হাচান আলীৰ জীৱনটো তেওঁ বাস কৰা চৰৰ দৰেই ভংগুৰ। চৰত বাস কৰা আন দহজন-যাৰ ঘৰ-মাটী নৈয়ে খহাই নিয়াৰ পিছত নৈৰ কাষতে বা তাৰ পৰা দুৰৈত পুনৰাই ঘৰ বান্ধে; তেনেদৰেই আলীয়েও পানীখাইটিৰ চৰ অঞ্চললৈ উঠি আহিছিল- যি আছিল অনিশ্চয়তালৈ একপ্ৰকাৰ উভটনি যাত্ৰা।

পানীখাইটি হৈছে অসমৰ কামৰূপ জিলাৰ মাহতলী পঞ্চায়তৰ অন্তৰ্গত এখন গাওঁ।

“তিনিবছৰ আগতে যেতিয়া বানপানী আৰু গৰাখহনীয়াই আমাৰ ঘৰ-মাটী উটুৱাই লৈ গৈছিল আৰু মোৰ হাতত ফুটা কড়ি এটাও নাছিল, তেতিয়াই মই এই চৰলৈ আহিছিলো-য'ত মই বাঁচি থকাৰ যুঁজখনত টিকি থাকিবলৈ অন্ততঃ মূৰৰ ওপৰত এখন ছালি থিয় কৰাব পাৰো," হাচানৰ উক্তি।

02-Pari-fellowship-article-1-Photo-1-RT-Struggles of the sandbar people.jpg

ব্ৰহ্মপুত্ৰৰ পৰা চৰৰ এক দৃশ্যঃ এনে চৰে অসমৰ মূঠ মাটিকালিৰ ৫ শতাংশ আৱৰি আছে


চৰাঞ্চলত থিতাপি লওতে আলীৰ হাতত তিনি বিঘা (সাত বিঘাত এক হেক্টৰ) কৃষিভূমি আছিল। কিন্তু তিনি বছৰত অলপ অলপকৈ আটাইখিনি ভূমিয়েই নৈত জাহ গ'ল। নিৰন্তৰ গৰাখহনীয়াৰ ফলত পুনৰ্বাৰ এনে খহনীয়াৰ পিছত আলী ক'লৈ যাব সেই কথা আলীয়ে নাজানে।

চৰ- পোতাশ্ৰয় অথবা নৈৰ সোতত ভাগ হোৱা বালিয়ে সজা সৰু দ্বীপবোৰ- অসমভূমিৰ ৭২৮ কিলোমিটাৰ জোৰা দৈৰ্ঘ্যৰ পূৱ-পশ্চিম দিশৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে। ৰাজ্যৰ মূঠ মাটিকালিৰ ৫ শতাংশ আৱৰি থকা এই অঞ্চল ১৪ খন জিলা আৰু ৫৫ টা খণ্ডত বিস্তৃত।

২০১৪ বৰ্ষৰ অসম মানৱ উন্নয়ন প্ৰতিবেদন মতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পলস সৃষ্টিৰ প্ৰক্ৰিয়াৰ বাবে চৰবোৰ এক অবিচ্ছেদ্য অংশ। বাঢ়নী পানীয়ে এৰি যোৱা কণা আৰু তৰপে বাদামৰ দৰে আকৃতিৰ দ্বীপৰ সৃষ্টি কৰে। এই পলসুৱা মাটী সৰিয়হ, কুঁহিয়াৰ, মৰাপাট, চিনাবাদাম, তিল, মাহ, আলু আৰু অইন বহুতো শস্যৰ খেতিৰ বাবে উপযোগী। কিন্তু বানপানীৰ ন্যুনতম পৃষ্ঠতকৈ চৰৰ উচ্চতা বেছি নহয় হেতুকে যিকোনো মূহুৰ্ততে ধ্বংস হ'ব পৰাৰ বিপদাশংকা থাকি যায়।

