“বাজেট মানে শকত ধনৰ কাৰবাৰ। নাগৰিক হিচাপে এই চৰকাৰখনৰ ওচৰত মোৰ মূল্য শূন্য!”

চৰকাৰী বাজেট বোলা কথাটো শুনাৰ লগে লগে নিজৰ তিক্ততা লুকাই ৰখাৰ চেষ্টা কৰিলে চাঁদ ৰতন হালদাৰে। “কাৰ বাজেট? কি বাজেট? সেইবোৰ সব ফাঁকি বস্তু!” কলকাতাৰ যাদৱপুৰৰ ৫৩ বৰ্ষীয় ৰিক্সাচালকগৰাকীয়ে কয়।

“কিমান বাজেট আহিল, গ’ল - কিমান আঁচনি চলিল। কিন্তু আজিলৈকে আমি দিদি (পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী)ৰ বা মোদী (ভাৰতৰ প্ৰধানমন্ত্ৰী)ৰ পৰা ঘৰ এটাকে নাপালো। আজিও তিৰ্পাল টনা বাঁহৰ ঘৰতে সোমাই আছো। সেই ঘৰটোও আকৌ এহাতমান বহি গৈছে,” জনায় চাঁদুদাই জনায়, যাৰ কেন্দ্ৰীয় বাজেটৰ ওপৰত বিশ্বাস তাতোকৈও বেছি খহিছে।

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ সুভাষগ্ৰাম চহৰৰ এইগৰাকী বাসিন্দাই প্ৰতিদিনে কাহিলীপুৱাতে শিয়ালদহ অভিমুখী ৰেলত উঠি যাদৱপুৰলৈ আহে। কাম শেষ হয় মানে আবেলি হয় আৰু তেওঁ ঘৰলৈ উভতে। “বাজেট আহে আৰু যায়, আমাৰ লোকেল ট্ৰেইনৰ দৰেই। চহৰলৈ অহাটো ইমান কঠিন হৈ পৰিছে। আমাৰ খালিপেটত লাঠ মৰা বাজেটৰ কি কাম আছে?” তেওঁ প্ৰশ্ন কৰে।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ সুভাষগ্ৰাম চহৰৰ বাসিন্দা চাঁদ ৰতন হালদাৰে প্ৰতিদিনে পুৱাই শিয়ালদহ অভিমুখী ৰেলত উঠি যাদৱপুৰলৈ আহে। তেওঁ কয়, ‘বাজেট আহে, বাজেট যায়, আমাৰ লোকেল ট্ৰেইনৰ লেখীয়া। চহৰলৈ অহাটো ইমান কঠিন হৈ পৰিছে আজিকালি।’ সোঁফালে: তেওঁ ভৰিত হোৱা টিউমাৰটো দেখুৱাইছে

চাঁদুদা বুলিয়েই তেওঁক সকলোৱে মাতে। তেওঁ যাত্ৰীৰ বাবে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৪ নম্বৰ গেটৰ ঠিক বিপৰীতে অপেক্ষা কৰে। এসময়ত ২০খনৰো অধিক ৰিক্সাৰে ভৰি থকা ঠাইখনত এতিয়া মাত্ৰ তিনিখন ৰিক্সা আছে। তাৰে এখন চাঁদুদাৰ। দিনটোত তেওঁ ৩০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে।

“আজি চল্লিশ বছৰ এনেকৈ ৰিক্সা টানিছো। মোৰ পত্নীয়ে আনৰ ঘৰত কাম কৰে। আমাৰ দুজনী ছোৱালীক বৰ কষ্টেৰে বিয়া দিছো। কাৰো একো ক্ষতি কৰা নাই, অসৎ পথত যোৱা নাই। এপইচাও কাৰো পৰা চুৰি কৰা নাই। থগ-বাজিও কেতিয়াও কৰা নাই। তথাপি আমি দুবেলা দুসাজৰ বাবে যোগাৰ কৰিবলৈ অসমৰ্থ। আমাৰ আগত এই ৭ লাখ, ১০ লাখ, ১২ লাখৰ কথাৰ কিবা অৰ্থ আছে নেকি?” কেন্দ্ৰীয় বাজেটত ১২ লাখলৈকে আয়কৰ ৰেহাই দিয়াৰ প্ৰসংগত তেওঁ কয়।

“যাৰ বহুত টকা আছে, চৰকাৰে তাকেই বাজেটত ৰেহাই দিয়ে। যিয়ে ব্যৱসায়ৰ নামত বেংকৰ পৰা কোটি কোটি টকা ধাৰ লৈ বিদেশলৈ পলাই গৈছে, তেওঁলোকক চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু আমাৰ দৰে গৰীৱ ৰিক্সাচালকৰ ৰিক্সা যদি ভুল ৰাস্তাত ধৰা পৰে, হায়ৰাণ হ’বলগীয়া হয়। পুলিচৰ হাতত পইচা তুলি নিদিয়ালৈকে শান্তি নিদিয়ে,” পাৰিৰ সৈতে কথা পাতোতে ক্ষোভ উজাৰি তেওঁ কয়।

এইখন বাজেটত চৰকাৰে স্বাস্থ্যখণ্ডক লৈ নানা প্ৰতিশ্ৰুতি দিছে। তাৰ প্ৰসংগতে চাঁদুদাই কয় যে তেওঁৰ দৰে মানুহে সাধাৰণ স্বাস্থ্যসেৱাৰ বাবেও দীঘলীয়া শাৰীত থিয় দি থাকিব লাগিবই। “মোক কওক, হস্পিতাললৈ গৈ সস্তা দামত ঔষধ কিনি আমাৰ কি লাভ হ’ব যদি দিনটোৰ মজুৰি হেৰুৱাবলগীয়া হয়?” কিছুদিন হ’ল, তেওঁৰ ভৰিত এটা টিউমাৰ হৈছে, সেই লৈ তেওঁ কয়, “এইটোৰ কাৰণে কাইলৈ কিমান কষ্ট ভুগিব লাগিব, কোনে জানে।”

অনুবাদ: পংকজ দাস

Smita Khator

Smita Khator is the Chief Translations Editor, PARIBhasha, the Indian languages programme of People's Archive of Rural India, (PARI). Translation, language and archives have been her areas of work. She writes on women's issues and labour.

Other stories by Smita Khator
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das