছৰ পূৰ্বে। বীড় জিলাতেই। মহিলা কুঁহিয়াৰ শ্ৰমিকক কেন্দ্ৰ কৰি কাম কৰা প্ৰখ্যাত সমাজ কৰ্মী মণীষা টোকলে আৰু পত্নীৰ সৈতে জিলাখনত ঘূৰি ফুৰোতে তেওঁ এই ঘটনা দেখিছিল।

“মণীষাৰ সৈতে সিহঁতক লগ পাওতে বুজিছিলো যে সিহঁত আটায়ে কৈশোৰ অৱস্থাতে, আনকি তাতকৈ আগতেই বিয়া হৈছে,” তেওঁ কয়। “তেতিয়াই মই কেৱল এইটো সমস্যাক লৈ কাম কৰাৰ বাবে মনতে থিৰাং কৰিছিলো।”

তেওঁ কাষ চাপিল বীড় জিলাত উন্নয়নৰ কামৰ সৈতে জড়িত কাম্বলেক, তেনেকৈ দুয়ো লগ লাগি এটা টিম বনালে।

১০-১২ বছৰ আগৰ কথা, তেওঁলোকে প্ৰথমবাৰৰ বাবে বাল্যবিবাহ এখন প্ৰতিৰোধ কৰিলে, সেয়া জিলাখনৰ বাবে আছিল নোহোৱা-নোপোজা ঘটনা।

According to the latest report of National Family Health Survey 2019-21, a fifth of women between the age of 20-24 were married before they turned 18. In Beed, a district with a population of roughly 3 million, the number is almost double the national average
PHOTO • Parth M.N.

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২১ অনুসৰি ভাৰতত ২০-২৪ বছৰ বয়সৰ ২৩.৩ শতাংশ মহিলাক ১৮ বছৰ, যিটো দেশখনত বিয়া হোৱাৰ আইনী বয়স, তাৰ আগেয়েই বিয়া দিয়া হয়। প্ৰায় ৩০ লাখ জনসংখ্যাৰ বীড় জিলাত ৰাষ্ট্ৰীয় গঢ়তকৈ এই হাৰ দুগুণ

টাংড়েয়ে কয়, “মানুহবোৰ হতভম্ব হৈছিল আৰু তেওঁলোকে আমাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। জ্যেষ্ঠকেইজনে বিশ্বাস কৰিব পৰা নাছিল যে এনেকুৱা কিবা আইনো থাকিব পাৰে। বাল্যবিবাহ তেনে সমাজত সম্পূৰ্ণ বৈধ আছিল। কেতিয়াবা ঠিকাদাৰে নিজেই বিয়াৰ ধন যোগাৰ কৰি দি দৰা-কইনাক কুঁহিয়াৰ চপোৱা কামলৈ লৈ গৈছিল।”

ইয়াৰ পিছত দুয়োজনে বাছ আৰু দুচকীয়া বাহনেৰে বীড় জিলাৰ গাওঁবোৰ ঘূৰিবলৈ আৰম্ভ কৰিলে। এনেকৈয়ে বছৰ বাগৰাৰ লগে লগে তেওঁলোকক খবৰ দিওতা লোকৰ এটা নেটৱৰ্ক গঢ় লৈ উঠিল। স্থানীয় বাতৰি কাকতসমূহেও জিলাখনত তেওঁলোকক জনপ্ৰিয় কৰি তোলাৰ লগতে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি কাম্বলেয়ে কয়।

এটা দশকত তেওঁলোকে প্ৰায় ৪,৫০০ৰো অধিক বাল্যবিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ৰোধ কৰা বিয়াখনৰ লগত জড়িত প্ৰাপ্তবয়স্কসকলৰ বিৰুদ্ধে বাল্যবিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত আৰক্ষীৰ গোচৰ ৰুজু কৰা হয়। বিবাহ সম্পূৰ্ণ হৈ যোৱাৰ ক্ষেত্ৰত, পুৰুষজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা ( পকছো )ৰ অধীনত অভিযোগ উত্থাপন কৰা হয় আৰু চি.ডব্লিউ.চি.-য়ে নাবালিকা ছোৱালীজনীৰ দায়িত্ব লয়।