ব্ৰহ্মপুত্ৰ উপত্যকাত ২,২৫১ খন চৰ গাওঁ আছে। এই গাওঁবোৰৰ মূঠ জনসংখ্যা ২৪ লাখতকৈও অধিক। ইয়াৰে ৯০ শতাংশ লোকেই পশ্চিম বংগৰ পৰা অহা প্ৰবজনকাৰী মুছলমান পৰিয়াল বুলি অসম চৰকাৰৰ চৰাঞ্চল উন্নয়ন সঞ্চালকালয়ৰ ২০০২-০৩ বৰ্ষৰ আৰ্থ-সামাজিক সমীক্ষাৰ প্ৰতিবেদন (শেহতীয়া বুলিবলৈ এইখনেই উপলব্ধ)ত উল্লেখ আছে।


03-PARI-FELLOWSHIP-ARTICLE-2-PHOTO-7-RT-Struggles of the sandbar people.jpg

এখন নাৱৰ পৰা চৰাৰ দৃশ্যঃ নৈৰ পাৰৰ পৰা ভুটভুটী(যন্ত্ৰচালিত স্থানীয় নাও)ৰে হাচান আলীৰ ঘৰলৈ ২৫ মিনিট সময় লাগে।


ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰে, কৃষিভূমিৰ পৰা ৰাজহ আদায় কৰাৰ বাবে, পশ্চিম বংগৰ পৰা দৰিদ্ৰ কৃষকক এই চৰাঞ্চললৈ অহাৰ বাবে উত্সাহ যোগাইছিল। ইয়াতে ডাঙৰ-দীঘল হোৱা প্ৰজন্মই বাংলাভাষাৰ লগতে অসমীয়া ভাষাও কয়। লোকপিয়লত এইসকল লোকৰ ভাষা অসমীয়া বুলি তালিকাভুক্ত কৰা হৈছে।

আলীৰ চৰৰ নাম তিনিটা- পানীখাইটি (তেওঁ বাস কৰা পূৱদিশৰ অংশ), লখিচৰ (মধ্যাংশ) আৰু মৰিছাকাণ্ডি (পশ্চিমাংশ)। এই তিনিওটা অঞ্চলেই মূল গাওঁবোৰ বুজায় য'ৰ বাসিন্দাসকল স্থানচ্যুত হৈছে।

নৈৰ পাৰৰ পৰা ভুটভুটী(যন্ত্ৰচালিত স্থানীয় নাও)ৰে হাচান আলীৰ ঘৰলৈ ২৫ মিনিট সময় লাগে। চৰ আৰু পাৰৰ মাজৰ নৈখন বহলে তিনি কিলোমিটাৰ মান হ'ব। কিন্তু দহবছৰ মান আগতে সেই নৈখন এটা জুৰিৰ সমান ডাঙৰ আছিল যিখন নৈৰ পাৰৰ পৰা পানীখাইটি আৰু চৰে পৃথক কৰিছিল। চৰাঞ্চলটো দীঘে-পথালিয়ে প্ৰায় দুই কিলোমিটাৰ মান হব য'ত সম্প্ৰতি ৮০০ ৰো অধিক স্থানচ্যুত পৰিয়াল বাস কৰে বুলি স্থানীয় লোকে অনুমান কৰে।

আমি কেৱল বয়োজেষ্ঠ, মাতৃ আৰু ল'ৰা-ছোৱালীবোৰকহে ঘৰত পাইছিলো। ইয়াতে সৰু ছোৱালীবোৰে ঘৰুৱা কামত সহায় কৰে আৰু ১৪ বা ১৫ বছৰমান হ'লেই বিয়া দি দিয়া হয়। তাৰ বিপৰীতে প্ৰায়ভাগ সৰু ল'ৰাই কামৰ বাবে চৰৰ পৰা বাহিৰলৈ ওলাই আহে। গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিন ভিন চহৰ, আনকি দিল্লী, মুম্বাই অথবা চেন্নাই আদিলৈ নিৰ্মাণ শ্ৰমিক, সুৰক্ষা কৰ্মী, ঔদ্যোগিক শ্ৰমিক, অথবা হোটেল আদিত কাম কৰিবৰ বাবে এইচাম যুৱক ওলাই আহে। প্ৰত্যেকৰ মুখতেই সেই স্থানচ্যুতি আৰু কষ্টকৰ জীৱনৰ একেধৰণৰেই বৰ্ণনা শুনিবলৈ পোৱ যায়। আলীৰ ডাঙৰজন ল'ৰাও উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পিছতে গুৱাহাটীলৈ আহি দিনহাজিৰা কৰি আছে।


