“এই যে বছৰৰ শেষত বাজেটক লৈ ইমান হৈ-হাল্লা হয়, সি আমাৰ জীৱনলৈ কিঞ্চিতমানো কিবা পৰিৱৰ্তন আনে নেকি?” দুই সন্তানৰ মাতৃ কে. নাগাম্মাই প্ৰশ্ন কৰে। তেওঁৰ গিৰীয়েক ২০০৭ত চেপটিক টেংক এটা চাফা কৰোঁতে ঢুকাইছিল। তেনেকৈয়ে জন্ম হৈছিল চাফাই কৰ্মচাৰী আন্দোলনৰ, যাক আজি তেওঁ এগৰাকী আহ্বায়ক হিচাপে নেতৃত্ব দিছে। তেওঁৰ ডাঙৰজনী জীয়েক শৈলা এগৰাকী নাৰ্ছ। সৰুজনী আনন্দি অস্থায়ী চৰকাৰী চাকৰি এটাত কৰ্মৰত।

“আমাৰ বাবে বাজেট মাত্ৰ এটা চমক দিয়া শব্দ। আমি যিখিনি উপাৰ্জন কৰোঁ, সেইখিনিৰে ঘৰখন সাধাৰণভাবে চলোৱাটোও আমাৰ বাবে কঠিন। তাতে আকৌ আমাক চৰকাৰী পৰিকল্পনাৰ পৰাও বাহিৰত ৰখা হৈছে। কি বাজেট সেয়া? মোৰ ছোৱালীদুজনীৰ বিয়াত এই বাজেটে সহায় কৰিব পাৰিবজানো?”

নাগাম্মাৰ পৰিয়ালে তেওঁৰ জন্মৰ আগতে চেন্নাইলৈ গুছি আহিছিল, সেয়ে তেওঁৰ জন্ম চেন্নাইতে আৰু ইয়াতেই ডাঙৰ-দীঘল হৈছিল। তেওঁলোকৰ গৃহচহৰ নাগুলাপুৰমত থকা তেওঁৰ দেউতাকৰ ভনীয়েকৰ ল’ৰাৰ লগত তেওঁৰ ১৯৯৫ত বিয়া হৈছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ পামুৰুৰ কাষৰ এইখন গাঁৱত তেওঁৰ গিৰীয়েক কান্নানে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। তেওঁলোকৰ পৰিয়ালটো মাডিগা সম্প্ৰদায়ৰ, অনুসূচিত জাতি হিচাপে তালিকাভুক্ত। “২০০৪ত দুটি সন্তানৰ অধিকাৰী হোৱাৰ পিছত আমি আমাৰ ছোৱালী দুজনীৰ শিক্ষাৰ বাবে চেন্নাইলৈ অহাৰ সিদ্ধান্ত ল’লো,” নাগাম্মাই মনত পেলায়। তাৰে তিনিবছৰ পিছত কান্নানৰ মৃত্যু ঘটে।

PHOTO • Kavitha Muralidharan
PHOTO • Kavitha Muralidharan

দুই জীয়ৰী শৈলা আৰু আনন্দিৰ সৈতে কে. নাগাম্মা

চেন্নাইৰ গুইন্দিৰ চেইণ্ট থমাচ মাউণ্টৰ ঠেক গলিত এটা তেনেই সৰু ঘৰত বাস কৰা নাগাম্মাৰ জীৱন এই প্ৰতিবেদকে পাঁচ বছৰ আগতে লগ পোৱাৰ দৰে একেই আছে, বিশেষ একো সলনি হোৱা নাই। “যেতিয়া সোণৰ দাম চভৰেইন (আঠ গ্ৰাম)ত ২০-৩০ হাজাৰ আছিল, মই অলপ অলপকৈ দুই চভৰেইন জমা কৰিব পাৰিম বুলি ভাবিছিলো। এতিয়া এক চভৰেইনত ৬০ৰ পৰা ৭০ হাজাৰ টকা হৈছে, কেনেকৈ মোৰ ছোৱালীদুজনীক এতিয়া বিয়া দিম? বিয়াত সোণ দিয়া প্ৰথাটো বন্ধ হ’লে কিজানি পাৰিম।”

কিছুসময় চিন্তা কৰি তেওঁ সৰুকৈ কয়, “সোণৰ কথা বাদেই, খোৱা-বোৱাৰ কথা? গেছ চিলিণ্ডাৰ, চাউল, আনকি একেবাৰে সস্তা গাখীৰৰ পেকেট এটাও লাগিবৰ সময়ত পোৱা টান। এটা বছৰ আগতে হাজাৰ টকাত যিখিনি চাউল পাইছিলো, সেইখিনি আজি ২,০০০ টকাত কিনিবলগীয়া হৈছে। কিন্তু আমাৰ আয় একেই থাকি গৈছে।”

মেনুৱেল স্কেভেঞ্জিঙৰ প্ৰসংগ ওলাওতে তেওঁৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভ ফাটি ওলাই পৰে, যিটো কাৰণতে তেওঁ আজি পূৰ্ণকালীন সমাজকৰ্মী হৈ পৰিছে। “তেওঁলোকৰ বাবে একো পৰিৱৰ্তন হোৱা নাই, এছআৰএমএছৰ নাম সলাই নমস্তে কৰা হৈছে। কিন্তু তাৰ কি অৰ্থ আছে? অন্ততঃ এছআৰএমএছ-ৰ অদীনত আমি গোট বনাব পাৰিছিলো আৰু ঋণ লৈ সামান্য মৰ্য্যাদাৰে জীৱন কটাব পাৰিছিলো। কিন্তু নমস্তেৰ অধীনত তেওঁলোকে আমাক মেচিন দিছে, যিটো কামৰ বাবে মোৰ স্বামী ঢুকাল, সেইটো কামতে কৰিবলৈ বাধ্য কৰিছে। মোক কওকচোন, মেচিন এটাই কি আমাক কি মৰ্য্যাদা দিব?”

এছআৰএমএছ: চেলফ এম্প্লইমেণ্ট স্কীম ফৰ ৰিহেবিলিটেচন অফ মেনুৱেল স্কেভেঞ্জাৰ্চ, ২০০৭ খনক ২০২৩ত নমস্তে বা নেচন এক্সন ফৰ মেকানাইজড্ চেনিটেচন ইকচিষ্টেম কৰা হয়। কিন্তু নাগাম্মাই কয় যে ই মেনুৱেল স্কেভেঞ্জাৰক একেটা কামকে মেচিনেৰে কৰাবলৈ বাধ্য কৰাইছে।

অনুবাদ: পংকজ দাস

Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das