টাংডে কয়, “আমি ছোৱালীজনীৰ কাউন্সেলিং কৰাওঁ, পিতৃ-মাতৃক পৰামৰ্শ দিওঁ আৰু বাল্যবিবাহৰ আইনী পৰিণতিৰ কথা কওঁ। “তাৰ পিছত চি.ডব্লিউ.চি.য়ে প্ৰতিমাহে পৰিয়ালৰ সৈতে ফ’ল’ আপ কৰে যাতে ছোৱালীজনীক পুনৰ বিয়া দিয়া নহয়। এনে ঘটনাৰ সৈতে জড়িত প্ৰায়ভাগ অভিভাৱকেই কুঁহিয়াৰ চপোৱা শ্ৰমিক।”

*****

২০২৩ৰ জুনৰ প্ৰথমটো সপ্তাহত টাংড়েয়ে বীড়ৰ পাহাৰীয়া ভিতৰুৱা গাওঁ এখনত বাল্যবিবাহৰ খবৰ এটা পালে। তেওঁৰ ঘৰৰ পৰা তালৈ দুঘণ্টাৰ বাট। “মই তথ্যপাতিখিনি মোৰ তাৰে চিনাকি এজনলৈ ফৰৱাৰ্ড কৰি দিছো, মই নিজে সময়ত গৈ নাপাম,” তেওঁ কয়। “কৰিবলগীয়াখিনি তেওঁ কৰিছে, আজিকালি মোৰ মানুহখিনিয়ে কামটো জনা হৈছে।”

কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ বিয়াখন বন্ধ কৰিলে, তেওঁলোকে জানিব পাৰিলে যে সেইখন কন্যাজনীৰ তৃতীয়খন বিয়া। আগৰ দুখন বিয়া ক’ভিডৰ দুটা বছৰৰ ভিতৰত হৈছিল। ছোৱালীজনীৰ নাম লক্ষ্মী, বয়স আছিল মাত্ৰ ১৭ বছৰ।

২০২০ত ক’ভিডৰ ফলত হোৱা লকডাউনে টাংড়ে আৰু কাম্বলেৰ বহুদিনীয়া প্ৰচেষ্টাত স্থবিৰতা আনিলে। চৰকাৰে বলবৎ কৰা লকডাউনৰ ফলত স্কুল-কলেজ দীৰ্ঘদিনৰ বাবে বন্ধ থাকিল, ল’ৰা-ছোৱালীবোৰো ঘৰত সোমাই থাকিবলগীয়া হ’ল। ২০২১ৰ মাৰ্চত প্ৰকাশিত ইউনিচেফৰ এক প্ৰতিবেদন অনুযায়ী স্কুল বন্ধ থকা, বৰ্দ্ধিত দাৰিদ্ৰ্য, পিতৃ-মাতৃৰ মৃত্যু আৰু আন আন ক’ভিড-উদ্ভুত কাৰণত “ইতিমধ্যে শোচনীয় অৱস্থাত থকা লাখ লাখ ছোৱালীৰ জীৱনবোৰ আৰু অধিক কঠিন কৰি পেলালে।”

টাংড়েয়ে নিজৰ জিলাখনত নিজ চকুৰে এনেকৈ নাবালিকা অৱস্থাতে বহুতকে এনেকৈ বিয়া কৰি গতাই দিয়া দেখিছে (পঢ়ক: বীড়ত বাল্যবিবাহ: কুঁহিয়াৰ চপোৱা আৰু চূৰমাৰ আশা )

An underage Lakshmi had already been married twice before Tangde and Kamble prevented her third marriage from taking place in June 2023
PHOTO • Parth M.N.

নাবালিকা লক্ষ্মীৰ বিয়াখন বন্ধ কৰিবলৈ গৈ টাংড়ে আৰু কাম্বলেয়ে জানিব পাৰিলে যে তেওঁক ইতিমধ্যে দুবাৰকৈ বিয়া দিয়া হৈছিল, তেওঁলোকে ২০২৩ৰ জুনত হস্তক্ষেপ কৰা বিয়াখন আছিল তৃতীয়খন

মহাৰাষ্ট্ৰত দ্বিতীয়টো লকডাউন চলি থকাৰ সময়ত, ২০২১ত লক্ষ্মীৰ মাক বিজয়মালাই বীড় জিলাতে দৰা এজন বিচাৰি পালে। লক্ষ্মীৰ তেতিয়া বয়স আছিল ১৫ বছৰ।