04-PARI-FELLOWSHIP-ARTICLE-1-PHOTO-3-RT-Struggles of the sandbar people.jpg

অনিশ্চয়তাত ডুবি থকা আলীঃ চৰৰ চুবুৰীয়াৰ সৈতে হাচান আলী


বয়স্ক লোকে সাধাৰণতে কামলৈ চৰৰ পৰা ওলাই নাহে, কিয়নো তেনে লোকক কামৰ উপযোগী বুলি ধৰা নহয়। সেয়ে তেওঁলোকে নিজৰ মাটীতে কাম কৰে অথবা অইনৰ পামত কৃষিশ্ৰমিক হিচাপে কাম কৰে। প্ৰায় ৬০ বছৰ বয়স হোৱা আলীয়েও এতিয়া ঘৰতে থাকিবলৈ লৈছে। তেওঁ মাছ মাৰিয়ে জীৱন নিৰ্বাহ কৰে। আলীৰ মাহিলী আয় অতি বেছি ১৫০০ টকামান হয়গৈ। আলীৰ ল'ৰাজনে ১৫০০ টকা মাহে ঘৰলৈ খা-খৰছৰ বাবে পঠিয়ায়। আলীৰ সাতোটা ল'ৰা-ছোৱালী। সাতজনৰ ছোৱালী চাৰিজনী নাবালিকা অৱস্থাতেই বিয়া দি দিয়া হৈছে। পাঁচ নম্বৰজনীৰ বয়স এতিয়া ১৩ বছৰ আৰু সোনকালেই হয়তো বিয়া দিব।

আমি সাক্ষাত কৰাৰ সময়ত তেওঁ নৈ পাৰ হৈ সাপ্তাহিক বজাৰখনলৈ যোৱা নাছিল। সেয়ে আমাৰ সৈতে কথা পতাৰ বাবে তেওঁৰ হাতত কিছু সময় আছিল। সাপ্তাহিক বজাৰখন তেওঁলোকৰ বাবে সমবেত হোৱাৰ স্থান। "আমাৰ দৈনন্দিন অপৰিহাৰ্য সামগ্ৰীৰ বাবে আমি এইখন বজাৰৰ ওপৰত নিৰ্ভৰ কৰো। এই ঠাইৰপৰা যাতায়তৰ খৰছ ২০ টকা, আৰু মোৰ হাতত টকা নাই," আলীয়ে এনেদৰে কয়। ৰাজ্য চৰকাৰ চালিত ফেৰী সেৱা নথকাৰ ফলত ব্যক্তিগত মেচিনযুক্ত নাৱেই যাত্ৰাৰ একমাত্ৰ যাতায়তৰ উপায়।


হাচানে সঘন স্থানান্তৰিত চৰত ভংগুৰ জীৱনৰ বিষয়ে কৈছে


চৰাঞ্চলৰ উন্নয়ন সঞ্চালকালয়ে জিলা প্ৰশাসনৰ সমান্তৰালভাৱে চৰবোৰৰ বিশেষ উন্নয়নৰ আঁচনি ৰূপায়ন কৰে। পানীখাইটি চৰত দুখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে। তাতকৈ বেছি পঢ়িব বিচৰাসকলে নৈ পাৰ হোৱাৰ খৰছ বহন কৰিব লাগিব- যিটো তাতে প্ৰায়ভাগেই পঢ়া-শুনা আধাতে সামৰাৰ মূল কাৰণ।

