PHOTO • Aarti Dhar

জীৱিকাৰ সন্ধানত প্ৰব্ৰজন কৰা পিতৃ-মাতৃৰ সন্তান অপুষ্টিৰ স্তৰ সৰ্বোচ্চ। মাতৃৰ ইতিমধ্যে থকা অপুষ্টি, খাদ্যৰ অভাৱ আৰু পুষ্টিৰ সুৰক্ষাৰ অভাৱ, স্তনপান আৰু খাদ্যাভাস আৰু ৰোগ আদি গুৰুতৰ অপুষ্টিৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।

আজীৱিকা ব্যুৰ’ আৰু এডেল গিভ ফাউণ্ডেছৰ দ্বাৰা দক্ষিণ ৰাজস্থানত পৰিচালিত ‘প্ৰব্ৰজনকাৰী সম্প্ৰদায়সমূহৰ মাজত ভোক আৰু অপুষ্টিৰ সম্যক জ্ঞান লাভ’ শীৰ্ষক অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰব্ৰজনকাৰী সম্প্ৰদায়সমূহৰ আধাতকৈ বেছি শিশুৰ ওজন নিৰ্ধাৰিত পৰিমাণতকৈ কম। ৫৩ শতাংশ শিশু নিশকতীয়া, তাৰে ২৮ শতাংশৰ অৱস্থা অতিকৈ শোচনীয়, ৩৩ শতাংশৰ বৃদ্ধি আৰু বিকাশ নিশকতীয়া আৰু তাৰে ৯ শতাংশৰ অৱস্থা সেইদিশথ অতিকৈ শোচনীয়। এক চতুৰ্থাংশৰ ওজন মানক ওজনতকৈ অতি কম। দক্ষিণ ৰাজস্থান, ঘাইকৈ উদয়পুৰ মহকুমা এক অৰ্দ্ধ-আৰ্দ্ৰ অঞ্চল আৰু জনজাতীয় লোকেৰ ভৰা, তেওঁলোক কম পৰিমাণৰ মাটিৰ অধিকাৰী। কম মাটিত খেতিৰে ঘৰ নচলে কাৰণে তেওঁলোকৰ মাজত প্ৰব্ৰজনৰ হাৰ অতি বেছি।

তেনেই অকণ মাটি

প্ৰতিটো পঞ্চায়ত, য’ত অধ্যয়ন চলোৱা হৈছিল, তাত ৫৫০ৰ পৰা ৬০০ মানকৈ প্ৰব্ৰজনকাৰী শ্ৰমিক আছে। এটা উন্নয়ন খণ্ডৰ চাৰিটা পঞ্চায়তত অধ্যয়ন কৰা হৈছিল - তাৰে দুটাত প্ৰব্ৰজনৰ হাৰ অত্যধিক আছিল আৰু আন দুটাত অলপ কম আছিল।

১৩ খন গাঁৱৰ পৰা তিনিটাতকৈ কম শিশু থকা মুঠ ৮৮৪ ঘৰ পৰিয়াল সামৰি লোৱা হৈছিল।

তিনি বছৰৰ তলৰ মুঠ ৬৯৫ শিশুৰ আৰু ৬০৭ গৰাকী মাতৃৰ ওজন কৰা হৈছিল। মাতৃৰ বি.এম.আই. (বডি মাচ ইনডেক্স)ৰ মধ্যমান আছিল ১৮.১ আৰু ৫৮ শতাংশৰ বি.এম.আই. ১৮.৫তকৈ কম আছিল। এক বিশ্লেষণে প্ৰজন্মৰ মাজত অপুষ্টিৰ প্ৰৱাহৰ কথাৰো ইংগিত দিয়ে। মাতৃ অপুষ্টিত ভুগিলে শিশুৱে গুৰুতৰ অপুষ্টিত ভোগাৰ সম্ভাৱনা ১.৮ শতাংশ বাঢ়ি যায়।

অন্য কাৰণবোৰ

তাৰোপৰি খাদ্যৰ অভাৱ, কম কম মাটিৰ ফলত উৎপাদন কম হোৱা আৰু যতন লোৱাৰ অভাৱত অপুষ্টি বাঢ়ে। শিশুৱে প্ৰতিদিনে খোৱা খাদ্য আছিল ৰুটি আৰু ৬০ শতাংশতকৈ অলপ বেছিয়ে এই খাদ্য পাইছিল। কেৱল ৫৮ শতাংশ শিশুক স্তনপান কৰোৱা হৈছিল আৰু এক শতাংশতকৈও কমে ডালিয়া খাবলৈ পাইছিল যিটো অতিকৈ পুষ্টিকৰ দ্ৰব্যৰ ভিতৰত ধৰা হয়।

তাৰোপৰি প্ৰব্ৰজনকাৰী পৰিয়ালৰ শিশুৱে প্ৰি-স্কুল পৰ্য্যায়ৰ শিশুক পুষ্টিদ্ৰব্য প্ৰদান কৰা অংগনবাদী কেন্দ্ৰত নাম লগোৱাৰ সম্ভাৱনা কম। তাৎপৰ্য্যৰ কথা যে প্ৰব্ৰজনকাৰীৰ হাৰ বেছি থকা অঞ্চলত অংগনবাদী কেন্দ্ৰ কম কাৰ্য্যক্ষম।

মাতৃয়ে কামলৈ গ’লে ঘাইকৈ যতন ৰখা মানুহ হৈছে ককা-আইতাক, এয়া ৫৭ শতাংশ পৰিয়ালৰ তথ্য। চাৰি শতাংশৰ ক্ষেত্ৰত পিতৃয়ে আৰু ৫ শতাংশৰ ক্ষেত্ৰত ভাতৃয়ে যত্ন লয়।

এই ষ্ট ৰিটো মূলতঃ দা হিন্দুত প্ৰকাশ পাইছিল :
http://www.thehindu.com/news/national/malnourishment-high-among-children-of-migrants-study/article6898897.ece

অনুবাদ: পংকজ দাস

Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das