“মোৰ স্বামী এজন মদাহী,” বিজয়মালাই কয়। “কুঁহিয়াৰ চপাবলৈ যোৱাৰ সেই ছমাহৰ বাদে ঘৰত তেওঁ বিশেষ একো কাম নকৰে। সদায় মদ খাই আহি মোক মাৰপিট কৰে। মোৰ ছোৱালীজনীয়ে তেওঁক বাধা দিব চেষ্টা কৰিলে তাইকো মাৰে। তেওঁৰ পৰা মোৰ ছোৱালীজনীয়ে মুক্তি পোৱাটো বিচাৰিছিলো,” ৩০ বৰ্ষীয় বিজয়মালাই কয়।

কিন্তু লক্ষ্মীৰ শহুৰ-শাহুৱেক ওলাল অত্যাচাৰী। বিয়া হোৱাৰ এমাহ পিছত লক্ষ্মীয়ে গাত পেট্ৰোল ঢালি আত্মহত্যা কৰি গিৰীয়েক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ পৰা মুক্তি পোৱাৰ চেষ্টা কৰিলে। সেই ঘটনাৰ পিছত তেওঁৰ শাহু-শহুৰেকে তেওঁক মাকৰ ঘৰত থৈ আৰু কোনোদিন নিবলৈ নাহিল।

ছমাহ পিছত, নৱেম্বৰত লক্ষ্মীৰ মাতৃ বিজয়মালা আৰু পিতৃ পুৰুষোত্তম (৩৩)য়ে পশ্চিম মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ খেতিলৈ যাবলৈ ওলাল। কঠোৰ পৰিশ্ৰমৰ কামটোত সহায় হওঁক বুলি লক্ষ্মীকো তেওঁলোকে লগত লৈ গ’ল। লক্ষ্মীয়ে কুঁহিয়াৰ চপোৱা কামটোৰ কথা আৰু তাত থকা-মেলাৰ শোচনীয় অৱস্থাৰ কথা জানিছিল। কিন্তু তাইৰ হাতত একো উপায়ো নাছিল।

কুঁহিয়াৰ খেতিৰ পথাৰত পুৰুষোত্তমে বিয়া পাতিবলৈ ছোৱালী বিচাৰি থকা মানুহ এজন লগ পালে। তেওঁ নিজৰ জীয়েকৰ কথা ক’লে, মানুহজনেও সন্মতি জনালে। তেওঁৰ বয়স আছিল ৪৫ বছৰ। লক্ষ্মী আৰু বিজয়মালাৰ মতৰ বিৰুদ্ধে গৈ পুৰুষোত্তমে তাইৰ বয়সতকৈ তিনিগুণ বয়সৰ মানুহ এজনৰ তাত লক্ষ্মীক বিয়া দিলে।

“তেওঁক সেয়া নকৰিবলৈ মই কাবৌ-কাকূতি কৰিছিলো,” বিজয়মালাই কয়। “কিন্তু তেওঁ কেৰেপকে নকৰিলে। মোক চুপ থাকিবৈ ক’লৈ আৰু মই মোৰ জীয়ৰীজনীৰ বাবে একো কৰিব নোৱাৰিলো। তাৰপিছত মই একো নোকোৱা হ’লো।”

কিন্তু এমাহ পিছত লক্ষ্মী ঘৰলৈ ঘূৰি আহিল। আন এখন দুৰ্ব্যৱহাৰেৰে ভৰা বিয়াৰ পৰা বাচি আহিল। “একেই ঘটনা আছিল,” তাই কয়। “তেওঁক কাম কৰা মানুহ এগৰাকী লগা আছিল, পত্নী নহয়।”

Laxmi's mother Vijaymala says, 'my husband is a drunkard [...] I just wanted her to be away from him.' But Laxmi's husband and in-laws turned out to be abusive and she returned home. Six months later, her father found another groom, three times her age, who was also abusive
PHOTO • Parth M.N.
Laxmi's mother Vijaymala says, 'my husband is a drunkard [...] I just wanted her to be away from him.' But Laxmi's husband and in-laws turned out to be abusive and she returned home. Six months later, her father found another groom, three times her age, who was also abusive
PHOTO • Parth M.N.