পানীখাইটিত এটা উপ স্বাস্থ্যকেন্দ্ৰও নথকাও নহয়- কিন্তু তাতে মুধচ নাই। ঘৰটোৰ চৌকাশ গছ-লতাই আৱৰি পেলাইছে। বুজা যায় যে সেয়া পৰিত্যক্ত। এগৰাকী নাৰ্ছে (অগজিলাৰী নাৰ্ছ মিডৱাইফ) মাজে-সময়ে চৰ দেখা কৰে, কিন্তু চৰাঞ্চলৰ লোকৰ ভাষ্যমতে এই স্বাস্থ্যকেন্দ্ৰটোৰ পৰা কাম কৰাতকৈ কাৰোবাৰ ঘৰৰ পৰা কাম কৰাটো নাৰ্ছগৰাকীয়ে পছন্দ কৰে। স্বাস্থজনিত জৰুৰীকালীন অৱস্থাত, তেওঁলোকে নৈ পাৰ হৈ পুনৰ তিনি কিলোমিটাৰ বাট কুৰি বাই সোণতলিত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ আহিব লাগে।


05-PARI-FELLOWSHIP-ARTICLE-1-PHOTO-5-RT-Struggles of the sandbar people.jpg

চৰাঞ্চলত ন্যুনতম মৌলিক সা-সুবিধাখিনিৰো অভাৱঃ এই মুধছ নথকা ঘৰটোৱে পানীখাইটিৰ একমাত্ৰ 'উপ স্বাস্থ্যকেন্দ্ৰ'


“২০১৬ চনৰ ছেপ্টেম্বৰত হোৱা বিধ্বংসী বানৰ পিছত, কোনো স্বাস্থ্য বিষয়া-কৰ্মচাৰীয়ে আমাক চাবলৈ অহা নাই। বান সাহায্যৰ নামত প্ৰশাসনে মাত্ৰ দুই কেজিকৈ গৰু-ছাগলীৰ দানা দিছিল,” আলীয়ে কয়। মৰাপাটৰ ঠাঁৰিৰে নিৰ্মিত বেৰত সময়ে সময়ে হোৱা বাঢ়নী পানীয়ে ঘৰৰ কিমান ওপৰলৈ পানী উঠে, তাৰে চিন ৰাখি গৈছে।


06-PARI-FELLOWSHIP-ARTICLE-1-PHOTO-4(Crop)-RT-Struggles of the sandbar people.jpg

মৰাপাটৰ ঠাৰিৰে নিৰ্মিত বেৰত সময়ে সময়ে হোৱা বাঢ়নী পানীয়ে ঘৰৰ কিমান ওপৰলৈ পানী উঠে, তাৰে চিন ৰাখি গৈছে।


07-PARI-FELLOWSHIP-ARTICLE-1-PHOTO-6(Crop)-RT-Struggles of the sandbar people.jpg

খোৱাপানীৰ বাবে প্ৰায় ১০ টা পৰিয়ালে এটামাত্ৰ দমকলৰ ওপৰত নিৰ্ভৰ কৰে, তাৰে মেৰামতিৰ খৰছৰ দায়িত্বও তেওঁলোকেই ল'বলগা হয়।


মুকলিত শৌচ কৰাটোৱে হৈছে তাৰে নিয়ম আৰু ঘৰে ঘৰে ডায়েৰিয়া ৰোগ হয়, বিশেষকৈ বানপানীৰ হৈ যোৱাৰ পিছতে এনে দৃশ্য দেখা যায়। খোৱাপানীৰ বাবে প্ৰায় ১০ টা পৰিয়ালে এটামাত্ৰ দমকলৰ ওপৰত নিৰ্ভৰ কৰে, তাৰে মেৰামতিৰ খৰছৰ দায়িত্বও তেওঁলোকেই ল'বলগা হয়।

"আমাৰ চৰাঞ্চল সমানে সমানে দুটা বিধানসভা সমষ্টিত বিভক্ত- দক্ষিণ পাৰটো বকো সমষ্টি আৰু উত্তৰ পাৰটো চেঙা সমষ্টি। অফিছৰ কিবা বিসংগতিৰ বাবে, যাহওক, চেঙা সমষ্টিৰ লোকসকলক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰেচনৰ পৰা বহুদিনৰ পৰা বঞ্চিত কৰি ৰখা হৈছে," হাচানে কয়। হাচানো বকো সমষ্টিৰ সৈতে পঞ্জীয়নভুক্ত, কিন্তু বিপিএলৰ চাউল পোৱাৰ বাদে অইন একো সুবিধা লাভ কৰা নাই।

