প্ৰতিদিন পুৱা আৰিফ (বাওঁফালে) আৰু শেৰুৱে (গাধ) মণ্ডাৱাৰ আলি-গলিয়ে ঘূৰি ঘুৰি পাচলি আৰু ফল বিক্ৰী কৰে। শেৰুৱে বন্ধাকবি, ফুলকবি, ভেণ্ডি, বেঙেনা, কল আদিৰে ভৰ্তি গাড়ীখন টানে। ইফালে আগতে নিৰ্মাণখণ্ডত কাম কৰা ৪০ বৰ্ষীয় আৰিফ মহম্মদ আৰু নাম কোৱাত অনিচ্ছুক তেওঁৰ সহায়কজনে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এই চহৰখনত নিয়মীয়া আৰু নতুন গ্ৰাহকৰ সৈতে দাম-দৰ কৰে। প্ৰায় আঠ ঘণ্টা এনেকৈ বিক্ৰী কৰাৰ পিছত মানুহ আৰু জন্তু দুয়োটাই ৫ বজাত নিজৰ কাম বন্ধ কৰে। তেতিয়ালৈ তেওঁলোকৰ ৩০০-৪০০ টকা উপাৰ্জন হৈ যায়, আৰিফে কয়। তেওঁ ইয়াতকৈ বেছি ক’ব নিবিচাৰি আগুৱাই যায়, কিয়নো বেপাৰৰ এইটোৱে উত্তম সময় আৰু শেৰুও অধৈৰ্য্য হৈ পৰিছে।

ৰাজস্থানত, বিশেষকৈ বাৰমেৰ, বিকানেৰ, চুৰু আৰু জয়শেলমেৰ জিলাত আগতে এনে বহুত শেৰু আছিল। আজিও ভাৰতত গাধৰ মুঠ সংখ্যাৰ এক পঞ্চমাংশ ৰাজস্থানতে আছে। কিন্তু বিংশতিতম (২০) পশুগণনা (২০১৯) অনুযায়ী এই প্ৰজাতিৰ সংখ্যা তীব্ৰ হাৰত হ্ৰাস পাইছে। ভাৰতত গাধৰ সংখ্যা ২০১২ৰ পশুধন গণনাৰ সময়ত ৩৩০,০০০ আছিল, ২০১৯ৰ গণনাৰ সময়ত সেই সংখ্যা হ্ৰাস পাই ১২০,০০০ হয়গৈ, তাৰমানে প্ৰায় ৬২ শতাংশ টুটিছে। ৰাজস্থানত এই সংখ্যা ৭২ শতাংশ হ্ৰাস পাইছে, ৮১,০০০ৰ পৰা ২৩০০০ হৈছে।

PHOTO • Sharmila Joshi

যাযাবৰ পশুপালক আৰু ৰাজস্থানৰ অতি দৰিদ্ৰ সম্প্ৰদায়ৰ বাবে এয়া সুখবৰ নহয়। যাৰ বাবে সামগ্ৰী কঢ়িওৱা এই পশু জীৱিকাৰ মুখ্য উৎস নহ’লেও উপাৰ্জনৰ অন্যতম স্ৰোত। গাধ বহুত বেছি উষ্ণ পৰিস্থিতিতো জীয়াই থাকিব পাৰে আৰু পশুখাদ্যৰ নাটনি হ’লেও আন জন্তুৰ তুলনাত তিষ্ঠিব পৰা ক্ষমতা বেছি। কিন্তু কেতিয়াবা এই পশুবিধৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰা হয়। বহুত বেছি কাম আদায় কৰি লোৱা হয়।

বাহক বা গাড়ী টনা হিচাপে সৰু-সুৰা যাতায়তৰ কাৰণে গাধৰ প্ৰয়োগ সিমান অৰ্থকৰ নহয়। গাধৰ সংখ্যা কমি অহাৰ ই এটা গুৰুত্বপূৰ্ণ কাৰণ বুলি অনুমান কৰিব পাৰি। আৰু দৰিদ্ৰ শ্ৰেণীৰ যি লোকে আগতে গাধ ব্যৱহাৰ কৰিছিল, তেওঁলোকে ব্যৱসায় সলনি কৰিলে। আৰু এতিয়া গাধ পুহিবলৈ আয়ে নোজোৰে।

পশুধনৰ আগন্তুক গণনাৰ সময়ত গাধৰ সংখ্যা আৰু কমিব পাৰে। শেৰুৰ এই অস্থিৰতাই চাগে ইয়াকেই কৈছে যে তেওঁৰ আৰু তেওঁৰ সম্প্ৰদায়টোৰ সময় এতিয়া উকলিল। লকডাউনৰ সময়ৰ জীৱিকাৰ সংকটৰ পিছৰপৰা সেয়া তীব্ৰ হৈ পৰিল।

অনুবাদ: পংকজ দাস

Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das