লক্ষ্মীৰ মাতৃ বিজয়মালাই কয়, ‘মোৰ স্বামী মদাহী আছিল (...) মই মাত্ৰ তাইক তেওঁৰ পৰা আঁতৰাই নিয়াটো বিচাৰিছিলো।’ কিন্তু লক্ষ্মীৰ গিৰীয়েক আৰু শাহু-শহুৰেকো অত্যাচাৰী ওলাল আৰু তাই ঘৰলৈ গুছি আহিল। ছমাহ পিছত তাইৰ দেউতাকে আকৌ এজন দৰা পালে, তাইতকৈ বয়সত তিনিগুণ ডাঙৰ, সেইজনো অত্যাচাৰী আছিল

তাৰপিছত লক্ষ্মী এটা বছৰৰ বাবে মাক-দেউতাকৰ লগত থাকিল। তাই ঘৰৰ কাম চম্ভালিলে, বিজয়মালাই তেওঁলোকৰ সামান্য খেতিমাটিৰ কামত লাগিল। মাটিডোখৰত পৰিয়ালটোৱে নিজে খোৱাৰ জোখাৰে মিলেটৰ খেতি কৰে। “অকণমান অতিৰিক্ত উপাৰ্জন হওঁক বুলি মই আনৰ খেতিপথাৰতো হাজিৰা কৰোঁ,” বিজয়মালাই কয়। তেওঁলোকৰ মাহিলী উপাৰ্জন প্ৰায় ২,৫০০ টকা। “দাৰিদ্ৰ্যই মোৰ কপালত লিখা আছে। সেয়া মানিয়েই দিন নিয়াব লাগিব,” তেওঁ কয়।

২০২৩ৰ মে’ মাহত পৰিয়াল এটাই বিজয়মালাৰ ওচৰত বিবাহৰ প্ৰস্তাৱ এটা লৈ আহিল। “ল’ৰাটো ভাল ঘৰৰ আছিল,” তেওঁ কয়। “আমাতকৈ আৰ্থিকভাৱে বহুত ভাল আছিল। এয়া তাইৰ বাবে ভাল হ’ব বুলি ভাবিলো। মই নিজে লিখা-পঢ়া নজনা। নিজে যি বুজি পাওঁ, সেয়াই কৰিলো।” এইখন বিয়াৰে খবৰ টাংড়ে আৰু কাম্বলেয়ে পাইছিল।

এতিয়া বিজয়মালাই বুজি উঠিছে যে সেয়া উচিত নাছিল।

“মোৰ পিতৃ মদপী আছিল আৰু মোক ১২ বছৰ বয়সতে বিয়া দিছিল,” তেওঁ কয়। “তেতিয়াৰে পৰা মই মোৰ স্বামীৰ সৈতে কুঁহিয়াৰ চপোৱা কাম কৰিবলৈ গৈ আছো। কিশোৰী অৱস্থাতে লক্ষ্মীক জন্ম দিছিলো। একো নজনাকৈ মোৰ পিতৃয়ে কৰাৰ দৰে তাইৰ সৈতেও একেই কাম কৰিলো। কি ভুল, কি শুদ্ধ পৰামৰ্শ দিবলৈ আমাৰ কোনো নাই। মই খুবেই অকলশৰীয়া।”

তিনি বছৰ ধৰি স্কুল নোযোৱা লক্ষ্মী পঢ়িবলৈ যোৱাত আগ্ৰহী নহয়। “মই সদায়েই ঘৰখন চোৱাচিতা কৰি আহিছো আৰু ঘৰৰ কাম-বনতে ব্যস্ত থাকো,” তাই কয়। “স্কুললৈ যাব পাৰিম নে নাই, মই নাজানো। মোৰ সেই আত্মবিশ্বাস নাই।”

*****

টাংড়েয়ে সন্দেহ কৰে যে লক্ষ্মীৰ ১৮ বছৰ বয়স হোৱাৰ লগে লগে মাকে তাইক আকৌ বিয়া দিয়াৰ চেষ্টা কৰিব। কিন্তু সেয়া ইমানো সহজ কাম নহ’ব।

“সমস্যা এয়া যে আমাৰ সমাজখনে ভাবে যে ছোৱালী এজনীৰ দুখনকৈ বিয়া ভঙাৰ পিছত তৃতীয়খনো নহ’ল যদি তাইৰ গাতেই কিবা ভুল আছে,” টাংড়েয়ে কয়। “কাৰ সৈতে বিয়া হৈছিল, সেই প্ৰশ্ন কোনেও নকৰে। সেই ভাৱমূৰ্তিৰ সমস্যাৰ সৈতে আজিও আমি যুঁজি আছো। ছোৱালী এজনীৰ বিয়া এখনত অঘটন ঘটাই ছোৱালীজনীৰ বদনাম ৰটা মানুহো আমি দেখিছো।”

While Tangde and Kamble have cultivated a network of informants across the district and work closely with locals, their help is not always appreciated. 'We have been assaulted, insulted and threatened,' says Kamble
PHOTO • Parth M.N.