বিজুলীসেৱা এক দুৰৰ সপোন, কোনো এটা পৰিয়ালৰে সৌৰ চাকি নাই। তাৰ পৰিৱৰ্তে, তেওঁলোকে কেৰাচিনৰ ওপৰতে নিৰ্ভৰ কৰি চলে। এই কেৰাচিনৰ মূল্য ৩৫ টকা প্ৰতিলিটাৰ। হাচানৰ পৰিয়ালক মাহিলী ৫ ৰপৰা ৭ লিটাৰ কেৰাচিনৰ প্ৰয়োজন হয়। এটা ৰেডিঅও তাতে বিলাসৰ সামগ্ৰী হৈ পৰে।

"এখন চৰ যদি ২০ বছৰলৈকেও টিকি থাকিলেহেঁতেন, তেন্তে জীৱনটো অলপ ভাল হ'লহেঁতেন। কিন্তু চৰৰ জীৱন অতিবেছি ১০ বছৰৰ বাবে এটা ঠাইত থাকিব পাৰে। আমি কিবা এটা উপাৰ্জন কৰি এটা স্থিৰ জীৱন যাপনৰ বাবে সাজু হ'লেই গৰাখহনীয়াই আমাক আন ঠাইলৈ উঠি যাবলৈ বাধ্য কৰে," আলীয়ে কয়।

"এয়াই আমাৰ কাহিনী। চৰৰ প্ৰত্যেকজন বাসিন্দাৰ কাহিনী। মোৰ কাহিনীটো অৱশ্যে ইয়াতে শেষ নহয়..." এনেকৈ আলীয়ে নামনি অসমৰ বৰপেটা জিলাৰ এখন কলেজত বিজ্ঞান শাখাত পঢ়ি থকা তেওঁৰ ১৮ বছৰীয়া দ্বিতীয়জন ল'ৰাজনৰ কথা কয়। তেওঁ এতিয়া চিকিত্সা প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। আলীয়ে তেওঁৰ ডাঙৰজন ল'ৰাৰ উচ্চ শিক্ষাৰ বাবে পঢ়াৰ খৰছ বহন কৰিব নোৱাৰিলে। কিন্তু তেওঁৰ শিক্ষকৰ সহযোগত, তেওঁৰ দ্বিতীয়জন ল'ৰাই দুবছৰ আগতে অশেষ কষ্ট স্বত্বেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৩ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

"তেওঁ চিকিত্সা মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ," আলীয়ে কয়। "তেওঁৰ শিক্ষকে কোৱামতে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অতিকমেও ৩০ লাখ টকাৰ প্ৰয়োজন হ'ব। মই নাজানো যে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলেও তেওঁ কেনেদৰে পঢ়া আগবঢ়াব।"

কিন্তু আলীৰ চকুত তেতিয়াও দেখা গ'ল তেওঁৰ জীৱনটোৱে কোনোবাদিনা এটা নতুন গতি লোৱাৰ আশাৰ তিৰবিৰণি।

ফটোসমূহঃ ৰত্ন ভৰালী তালুকদা

Ratna Bharali Talukdar

रत्ना भराली तालुकदार साल 2016-17 की पारी फेलो है. वह भारत के उत्तर-पूर्व पर आधारित एक ऑनलाइन पत्रिका nezine.com की कार्यकारी संपादक है. इसके अलावा, वह रचनात्मक लेखन भी करती हैं, और इस क्षेत्र में पलायन, विस्थापन, शांति और संघर्ष, पर्यावरण, और जाति सहित विभिन्न मुद्दों को कवर करने के लिए व्यापक यात्राएं करती हैं.

की अन्य स्टोरी रत्ना भड़ाली तालुकदार
Translator : Rashmi Rekha Das