কেন্দ্ৰ চৰকাৰে ২০২০ চনৰ ছেপ্টেম্বৰত সংসদত গৃহীত কৰি জাপি দিয়া কৃষি আইন (য’ত নেকি কৃষি বিষয়টো ৰাজ্য চৰকাৰৰ অধীনস্থ)ৰ বিৰুদ্ধে আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদে সমগ্ৰ দেশৰ কবি-সাহিত্যিকসকলকো প্ৰভাৱান্বিত কৰিছিল। এয়া এটা পাঞ্জাৱী কবিতা, য’ত কবিয়ে এজন ক্ষুদ্ৰ খেতিয়কৰ দৈনন্দিন জীৱনৰ হা-হুমুনিয়াহ বৰ্ণনা কৰিছে। কবিতাটোৰ আধাৰত অংকিত ছবিখন বাংগালুৰুৰ এজন যুৱ শিল্পীৰ।

সুধান্বা দেশপাণ্ডেৰ কণ্ঠত কবিতাটোৰ ইংৰাজী আবৃত্তি শুনক

সচিত্ৰকৰণ: অন্তৰা ৰমন

এজন খেতিয়কৰ দুৰ্দশা

খেতি, খেতি, খেতি আৰু খেতি
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
খেতিৰ বাদে আমিনো আৰু কৰিম কি?

কপালৰ ঘামেৰে তিতা এই মাটি
বুকুত কঢ়িয়াই ফুৰো ধুমুহা-বৰষুণ
ডেই পুৰি নিয়া ৰ’দ কিম্বা হাড় কপোৱা শীত
পথাৰতে হেৰাই গ’ল কিমানজন
ভয় কৰিবলৈ আমাৰ আছেনো কি?
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ

এদিন দূৰ দূৰলৈ আছিল খেতি আৰু খেতি
এতিয়া চপৰা বুলিবলৈকো নাই মাটি
এদিন ট্ৰেক্টৰৰ ট্ৰলীত ভৰি আছিল সোণগুটি
আজি গোটেই গাঁওখনেই খালী
মেনেজাৰক আৰু কিমান দিম?
কিমান বেচিকৈ দিম?
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ

পোনাকণে আধাতে এৰিলে স্কুল
ভাঙি গ’ল আশাৰ ভঁৰাল
এতিয়া মাথো ধাৰ আৰু ধাৰ
ভগ্ন শৰীৰ, জীৰ্ণ মন, বিধাতাৰ লিখন
দুখ-ভাগৰ পাহৰি সকলো
গুচাই গৈছো দহৰ ভোক
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ

পথাৰ ভৰি থকা এই খেতি চৰকাৰে কৰা নাই
আমাৰ ধাৰৰ বোজা ল’বলৈ কোনো নাই
আমাৰ কথা ভাবিবলৈ কাৰোৱেই আহৰি নাই
তাৰ পিছতো আমি কিয় তুলি লোৱা নাই কৃপাণ
মাজে মাজে ভাগি পৰো হতাশাত
ভাব হয় আজিয়েই আৰম্ভ কৰিম তীব্ৰ প্ৰতিবাদ!
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ

কবি সৰবজোত সিং বেহেলে পাঞ্জাৱীত কবিতাটো আবৃত্তি কৰা শুনক

মূল পাঞ্জাৱী কবিতাৰ ইংৰাজী অনুবাদ কৰিছে অমৃতসৰৰ এগৰাকী স্থপতিবিদ জীনা সিঙে

সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি আগ্ৰহী অন্তৰা ৰমন এগৰাক চিত্ৰকৰ বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট , ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ , দুয়োটা পৰস্পৰৰ সহযোগী

ইংৰাজী শ্ৰাব্য : সুধান্বা দেশপাণ্ডে জন নাট্য মঞ্চৰ এগৰাকী অভিনেতা আৰু পৰিচালক তথা লেফটৱৰ্ড বুকচৰ এগৰাকী সম্পাদক

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Sarbjot Singh Behl

प्रोफ़ेसर सरबजोत सिंह बहल, अमृतसर के गुरु नानक देव विश्वविद्यालय में अकादमिक मामलों के डीन हैं। प्रशिक्षण से एक वास्तुकार, वह स्कूल ऑफ आर्किटेक्चर एंड प्लानिंग में पढ़ाते हैं और शक्तिशाली कविता लिखते हैं।

की अन्य स्टोरी Sarbjot Singh Behl
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

की अन्य स्टोरी Dhrubajyoti Dhanantari