টাংড়ে আৰু কাম্বলেয়ে জিলাখনত খবৰ দিওতাৰ এক নেটৱৰ্ক গঢ়ি তুলিছে আৰু স্থানীয় লোকৰ সৈতে কাম কৰি আহিছে, কিন্তু কেতিয়াবা কিছুমানে তেওঁলোকৰ কাম ভাল চকুৰে নাচায়। ‘কেতিয়াবা আমাক অপদস্থ কৰা হয়, অপমান কৰা হয় আৰু ভাবুকিও দিয়া হয়,’ কাম্বলেয়ে কয়

সঞ্জয় আৰু ৰাজশ্ৰীয়েও এই দুই সমাজকৰ্মীক বেয়া পায়, কাৰণ সেই একেটাই, ভতিজী পূজাৰ বিয়াত তেওঁলোকে ঘটোৱা অথন্তৰ।

“বিয়াখন হৈ যাব দিব লাগিছিল, এনে কৰিব নালাগিছিল,” ৩৩ বৰ্ষীয় ৰাজশ্ৰীয়ে কয়। “পৰিয়ালটো ভাল আছিল। সিহঁতে তাইক ভালদৰে চোৱাচিতা কৰিলেহেঁতেন। তাইৰ ১৮ বছৰ হ’বলৈ এতিয়াও এটা বছৰ বাকী, কিন্তু তেতিয়ালৈ তেওঁলোকে অপেক্ষা কৰিব বিচৰা নাই। বিয়াৰ বাবে আমি ২ লাখ টকা ধাৰে লৈছিলো। এতিয়া সেই লোকচান আমি ভৰিবলগীয়া হ’ব।”

সঞ্জয় আৰু ৰাজশ্ৰীৰ দৰে পৰিয়াল নহৈ আন কোনোবা প্ৰভাৱশালী পৰিয়াল হোৱাহেঁতেন, তেওঁলোকে গুৰুতৰ বিপদৰ সন্মুখীন হ’বলগীয়া হ’লেহেঁতেন, টাংড়েয়ে কয়। “এই কাম কৰি আমি ভালেমান শত্ৰু চপাই লৈছো। যেতিয়াই আমি তেনে কোনো বিয়াৰ খবৰ পাওঁ, প্ৰথমে আমি পৰিয়ালকেইটাৰ বিষয়ে জানি লওঁ,” তেওঁ কয়।

স্থানীয় ৰাজনৈতিক নেতাৰ সৈতে সম্পৰ্কিত পৰিয়াল হ’লে তেওঁলোক দুজনে আগতীয়াকৈ প্ৰশাসনক ফোন কি লয় আৰু স্থানীয় আৰক্ষীৰ ফালৰ পৰাও আগতীয়াকৈ সহায় লয়।

“আমাক বহুতেই অপদস্থ কৰিছে, অপমানিত হৈছো আৰু ভাবুকিও পাই থৈছো,” কাম্বলেয়ে কয়। “সকলোৱে নিজৰ ভুল মানি নলয়।”

এবাৰ কইনাৰ মাকে প্ৰতিবাদ কৰি বেৰত মূৰ মাৰি দিছিল, কপালৰ পৰা তেজ ওলাইছিল। বিয়া বন্ধ কৰিবলৈ যোৱা কৰ্তৃপক্ষক তেনেকৈ তেওঁলোকে ব্লেকমেইল কৰিব বিচাৰিছিল। “কিছুমানে লাজে লাজে খাবলৈকো এৰা নাছিল,” টাংড়েয়ে কয়। “কিন্তু পৰিয়ালটোক নিয়ন্ত্ৰণ কৰাটো টান হৈ পৰিছিল। কেতিয়াবা বিয়াত হস্তক্ষেপ কৰাৰ বাবে আমাক মানুহে অপৰাধীৰ দৰে আচৰণ কৰে, কেতিয়াবা এনেকুৱা লাগে যেন আমি ভাল কাম কৰাই নাই,” তেওঁ কয়।

In May 2023, three years after they stopped the wedding of a 17-year-old girl, her father walked into the duo's office with a box of sweets. Tangde and Kamble were finally invited to a wedding
PHOTO • Parth M.N.

