সুগন্ধি প্ৰাপ্তি বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ লেডী শ্ৰীৰাম কলেজ ফৰ উইমেনৰ সমাজতন্ত্ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী আৰু তেওঁৰ ঘৰ গুৱাহাটী, অসমত। তেওঁৰ স্থিৰচিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণত যথেষ্ট ৰাপ আছে। মানুহ আৰু মানুহৰ কাহিনীবোৰ তেওঁৰ কেমেৰাত তুলি ধৰিবলৈ ভাল পায়। তেওঁ ভাবে যে মাতৃভাষাৰ ওপৰত ভাল দখল আৰু জ্ঞান থকাটো সকলোৰে প্ৰাথমিক দায়িত্ব।