২০২৩ৰ মে , ১৭ বছৰীয়া ছোৱালী এজনীৰ বিয়া এখন বন্ধ কৰাৰ তিনি বছৰ পিছত , ছোৱালীৰ দেউতাকে তেওঁলোক দুয়োৰে অফিছত মিঠাইৰ টোপোলা লৈ আহিছিল টাংড়ে আৰু কাম্বলেয়ে বিয়াৰ নিমন্ত্ৰণী পাইছিল

কেতিয়াবা আকৌ এনে অভিজ্ঞতাও হৈছে যে আমাৰ কামটোৰ অৰ্থ বিচাৰি পাওঁ।

২০২০ৰ আৰম্ভণিৰ ভাগত টাংড়ে আৰু কাম্বলেয়ে ১৭ বছৰীয়া ছোৱালী এজনীক বাল্যবিবাহৰ পৰা উদ্ধাৰ কৰিছিল। তাই ১২ম মানৰ পৰীক্ষা দি উঠিছিল, ইফালে দাৰিদ্ৰ্যৰ কবলত পৰা কুঁহিয়াৰ চপোৱা শ্ৰমিক পিতৃয়ে তাইক বিয়া দি দিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু এই দুজন সমাজকৰ্মীয়ে বিয়াখনৰ কথা জানিব পাই সেয়া আগতীয়াকৈ বন্ধ কৰিবলৈ সক্ষম হৈছিল। ক’ভিড-১৯ বিয়পাৰ পিছত সেইখন আছিল তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা কেইখনমান বাল্যবিবাহৰ এখন।

“আমি নিয়ম অনুযায়ী আগবাঢ়িছিলো,” টাংড়েয়ে কয়। “প্ৰথমে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰিলো, কাগজ-পত্ৰৰ কামখিনি কৰিলো আৰু ছোৱালীজনীৰ পিতৃক বুজাবলৈ চেষ্টা কৰিলো। কিন্তু এনেক্ষেত্ৰত ছোৱালীজনীক পুনৰাই বিয়া দি দিয়াৰ সম্ভাৱনা থাকি যায়।”

২০২৩ৰ মে’ত ছোৱালীজনীৰ বাপেক বীড়স্থিত টাংড়েৰ কাৰ্য্যালয়লৈ আহিল। এক মুহূৰ্তৰ বাবে টাংড়েয়ে তেওঁক চিনি পোৱা নাছিল। তেওঁলোক দুজনে লগ পোৱাৰ ভালেমান দিন হৈছিল। বাপেকজনে নিজৰ চিনাকি দি ক’লে যে তেওঁ নিজৰ ছোৱালীজনী বিয়া নিদি স্নাতক হোৱালৈ অপেক্ষা কৰিলে। তাইৰ সন্মতিক্ৰমে ল’ৰা এজন ঠিক কৰা গ’ল। টাংড়েয়ে যিখিনি কৰিলে, তাৰ বাবে ধন্যবাদ দি তেওঁ টাংড়েৰ হাতত উপহাৰৰ টোপোলা এটা গুজি দিলে।

টাংড়েয়ে পোৱা সেইখন বিয়াৰ কাৰ্ড নিমন্ত্ৰণী পত্ৰই আছিল।

প্ৰতিবেদনত শিশু আৰু তেওঁলোকৰ আত্মীয় - সম্পৰ্কীয়ৰ নাম তেওঁলোকৰ গোপনীয়তা ৰক্ষাৰ্থে সলনি কৰা হৈছে

এই প্ৰতিবেদন থমচন ৰইটাৰ ফাউণ্ডেছনৰ সহায়ত যুগুতোৱা হৈছে প্ৰতিবেদনৰ বিষয়বস্তুৰ সম্পূৰ্ণ দায়বদ্ধতা প্ৰতিবেদক আৰু প্ৰকাশকৰ

অনুবাদ: পংকজ দাস

Parth M.N.

पार्थ एम एन, साल 2017 के पारी फ़ेलो हैं और एक स्वतंत्र पत्रकार के तौर पर विविध न्यूज़ वेबसाइटों के लिए रिपोर्टिंग करते हैं. उन्हें क्रिकेट खेलना और घूमना पसंद है.

की अन्य स्टोरी Parth M.N.
Editor : Sarbajaya Bhattacharya

सर्वजया भट्टाचार्य, पारी के लिए बतौर सीनियर असिस्टेंट एडिटर काम करती हैं. वह एक अनुभवी बांग्ला अनुवादक हैं. कोलकाता की रहने वाली सर्वजया शहर के इतिहास और यात्रा साहित्य में दिलचस्पी रखती हैं.

की अन्य स्टोरी Sarbajaya Bhattacharya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das